সমললৈ যাওক

টকাৰ গছ (লোকবিশ্বাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হংকং হেৰিটেজ মিউজিয়ামত সংৰক্ষিত হান ৰাজবংশৰ এটা মানি ট্ৰী

চীনৰ লোককথা অনুসৰি, মানি ট্ৰী বা টকাৰ গছ / ধনৰ গছ (ইংৰাজী: Money tree; চীনা: 搖錢樹) হ’ল একপ্ৰকাৰৰ পৱিত্ৰ গছ যিয়ে মানুহৰ বাবে ধন আৰু ভাগ্য কঢ়িয়াই আনিব পাৰে। ইয়াক সমৃদ্ধি, আভিজাত্য আৰু মাংগলিকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ উৎপত্তি আদিম সমাজৰ সময়ৰপৰাই হোৱা বুলি ধৰিব পাৰি যেতিয়া পৱিত্ৰ গছৰ উপাসনা প্ৰচলিত আছিল। যদিও ধনৰ গছৰ ধাৰণাটো স্বৰ্গৰ সৈতে জড়িত 'সূৰ্য বৃক্ষ'ৰ মিথৰপৰা উদ্ভৱ হ’ব পাৰে, তথাপি ইয়াৰ মোহৰবোৰে স্বৰ্গক এই জগতৰ ভৌতিক প্ৰাচুৰ্যৰ সৈতে সংযোগ কৰে।[1] বৰ্তমানৰ ঐতিহাসিক আখ্যান অনুসৰি, "মানি ট্ৰী"ৰ ধাৰণাটো অন্ততঃ হান ৰাজবংশৰ সময়ৰপৰাই চলি আহিছে।[2] ব্ৰঞ্জৰ ধাতুৰে ঢালাই কৰা এই গছবোৰ চিচুৱানৰ হান সমাধিৰ এক উল্লেখনীয় বৈশিষ্ট্য।[1]

প্ৰত্নতত্ত্ব

[সম্পাদনা কৰক]

পুৰাতত্ত্ববিদসকলে পশ্চিম চীনৰ চিচুৱান প্ৰদেশ আৰু ইয়াৰ আশে-পাশে থকা হান সমাধিৰপৰা এনে ধনৰ গছ উদ্ধাৰ কৰিছে।[3] ইয়াৰপৰা বুজা যায় যে হান ৰাজবংশৰ সময়ত এই গছৰ উপাসনা প্ৰচলিত আছিল।[2]

১ ডিচেম্বৰ ২০১৫ তাৰিখে চীনৰ ইউন্নানত দেখা পোৱা এটা আধুনিক 'মানি ট্ৰী'

এইবোৰ ব্ৰঞ্জ আৰু সেউজীয়া ৰঙৰ গ্লেজ থকা মাটিৰ পাত্ৰৰে তৈয়াৰ কৰা হয়। এই গছবোৰত স্বৰ্গৰ দৃশ্যৰ সৈতে যাদুকৰী প্ৰাণী আৰু অমৰ সত্তাসমূহৰ নক্সা থাকে। ইয়াৰ ভিতৰত সূৰ্যৰ চৰাই, জোনৰ ভেকুলী, অমৰত্বৰ অমৃতৰ মূল উপাদান বিচাৰি পোৱা হৰিণা আৰু অমৃত চুৰ কৰা চতুৰ বান্দৰ আদিৰ ছবি থাকে।[3]

মিথ আৰু লোককথা

[সম্পাদনা কৰক]

এটা লোককথা অনুসৰি, এজন ভাস্কৰ্য শিল্পীয়ে গাঁৱৰ মানুহক ঠগি গছজোপা কাটিবলৈ বাধ্য কৰিবলৈ গছজোপাত নকল ধন লগাই থৈছিল। কিন্তু বহুতো মানুহে গছজোপাক ইমানেই পৱিত্ৰ বুলি বিশ্বাস কৰিছিল যে সেয়া সঁচাকৈয়ে পৱিত্ৰ হৈ পৰিছিল। ভাস্কৰজনক সতৰ্ক কৰি দিয়া হৈছিল যে যদি তেওঁ গছজোপা কাটে বা ক্ষতি কৰে, তেন্তে তেওঁ অভিশপ্ত হ’ব। কাহিনীটোৰ শেষত ভাস্কৰজনক গছজোপাৰ ক্ষতি নকৰিবলৈ উৎকোচ দিয়া হয়।[4]

