সমললৈ যাওক

জৰ্জিয়া মেলোনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰ্জিয়া মেলোনি
Giorgia Meloni

জৰ্জিতা মেলোনি, ২০২৪
ইটালীৰ প্ৰধানমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২২ অক্টোবৰ ২০২২
ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মাট্টাৰেল্লা
সহকাৰী
  • এণ্টনিঅ' টাজানি
  • মেট্টে ছালভিনি
পূৰ্বসূৰী মাৰিঅ' ড্ৰাগি
President of Brothers of Italy
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৮ মাৰ্চ ২০১৪
পূৰ্বসূৰী ইগনাজিঅ লা ৰুছা
European Conservatives and Reformists Party-ৰ সভানেত্ৰী
কাৰ্যকাল
১ এপ্ৰিল ২০২০  ১৪ জানুৱাৰি ২০২৫
পূৰ্বসূৰী জান জাহৰাদি
উত্তৰসূৰী মেটিউজ মোৰাৱকি
যুৱ মন্ত্ৰালয়
কাৰ্যকাল
৮ মে' ২০০৮  ১৬ নৱেম্বৰ ২০১১
পূৰ্বসূৰী জিঅ'ভান্না মেলান্দ্ৰী
উত্তৰসূৰী এন্দ্ৰিয়া ৰিকাৰ্ডি
ছেম্বাৰ অৱ ডেপুটিছৰ সদস্যা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৮ এপ্ৰিল ২০০৬
সমষ্টি
See list
ব্যক্তিগত তথ্য
জন্ম ১৫ জানুৱাৰী, ১৯৭৭ (৪৯ বছৰ)
ৰোম, ইটালী
ৰাজনৈতিক দল ব্ৰাডাৰছ্ অৱ ইটালী
(২০১২ চনৰ পৰা)
ঘৰুৱা সহযোগী এন্ড্ৰিয়া জিয়ামব্ৰ'নো
(২০১৫–২০২৩)
সন্তান
স্বাক্ষৰ
ৱেবছাইট


জৰ্জিয়া মেলোনি (ইংৰাজী: Giorgia Meloni; জন্ম: ১৫ জানুৱাৰী ১৯৭৭) এগৰাকী ইটালীৰ ৰাজনীতিবিদ৷ তেওঁ ২০২২ চনৰ অক্টোবৰৰ পৰা ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৬ চনৰ পৰা চেম্বাৰ অৱ ডেপুটিজৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০১৪ চনৰ পৰা সোঁপন্থীৰ পৰা উগ্ৰ সোঁপন্থী দল ব্ৰাদাৰ্ছ অৱ ইটালী (FdI)ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মেলোনি ২০২০ চনৰ পৰা ২০২৫ চনলৈকে ইউৰোপীয় কনজাৰ্ভেটিভ আৰু ৰিফৰ্মিষ্ট পাৰ্টিৰ সভানেত্ৰী আছিল।[1]

১৯৯২ চনত মেলোনিয়ে ইটালীৰ ফেচিবাদৰ অনুগামীসকলে ১৯৪৬ চনত প্ৰতিষ্ঠা কৰা নব্য ফেচিষ্ট ৰাজনৈতিক দল ইটালীৰ ছ’চিয়েল মুভমেণ্ট (MSI)ৰ যুৱ শাখা ইউথ ফ্ৰণ্টত যোগদান কৰে। পিছলৈ তেওঁ ১৯৯৫ চনত এম এছ আইৰ আইনী উত্তৰাধিকাৰী হোৱা আৰু ৰাষ্ট্ৰীয় ৰক্ষণশীলতাৰ দিশে আগবাঢ়ি যোৱা উত্তৰ-ফেচিষ্ট দল নেশ্যনেল এলায়েন্স (এ এন)ৰ ছাত্ৰ আন্দোলন ষ্টুডেণ্ট একচনৰ ৰাষ্ট্ৰীয় নেত্ৰী হয়। ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে ৰোম প্ৰদেশৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ 'এ এন'ৰ যুৱ শাখা ইউথ একচনৰ সভানেত্ৰী হয়। ২০০৮ চনত তেওঁ চতুৰ্থ বাৰ্লুস্কোনি চৰকাৰত যুৱ নীতিৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে, যিটো ভূমিকা তেওঁ ২০১১ চনলৈকে পালন কৰে।

