জৰৎকাৰু
জৰৎকাৰু হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ নাগ-দেৱী মনসাৰ স্বামী আৰু তেওঁলোকৰ পুত্ৰ আস্তিক মুনিৰ পিতৃ।[1] মনসা আৰু আস্তিকৰ কাহিনীত তেওঁক গৌণ চৰিত্ৰ হিচাপে দেখা যায়।
জৰৎকাৰুক কঠোৰ তপস্যা কৰা মহান বিদ্বান ঋষি হিচাপে বৰ্ণনা কৰা হৈছে। যদিও তেওঁ অবিবাহিত হৈ থাকিব বিচাৰিছিল, তথাপি তেওঁৰ মৃত পূৰ্বপুৰুষৰ বুজনিত মনসাক বিয়া কৰায়, কাৰণ জৰৎকাৰুৱে সন্তান জন্ম নিদিলে পিতৃপুৰুষ নৰকত পৰিবলগীয়া হয়। জৰৎকাৰুৰ সাংসাৰিক জীৱন বিফল হয়, দম্পতীহালৰ মাজত আৱেগিক বন্ধন প্ৰায়েই নাছিল। অৱশেষত জৰৎকাৰুৱে তেওঁক কেঁচা টোপনিতে জগাই দিয়াৰ বাবে ক্ৰোধিত হৈ মনসাক পৰিত্যাগ কৰে। অৱশ্যে যোৱাৰ আগতে তেওঁ মনসাক আশীৰ্বাদ দিয়ে, যাৰ ফলত তেওঁৰ অনুপস্থিতিত আস্তিকক জন্ম দিয়ে। মনসাক পৰিত্যাগ কৰাৰ পাছত মনসাক লগ পোৱাৰ আগৰ প্ৰাৰম্ভিক জীৱন বা পিছৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়।
নামৰ উৎস
[সম্পাদনা কৰক]হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ আছে যে জৰৎকাৰুৰ জন্ম যযাৱৰা ব্ৰাহ্মণৰ বংশত হৈছিল আৰু তেওঁ সেই বংশৰ একমাত্ৰ উত্তৰাধিকাৰী আছিল। তেওঁৰ নামৰ ব্যুৎপত্তি মহাকাব্যখনত ব্যাখ্যা কৰা হৈছে। জাৰা মানে "শোষণ" আৰু কাৰু "দানৱীয়"; ঋষিৰ এটা বিশাল শৰীৰ আছিল, যিটো তেওঁ তপস্যাৰদ্বাৰা হ্ৰাস কৰিছিল(শুকুৱাইছিল)। এইদৰে তেওঁক জৰৎকাৰু বুলি কোৱা হৈছিল।[2]
কিংবদন্তি
[সম্পাদনা কৰক]হিন্দু শাস্ত্ৰ মহাভাৰত, দেৱী ভাগৱত পুৰাণ, আৰু ব্ৰহ্ম বৈৱৰ্ত পুৰাণত আস্তিক আৰু মনসা কাহিনীত জৰৎকাৰুৰ আবিৰ্ভাৱ হৈছে। মহাভাৰতৰ প্ৰথমখন গ্ৰন্থ আদি পৰ্বৰ অস্তিক পৰ্ব অধ্যায়ত অস্তিকৰ কাহিনী দুবাৰকৈ বৰ্ণনা কৰা হৈছে।[3] তেওঁৰ পত্নী সাপদেৱীৰ পূজাৰ লগত জড়িত লোককথাৰ চৰিত্ৰও।
প্ৰথম, চুটি কথনত জৰৎকাৰুক প্ৰজাপতিৰ দৰে শক্তিশালী, কঠোৰ তপস্যা কৰা আৰু ব্ৰহ্মচৰ্য্য ব্ৰত ধাৰণ কৰা বুলি বৰ্ণনা কৰা হৈছে।[4][5] দ্বিতীয় সংস্কৰণত জৰৎকাৰুক বেদ আৰু ইয়াৰ শাখাসমূহৰ পণ্ডিত, "নিয়ন্ত্ৰিত, মহান মনোভাবৰ" আৰু মহান ব্ৰত আৰু তপ পালন কৰা বুলি কোৱা হৈছে।[2]
পূৰ্বাত্মাৰ সাক্ষাৎ
