জ্যাক'ম' পুচ্চিনি
অৱয়ব
| জ্যাক'ম' পুচ্চিনি | |
|---|---|
পুচ্চিনি; তাৰিখ নিশ্চিত নহয়। | |
| জন্ম | Giacomo Antonio Domenico Michele Secondo Maria Puccini ২২ ডিচেম্বৰ, ১৮৫৮ লুচ্কা, টাছ্কেনীৰ গ্ৰেণ্ড ডিউকী |
| মৃত্যু | ২৯ নৱেম্বৰ, ১৯২৪ (৬৫ বছৰ) ব্ৰাছেল্ছ, বেলজিয়াম |
| দাম্পত্যসঙ্গী | এলভিৰা জেমিন্যানি (বি. ১৯০৪) |
| স্বাক্ষৰ | |
জ্যাক'ম' পুচ্চিনি[1] (২২ ডিচেম্বৰ ১৮৫৮ – ২৯ নবেম্বৰ ১৯২৪) এজন ইটালীয় সংগীত সৃষ্টিকৰ্তা আছিল, যিয়ে প্ৰধানকৈ নিজৰ অপেৰাসমূহৰ বাবে জনাজাত। ভেৰ্ডিৰ পাছত ইটালীয় অপেৰাৰ আটাইতকৈ বিখ্যাত আৰু সফল প্ৰতিনিধি হিচাপে গণ্য পুচ্চিনি বাৰোক যুগৰ পৰাই সংগীতজ্ঞৰ এক দীঘল পৰম্পৰাৰ অংশ আছিল। তেওঁৰ প্ৰাৰম্ভিক সৃষ্টি ১৯ শতিকাৰ ৰোমাণ্টিক ইটালীয় অপেৰাৰ শৈলীত গঢ়ি উঠিছিল, যদিও পিছলৈ তেওঁ বাস্তৱধৰ্মী ভেৰিছমো শৈলীত ৰূপান্তৰিত হয়, যাৰ এগৰাকী মুখ্য প্ৰতিনিধি আছিল তেওঁ।
তেওঁৰ আটাইতকৈ খ্যাতিপ্ৰাপ্ত অপেৰা হৈছে — লা ব’হেম (১৮৯৬), তোস্কা (১৯০০), মাদামা বাটাৰফ্লাই (১৯০৪), আৰু অসমাপ্ত তুৰাণ্ডত (যি পুচ্চিনিৰ মৃত্যুৰ পাছত ফ্ৰাংকো আলফানোই সম্পূৰ্ণ কৰিছিল)। এই সকলো অপেৰা বিশ্বৰ আটাইতকৈ বেছি প্ৰদৰ্শিত আৰু ৰেকৰ্ড কৰা অপেৰাসমূহৰ ভিতৰত পৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Giacomo Puccini" (en ভাষাত). Encyclopædia Britannica. https://www.britannica.com/biography/Giacomo-Puccini। আহৰণ কৰা হৈছে: 22 December 2022.