২০১২ চনত তেওঁ এএনৰ আইনী উত্তৰাধিকাৰী এফডিআইৰ সহ-প্ৰতিষ্ঠাপক হয় আৰু ২০১৪ চনত ইয়াৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। ২০১৪ চনৰ ইউৰোপীয় সংসদৰ নিৰ্বাচন আৰু ২০১৬ চনৰ ৰোম পৌৰসভাৰ নিৰ্বাচনত তেওঁ সফলতা লাভ কৰে। ২০১৮ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত সমগ্ৰ ১৮ সংখ্যক বিধায়িনী দলৰ সময়ছোৱাত বিৰোধী দলত তেওঁ এফ ডি আইৰ নেতৃত্ব দিছিল। বিশেষকৈ এফ ডি আই একমাত্ৰ বিৰোধী দল হিচাপে পৰিগণিত হোৱা ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ ড্ৰাঘী কেবিনেটৰ দ্বাৰা ক’ভিড-১৯ মহামাৰীৰ পৰিচালনাৰ সময়ত এফ ডি আইৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল । দ্ৰাঘী চৰকাৰৰ পতনৰ পিছত ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত FdI জয়ী হয়।

মেলোনি এগৰাকী ৰক্ষণশীল আৰু সোঁপন্থী জনপ্ৰিয়তাবাদী যি বিশ্ববাদৰ সমালোচকো। তেওঁ ইউথেনাচিয়া, সমলিংগ বিবাহ আৰু সমলিংগ অভিভাৱকত্বৰ বিৰোধিতা কৰি কয় যে নিউক্লিয়াৰ পৰিয়ালসমূহৰ নেতৃত্ব একান্তভাৱে পুৰুষ–মহিলাহে। মেলোনিয়ে অবৈধ অনুপ্ৰৱেশ বন্ধ কৰিবলৈ নৌসেনাৰ অৱৰোধক সমৰ্থন কৰিছিল (কিন্তু কেতিয়াও প্ৰণয়ন কৰা নাছিল) আৰু কিছুমান সমালোচকে তেওঁক বিদেশী ঘৃণা আৰু ইছলামোফ’বিক বুলি অভিহিত কৰিছে। নাটোৰ সমৰ্থক মেলোনিয়ে ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন) সম্পৰ্কে ইউৰোপীয় সংশয়বাদী মতামত বজাই ৰাখে৷ মতামতক তেওঁ "ইউৰোৰিয়েলিষ্ট" বুলি বৰ্ণনা কৰে। ২০২২ চনত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পূৰ্বে ৰাছিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ পক্ষপাতী আছিল, যিটোক তেওঁ গৰিহণা দি ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰি থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। ২০২৪ চনত ফৰ্বছে মেলোনীক বিশ্বৰ তৃতীয় শক্তিশালী মহিলা হিচাপে স্থান দিছিল আৰু টাইম আলোচনীয়ে তেওঁক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল, আনহাতে পলিটিকোৱে ২০২৫ চনত তেওঁক ইউৰোপৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে স্থান দিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৭ চনৰ ১৫ জানুৱাৰীত ইটালীৰ ৰোমত জৰ্জিয়া মেল'নিৰ জন্ম হৈছিল।[2][3] তেওঁৰ পিতৃ ফ্ৰান্সেস্কো মেলোনি চাৰ্ডিনিয়াৰ এজন ৰেডিঅ' পৰিচালক নিনো মেলোনি আৰু লম্বাৰ্ডিৰ অভিনেত্ৰী জো ইনক্ৰ'চিৰ পুত্ৰ আছিল।[4] মেলনীৰ মাতৃ আন্না পাৰাট’ৰে চিচিলিৰ। তেওঁৰ পিতৃ কৰ উপদেষ্টা আছিল আৰু কিছুমান ৰাজনৈতিক প্ৰফাইলৰ মতে কমিউনিষ্ট সহানুভূতি আছিল আৰু ইটালীৰ কমিউনিষ্ট পাৰ্টিক ভোট দিছিল৷ মাতৃ পিছলৈ ঔপন্যাসিক হৈছিল।[5][6][7] ১৯৭৮ চনত তেওঁৰ এবছৰ বয়সত দেউতাকে পৰিয়ালটো পৰিত্যাগ কৰি কেনেৰী দ্বীপপুঞ্জলৈ গুচি যায় আৰু পুনৰ বিবাহপাশত আবদ্ধ হয়। মেলনীৰ পিতৃৰ দ্বিতীয় বিবাহৰ ফালৰপৰা চাৰিগৰাকী অৰ্ধ ভাই-ভনী আছে।[8] সোতৰ বছৰৰ পাছত ১৯৯৫ চনত তেওঁক ড্ৰাগছ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰা হয় আৰু স্পেইনৰ কাৰাগাৰত ৯ বছৰৰ কাৰাদণ্ড বিহা হয়। তেওঁ শেষবাৰৰ বাবে ২০০৬ চনত মেলনীৰ সৈতে যোগাযোগ কৰিছিল, যেতিয়া মেলোনি চেম্বাৰ অৱ ডেপুটিজৰ উপ-সভানেত্ৰী হৈছিল।[9][10] আইনী নথি-পত্ৰই ৰিয়েল এষ্টেট কোম্পানীসমূহৰ নেটৱৰ্কৰ জৰিয়তে পৰোক্ষ অৰ্থনৈতিক সম্পৰ্ক বুলি কথিত উন্মোচন কৰিছে, য'ত জিঅ'ৰ্জিয়া মেল'নিৰ মাতৃ প্ৰাক্তন পত্নী আন্না পাৰাট'ৰে বিভিন্ন সময়ত অংশীদাৰ আছিল।[11][12]