তদুপৰি, বিশ্বাস কৰা হয় যে ইয়াৰ পাত স্পৰ্শ কৰিলে এজন ব্যক্তিৰ সৌভাগ্য হয়।

বৰ্তমান সময়ত "মানি ট্ৰী" শব্দটো এনে এটা বস্তুৰ বাবে ৰূপক হিচাপে ব্যৱহাৰ কৰা হয় যাৰপৰা কোনোবাই বহুত লাভ কৰিবলৈ সক্ষম হয়।

পাতাল লোক

[সম্পাদনা কৰক]

ভবা হৈছিল যে মোহৰবোৰৰপৰা পোহৰ নিৰ্গত হয় অথবা এই মোহৰবোৰে মৃতকক পথ প্ৰদৰ্শন কৰে। মৃতকে পাখি থকা ভেড়াৰ পিঠিত উঠি মাটিৰ পাহাৰ পাৰ হৈ ব্ৰঞ্জৰ স্বৰ্গীয় গছজোপাৰ ওচৰলৈ গৈছিল। পৃথিৱীৰপৰা অমৰ লোকলৈ যোৱা যাত্ৰাৰ প্ৰয়োজনীয়তাৰ বাবে এই গছৰপৰা মোহৰবোৰ ছিঙি ল’ব পৰা গৈছিল।[3]

চীনৰ নৱবৰ্ষ

[সম্পাদনা কৰক]

চীনৰ নৱবৰ্ষৰ সময়ত এই গছজোপা পুনৰ জনপ্ৰিয় হৈ পৰে। ৰীতি-নীতি অনুসৰি, চাউলৰ দানাৰে ভৰ্তি চিনামাটিৰ পাত্ৰৰ ভিতৰত পাইন বা চাইপ্ৰেছ গছৰ জোপোহা ডালিৰে এই ধনৰ গছ তৈয়াৰ কৰা হয়। চাউলৰ ওপৰত তৰমুজৰ গুটি আৰু পাইন নাট ছটিয়াই দিয়া হয়। গছৰ ডালবোৰ কাগজৰ সোণালী আৰু ৰূপালী মোহৰৰ মালাৰে সজাই তোলা হয়। গছজোপাত দীৰ্ঘায়ুৰ প্ৰতীকসমূহ (কাগজৰ বগলী আৰু হৰিণা) লগোৱা হয় আৰু সাধাৰণতে গছজোপাৰ শীৰ্ষত ধনৰ দেৱতা লিউ হাই বা সুখৰ প্ৰতীকটো লগোৱা হয়।[3]

মালয়েছিয়াত চীনা লোকসকলে নৱবৰ্ষৰ উদ্‌যাপনৰ দ্বিতীয় দিনা এনে ধনৰ গছ সাজি উলিয়ায়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Glahn, Richard von (2004). The Sinister Way: The Divine and the Demonic in Chinese Religious Culture. প্ৰকাশক Berkley, California: University of California Press. ISBN 0-520-23408-1. https://books.google.com/books?id=Qyz5I7fi4PQC&q=money+tree+in+myth+%2B+chineses&pg=PA59.
  2. 1 2 "Money Tree in the Eastern Han Dynasty - China culture". History.cultural-china.com. 1927-11-12. Archived from the original on 2012-02-19. https://web.archive.org/web/20120219032211/http://history.cultural-china.com/en/55History619.html আহৰণ কৰা হৈছে: 2013-08-11.
  3. 1 2 3 4 "Money Tree". Dia.org. Archived from the original on 2012-02-22. https://web.archive.org/web/20120222015246/http://www.dia.org/exhibitions/tao/resource_art/pdf/china_money_tree.pdf আহৰণ কৰা হৈছে: 2013-08-11.
  4. Lobb, Fred (2009-03-26). "Chinese Folktales: "The White-Nosed Cat" and Other Tales From the Chinese-Speaking World: Ghost Stories From Ancient China - Series One". Chinesefolktales.blogspot.com. http://chinesefolktales.blogspot.com/2009/03/ghost-stories-from-ancient-china-series.html আহৰণ কৰা হৈছে: 2013-08-11.
  5. Ben van Wijnen (2013-02-10). "Chinese New Year". Malaysiasite.nl. Archived from the original on 2013-09-27. https://web.archive.org/web/20130927020858/http://www.malaysiasite.nl/newyear.htm আহৰণ কৰা হৈছে: 2013-08-11.

অধিক জানিবলৈ

[সম্পাদনা কৰক]