সমললৈ যাওক

ঝুলেলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগৱান ঝুলেলাল

এখন নদীৰ মাজত পদুম ফুলৰ ওপৰত বহি আৰু দুটা ইলিছ মাছে আগুৰি থকা ৰূপত বৰুণ দেৱৰ অৱতাৰ ঝুলেলাল
সম্পৰ্ক বৰুণ দেৱ
নিবাস সাগৰ আৰু সিন্ধু নদী
মন্ত্ৰ ওঁ বম বৰুণ্যয় নমঃ
অস্ত্ৰ তৰোৱাল
সহোদৰ সোম ৰায় আৰু ভেদ ৰায়
আসন/বাহন ইলিছ মাছ আৰু ঘোঁৰা
উৎসৱ চেটি চান্দ

ঝুলেলাল (ইংৰাজী: Jhulelal; সিন্ধী : جوليلال; جوليلال) আধুনিক পাকিস্তান আৰু ভাৰতৰ সিন্ধী হিন্দুসকলৰ আটাইতকৈ পূজনীয় দেৱতা আৰু সিন্ধী পন্থাৰ এগৰাকী লোকদেৱতা।[1][2][টোকা 1]কিংবদন্তি অনুসৰি ঝুলেলালৰ জন্ম ইছলামিক শাসক "মিৰ্খশ্বাহ"ৰ শাসনৰ সময়ত হৈছিল। সেইময়ত সিন্ধী সকলে সিন্ধু নদীৰ পাৰৰ হিন্দু দেৱতা বৰুণ দেৱক তেওঁলোকক অত্যাচাৰী মুছলমান শাসক মিৰ্খশ্বাহৰ উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ স্থানীয় হিন্দুসকলক ইছলাম ধৰ্ম গ্ৰহণৰ বাবে আদেশ জাৰি কৰিছিল।[1][4] এজন সিন্ধী দেৱতাৰ পুনৰজন্ম লোৱা ঝুলেলালে শৈশৱৰ পৰাই অলৌকিক শক্তি প্ৰদৰ্শন কৰিছিল। তেওঁ মুছলমানসকলে কেনেকৈ একেজন ঈশ্বৰত বিশ্বাস কৰে সেই বিষয়ে প্ৰচাৰ কৰিছিল আৰু কোৰআনে বলপূৰ্বক ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰা বুলি জোৰ দিছিল।[1][2] শেষত ঝুলেলালে ইছলামী শাসকৰ পৰা হিন্দুসকলক ৰেহাই দিবলৈ পতিয়ন নিয়াইছিল আৰু আনকি তেওঁ মুছলমানসকলৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছিল।[1][2]

দেশ বিভাজনৰ পূৰ্বে গোটেই সিন্ধ অঞ্চলত ঝুলেলাল জনপ্ৰিয় আছিল আৰু সিন্ধী সাংস্কৃতিক পন্থাৰ অন্তৰ্গত বহুতো দেৱতাৰ ভিতৰত তেওঁ অন্যতম আছিল।১৯৫০ চনত বোম্বাইত ৰাম পাঞ্জৱানীৰ নেতৃত্বত ভাৰতীয় সিন্ধীসকলে ঝুলেলালক সকলো সিন্ধীৰ ঐক্যৰ ৰূপলৈ ৰূপান্তৰিত কৰি সিন্ধী সম্প্ৰদায়ক একত্ৰিত কৰাৰ সিদ্ধান্ত লয়।[1][2] তেওঁলোকে ঝুলেলাল সম্পৰ্কে ভক্তিমূলক গীত ৰচনা কৰা, পত্ৰিকা ছপা কৰা, মূৰ্তি স্থাপন কৰা, উৎসৱ উদযাপন কৰা আদি কাৰ্যৰ লগত জড়িত আছিল। লগতে তেওঁলোকে ঝুলেলালৰ নামত বহু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল। বৰ্তমান ঝুলেলাল সিন্ধীসকলৰ প্ৰতিনিধি একত্ৰীকৰণ ঈশ্বৰত পৰিণত হৈছে।[1][2]