ৰোমৰ শ্ৰমিক শ্ৰেণীৰ গাৰ্বাটেলা জিলাত মেলোনি ডাঙৰ-দীঘল হৈছিল৷ তেওঁলোকে প্ৰথমে থকা ঘৰটো অগ্নিত জাহ যোৱাৰ পিছত আৰু দেউতাকে পৰিয়ালটো এৰি যোৱাৰ পাছত মেলোনি গাৰ্বাটেলালৈ আহিছিল৷ তেওঁৰ শৈশৱৰ সময়ছোৱাক তেওঁৰ পৰিয়ালে দৰিদ্ৰতাৰে পূৰ্ণ বুলি অভিহিত কৰিছে।[5] মেলোনিয়ে তেওঁৰ আত্মজীৱনীত লিখিছে যে তেওঁৰ শৈশৱ আৰু পৰিয়ালৰ বিভাজনে তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগীক প্ৰভাৱিত কৰিছিল।[7][13][8][14] মেলোনিৰ এগৰাকী ভগ্নী আৰিয়ানা৷ তেওঁ ১৯৭৫ চনত জন্মগ্ৰহণ কৰিছিল আৰু ২০২৩ চনত দলটোৰ ৰাজনৈতিক সচিবালয়ৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল। আৰিয়ানাই ফ্ৰান্সেস্কো ল'ল'ব্ৰিজিডাৰৰ সংগী হৈছিল[15] যি ২০২২ চনৰ ২২ অক্টোবৰৰ পৰা কৃষি মন্ত্ৰী।[16]

শিক্ষা আৰু আৰম্ভণিৰ সময়ৰ ৰাজনৈতিক সান্নিধ্য

[সম্পাদনা কৰক]

১৯৯২ চনত ১৫ বছৰ বয়সত মেল'নীয়ে ১৯৯৫ চনত ভংগ হোৱা নব্য ফেচিষ্ট ৰাজনৈতিক দল ইটালীৰ সামাজিক আন্দোলন (MSI)ৰ যুৱ শাখা যুৱ ফ্ৰণ্টত যোগদান কৰে।[2] এই সময়ছোৱাত তেওঁ ছাত্ৰ সমন্বয় Gli Antenati ('The Ancestors') প্ৰতিষ্ঠা কৰে, যিয়ে মন্ত্ৰী ৰোজা ৰুছ' Iervolino দ্বাৰা প্ৰচাৰিত ৰাজহুৱা শিক্ষা সংস্কাৰৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে।[17] ১৯৯৬ চনত তেওঁ এম এছ আইৰ ৰাষ্ট্ৰীয়-ৰক্ষণশীল উত্তৰাধিকাৰী উত্তৰ-ফেচিষ্ট নেচনেল এলায়েন্স (এ এন)ৰ ছাত্ৰ আন্দোলন ষ্টুডেণ্ট একচনৰ ৰাষ্ট্ৰীয় নেত্ৰী হয় আৰু ইটালীৰ শিক্ষা মন্ত্ৰালয়ে স্থাপন কৰা ষ্টুডেণ্ট এছ'চিয়েচনছ ফ'ৰামত এই আন্দোলনক প্ৰতিনিধিত্ব কৰে।[18]

