সমললৈ যাওক

জৰাবাৰী সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জৰাবাৰী সত্ৰ উজনি অসমৰ শিৱসাগৰ জিলাৰ পুৰণি আমগুৰি সমষ্টিৰ গধুলীবজাৰ মৌজাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ পদৰঞ্জিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ প্ৰাচীন সত্ৰসমূহৰ ভিতৰত অন্যতম সত্ৰ

অসমৰ সমাজ জীৱনলৈ জৰাবাৰী সত্ৰই মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতি, পৰম্পৰা, শংকৰী কলা-কৃষ্টিৰ সম্প্ৰসাৰণ, প্ৰশিক্ষণ, সত্ৰীয়া নৃত্যৰ গভীৰ চৰ্চাৰে এক গৌৰৱ ধ্বজা বোৱাই আহিছে। শিৱসাগৰ জিলাৰ জাঁজী জৰাবাৰী অঞ্চলৰ ২০ খনৰো অধিক গাঁৱৰ মধ্যস্থলত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ।[উদ্ধৃতিৰ প্ৰয়োজন]

১৫ শতিকাৰ মাজভাগত গড়গঞা ৰজাৰ ৰাজত্বকালত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে জাঁজী নদীৰ কাষৰীয়া হাবি-জংঘলেৰে আৱৰা অঞ্চলটোত এৰাতি কটাই জৰাটেঙা খাই ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিল। অঞ্চলটোত অত্যধিক জৰাটেঙা গছ কাটি সত্ৰ প্ৰতিষ্ঠা কৰা বাবেই অঞ্চলটোৰ নাম জৰাবাৰী নামেৰে বিখ্যাত হৈ উঠে। ঐতিহাসিক চেউনী আলিৰ কাষতে অৱস্থিত। প্ৰবাদ মতে ১৪৬৩ খ্ৰীষ্টাব্দত জয়পুৰৰ টিপাম থানৰ পৰাই জৰাবাৰী সত্ৰ প্ৰতিষ্ঠা গৈছিল বুলি কোৱা হয় যদিও বৰ্তমানৰ জৰাবাৰী সত্ৰ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ১৬২১ শকত(১৬৯৮ চনত) জৰাটেঙাৰ গছ কাটি প্ৰতিষ্ঠা কৰা হৈছিল। বুৰঞ্জীৰ তথ্য অনুসৰি কান্যকুঞ্জৰ সাঠৰিগ্ৰামৰ পৰা অহা বাসুদেৱ ভূঞাৰ পুত্ৰ গোপীনাথ আতৈয়ে, মধুপুৰৰ বুঢ়ীৰ-পো গোবিন্দ আতৈৰ পৰা ধৰ্মমালা, মাধৱদেৱৰ পৰা পদশিলা বস্তু লৈ, বদুলা পদ্ম আতাৰ অনুদানেৰে দিহিঙৰ সমীপৰ টিপলিং নৈৰ পাৰৰ তিপামত ৰজা জয়ধ্বজ সিংহৰ দিনত সত্ৰখনি প্ৰতিষ্ঠা কৰে।[1] তিপামতো সত্ৰখনি স্থায়ী কৰাৰ সুবিধা নেদেখি গোপীনাথ আতৈয়ে মাধৱদেৱ পদৰঞ্জিত জৰাবাৰী অঞ্চললৈ তুলি আনে। সেই সময়ত আহোম স্বৰ্গদেউ আছিল শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহই গোপীনাথ ঠাকুৰৰ ইচ্ছাক স্থায়িত্ব দিবৰ কাৰণে বংশীবদনৰ নামত দেৱোত্তৰ ভূমি দান কৰি সত্ৰখনি জৰাবাৰী সত্ৰ নামেৰে প্ৰতিষ্ঠা কৰে। জৰাবাৰী সত্ৰ বৰ্তমানলৈ উদাসীন প্ৰথাৰে চলি আহিছে। বৰ্তমানে সত্ৰৰ ভকতৰ সংখ্যা হ্ৰাস পাইছে। সত্ৰৰ স্থায়ী গোসাঁই যোগ্যজনক পৰিয়ালৰ মাজতে ৰাইজে নিৰ্বাচিত কৰি সত্ৰাধিকাৰ পাতে। সত্ৰাধিকাৰে উদাস প্ৰথাৰে সত্ৰ পৰিচালনা কৰে। পৰিচালনাৰ বাবে প্ৰয়োজনীয় বুঢ়াভকত, নাম লগোৱা, পাঠক আদি ভক্তসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা লগতে উপাধি দিয়াৰ প্ৰথা আজিও চলি আহিছে। সত্ৰত শংকৰী সংস্কৃতি বিকাশৰ কাৰণে প্ৰত্যেক বছৰে ভাওনা, ৰাস ভাওনা উদযাপন কৰি অহা হৈছে। বৰ্তমান সত্ৰৰ ৮৮ বিঘা ভূমি আছে।

মূল্যৱান পুথি আদি

[সম্পাদনা কৰক]

ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰলৈ স্বৰ্গদেউ শিৱসিংহ, গৌৰীনাথ সিংহ, জয়ধ্বজ সিংহ, লক্ষ্মী সিংহ, গদাধৰ সিংহ আৰু পুৰন্দৰ সিংহকে ধৰি আহোমৰ ১০ জনকৈ স্বৰ্গদেৱে সত্ৰলৈ বহু সমল আগবঢ়াই গৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

সত্ৰখনিত দহ কেজি ওজনৰ সাঁচিপাতত লিখা "মহাভাৰত" পুঁথি আছে। যিখন পুঁথি জৰাবাৰী সত্ৰৰ এক অনন্য সম্পদ।   ভাৰততে বিৰল  সাঁচিপাতত সংস্কৃতত লিখিত বাৰহতীয়া "হিতোপদেশ" পুঁথি জৰাবাৰী সত্ৰই সংৰক্ষণ কৰি ৰাখিছে। সত্ৰত প্ৰায় ২৮০খন সাঁচিপটীয়া পুথিৰ লগতে  ১৬০যোৰ তাল সংৰক্ষিত হৈ আছে। আহোমৰ ১০ জনকৈ স্বৰ্গদেৱে এই তাল যোগান ধৰিছিল। সত্ৰত এযোৰ ৩৫০ বছৰীয়া পৌৰাণিক তাল আছে।   জৰাবাৰী সত্ৰলৈ স্বৰ্গদেউ গদাধৰ সিংহই দান দিয়া সোণৰ পানীৰে খচিত সোণ পানী চৰোৱা শৰাই আছে।

১৭৪০ শকত স্বৰ্গদেউ পুৰন্দৰ সিংহই মাহ-প্ৰসাদ তিয়াবৰ কাৰণে এটা ডাঙৰ তামৰ তৰু, এখন ডাঙৰ পিতলৰ শৰাই, বৰকাঁহৰ ঘণ্টা এটা দিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহই ১৬৯২ শকত ৰৌপ্যখচিত ভোগজৰা দিছিল। ১৭০০ শকত এখন পিতলৰ শৰাই, তামৰ জৰা আৰু এখন তামৰ থালি দান দিছিল। ১৪৮২ শকত স্বৰ্ণখচিত এখন শৰাই আৰু ৰৌপ্যখচিত গুৱাৰখা পাত্ৰ আগবঢ়ায়। ১৫৮১ শকত জয়ধ্বজ সিংহই এখন পিতলৰ সঁফুৰা দান দিছিল। ১৬২১ শকত ৰুদ্ৰসিংহই কাহৰ শৰাই, স্বৰ্ণ, ৰৌপ্য থোৱা পাত্ৰ আগবঢ়ায়। সত্ৰত এখন দ'ল শৰাই, এখন বৰ শৰাই, এখন কাঁহৰ, এখন তামৰ থাল আছে। আদিতে যাত্ৰা ভাওনা কৰোঁতে ব্যৱহৃত হোৱা বাদুলী চাকি আছে। ঐতিহাসিক সম্পদ হিচাপে মাধৱদেৱৰ পদচিহ্ন শিল,নিজে লিখা নামঘোষা,গুৱা ভজন কৰা গুৱাচেপা,কেশ,অস্থি,ধূলা,মিটিকা,শংকৰদেৱে নিজে লিখা মুঠাশাস্ত্ৰ আছে, শৰণ-ভজনৰ পুথি, দশম স্কন্ধৰ,চিতাভস্ম আদি দৌলগৃহত সংৰক্ষণ কৰা আছে।

পৰম্পৰা

[সম্পাদনা কৰক]

সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ, মাধৱদেৱ আৰু বদুলা আতাৰ তিথি-কীৰ্ত্তন তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে। ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ কীৰ্ত্তন ঘৰত বহাৰ আৰ্হিও সুকীয়া। কীৰ্ত্তন ঘৰৰ দক্ষিণ ফালৰ দ্বিতীয় খুঁটা সত্ৰাধিকাৰৰ আসন, দক্ষিণ ফালৰ তৃতীয় খুঁটা ডেকা-সত্ৰাধিকাৰৰ আসন। উত্তৰ ফালে পাঠকৰ পিচতে বুঢ়া ভকতৰ আসন, তাৰ পিচত উদাস ভকতৰ আসন। তাৰ পিচত বিষয়া ভকতসকলে একাদিক্ৰমে বহাৰ নিয়ম পূৰ্বৰেপৰা চলি আহিছে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. পবিত্ৰ অসম, ড° মহেশ্বৰ নেওগ, অসম সাহিত্য সভা (১৯৬০)
  2. "Jorabari Satra: A Glimpse of Rich Cultural Heritage with Potential Tourism Place". ETV Bharat Assamese. https://www.etvbharat.com/assamese/assam/state/sivasagar/jorabari-satra-a-glimpse-of-rich-cultural-heritage-with-potential-tourism-place/assam20230518210723501501033। আহৰণ কৰা হৈছে: 12 May 2025.