ঝাং জিলিন
| ঝাং জিলিন | |
|---|---|
![]() ঝাং মিছ ৱৰ্ল্ড হিচাপে ২০০৭ চনত | |
| জন্ম | Zhang Zilin ২২ মাৰ্চ, ১৯৮৪ (৪২ বছৰ) Shijiazhuang, হেবেই, চীন |
| শিক্ষা | বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় বেইজিঙ |
| উচ্চতা | ১.৮২ মিটাৰ (U=ft}}) |
| 'Beauty pageant titleholder' | |
| Title | মিছ চাইনা ২০০৭ ৱৰ্ল্ড ২০০৭ |
| Hair color | ক’লা |
| Eye color | মুগাবৰণীয়া |
| Major competition(s) |
মিছ চাইনা ৱৰ্ল্ড ২০০৭ (বিজয়ী) মিছ ৱৰ্ল্ড ২০০৭ (বিজয়ী) (মিছ ৱৰ্ল্ড এছিয়া আৰু ওচেনিয়া) (মিছ ৱৰ্ল্ড টপ মডেল) |
ঝাং জিলিন (ইংৰাজী: Zhang Zilin, সৰলীকৃত চীনা: 张梓琳; পৰম্পৰাগত চীনা: 張梓琳; পিনয়ন: ঝাং Zǐlín, জন্ম ২২ মাৰ্চ ১৯৮৪) এগৰাকী চীনা অভিনেত্ৰী, গায়িকা, ফেশ্বন মডেল আৰু সৌন্দৰ্য্য ৰাণী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছিল; আৰু ইয়াৰ পূৰ্বে তেওঁক মিছ চাইনা ৱৰ্ল্ড ২০০৭ হিচাপে অভিষিক্ত কৰা হৈছিল।
জীৱনী
[সম্পাদনা কৰক]১৯৮৪ চনৰ ২২ মাৰ্চত শ্বেণ্ডঙৰ ৱেইহাইত ঝাঙে জন্মগ্ৰহণ কৰে, পৰৱৰ্তী সময়ত বেইজিঙৰ হাইডিয়ান জিলালৈ গুচি যায় আৰু সেই ঠাইতে ১৯৯৬ চনৰপৰা ২০০২ চনলৈকে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। পিছলৈ বেইজিঙত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত অধ্যয়ন সম্পূৰ্ণ কৰি ২০০৬ চনত ব্যৱসায় প্ৰশাসনত ডিগ্ৰী লাভ কৰে। ঋাঙে বৰ্তমান ফেশ্বন মডেল হিচাপে কাম কৰি আছে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]শৈক্ষিক দিশত আগবহা পৰিয়ালত ডাঙৰ-দীঘল হোৱা ঝাঙে নিজৰ শিক্ষাক সদায় মূল্য দি আহিছে আৰু পঢ়া-শুনাত বহু কৃতিত্ব লাভ কৰিছে। পঢ়া-শুনাৰ লগতে ঝাঙে আঠ বছৰ বয়সৰপৰাই বিভিন্ন ধৰণৰ ক্ৰীড়াৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ট্ৰিপল জাম্প আৰু হাৰ্ডলছত পাৰদৰ্শিতা দেখুৱাব পাৰিছিল আৰু ১৯৯৯ চনত দশম বেইজিং চিটি যুৱ গেমছত জয়লাভ কৰি ১০০ মিটাৰ হাৰ্ডলছত পেছাদাৰী প্ৰশিক্ষণ লৈছিল। ২০০২ চনত ঝাঙে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় বেইজিঙত অধ্যয়ন আৰম্ভ কৰে আৰু ২০০৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক হিচাপে তেওঁ বহুতো এথলেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু জয়ী হয়। ২০০৫ চনত তেওঁৰ বিশ্ববিদ্যালয়ত “স্প’ৰ্টছ এডভান্স ডিষ্টিংচন এৱাৰ্ড” লাভ কৰে।
পেচাগত জীৱন
[সম্পাদনা কৰক]২০০৩ চনত মডেলিং আৰু পেজেণ্ট্ৰিৰ ক্ষেত্ৰখনত ঝাঙৰ কেৰিয়াৰ আৰম্ভ হয় য'ত তেওঁ নিউ চিল্ক ৰোড মডেলিং এজেন্সীয়ে আয়োজন কৰা সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। পেজেণ্ট্ৰিত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা হিচাপে জাঙে অভিজ্ঞতাৰ অভাৱতহে শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। কিন্তু পিছত এজেন্সীৰ কাৰ্যবাহী পৰিচালক লি জিয়াওবায়ে তেওঁক আৱিষ্কাৰ কৰে। তেতিয়াৰপৰাই ঝাঙে পেৰিছ আৰু বাৰ্লিনকে ধৰি বিশ্বৰ প্ৰধান ফেশ্বন ৰাজধানীসমূহৰ ৰাণৱেত শোভা বঢ়াইছে।[1][1]