১৯৯৮ চনত প্ৰাথমিক নিৰ্বাচনত জয়ী হোৱাৰ পিছত মেলোনি ৰোম প্ৰদেশৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয় আৰু ২০০২ চনলৈকে এই পদত অধিষ্ঠিত হয়। ২০০০ চনত তেওঁ ৰাষ্ট্ৰীয় সঞ্চালিকা নিৰ্বাচিত হয় আৰু ২০০৪ চনত ইউথ একচন, এ এন যুৱ শাখাৰ প্ৰথম মহিলা সভানেত্ৰী হয়। এই বছৰবোৰত তেওঁ 'it:Piper Club'-ত ধাত্ৰী, ওৱেট্ৰেছ আৰু বাৰটেণ্ডাৰ হিচাপে কাম কৰে, যি ৰোমৰ অন্যতম বিখ্যাত নাইটক্লাব।[19][20]

১৯৯৬ চনত মেল'নিয়ে ইষ্টিটিউটো টেকনিকো প্ৰফেচনেল ডি ষ্টেটো আমেৰিগো ভেস্পুচি[21][22] ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[3][23] ২০০৬ চনত ইটালীৰ সংসদলৈ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ নিজৰ 'বায়োডাটা'ত ঘোষণা কৰে যে তেওঁ ভাষাসমূহত হাইস্কুল ডিপ্লমা লাভ কৰিছিল আৰু চূড়ান্ত নম্বৰ ৬০/৬০ পাইছিল৷ ইয়াৰ লগতে তেওঁ "ডিপ্লমা ডি লিচিঅ' লিংগুইষ্টিকো; জিঅ'ৰ্নালিষ্টা" লাভ কৰিছিল[24] ইয়াৰ ফলত কিছু বিতৰ্কৰ সৃষ্টি হয়, কিয়নো Istituto tecnico professionale di Stato Amerigo Vespucci[21][22] বিদেশী ভাষাৰ হাইস্কুল নাছিল আৰু ভাষাত কোনো ডিপ্লমা প্ৰদান কৰাৰ যোগ্যতা নাছিল৷ তাৰ পৰিৱৰ্তে, ই আছিল এটা হস্পিটেলিটি ইনষ্টিটিউট যিয়ে শিক্ষাৰ্থীয়ে বাছি লোৱা অধ্যয়নৰ পাঠ্যক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চেফ, ওৱেটাৰ, এণ্টাৰটেইনাৰ, ট্যুৰ গাইড, হোষ্টেছ আদি চাকৰিৰ পদবীৰ বাবে পেছাদাৰী ডিপ্লমা প্ৰদান কৰাত বিশেষজ্ঞ আছিল। মেল'নীয়ে Istituto tecnico professionale di Stato Amerigo Vespucci ত কি অধ্যয়ন পাঠ্যক্ৰম নিৰ্বাচন কৰিছিল সেয়া জনা নাযায়।[22][21] মেলোনিয়ে উল্লেখ কৰে যে তেওঁ পঢ়া হস্পিটেলিটি ইনষ্টিটিউটটো বিদেশী ভাষাত ডিপ্লমা প্ৰদান কৰা চেণ্ট্ৰ’ ডি ফৰ্মেজিয়ন প্ৰফেচনেল আৰ্নেষ্টো নাথান হৈ পৰিছিল। অৱশ্যে প্ৰশিক্ষণ কেন্দ্ৰত ডিপ্লমা প্ৰদানৰ অনুমতি দিয়া হোৱা নাই। চেণ্ট্ৰ' ডি ফৰ্মেজিয়ন প্ৰফেচনেল আৰ্নেষ্টো নাথানে বিউটিচিয়ান আৰু কেশসজ্জাকাৰীসকলৰ বাবে অৰ্হতা প্ৰদান কৰে।[25]

স্বীকৃতি আৰু সন্মান

[সম্পাদনা কৰক]

