সমললৈ যাওক

জ্যোতিপ্ৰসাদ ৰাজখোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতিপ্ৰসাদ ৰাজখোৱা
জন্ম ১ নৱেম্বৰ, ১৯৪৪ (৮১ বছৰ)
শিক্ষানুষ্ঠান
  • দিল্লী স্কুল অৱ ইকনমিক্স (স্নাত্তকোত্তৰ)
  • কটন কলেজ (অৰ্থনীতিৰ স্নাতক)
পূৰ্বসূৰী নিৰ্ভয় শৰ্মা
উত্তৰসূৰী ভি শনমুগনাথন (অতিৰিক্ত দায়িত্বত)



জ্যোতিপ্ৰসাদ ৰাজখোৱা ইংৰাজী: Jyoti Prasad Rajkhowa (জন্ম: ১৯৪৪) ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)-ৰ ১৯৬৮ বৰ্ষৰ বিষয়া আৰু অসমৰ প্ৰাক্তন মুখ্য সচিব। তেওঁ ২০১৫ চনৰ ১২ মে'ত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৬ চনৰ আগষ্টলৈকে সেই দায়িত্ব পালন কৰে। [1]

জ্যোতিপ্ৰসাদ ৰাজখোৱাই যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰে। তাৰ পিছত যোৰহাটৰ জে. বি. মহাবিদ্যালয়ৰপৰা কলা শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। তেওঁ গুৱাহাটীৰ কটন কলেজৰপৰা অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছত দিল্লী স্কুল অৱ ইকনমিক্সৰপৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ (M.A.) ডিগ্ৰী অৰ্জন কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰে। কৰ্মজীৱনৰ অন্তিম পৰ্যায়ত তেওঁ অসমৰ মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০১৫ চনৰ ১২ মে'ত তেওঁ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত হয়।

সাহিত্য আৰু গ্ৰন্থ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম (NTPC)-ত প্ৰতিনিয়ুক্তিত থাকোঁতে তেওঁ "Do's & Don't's" প্ৰকাশনখনৰ তত্ত্বাৱধান কৰে আৰু সচেতক নামৰ আলোচনীৰ সম্পাদকীয় সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে:-

চেণ্ট্ৰেল ভিজিলেন্স মেকানিজম উইথ স্পেচিয়েল ৰেফাৰেন্স টু পি.এচ.ই আৰুজেনেৰেলিচিমো চিলাৰাই এণ্ড হিজ টাইমছ্‌ কোচ সেনাপতি চিলাৰায়ৰ জীৱন আৰু সময়ৰ ওপৰত এখন ঐতিহাসিক জীৱনী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, শিক্ষা আৰু কৰ্মৰ ওপৰত Sankardeva: His Life, Preachings & Practices নামেৰে ৰচিত এখন ঐতিহাসিক জীৱনী লিখে।

ইয়াৰ উপৰি তেওঁ বিভিন্ন আগশাৰীৰ বাতৰি কাকতত বহু প্ৰবন্ধ প্ৰকাশ কৰে।

অৰুণাচল প্ৰদেশৰ সাংবিধানিক সংকট আৰু ৰাজ্যপাল পদৰপৰা অপসাৰণ

[সম্পাদনা কৰক]

২০১৫–১৬ চনত অৰুণাচল প্ৰদেশত সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ সময়ত ৰাজ্যপাল হিচাপে জ্যোতিপ্ৰসাদ ৰাজখোৱাই মন্ত্ৰীসভাৰ পৰামৰ্শ অবিহনে বিধানসভাৰ অধিৱেশন আগবঢ়াই অনা আৰু অধ্যক্ষ নাবাম ৰেবিয়াক অপসাৰণৰ প্ৰস্তাৱ প্ৰথম আলোচ্য বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে। পিছত তেওঁ ২০১৬ চনৰ জানুৱাৰীত ৰাষ্ট্ৰপতি শাসন জাৰিৰ পৰামৰ্শ আগবঢ়ায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমে তেওঁৰ সিদ্ধান্তসমূহ সমৰ্থন কৰিলেও, ২০১৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাবাম ৰেবিয়া ৰায়ত এই পদক্ষেপসমূহ অসাংবিধানিক বুলি ঘোষণা কৰে।[2] আদালতে স্পষ্ট কৰে যে, ৰাজ্যপালে দশম অনুসূচীৰ অধীনত সদস্যৰ অযোগ্যতা সম্পৰ্কীয় বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে আৰু ৰাজ্যপালক "সৰ্বশক্তিমান সাংবিধানিক কৰ্তৃপক্ষ" বুলি গণ্য কৰিব নোৱাৰি। এই ৰায়ৰ পিছতে তেওঁক ৰাজ্যপালৰ পদৰপৰা অপসাৰণ কৰা হয়।

২০২৩ চনৰ ১১ মে'ত উচ্চতম ন্যায়ালয়ে নবাম ৰেবিয়া ৰায়খন সাতজনীয়া বিচাৰপীঠলৈ পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্তক ৰাজখুৱাই আদৰণি জনায়। ভাৰতত ৰাজ্যপালৰ সাংবিধানিক ক্ষমতাৰ সীমা সম্পৰ্কে বিতৰ্ক এতিয়াও অব্যাহত আছে।[3][4][2]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
নিৰ্ভয় শৰ্মা
অৰুনাচল প্ৰদেশৰ ৰাজ্যপাল
12 May 2015 – 12 September 2016
পৰৱৰ্তী
ভি শনমুগনাথন