ঝুলেলালৰ ৰূপ বহু পৰিমাণে ভিন্ন।[1][5] সিন্ধী হিন্দুসকলে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ অডেৰো লালৰ মন্দিৰত ঝুলেলালক পূজা কৰে। এই মন্দিৰ সিন্ধী হিন্দু আৰু সিন্ধী মুছলমানসকলে যৌথভাৱে ব্যৱহাৰ কৰে। কিছুমানে এই মন্দিৰটোক শ্বেখ তাহিৰৰ সমাধি হিচাপে শ্ৰদ্ধা কৰে। ঝুলেলাল তীৰ্থধম নামৰ দ্বিতীয়টো মন্দিৰ ভাৰতত গুজৰাটৰ কাচ্ছৰ নাৰায়ণ সৰোবৰত অৱস্থিত।[6]

কিংবদন্তি

[সম্পাদনা কৰক]

হিন্দু আৰু মুছলমানৰ মাজত দীৰ্ঘদিন ধৰি সমন্বয়ৰ মাজেৰে দিন অতিবাহিত কৰাৰ অন্তত থট্টত এগৰাকী মিৰ্খশ্বাহ নামৰ এজন নতুন আমিৰে সিংহাসনত আৰোহণ কৰে। তেওঁ তেওঁৰ উপদেষ্টাসকলৰ প্ৰৰোচনাত সকলো স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ নহ'লে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। স্থানীয় হিন্দুসকলে সিন্ধু নদীক নিজৰ বিপৰ্যয়ৰ বিষয়ে প্ৰাৰ্থনা কৰিছিল আৰু তেওঁ তেওঁলোকক আশ্বাস দিয়ে যে বৰুণ দেৱে শিশু ৰূপত অৱতৰিত হ'ব আৰু তেওঁলোকৰ বিপৰ্যয় ৰোধ কৰিব।

১০০৭ বিক্ৰম সংবৎৰ (৯৫০ খ্ৰীষ্টাব্দ) চৈত্ৰ মাহৰ চেটি চান্দৰ দিনা লোহানা জাতিৰ স্থানীয় হিন্দু পৰিয়ালত ঝুলেলালৰ জন্ম হয়।[2][7][8] অতি কম সময়ৰ ভিতৰতে আমিৰ মিৰ্খশ্বাহ গম পালে যে জনসাধাৰণে স্থানীয় শিশু এজনক ভগৱানৰ অৱতাৰ হিচাপে পূজা কৰিবলৈ আৰম্ভ কৰিছে। এই অইছলামী কাৰ্যকলাপত আতংকিত হৈ আমিৰে নিজৰ মন্ত্ৰীসকলক তদন্ত কৰিবলৈ পঠিয়াইছিল। তেওঁলোকে অদ্ভুত পৰিঘটনাৰ সাক্ষী হোৱাৰ বিৱৰণ লৈ উভতি আহিছিল:[2] শিশুটোৱে এজন যুৱ যোদ্ধালৈ ৰূপান্তৰিত হৈছিল, তাৰ পিছত এজন বুঢ়া মানুহলৈ, তাৰ পিছত পুনৰ শিশুলৈ ৰূপান্তৰিত হৈছিল; আন সময়ত মাছৰ পিঠিত উঠি নদীৰ ওপৰলৈ উঠিছিল; তেওঁ সৰু লৰাৰ ৰূপত ঋষিৰ দৰে আচৰণ কৰিছিল আৰু কথা কৈছিল; আৰু উপদেষ্টাসকলৰ অবিশ্বাসী চকুৰ সন্মুখত আন বিভিন্ন কৃতিত্ব দাঙি কৰিছিল।[2][টোকা 2] এই কথা শুনি মিৰ্খশ্বাহই ভয় খাইছিল। কিন্তু তেওঁৰ উপদেষ্টাসকলে নিৰ্ভয়ে তেওঁক দৃঢ়তাৰে থাকিবলৈ পতিয়ন নিয়াইছিল।[2]