২০২২ চনত বিখ্যাত ফৰ্বছে মেলোনিক বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাভুক্ত কৰে৷[26]২০২৩ আৰু ২০২৪ চনত তেওঁক তৃতীয় স্থানত তালিকাভুক্ত কৰে৷[27][28] ২০২৪ চনত টাইম আলোচনীয়ে মেলোনিক বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাভুক্ত কৰে৷ [29][30] একেটা বৰ্ষতে মেলোনিয়ে আটলাণ্টিক পৰিষদৰ পৰা গ্লোবেল চিতিজেন বঁটা লাভ কৰে৷[31][32] পলিটিকো ইউৰোপে তেওঁক ২০২৫ বৰ্ষৰ ইউৰোপৰ সবাতোকৈ শক্তিশালী ব্যক্তি হিচাপে বিবেচিত কৰে৷[33]

বৈদেশিক সন্মান

[সম্পাদনা কৰক]
  •  ফিনলেণ্ড: গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ৰোজ অৱ ফিনলেণ্ড (২০২৩)[34]
  •  স্পেইন: ডেম গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অৱ ইছাবেলা দ্য কেথলিক (২০২৪)[35]
  •  ইউক্ৰেইন:অৰ্ডাৰ অৱ লিবাৰ্টি (ইউক্ৰেইন)ৰ সদস্য (২০২৪)[36]

