জ্ঞান সৌন্দৰী (জেমিনী সংস্কৰণ)
| জ্ঞান সৌন্দৰী | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | মুৰুগাদাস |
| চিত্ৰনাট্য | কোথামংগলম চুববু Ki. Raa. নাইনা |
| ভিত্তি | জ্ঞান সৌন্দৰী লেখক: নবাব ৰাজমাণিক্কম পিল্লাই |
| অভিনয়ত | এম কে ৰাধা সুশীলাSusheela টি আৰ ৰামচন্দ্ৰন পি কন্নমবা |
| চিত্ৰগ্ৰহণকাৰী | M. Natarajan |
| সম্পাদনা | এন আৰ কৃষ্ণস্বামী |
| সংগীত পৰিচালক | এম ডি পাৰ্থসাৰথি |
প্ৰযোজনা কোম্পানী |
জেমিনী ষ্টুডিঅ’ |
মুক্তি |
১৮ জুন ১৯৪৮ |
| দেশ | ভাৰত |
| ভাষা | তামিল |
জ্ঞান সৌন্দৰী (ইংৰাজী: Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যাৰ নিৰ্মাণ জেমিনী ষ্টুডিঅ’ই কৰিছিল।[1] একে নাম আৰু কাহিনীৰে, বেলেগ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰু মেম্বাৰেৰে একেটা বছৰতে চিটাডেল ষ্টুডিঅ’ই প্ৰযোজনা কৰা আন এখন ছবিও মুক্তি পাইছিল আৰু এই ছবিখন মুক্তি পোৱাৰ সময়ত চিটাডেলৰ জ্ঞান সৌন্দৰী সফলতাৰে চলি আছিল। জেমিনী সংস্কৰণটো ফ্লপ[2] হৈছিল আৰু প্ৰযোজকে ইয়াক চিত্ৰগৃহৰ পৰা আঁতৰাই দিছিল।
নিৰ্মাণ
[সম্পাদনা কৰক]তামিল চলচ্চিত্ৰ জগতত জেমিনি ষ্টুডিঅ’ৰ এক গৌৰৱপূৰ্ণ স্থান আছে; কাৰণ তেওঁলোকে নিৰ্মাণ কৰা সকলো ছবিয়েই বক্স অফিচত সফল হৈছিল। যেতিয়া তেওঁলোকে এই ছবিখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া হয়তো প্ৰযোজকে জানিছিল যে একেটা কাহিনীৰে আন এটা কোম্পানীয়ে চিত্ৰগ্ৰহণ কৰি আছে। কিন্তু তেওঁলোকৰ বছৰ বছৰ ধৰি চলি অহা অবিৰত সফলতাৰ ওপৰত নিৰ্ভৰ কৰি জেমিনীয়ে এই ছবিখন নিৰ্মাণ কৰিছিল, এই আশাত যে তেওঁলোকৰ সংস্কৰণটো ৰাইজে ভালদৰে গ্ৰহণ কৰিব। কিন্তু তেওঁলোকে প্ৰত্যাশা কৰাৰ ধৰণে ছবিখন দৰ্শকে গ্ৰহণ নকৰিলে।
মুক্তি
[সম্পাদনা কৰক]১৯৪৮ চনৰ ১৮ জুনত জ্ঞান সৌন্দৰী মুক্তি পায়।[3] ইণ্ডিয়ান এক্সপ্ৰেছে মুখ্য অভিনেতা-অভিনেত্ৰীৰ অভিনয়, কন্নমবাৰ গায়ন, চেটিংছ, ফটোগ্ৰাফী আৰু ৰেকৰ্ডিঙৰ প্ৰশংসা কৰিছিল যদিও সমালোচকসকলে ৰাধাক উপযুক্ত ধৰণে ব্যৱহাৰ কৰা বুলি অনুভৱ কৰিছিল।[4] ইতিহাসবিদ ভেংকটেশ ৰামকৃষ্ণনৰ মতে, খ্ৰীষ্টিয়ান বিষয়বস্তুৰ ছবি এখনত চৰিত্ৰবোৰে "ব্ৰাহ্মণীয়" উচ্চাৰণত কৰা সংলাপ প্ৰক্ষেপন দৰ্শকে অপছন্দ কৰি ছবিগৃহৰ চকী ভাঙি পেলাইছিল। ছবিখনৰ প্ৰদৰ্শন বন্ধ হৈ যায় আৰু পৰৱৰ্তী সময়ত বসনে ঘোষণা কৰে যে ভৱিষ্যতে ছবিখন কোনো ছবিগৃহত প্ৰদৰ্শিত নহ’ব। ভেংকটেশ ৰামকৃষ্ণনে বিশ্বাস কৰে যে পিছলৈ ছবিখনৰ নিগেটিভ জ্বলাই পেলোৱা হৈছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Film News Anandan (23 October 2004) (Tamil ভাষাত). Sadhanaigal Padaitha Thamizh Thiraipada Varalaru. প্ৰকাশক Chennai: Sivakami Publishers. http://www.lakshmansruthi.com/cineprofiles/1948-cinedetails36.asp। আহৰণ কৰা হৈছে: 29 August 2016.
- ↑ Vijaya Kumar, B. (20 November 2011). "Krishna Kuchela". The Hindu. http://www.thehindu.com/features/cinema/krishna-kuchela-1961/article2643832.ece.
- ↑ "Gnana Soundari". The Indian Express: পৃষ্ঠা 6. 18 June 1948. https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19480618&printsec=frontpage&hl=en.
- ↑ "Gemini "Gnana Soundari"". The Indian Express: পৃষ্ঠা 8. 19 June 1948. https://news.google.com/newspapers?id=XcA-AAAAIBAJ&sjid=ZUwMAAAAIBAJ&pg=4447%2C7536401.
- ↑ Ramakrishnan, Venkatesh (17 June 2018). "Those were the days: When a Christian-themed movie ran to packed theatres". DT Next. Archived from the original on 6 March 2019. https://web.archive.org/web/20190306234805/https://www.dtnext.in/News/City/2018/06/16224715/1076310/Those-were-the-days-When-a-Christianthemed-movie-ran-.vpf.