কিন্তু অতি সোনকালেই আমিৰে সিদ্ধান্ত ল’লে যে তেওঁ এই অদ্ভুত বালকক লগ কৰিব। তেওঁলোকৰ লগ পোৱাৰ লগে লগে আমিৰে ঝুলেলালৰ ইছলাম বিষয়ক বুজাবুজিত আপ্লুত হয়। ঝুলেলালে হিন্দু আৰু মুছলমানসকলে একেজন ঈশ্বৰত বিশ্বাস কৰে বুলি প্ৰচাৰ কৰিছিল আৰু মিৰ্খশ্বাহক সোঁৱৰাই দিছিল যে কোৰআনে বাধ্যতামূলক ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰিছে।[2][1] আমিৰৰ উপদেষ্টাসকলে তেতিয়াও তেওঁলোকৰ নিষ্ঠুৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ আঁচনিখন সম্পন্ন কৰিববলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। মিৰ্খশ্বাহই ঝুলেলালৰ শিক্ষাক অৱজ্ঞা কৰি তেওঁক কাৰাগাৰত বন্দী কৰাৰ নিৰ্দেশ দিয়ে।[2][1] কিন্তু যেতিয়া প্ৰহৰীসকলে ঝুলেলালক গ্ৰেপ্তাৰৰ চেষ্টা কৰিবলৈ আহিছিল, তেতিয়া জুই আৰু বানপানীয়ে একেলগে আমিৰৰ ৰাজপ্ৰসাদক আগুৰি ধৰিছিল। এই চমৎকাৰৰ আভাস পাই মিৰ্খশ্বাহ মৰ্মাহত হৈ নিজৰ আদেশ বাতিল কৰে আৰু ঝুলেলালৰ ওচৰত ক্ষমা বিচাৰিলে।

আমিৰৰ ৰাজপ্ৰসাদ ৰক্ষা পোৱাৰ লগে লগে আৰু সম্প্ৰীতি পুনৰুদ্ধাৰ হোৱাৰ লগে লগে ঝুলেলালে তাৰ পৰা মুছলমানসকলৰ মাজতো (মিৰ্খশ্বাহকে ধৰি) জনপ্ৰিয়তা লাভ কৰে। সেই ঠাই পৰিত্যাগ কৰাৰ আগতে তেওঁৰ সৰ্বব্যাপী থকাৰ সোঁৱৰণী হিচাপে এটা শিখা চিৰকাল জ্বলি থকাৰ ব্যৱস্থা কৰিবলৈ ঝুলেলালে আমিৰক পৰামৰ্শ দিছিল।

আঞ্চলিক ভিন্নতা

[সম্পাদনা কৰক]

বিংশ শতিকাৰ আগৰ আঞ্চলিক ইতিহাসত ঝুলেলালৰ লোককাহিনী পোৱা নাযায়। প্ৰায় সকলো ঝুলেলাল কিংবদন্তি দুটা মূল বিষয়বস্তুৰ আশে-পাশে ব্যাপকভাৱে কেন্দ্ৰিত— সিন্ধী সাম্প্ৰদায়িক সম্প্ৰীতিৰ মূল্যবোধ আৰু নিজৰ ধৰ্মীয় গ্ৰন্থকো ব্যাখ্যা কৰিব নোৱাৰা বুলি চিত্ৰিত কৰা মুছলমানসকলৰ ওপৰত সহনশীল আৰু ভক্তিময় হিন্দুসকলৰ অভ্যন্তৰীণ শ্ৰেষ্ঠত্ব। তেওঁলোকৰ নিজৰ মাজতে বহু পৰিমাণে ভিন্নতা আছে আৰু আছে মাজে মাজে আনকি সিন্ধী হিন্দুসকলৰ মাজতো এই ভিন্নতাৰ বাবে অভ্যন্তৰীণ প্ৰতিদ্বন্দ্বিতাৰ কাৰণ হৈ পৰিছিল। একে সময়তে সিন্ধী মুছলমানসকলে ঝুলেলাল সম্পৰ্কে নিজাকৈ কিংবদন্তি গঢ়ি তুলিছে।

