সমললৈ যাওক

জ্যোতিষ শিকদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতিষ শিকদাৰ
জন্ম ১০ নৱেম্বৰ ১৯৫৭
গুৱাহাটী, অসম
পেচা গল্পকাৰ
উল্লেখযোগ্য কৰ্ম গান ভাল পোৱা ছোৱালীজনী, স্বপ্ন-বিষাদ-জীৱন, মাৰ্গাৰেট আৰু এখন পিয়ানো
বঁটা, সন্মান, পুৰস্কাৰ আদি ক্ৰান্তিকাল বঁটা (২০২২), জগন্নাথ ঠাকুৰ সাহিত্য সন্মান (২০২৩)

জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জ্যোতিষ শিকদাৰৰ জন্ম ১৯৫৭ চনৰ ১০ নৱেম্বৰত গুৱাহাটী নগৰত হয়। তেওঁ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। আশীৰ দশকৰ পৰা তেওঁ প্ৰান্তিক আলোচনীত নিয়মিতভাৱে গল্প প্ৰকাশ কৰা আৰম্ভ কৰে।

সাহিত্যকৃতি

[সম্পাদনা কৰক]

গল্পসংকলন

[সম্পাদনা কৰক]
  • গান ভাল পোৱা ছোৱালীজনী (১৯৯২)
  • স্বপ্ন-বিষাদ-জীৱন (১৯৯৬)
  • সেউজীয়া পুখুৰী (১৯৯৮)
  • শৈশৱ (১৯৯৮)
  • ফুলবোৰ যেতিয়া সৰি পৰে
  • ভেনাচৰ প্ৰতিমূৰ্তি

উল্লেখযোগ্য গ্ৰন্থ আৰু গল্প

[সম্পাদনা কৰক]
  • মাৰ্গাৰেট আৰু এখন পিয়ানো
  • প্ৰেম যেতিয়া আহে (গল্প)

স্বীকৃতি আৰু বঁটা

[সম্পাদনা কৰক]
  • ২০২২ চনত ক্ৰান্তিকাল বঁটা প্ৰদান।
  • ৮ নৱেম্বৰ ২০২৩ তাৰিখে গোলাঘাটত জগন্নাথ ঠাকুৰ সাহিত্য সন্মান প্ৰদান।
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬
  • অসমীয়া চুটি গল্পৰ অধ্যয়ন- ড° প্ৰহ্লাদ কুমাৰ বৰুৱা, প্ৰথম প্ৰকাশ ১৯৯৫, প্ৰকাশন- শ্ৰী প্ৰদ্যুৎ হাজৰিকা, বনলতা, ডিব্ৰুগড়, ISBN-81-7339-394-X
  • বছৰৰ গল্প ২০১০, সংকলন আৰু সম্পাদনা, সৌমিত্ৰ যোগী, ৰক্তিম ঠাকুৰীয়া, ISBN-9789380454214
  • অসমীয়া গল্প সংকলন (তৃতীয় খণ্ড), সম্পাদক-হোমেন বৰগোহাঞি, সহকাৰী সম্পাদক অৰিন্দম বৰকটকী, অসম প্ৰকাশন পৰিষদ, ডিচেম্বৰ ২০০৫