[সম্পাদনা কৰক]"মহান তপস্বী"গৰাকীয়ে বিশ্ব ভ্ৰমণ কৰি বিভিন্ন তীৰ্থস্থান আৰু পবিত্ৰ জলভাগ পৰিদৰ্শন কৰি ফুৰিছে। আনকি তেওঁ খাদ্য আৰু টোপনিও ত্যাগ কৰিছে, আৰু কেৱল বায়ু সেৱন কৰিহে জীয়াই আছে। তেওঁ বুঢ়া হৈ গৈছে। যাত্ৰাকালত এবাৰ তেওঁ দেখিলে যে তেওঁৰ পূৰ্বপুৰুষসকলে নৰকলৈ যোৱা গাঁত এটাত মূৰ থৈ ওলোটাকৈ ওলমি আছে, তেওঁলোকক ওলোমাই ধৰি ৰখা শুকান ঘাঁহবোৰ এন্দুৰে খাই আছে। পূৰ্বাত্মাসকলে জৰৎকাৰুৰ তপস্বী জীৱনক মূৰ্খামি বুলি গালি পাৰিলে আৰু তেওঁৰ উত্তৰাধিকাৰহীন বংশৰ অন্ত পেলাবলৈ ক’লে। তেওঁলোকে তেওঁক বিয়া আৰু সন্তান জন্ম দিবলৈ অনুৰোধ কৰিলে যাতে তেওঁলোকে স্বৰ্গ লাভ কৰিব পাৰে। প্ৰথম অৱস্থাত দ্বাৰ গ্ৰহণ কৰাৰ কথাত জৰৎকাৰু ক্ষোভিত হ’লেও তেওঁ চৰ্তসাপেক্ষে সন্মতি প্ৰকাশ কৰে: তেওঁ কেৱল তেওঁৰ সৈতে একে নামৰ এগৰাকী কুমাৰীকহে বিয়া কৰাব, যিগৰাকীক তেওঁৰ দৰিদ্ৰতা সত্ত্বেও তেওঁৰ পৰিয়ালে তেওঁক দান হিচাপে দিয়ে। পূৰ্বপুৰুষসকলক এই প্ৰতিশ্ৰুতি দি তেওঁ নিজৰ যাত্ৰাত আগবাঢ়ি যায়।[5][3] দ্বিতীয় মহাভাৰত সংস্কৰণত দুটা অতিৰিক্ত চৰ্ত যোগ কৰা হৈছে: নামকৰণ কৰা মহিলাগৰাকীয়ে তেওঁক নিজৰ ইচ্ছামতে বিয়া কৰাব লাগে আৰু তেওঁ পত্নীক পোহপাল নিদিব।[6]
দৰিদ্ৰ আৰু বৃদ্ধ ঋষিয়ে কইনাৰ সন্ধানত অসাৰভাৱে পৃথিৱীত বিচৰণ কৰে যদিও উপযুক্ত কইনা বিচাৰি নাপায়। এবাৰ হাবিত নিজৰ প্ৰতিজ্ঞাৰ কথা মনত পেলাই তেওঁ তিনিবাৰকৈ কইনাৰ বাবে প্ৰাৰ্থনা কৰে।[5] দ্বিতীয় সংস্কৰণত তেওঁ নিজৰ অসাৰ প্ৰচেষ্টাৰ বাবে হতাশা আৰু দুখত জোৰেৰে চিঞৰি উঠে।[5]
বিবাহ
[সম্পাদনা কৰক]নাগৰ ৰজা বাসুকীয়ে ঋষিৰ আগমনৰ বাবে অপেক্ষা কৰি আছে। ব্ৰহ্মা দেৱতাৰ পৰামৰ্শ অনুসৰি বাসুকীয়ে সাপৰ মাতৃ কদ্ৰুৱে দিয়া অভিশাপৰ প্ৰতিহত কৰিবলৈ নিজৰ সৰু ভনীয়েকৰ (পৰৱৰ্তী গ্ৰন্থত মনসা নামেৰে জনাজাত) মহান ঋষি জৰৎকাৰুৰ সৈতে বিবাহৰ পৰিকল্পনা কৰিছে। জন্মেজয়ৰ যজ্ঞ (অগ্নি-বলি)ত তেওঁ সাপবোৰক দাহ কৰিবলৈ অভিশাপ দিছিল। ব্ৰহ্মাই ভৱিষ্যদ্বাণী কৰিছিল যে জৰৎকাৰু আৰু মনসাৰ পুত্ৰই যজ্ঞ বন্ধ কৰিব, নাগক উদ্ধাৰ কৰিব। বাসুকিয়ে জৰৎকাৰুৰ ওপৰত চকু ৰাখিবলৈ আৰু বিয়াৰ সিদ্ধান্তৰ বিষয়ে তেওঁক জনাবলৈ সাপ নিযুক্ত কৰিছে।[5][2]
বাসুকীয়ে ওলাই আহি নিজৰ কনিষ্ঠ ভনীয়েক মনসাক ঋষিক আগবঢ়ায়, যিয়ে নিজৰ চৰ্তৰে কথা-বতৰা পতাৰ পিছত তাইক গ্ৰহণ কৰে। বাসুকিয়েও মনসাক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিয়াৰ পিছত জৰৎকাৰুৱে নতুন পত্নীৰ সৈতে নাগৰ বাসগৃহত থাকে। জৰৎকাৰুৱে নতুন পত্নীক সঁকীয়াই দিয়ে যে, যদি তাই কেতিয়াবা তেওঁক অসন্তুষ্ট কৰে তেন্তে তেওঁ তাইক আৰু নিজৰ ঘৰখন এৰি দিব, গতিকে তেওঁ নিজৰ স্বামীক কৰ্তব্যপৰায়ণভাৱে সেৱা কৰে। সময়ত জৰৎকাৰুৰ মনসাৰ সৈতে মিলন হয় আৰু তাই গৰ্ভৱতী হয়।[3][5]