হিন্দু সম্পৰ্ক

[সম্পাদনা কৰক]

ঠাই ভেদে কিংবদন্তি সমূহত ঝুলেলালৰ জন্মতে ৰখা নাম উদেৰ'লাল বা অমৰলাল বা দৰয়াচাহিব আদি ভিন্ন নামেৰে উল্লেখ কৰা হৈছে। তেওঁৰ প্ৰথম আবিৰ্ভাৱৰ পৰিঘটনা হয় মানুহৰ ৰূপত জন্ম হোৱা বুলি উল্লেখ কৰা হয় নহয় মাছৰ ওপৰত উঠি সিন্ধু নদীৰ পৰা আৱিৰ্ভাৱ হোৱা বুলি উল্লেখ কৰা হয়। তেওঁক বিষ্ণুৰ বা জলদেৱতা বৰুণ দেৱৰ অৱতাৰ হিচাপে বিভিন্ন ধৰণে উল্লেখ কৰা হৈছে। এটা বিৱৰণীয়ে দুয়োটাকে মিহলাই বিষ্ণুৰ বৰুণ অৱতাৰ বুলি গণ্য কৰে। তেওঁ কেনেকৈ "ঝুলেলাল" নামেৰে পৰিচিত হ'ল সেই সম্পৰ্কেও কাহিনী আছে। মিৰ্খশ্বাহৰ সৈতে তেওঁৰ মুখামুখিৰ ফলাফলো বেলেগ বেলেগ উৎসয়ে বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰে। কিছুমানে দাবী কৰে যে আমিৰে নিজৰ অলৌকিক শক্তিৰ সন্মুখত নিমিষতে বশৱৰ্তী হৈছিল। আনহাতে কিছুমানে দাবী কৰে যে ঝুলেলালে গোপনে সৈন্য গোট খুৱাই যুদ্ধত জয়ৰ জৰিয়তে আমিৰক বশৱৰ্তী কৰিছিল।

উৎসৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণনাসমূহৰ উপস্থাপনো পৃথক হয়। বহুতো সংস্কৰণে ব্ৰাহ্মণসকলৰ বিৰুদ্ধে মুছলমান শাসকসকলৰ নিষ্ঠুৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পিছলৈ ইয়াক সম্প্ৰসাৰণ কৰি সকলো হিন্দুৰ বিৰুদ্ধে কৰা অত্যাচাৰৰ বিষয়ে বৰ্ণনা কৰে। ইণ্ডিয়ান এক্সপ্ৰেছত ছপা এটা স্তম্ভত সমসাময়িক হিন্দু জাতীয়তাবাদক বৰ্ণনাত ঝুললালে "সংকুচিত হিন্দুসকলক সাহসেৰে পূৰণ কৰে" আৰু "নিৰ্যাতিত মুছলমানসকলৰ মাজত পবিত্ৰ সন্ত্ৰাস প্ৰয়োগ কৰে" বুলি উল্লেখ কৰিছে। আনহাতে কিছুমান সিন্ধি বিৱৰণে ঝুলেলালক মোঘল শাসক ঔৰংজেৱৰ সমসাময়িক বুলি উল্লেখ কৰিছে। কিছুমানে বৈদিক ৰীতিৰ সৈতে দুৰ্বল সম্পৰ্ক অংকন কৰি ঝুলেলালৰ হিন্দুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বাছি লৈছে।

চেটি চান্দ

[সম্পাদনা কৰক]

চেটি চান্দ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে। এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন। সিন্ধি মাহ চেটৰ (চৈত্ৰ) প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়।  ই সাধাৰণতে গ্ৰেগৰীয়ান দিনপঞ্জীৰ মাৰ্চৰ শেষ ভাগত বা এপ্ৰিলৰ আৰম্ভণিত পৰে।  চেটি চান্দ উৎসৱে বসন্ত আৰু শস্যৰ আগমন চিহ্নিত কৰে। ১০০৭ চনত এই দিনতে সিন্ধী সম্প্ৰদায়সকলৰ ইষ্ট দেৱতা উদেৰ'লাল না ঝুলেলালৰ জন্ম হৈছিল।[1][2]