আন্তৰ্জাতিক সন্মান

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Meloni surpasses Berlusconi IV: hers is the second longest government. But the knots are growing". Il Sole 24 Ore newspaper. 1 May 2026. https://en.ilsole24ore.com/art/meloni-overtakes-berlusconi-iv-his-is-second-longest-government-but-knots-grow-AIThZLoC.
  2. 1 2 Pietromarchi, Virginia (19 September 2022). "Who is Italy's leadership hopeful Giorgia Meloni?". Al Jazeera. https://www.aljazeera.com/news/2022/9/19/who-is-italys-leadership-hopeful-giorgia-meloni.
  3. 1 2 "Biografia del ministro Giorgia Meloni [Biography of Minister Giorgia Meloni]" (it ভাষাত). Chigi Palace. November 2011. http://www.sitiarcheologici.palazzochigi.it/www.governo.it/novembre%202011/www.governo.it/Governo/Biografie/ministri/Meloni_Giorgia.html আহৰণ কৰা হৈছে: 14 August 2022.
  4. "Giorgia Meloni, il teatro nel sangue. Ecco chi erano i nonni della premier". la Repubblica. 2 December 2022. Archived from the original on 17 May 2023. https://web.archive.org/web/20230517210745/https://espresso.repubblica.it/politica/2022/12/02/news/giorgia_meloni_famiglia_teatro-377146552/ আহৰণ কৰা হৈছে: 20 May 2023.
  5. 1 2 "Meloni's mother: "I, a writer of romance novels for my daughters"". 21 October 2022. https://www.corriere.it/politica/22_ottobre_21/madre-meloni-io-scrittrice-romanzi-rosa-le-mie-figlie-2d1023b8-5142-11ed-ae37-402d6a32bf5d.shtml আহৰণ কৰা হৈছে: 15 May 2023.
  6. "How Giorgia Meloni thinks". 23 September 2022. https://www.politico.eu/article/how-giorgia-meloni-thinks-brothers-of-italy-election-salvini-mario-draghi-silvio-berlusconi/ আহৰণ কৰা হৈছে: 10 May 2023.
  7. 1 2 "How 'fascist' is the party of Giorgia Meloni, Italy's PM frontrunner?". https://www.trtworld.com/magazine/how-fascist-is-the-party-of-giorgia-meloni-italy-s-pm-frontrunner-60141 আহৰণ কৰা হৈছে: 10 May 2023.
  8. 1 2 Dell'Arti, Giorgio; Spada, Alberto (27 May 2014). "Giorgia Meloni" (it ভাষাত). Corriere della Sera. Archived from the original on 5 November 2014. https://web.archive.org/web/20141105033643/http://cinquantamila.corriere.it/storyTellerThread.php?threadId=MELONI+Giorgia.
  9. "Giorgia Meloni, il racconto della stampa spagnola sul padre (che la abbandonò da piccola): 'Fu condannato per traffico di droga'" (it ভাষাত). Il Fatto Quotidiano. 28 September 2022. https://www.ilfattoquotidiano.it/2022/09/28/giorgia-meloni-il-racconto-della-stampa-spagnola-sul-padre-che-la-abbandono-da-piccola-fu-condannato-per-traffico-di-droga/6821134/.
  10. Pistilli, Clemente (29 September 2022). "Il padre di Giorgia Meloni fu condannato per narcotraffico, il racconto della stampa spagnola" (it ভাষাত). La Repubblica. https://roma.repubblica.it/cronaca/2022/09/29/news/giorgia_meloni_narcotraffico_spagna-367863619/.
  11. ""Non sono un'abile affarista immobiliare". Anna Paratore, la madre di Meloni, si difende". La Repubblica. 20 May 2023. https://www.repubblica.it/politica/2023/05/20/news/anna_paratore_mamma_meloni_replica_inchiesta-401021935/.
  12. "l'inchiesta di "Domani": "Società spagnola e plusvalenza: le bugie della madre di Meloni"". Infosannio from Domani. 19 May 2023. https://infosannio.com/2023/05/19/linchiesta-di-domani-societa-spagnola-e-plusvalenza-le-bugie-della-madre-di-meloni/ আহৰণ কৰা হৈছে: 20 September 2023.
  13. "Investigation into M.". 13 August 2022. https://www.repubblica.it/politica/2022/08/14/news/giorgia_meloni_la_storia_e_le_radici-359540378/ আহৰণ কৰা হৈছে: 10 May 2023.
  14. Brezar, Aleksandar (27 September 2022). "Italy election: In Rome's progressive neighbourhood, Meloni's victory causes anger and concern" (it ভাষাত). Euronews. https://www.euronews.com/my-europe/2022/09/27/in-romes-progressive-neighbourhood-melonis-victory-causes-anger-and-concern.
  15. Spagnoli, Sofia (27 September 2022). "Arianna Meloni: chi è la sorella di Giorgia. 'Ti accompagnerò come Sam con Frodo'" (it ভাষাত). Quotidiano Nazionale. Archived from the original on 27 September 2022. https://web.archive.org/web/20220927112008/https://www.quotidiano.net/elezioni/arianna-meloni-sorella-giorgia-1.8120618.
  16. "Cos'è il Ministero della Sovranità alimentare e cosa significa [What is the Ministry of Food Sovereignty and what it means]" (it ভাষাত). QuiFinanza. 23 October 2022. https://quifinanza.it/economia/video/ministero-sovranita-alimentare-cosa-significa-francesco-lollobrigida/672881/ আহৰণ কৰা হৈছে: 23 October 2022.
  17. Fontana, Simone (28 July 2022). "Da dove arriva Giorgia Meloni, l'ultima fiamma della destra [Where does Giorgia Meloni, the last flame of the right, come from]" (it ভাষাত). laRegione Ticino. https://www.laregione.ch/estero/estero/1597310/da-dove-arriva-giorgia-meloni-l-ultima-fiamma-della-destra আহৰণ কৰা হৈছে: 21 September 2022.