ব্ৰহ্ম বৈৱৰ্ত পুৰাণত মনসাক কাশ্যপৰ ঋষিৰ কন্যা হিচাপে চিত্ৰিত কৰা হৈছে, যিজনে তেওঁক জৰৎকাৰুৰ লগত বাগ্দান কৰে। বিবাহ কেতিয়াও সফল হোৱা নাছিল কাৰণ জৰৎকাৰুৱে আনকি মনসাক স্পৰ্শ কৰিবলৈও অস্বীকাৰ কৰি ডিমৰু গছৰ তলত পৃথকে পৃথকে শুইছিল।[7]
পত্নীক পৰিত্যাগ
[সম্পাদনা কৰক]মহাভাৰতত দীঘলীয়াকৈ জৰৎকাৰুৰ কাহিনী আগবাঢ়িছে: জৰতকাৰুৱে পত্নীৰ সৈতে মিলনৰ কিছুসময়ৰ পাছতে ক্লান্ত ঋষিয়ে পত্নীৰ কোলাত শুই পৰে। সূৰ্যাস্তৰ সময় ওচৰ চাপি অহাৰ লগে লগে, আৰু সন্ধিয়াৰ পূজাৰ সময় হোৱাৰ লগে লগে মনসাই এই দ্বিধাদ্বন্দ্বৰ সন্মুখীন হয় যে স্বামীৰ শান্তিপূৰ্ণ টোপনি বিঘ্নিত কৰিব, নে তেওঁক শুবলৈ দিব। পিছত, তুলনা কৰি তেওঁ জগাই দিয়াৰ সিদ্ধান্ত লয়। তেওঁ জৰৎকাৰুৰ কাণত ফুচফুচাই তেওঁক জগাই তুলিবলৈ চেষ্টা কৰে, যাতে তেওঁ সান্ধ্যকৃত্য কৰি অগ্নিহোত্ৰৰ শিখা জ্বলায়। ঋষি ক্ৰোধিত হয়, আৰু অপমানিত অনুভৱ কৰে। তেওঁ কয় যে, তেওঁ নিজৰ ৰীতি-নীতি কৰাৰ আগতে সূৰ্য অস্ত যাবলৈ সাহস নকৰে। "নিৰীহ" পত্নীয়ে তেওঁৰ ওচৰত ক্ষমা বিচাৰে আৰু নিজৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰে যদিও তেওঁ পত্নীক এৰি দিয়ে। পত্নীয়ে তেওঁক তেওঁলোকৰ বিয়াৰ প্ৰকৃত উদ্দেশ্য, তেওঁলোকৰ পুত্ৰৰ জন্ম – সাপৰ ত্ৰাণকৰ্তা – প্ৰকাশ কৰে আৰু সেই উদ্দেশ্য পূৰণ নোহোৱালৈকে অপেক্ষা কৰিবলৈ কয়। ঋষিয়ে পত্নীক আশ্বস্ত কৰে যে তেওঁৰ বীজ পত্নীৰ গৰ্ভত আছে, আৰু তাই এজন বিদ্বান পুত্ৰ জন্ম দিব। জৰৎকাৰুৱে পুনৰ তপস্যা কৰিবলৈ গুচি যায়, আৰু কেতিয়াও পৰিয়ালৰ ওচৰলৈ ঘূৰি নাহে।[3][6]
ব্ৰহ্ম বৈৱৰ্ত পুৰাণত বৰ্ণনা কৰা হৈছে যে জৰৎকাৰুৱে অতিমাত্ৰা টোপনি যায় আৰু ৰাতিপুৱাৰ আচাৰ-ব্যৱহাৰৰ সময় হেৰুৱাই পেলায়। উত্তেজিত ঋষিয়ে অবাধ্য পত্নীৰ বাবে মনসাক নৰকলৈ বহিষ্কাৰ কৰাৰ ভাবুকি দিয়ে। সূৰ্যই আগবাঢ়ি আহি ঋষিক শান্ত কৰে, তেওঁক শক্তিশালী ঋষি বুলি প্ৰশংসা কৰে, কিন্তু জৰৎকাৰুৱে পত্নীক পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়। ব্ৰহ্ম দেৱতাই হস্তক্ষেপ কৰি কয় যে, পত্নীক পৰিত্যাগ কৰাটো অনুচিত হ’ব, যদিহে তেওঁ তেওঁক সন্তান প্ৰদান নকৰে। জৰৎকাৰুৱে মনসাৰ পেট স্পৰ্শ কৰি গৰ্ভধাৰণ কৰে। তাৰ পিছত এজন প্ৰখ্যাত ঋষিৰ জন্ম দিব বুলি ভৱিষ্যদ্বাণী কৰি তেওঁ গুচি যায়।[7]