চুফী মুছলিম অনুসৰণকাৰীসকলৰ ভিতৰত ঝুলেলালক "খাজা খিজিৰ" বা "শ্বেখ তাহিত" বুলি কোৱা হয়। কিংবদন্তি অনুসৰি সিন্ধী সকলে নতুন বছৰটো উধেৰোলালৰ জন্মদিন হিচাপে উদযাপন কৰে। চেটি চান্দ উদযাপন পৰম্পৰা সম্ভৱতঃ দৰিয়াপন্থী সকলৰ মাজত আৰম্ভ হৈছিল। ব্ৰিটিছ ঔপনিবেশিক শাসন কালত উদেৰোলাল আৰু জিন্দাপীৰত (পাকিস্তানৰ হায়দৰাবাদৰ ওচৰত) মুখ্য বাৰ্ষিক মেলা অনুষ্ঠিত হৈছিল।[1][2]

চলিয়া চাহেব

[সম্পাদনা কৰক]

চলিয়া চাহেব সিন্ধী হিন্দুসকলে তেওঁলোকক ইছলাম ধৰ্ম গ্ৰহণৰ পৰা ৰক্ষা কৰাৰ বাবে ঝুলেলালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উদযাপন কৰা চল্লিশ দিনীয়া উৎসৱ।[9][10][11] চলিহো বা চলিহো বা চলিহো চাহিব বুলিও কোৱা হয়। প্ৰতি বছৰে জুলাইৰ পৰা আগষ্ট মাহত এই উৎসৱ পালন কৰা হয়। অৱশ্যে হিন্দু কেলেণ্ডাৰ অনুসৰি তাৰিখৰ ভিন্নতা থাকে। এই উৎসৱত সিন্ধীসকলৰ প্ৰাৰ্থনা শুনাৰ বাবে বৰুণ দেৱৰ সন্মানত কৃতজ্ঞতা জ্ঞাপন কৰা হয়।[9][10]

ঝুলেলালক ইলিছ মাছৰ বাহনৰ ওপৰত উঠি পদুম ফুলৰ ওপৰত পদ্মাসনত বহি দাড়ি থকা মানুহ হিচাপে দেখুৱা হয়।[12] সিন্ধু নদী বা সাগৰত মাছটো ওপঙি থকা ৰূপত দেখুৱা হয়। তেওঁৰ হাতত পবিত্ৰ গ্ৰন্থ আৰু কেতিয়াবা জপ মালা লৈ থকা ৰূপত কল্পনা কৰা হয়। তেওঁ ময়ূৰৰ পাখি থকা সোণালী মুকুট পৰিধান আৰু ৰজাঘৰীয়া কাপোৰ পিন্ধে। সাধাৰণতে মন্দিৰৰ মূৰ্তিবোৰে তেওঁক এই ৰূপত পূজা কৰা হয়।[1][13] এটা ৰূপত তেওঁক ইলিছ মাছ বা পদুম ফুলৰ ওপৰত থিয় হৈ নেতৃত্বৰ ইংগিত দিবলৈ দুয়োহাতেৰে লাখুটি ধৰি থকা ৰূপত প্ৰদৰ্শন কৰা হৈছে। তেওঁক ময়ূৰৰ পাখি থকা সোণালী মুকুট পৰিহিত পেশীবহুল বগা দাড়ি থকা মানুহ সন্মুখলৈ চাই থকা ৰূপত কল্পনা কৰা হয়। তেওঁ নীলা আৰু সোণালী ৰঙৰ ৰজাঘৰীয়া কাপোৰ পিন্ধি ডাঙৰ সোণালী মাছ এটাৰ ওপৰত থিয় হৈ থকা ডাঙৰ গোলাপী ৰঙৰ পদুম ফুল এটাৰ ওপৰত পদ্মাসনত বহি থকা ৰূপত কল্পনা কৰা হয়। ডাঙৰ সোণালী মাছটো পানীত এখনত ওপঙি থাকে। বগা দাড়িযুক্ত মানুহজনৰ সোঁহাতত পবিত্ৰ গ্ৰন্থ আৰু বাওঁহাতত জপ মালা লৈ থাকে। সোঁহাতখন উলম্বভাৱে ধৰি হাতৰ তলুৱাখন বাহিৰলৈ মুখ কৰি ৰখা হৈছে। তেওঁক প্ৰায়ে বিশুদ্ধতা আৰু ভক্তিৰ প্ৰতীক কেশৰী ৰঙৰ পোছাকত দেখুৱা হয়। তেওঁৰ পিঠিৰ পিছফালে দীঘল কাপোৰ এখন থাকে।