২০০৬ চনত চাইনিজ ফেশ্বন এণ্ড কালচাৰ এৱাৰ্ডৰ সময়ত শীৰ্ষ দহগৰাকী পেছাদাৰী ছুপাৰমডেলৰ ভিতৰত অন্যতম হিচাপে তালিকা ভুক্ত কৰা হয়। ইয়াৰ পিছত তেওঁ ২০০৭ চনত পেৰিছত অনুষ্ঠিত হোৱা জৰ্জিঅ' আৰ্মানীৰ শৰৎ/শীতকালীন সংগ্ৰহ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু পিছলৈ নিউ ছিল্ক ৰোড মডেলিং এজেন্সীৰপৰা "বছৰৰ শীৰ্ষ মডেল"ৰ খিতাপ অৰ্জন কৰে।
২০০৭ চনৰ ১ ডিচেম্বৰত হাইনানৰ ছানিয়াৰ ক্ৰাউন অৱ বিউটি থিয়েটাৰত ২০০৭ চনৰ মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছিল। তেওঁৰ ৰাজত্বকালত ২০খন দেশৰ ৮০খনতকৈও অধিক চহৰ ভ্ৰমণ কৰিছিল। ইয়াৰে কিছুমান দেশ হ’ল যুক্তৰাজ্য, আমেৰিকা, ৰাছিয়া, মেক্সিকো, ট্ৰিনিদাদ আৰু ট’বাগো, ভিয়েটনাম, দক্ষিণ আফ্ৰিকা।
চলচ্চিত্ৰ জীৱন
[সম্পাদনা কৰক]২০১১ চনৰ হে-মেন ছবি আৰু ২০১৪ চনৰ হংকঙৰ ফেণ্টাচি ছবি দ্য মাংকি কিংত জাঙে অভিষেক ঘটায়।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৩ চনত থাইলেণ্ডৰ ফুকেটত[3][4] নিয়ে লেইৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১৬ চনৰ এপ্ৰিল মাহত তেওঁৰ এগৰাকী কন্যা সন্তান জন্ম হয়।
সংগীত
[সম্পাদনা কৰক]২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ চাউণ্ডট্ৰেকত ঝাঙে নিজৰ কণ্ঠ দিছিল আৰু সেই একেটা গীতৰ মিউজিক ভিডিঅ’তো অংশ লৈছিল, সেই গীতটোৰ নাম আছিল “Beijing Welcomes You” (বেইজিঙে আপোনাক স্বাগতম জনায়)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ [1] Archived October 18, 2008, at the Wayback Machine
- ↑ "Celebrity news, interviews, video and more - MSN Entertainment". Entertainment.malaysia.msn.com. 2015-06-27. Archived from the original on 2013-12-17. https://web.archive.org/web/20131217103834/http://entertainment.malaysia.msn.com/asian/the-monkey-king-to-enter-madame-tussauds-hk-1?page=3। আহৰণ কৰা হৈছে: 2015-12-15.
- ↑ "China's Business Newspaper". The Standard. 2013-10-02. http://www.thestandard.com.hk/news_print.asp?art_id=138059&sid=40522439। আহৰণ কৰা হৈছে: 2015-12-15.
- ↑ "Miss World Zhang Zilin holds wedding ceremony in Phuket Island - Xinhua | English.news.cn". News.xinhuanet.com. 2013-08-13. http://news.xinhuanet.com/english/photo/2013-08/13/c_132625550.htm। আহৰণ কৰা হৈছে: 2015-12-15.