মংগল-কাব্য ধাৰাৰ মনসাৰ ভক্তিমূলক কবিতা বিপ্ৰদাস পিপিলাইৰ মনসা বিজয় (১৪৯৫)ত জৰৎকাৰুৱে তেওঁলোকৰ বিয়াৰ নিশা নিজেই পত্নীক কেনেকৈ পৰিত্যাগ কৰে সেই বিষয়ে বৰ্ণনা কৰা হৈছে। শিৱৰ পত্নী আৰু সন্তান চণ্ডীয়ে ঘৃণা কৰা শিৱ দেৱতাৰ কন্যা মনসা। শিৱই মনসাক জৰৎকাৰুৰ লগত বিয়া দিয়ায়। চণ্ডীয়ে মনসাক সুখী বৈবাহিক জীৱন-যাপন কৰাটো নিবিচাৰে আৰু এইদৰেই তাইক বিয়াৰ নিশা সৰ্পৰ অলংকাৰ পিন্ধিবলৈ কয়। মনসা শান্তিৰে শুই থকাৰ সময়ত জৰৎকাৰু সাপৰ ভয়ত সাৰ পাই থাকে। মাজনিশা চণ্ডীয়ে কোঠাটোত এটা বেং দলিয়াই দিয়ে, যাৰ ফলত সাপবোৰে ফোঁচফোচাই উঠে আৰু বেংটোৰ পিছে পিছে কোঠাটোৰ চাৰিওফালে ঘূৰি ফুৰে। আতংকিত জৰৎকাৰুৱে ঘৰৰপৰা পলাই গৈ সাগৰত শংখত লুকাই থাকে। ইয়াৰ উপৰি তেওঁ সাপ দেৱীক ভয় খাই তাইৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। কিন্তু তেওঁ পত্নীৰ লগত কেইটামান ৰাতি কটায় আৰু পত্নীক গৰ্ভধাৰণ কৰে আৰু এইদৰে নিজৰ "স্বামীৰ কৰ্তব্য" পালন কৰে।[8]
মনসাৰ জীৱনৰপৰা ওলাই অহাৰ পাছত ঋষিৰ বিষয়ে আৰু মূল কাহিনীটোৰ বিষয়ে বহুত কমেইহে কোৱা হয়। যথা সময়ত এই দম্পতীহালৰপৰা আষ্টিকা নামৰ এজন পুত্ৰৰ জন্ম হয়। আস্তিকে জন্মেজয়ৰ সৰ্পযজ্ঞ বন্ধ কৰি নাগক উদ্ধাৰ কৰে। জৰৎকাৰুৱে সন্তান জন্ম দিয়াৰ দৰেই পূৰ্বপুৰুষসকলে স্বৰ্গত উপনীত হয়। মহাভাৰতৰ প্ৰথম কথনত কোৱা হৈছে যে দীৰ্ঘজীৱনৰ পিছত জৰৎকাৰুৰ মৃত্যু হয় আৰু স্বৰ্গও লাভ কৰে।[5]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ www.wisdomlib.org (2010-09-29). "Jaratkaru, Jarat-karu, Jaratkāru: 13 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/jaratkaru। আহৰণ কৰা হৈছে: 2022-11-19.
- ↑ 2.0 2.1 2.2 van Buitenen pp. 95–97
- ↑ 3.0 3.1 3.2 3.3 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 348–9. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft.
- ↑ Kisari Mohan Ganguli. "SECTION XIII". The Mahabharata, Book 1: Adi Parva. Sacred-texts.com. http://www.sacred-texts.com/hin/m01/m01014.htm.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 5.6 van Buitenen pp. 69–71
- ↑ 6.0 6.1 van Buitenen pp. 103–108
- ↑ 7.0 7.1 McDaniel pp. 153–4
- ↑ McDaniel pp. 149–150