সমললৈ যাওক

ঝেঝেৰা দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঝেঝেৰা দল হৈছে বৰ্তমান কামৰূপ জিলাৰ এক লুপ্তপ্ৰায় লোক নাট্য অনুষ্ঠান। ঝেঝেৰা শব্দটোৰ অৰ্থ হৈছে যুঁজাৰু। ঝেঝেৰাপট্টি মানে যুঁজাৰু দল। এই দলৰ দ্বাৰা অনুষ্ঠান পৰিৱেশনৰ বেলিকা ঢোল বজাই যুঁজ কৰাৰ লগতে নানা ভংগী প্ৰদৰ্শন কৰে। তাৰ পিছত নৃত্য গীত পৰিৱেশনৰ লগতে আনন্দোল্লাস কৰে।

এই দলৰ অনুষ্ঠান প্ৰদৰ্শনৰ মূল প্ৰতিপাদ্য বিষয় হল শক্তি, কৌশল প্ৰদৰ্শন। এই অনুষ্ঠানৰ কলা কুশলীসকলে গাত, মূৰত জন্তুৰ সাজ-সজ্জা কৰি যুঁজত অভিনয় কৰে। এক কথাত প্ৰকৃতি জগতৰ জীৱ-জন্তুৰ মাজৰ কাৰ্যকে কলাসন্মতভাবে প্ৰদৰ্শন কৰা হয়।

ঝেঝেৰা দলৰ অনুষ্ঠানত দুজন ডেকা ল'ৰাই অভিনয় কৰে। এই দলৰ আংগিকৰ লগত গোৱালপাৰাত প্ৰচলিত কালী - চন্দি নাচৰ এক অংশৰ মিল চকুত পৰে। আকৌ পূব ভাৰতত প্ৰচলিত চৌ নৃত্যৰ লগতো মিল আছে। আনহাতে নামনি অসমৰ মহোহো অনুষ্ঠানৰ লগতো সাদৃশ্য পৰিলক্ষিত হয়। মহোহো অনুষ্ঠানত ভালুক, চৌ আদিৰ সাজ সজ্জা কৰা এজন লৰাই নাচ, অংগী-ভংগী কৰে। ঝেঝেৰা দলৰ অভিনয়ত ল'ৰা দুজনে সমগ্ৰ শৰীৰত বাঘৰ ছালৰ দৰে কলা, বগা, হালধীয়া আঁক-বাঁক কৰি লয়। ধতুৰাৰ গুটিৰ এঠাৰে লগোৱা গুই সাপৰ ছালৰ বৰতিৰ এটা ঢোল ডিঙিত লয়। এই ঢোলৰ শব্দই অকল উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি নকৰে, মানুহৰ ভাৱ অনুভূতিৰ ক্ষেত্ৰতো ঢোলৰ শব্দই প্ৰভাৱ বিস্তাৰ কৰে। দুয়োজন ল'ৰাই পিঠিৰে, বুকুৰে যুঁজ দেখুৱাই এজনে আনজনক বগৰাই বুকুৰ ওপৰত বহি ঢোল বজাই নানা ভংগী প্ৰদৰ্শন কৰে। লগে লগে তাত গোট খাই থকা ৰাইজে হাত চাপৰি আৰু কিৰিলি পাৰি বিজয়ী ল'ৰাজনক দাঙি নি নৃত্য, গীত আনন্দ কৰে।

ৰাইজে খেল দেখুওৱা ল'ৰা দুজনক আদৰ-সাদৰ কৰি পানীপিঠা, জলপান খুৱায়। ল'ৰা দুজনেও ইজনে সিজনক সাৱটি চেনেহ কৰে। দুয়ো মাটিত মূৰ লগাই ৰাইজক সেৱা কৰি বিদায় লয়।

ঝেঝেবা দলৰ অভিনয়ক এক প্ৰকাৰ খেলো বুলিব পাৰি। মানুহে শক্তি পৰীক্ষাত কৰা এই অনুষ্ঠানক মল্লযুদ্ধ, হাউ খেল আদিৰ লগত মিলাব পাৰি।

মল্লযুদ্ধত দুজন মালে সাবটা-সাবটি, হুচিয়াই মেলি যুদ্ধ কবে। আকৌ যুদ্ধৰ পিছত ইজনে সিজনক সাবটি চেনেহ জনাই খেলৰ স্থলীৰ পৰা আঁতবে। হাউ বা হাদুগুদু খেলত দুটা পক্ষৰ মাজত খেল হয়। এটা পক্ষৰ খেলুৱৈ এজনে আনটো পক্ষৰ ফাললৈ গৈ হাউ বুলি মুখেৰে একেৰাহে কৈ থাকে। বিপৰীত পক্ষৰ খেলুৱৈসকলে গবা মাৰি ধৰি ধৰাশায়ী হবি 'হাউ' বুলি কৈ থকা উশাহটো শেষ হোৱালৈ বাখে। পিছত খেলুবৈজন খেলত পৰাজিত হৈ খেলৰ পৰা বাহিৰ হ'ব লাগে।

ঝেঝেবা দলৰ অনুষ্ঠানব লগত কেৰালাত প্ৰচলিত ওচিৰা কালি উৎসৱৰ আংগিকৰ মিল আছে। জুন মাহত হোৱা এই উৎসৱত দলৰ মাজত যুঁজৰ অভিনয় হয়। কলাফুললৈকে পানীত নামি নাচ নচাৰ লগতে ইটোৱে সিটোৰ গাত পানী ছটিয়াই আনন্দ কবে। ঝেঝেৰা দলৰ অনুষ্ঠানৰ লগত সাদৃশ্য থকা ওচিবা কালি উৎসৱৰ এটা দৃশ্য।