উদেৰ'লাল মন্দিৰ

[সম্পাদনা কৰক]
উদেৰ'লাল মন্দিৰ
উদেৰ'লাল মন্দিৰৰ ঘণ্টা

পাকিস্তানৰ সিন্ধৰ সংহাৰ জিলাৰ প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত মাটিয়াৰী জিলাত উদেৰ'লালৰ ঝুলেলাল মন্দিৰ অৱস্থিত। ইয়াত হিন্দু আৰু মুছলমানসকলে একেলগে একে ঠাইতে প্ৰাৰ্থনা কৰিব পাৰে।[14][15] নৱাবশ্বাহ, হায়দৰাবাদ, মাটিয়াৰী, সংহাৰ আৰু মিৰপুৰ খাছ হৈছে টাণ্ডো আদমৰ ওচৰৰ এই মন্দিৰৰ ওচৰৰ প্ৰধান চহৰ।[16]

ইযত প্ৰথমে নাথ পৰম্পৰাৰ অন্তৰ্গত গোৰক্ষনাথৰ অনুগামীসকলৰ এটা উপপন্থা দৰ্যাপন্থীসকলৰ আসন গঠন কৰিছিল।[17][18]

ঝুলেলাল তীৰ্থধাম

[সম্পাদনা কৰক]
ঝুলেলাল তীৰ্থধামৰ দৃশ্য

ভাৰতৰ সিন্ধী হিন্দুসকলে সিন্ধ প্ৰদেশৰ সীমান্তৰ ওচৰত ভাৰতৰ গুজৰাট ৰাজ্যৰ কাচ্ছৰ এটা ধৰ্মীয় মন্দিৰ আৰু সাংস্কৃতিক কমপ্লেক্স নিৰ্মাণ কৰিছিল।[6][19] ১০০ একৰ এই কমপ্লেক্সটোত ১০০ ফুট দৈৰ্ঘ্যৰ ভগৱান ঝুলেলালৰ মূৰ্তি, সংগ্ৰহালয়, ধ্যান কেন্দ্ৰ, প্ৰেক্ষাগৃহ আৰু ১০০টা বাসস্থানৰ সৈতে সাংস্কৃতিক আৰু কলা-শিল্প কেন্দ্ৰ আছে। "গোলকীয় সিন্ধী পৰিচয়ৰ কেন্দ্ৰ" হোৱাৰ লক্ষ্যৰে এই প্ৰকল্পটোৰ ব্যয় আনুমানিক ১০০ কোটি টকা আছিল আৰু ভাৰতীয় ধনী সিন্ধীসকলৰ অনুদানৰ সহায়ত নিৰ্মাণ কৰা হৈছিল।[19]