  18. "'Woman, mother, Christian' guides Italian far-right to brink of power". Euractiv. 10 August 2022. https://www.euractiv.com/section/elections/news/woman-mother-christian-guides-italian-far-right-to-brink-of-power/ আহৰণ কৰা হৈছে: 21 September 2022.
  19. "Meloni, da barman a tata... a ministro: 'Ho fatto tutti i lavori e ne sono fiera'" (it ভাষাত). Blitz Quotidiano. 17 April 2020. https://www.blitzquotidiano.it/politica-italiana/meloni-barman-tata-ministro-ho-fatto-tutti-lavori-vado-fiera-1450587/.
  20. Guerzoni, Monica (17 January 2013). "Giorgia Meloni: 'Io militante ventenne e i Lego con la figlia di Fiorello'" (it ভাষাত). Corriere della Sera. http://www.corriere.it/politica/13_gennaio_17/meloni-fiorello-politica-guerzoni_7ddfc190-607a-11e2-bd7d-debf946ea0b6.shtml.
  21. 1 2 3 Nuzzo, Alessandro (1 September 2022). "Che scuola ha fatto Giorgia Meloni: cosa sappiamo sul curriculum della leader di FdI [What school did Giorgia Meloni go to: what do we know about the curriculum of the FdI leader]" (it ভাষাত). Money.it. https://www.money.it/che-scuola-ha-fatto-giorgia-meloni-cosa-sappiamo-curriculum-leader-fdi আহৰণ কৰা হৈছে: 21 September 2022.
  22. 1 2 3 "La Storia" (it-IT ভাষাত). L'Istituto Professionale di Stato per l'Enogastronomia e l'Ospitalità. Amerigo Vespucci. Archived from the original on 24 May 2023. https://web.archive.org/web/20230524145422/https://www.amerigovespucci.edu.it/la-scuola/la-storia/ আহৰণ কৰা হৈছে: 24 May 2023.
  23. "Curriculum Vitae di Giorgia Meloni" (it ভাষাত). Commune of Rome. 16 September 2016. https://www.comune.roma.it/web-resources/cms/documents/Meloni_2016_cvp.pdf.
  24. "Centro di Formazione Professionale "Ernesto Nathan" ['Ernesto Nathan' Professional Training Center]" (it ভাষাত). Rome City Council. 23 May 2023. https://www.comune.roma.it/web/it/scheda-servizi.page?contentId=INF60570 আহৰণ কৰা হৈছে: 23 May 2023.
  25. "Ursula von der Leyen, Giorgia Meloni, Rihanna: chi sono le 100 donne più potenti del mondo" (it-IT ভাষাত). Forbes Italia. 6 December 2022. https://forbes.it/2022/12/06/classifica-100-donne-piu-potenti-del-mondo/.
  26. "The World's Most Powerful Women 2023". Forbes. 5 December 2023. https://www.forbes.com/lists/power-women/.
  27. "Forbes World's Most Powerful Women – Ranked 2024 List" (en ভাষাত). Forbes. https://www.forbes.com/lists/power-women/.
  28. "Per la rivista Time, Meloni tra le 100 personalità più influenti del pianeta" (it ভাষাত). La Stampa. 17 April 2024. https://www.lastampa.it/politica/2024/04/17/news/time_meloni_tra_le_100_personalita_piu_influenti_del_pianeta-14233334/.
  29. Serhan, Yasmeen (17 April 2024). "Time 100: Giorgia Meloni". Time. Archived from the original on 19 April 2024. https://web.archive.org/web/20240419185059/https://time.com/6964998/giorgia-meloni/ আহৰণ কৰা হৈছে: 20 May 2026.
  30. Ewing, Jack; Bubola, Emma (23 September 2024). "Elon Musk Hails Italy's Leader at Awards Ceremony". The New York Times. https://www.nytimes.com/2024/09/23/business/elon-musk-giorgia-meloni.html.
  31. "Atlantic Council Global Citizen Awards to honor two European government leaders, an African president, and a South Korean entertainment pioneer" (Press release). https://www.atlanticcouncil.org/news/press-releases/atlantic-council-global-citizen-awards-to-honor-two-european-government-leaders-an-african-president-and-a-south-korean-entertainment-pioneer/ আহৰণ কৰা হৈছে: 3 September 2024.
  32. "Ranking the most influential people in Europe: Class of 2025". Politico Europe. https://www.politico.eu/politico-28-class-of-2025/.
  33. "Vuonna 2023 ulkomaalaisille annetut kunniamerkit – Utmärkelsetecken förlänade åt utlänningar 2023" (fi ভাষাত). Ritarikunnat. 12 May 2023. https://ritarikunnat.fi/ritarikunnat/annetut-kunniamerkit/vuonna-2023-annetut-kunniamerkit-forlanade-utmarkelsetecken-2023/vuonna-2023-ulkomaalaisille-annetut-kunniamerkit-utmarkelsetecken-forlanade-at-utlanningar-2023/ আহৰণ কৰা হৈছে: 28 April 2024.
  34. "Real Decreto 1264/2024, de 10 de diciembre, por el que se concede la Gran Cruz de la Orden de Isabel la Católica a determinadas personalidades de la República Italiana.". 10 December 2024. https://www.boe.es/buscar/doc.php?id=BOE-A-2024-25837 আহৰণ কৰা হৈছে: 12 December 2024.
  35. "Volodymyr Zelensky awarded Giorgia Meloni the Order of Freedom". The Odessa Journal. https://odessa-journal.com/volodymyr-zelensky-awarded-george-meloni-the-order-of-freedom আহৰণ কৰা হৈছে: 12 July 2024.
  36. "Il Cio conferisce il Collare dell'Ordine Olimpico alla premier Meloni". ANSA.it. https://www.ansa.it/sito/notizie/sport/altrisport/2026/05/11/il-cio-conferisce-il-collare-dellordine-olimpico-alla-premier-meloni_5000354d-1e19-4e3f-823d-0d17e0f4bc5a.html আহৰণ কৰা হৈছে: 11 May 2026.