ঝুলেলাল তীৰ্থধাম


  1. The chant Aayo Laal Sabhainjo Jhulelal is considered the "clarion call" of Sindhi[3]
  2. Jhulelal is also believed by Sindhis to have performed other miracles, such as entering the Indus river at Nasirpur and coming up at Bukkur, at the northernmost extent of Sindh.[3]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 Mark-Anthony Falzon (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃষ্ঠা. 58–60. ISBN 90-04-14008-5. https://books.google.com/books?id=ljbS-I5Y8WMC&pg=PA59. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 Ramey, Steven W. (2008), Ramey, Steven W., ed., "Presenting Sacred Figures" (en ভাষাত), Hindu, Sufi, or Sikh: Contested Practices and Identifications of Sindhi Hindus in India and Beyond (New York: Palgrave Macmillan US): pp. 105–124, doi:10.1057/9780230616226_5, ISBN 978-0-230-61622-6, https://doi.org/10.1057/9780230616226_5, আহৰণ কৰা হৈছে: 2021-08-24 
  3. 3.0 3.1 Lari, Suhail Zaheer (1994). A history of Sindh. Oxford. ISBN 0195775015. https://books.google.com/books?id=LfFtAAAAMAAJ&q=sukkur। আহৰণ কৰা হৈছে: 19 December 2017. 
  4. Bhavnani, Nandita (2014). The Making of Exile: Sindhi Sindhis and the Partition of India. Westland. ISBN 9789384030339. 
  5. "Jhulay Lal's full circle". 20 December 2015. https://www.dawn.com/news/1227241. 
  6. 6.0 6.1 "Coming up in Gujarat, Sindhis' own sacred shrine - Times of India". 12 May 2019. https://timesofindia.indiatimes.com/india/coming-up-in-gujarat-sindhis-own-sacred-shrine/articleshow/69287901.cms. 
  7. Gopal, Dr Krishna (2003) (en ভাষাত). Fairs and Festivals of India. Gyan Publishing House. ISBN 978-81-212-0810-9. https://books.google.com/books?id=GAfgAAAAMAAJ. 
  8. Registrar, India Office of the (1962) (en ভাষাত). Census of India, 1961. Manager of Publications. পৃষ্ঠা. 28. https://books.google.com/books?id=roNwpY0hvxgC. 
  9. 9.0 9.1 Chaliho festival Archived September 16, 2011, at the Wayback Machine
  10. 10.0 10.1 "Sindhis celebrate Chalio festival". Archived from the original on 2013-01-17. https://archive.today/20130117200657/http://daily.bhaskar.com/article/MAH-PUN-sindhis-celebrate-chalio-festival-2272672.html। আহৰণ কৰা হৈছে: 2025-02-03. 
  11. Sindhi Festivals > Chaliho Archived April 25, 2012, at the Wayback Machine
  12. Nadeem F. Paracha (December 20, 2015). "Jhulay Lal's full circle". Dawn. Dawn. http://www.dawn.com/news/1227241/jhulay-lals-full-circle. 
  13. Boivin, Michel (15 Oct 2008). Sindh through History and Representations: French Contributions to Sindhi Studies. Oxford University Press. পৃষ্ঠা. 76. ISBN 9780195475036. 
  14. Zahida Rehman Jatt (June 3, 2015). "Jhulay Lal's cradle of tolerance". Dawn. Dawn. http://www.dawn.com/news/1185942. 
  15. Claude Markovits (22 June 2000). The Global World of Indian Merchants, 1750–1947: Traders of Sind from Bukhara to Panama. Cambridge University Press, 2000. পৃষ্ঠা. 48. ISBN 9781139431279. https://books.google.com/books?id=M2vu7Odjz6kC&q=Udero+Lal+town&pg=PA48। আহৰণ কৰা হৈছে: 22 December 2015. 
  16. "List of Cities near Udero Lāl in Sindh, Pakistan". GoMapper. http://www.gomapper.com/travel/list-of-cities-near/udero-lal.html। আহৰণ কৰা হৈছে: 22 December 2015. 
  17. "Story of Jhulelal". http://www.jhulelal.com/infotainment/story.html। আহৰণ কৰা হৈছে: 2011-05-01. 
  18. Jatt, Zahida Rehman (2017-03-07). "How this lesser known festival is celebrated annually by Hindus in Sindh" (en-US ভাষাত). DAWN.COM. https://www.dawn.com/news/1318886. 
  19. 19.0 19.1 Shradha Shahani (5 June 2019). "Sindhis are building a Jhulelal Tirthdham—their own holy city". https://www.cntraveller.in/story/sindhis-are-building-a-jhulelal-tirthdham-their-own-holy-city/। আহৰণ কৰা হৈছে: 5 June 2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]