টম ৱেলিং
| টম ৱেলিং | |
|---|---|
২০২৬ চনত গেলেক্সী কন ৰিচমণ্ডত ৱেলিং | |
| জন্ম | থমাছ জোচেফ ৱেলিং ২৬ এপ্ৰিল, ১৯৭৭ (৪৯ বছৰ) পুটনাম ভেলী, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | মডেল, অভিনেতা, পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৭–বৰ্তমান |
| দাম্পত্যসঙ্গী | জেমি হোৱাইট (বি. ২০০২; বি.প. ২০১৫), জেছিকা ৰোজ লি (বি. ২০১৯) |
| সন্তান | ২ |
থমাছ জোচেফ ৱেলিং (ইংৰাজী: Thomas Joseph Welling, জন্ম: ২৬ এপ্ৰিল, ১৯৭৭)[1] এগৰাকী আমেৰিকান অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেওঁ দ্য ডব্লিউবি (বৰ্তমান দ্য চিডব্লিউ) চেনেলৰ ছুপাৰহিৰো ড্ৰামা ধাৰাবাহিক স্মলভিল (২০০১–২০১১)ত ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। ইয়াৰ উপৰি তেওঁ ফক্স চেনেলৰ ফেণ্টাছী কমেডী-ড্ৰামা ধাৰাবাহিক লুচিফাৰ (২০১৭–২০১৮)ৰ তৃতীয় ছিজনত লেফটেনেণ্ট মাৰ্কাছ পিয়েৰ্চ/কেইন হিচাপে সহ অভিনয় কৰিছিল।
হাইস্কুলৰ এজন খেলুৱৈ ৱেলিঙে প্ৰথম অৱস্থাত নিৰ্মাণ কাৰ্যত কাম কৰিছিল আৰু ১৯৯৭ চনত তেওঁ এবেৰক্ৰম্বী এণ্ড ফিচ, ডিয়ৰ আৰু থমাছ বাৰবেৰী আদিকে ধৰি কেইবাটাও জনপ্ৰিয় ব্ৰেণ্ডৰ পুৰুষৰ পোছাকৰ মডেলিং আৰম্ভ কৰে। ২০০০ চনত তেওঁ দূৰদৰ্শন জগতলৈ আহে। ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ কেইবাটাও বঁটাৰ বাবে মনোনীত হৈছে আৰু লাভো কৰিছে। ২০০১ চনত তেওঁ চিবিএছ চেনেলৰ লিগেল ড্ৰামা ধাৰাবাহিক জাজিং এমিৰ দ্বিতীয় ছিজনত ৰব "কেৰাটে ৰব" মেল্টজাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহৰ ভিতৰত চিপাৰ বাই দ্য ডজন (২০০৩), চিপাৰ বাই দ্য ডজন ২ (২০০৫), দ্য ফগ (২০০৫), ড্ৰাফট ডে (২০১৪), আৰু দ্য চয়েছ (২০১৬) অন্যতম। ২০২২ চনত তেওঁ ডাৰ্ক ফেণ্টাছী ধাৰাবাহিক দ্য ৱিনচেষ্টাৰ্ছত চামুৱেল কেম্পবেলৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ কাৰ্যবাহী প্ৰযোজক আৰু পৰিচালক হিচাপে কেমেৰাৰ পিছৰ কামৰ লগতো জড়িত হৈ আহিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৱেলিঙৰ জন্ম হৈছিল পুটনাম ভেলী, নিউয়ৰ্কত।[2][3] তেওঁৰ পৰিয়ালে সঘনাই বাসস্থান সলনি কৰিছিল, যাৰ বাবে তেওঁলোকে ৱিস্কনচিন, ডেলাৱেৰ আৰু মিছিগানত বসবাস কৰিছিল।[3] ৱেলিঙে মিছিগানৰ ওকেমছত অৱস্থিত ওকেমছ হাইস্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁ প্ৰথম অৱস্থাত নাটক কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত খেলৰফালে মনোনিৱেশ কৰে। ৱেলিঙে বেছবল আৰু ছকাৰ খেলিছিল, কিন্তু তেওঁৰ আটাইতকৈ প্ৰিয় খেল আছিল বাস্কেটবল।[3] চাৰিজন সন্তানৰ ভিতৰত ৱেলিং অন্যতম, তেওঁৰ ৰেবেঁকা আৰু জেমি নামৰ দুগৰাকী ডাঙৰ ভগ্নী[4] আৰু মাৰ্ক ৱেলিং নামৰ এজন সৰু ভাইেক আছে, যিও এজন অভিনেতা।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক কৰ্মজীৱন
[সম্পাদনা কৰক]মূলত এজন নিৰ্মাণ কৰ্মী হিচাপে কাম কৰা ৱেলিঙক ১৯৯৮ চনত নেনটাকেটৰ এটা পাৰ্টীত কাষ্টিং পৰিচালক জেনিফাৰ ষ্টাৰে আৱিষ্কাৰ কৰিছিল। ষ্টাৰ তাত টমি হিলফিগাৰৰ এটা অভিযানৰ বাবে নতুন মুখৰ সন্ধানত আছিল আৰু তেৱেঁই ৱেলিঙক মডেলিং কৰিবলৈ পৰামৰ্শ দিছিল।[5] ২০০০ চনলৈকে ৱেলিঙে লুইছা মডেলিং এজেন্সীৰ হৈ মডেলিং কৰিছিল,[3] যাৰ পিছত তেওঁ লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়। তাত অভিনয় জীৱনৰ সন্ধান কৰাৰ লগতে তেওঁ টমি হিলফিগাৰ, এবেৰক্ৰম্বী এণ্ড ফিচ আৰু কেলভিন ক্লেইনৰ বাবে মডেলিং কৰে।[2] ২০০০ চনত ৱেলিঙে এঞ্জেলা ভিয়াৰ সংগীত ভিডিঅ' "পিকচাৰ পাৰফেক্ট"-ত অভিনয় কৰিছিল, য'ত তেওঁ ভিয়াৰ প্ৰেমিকৰ চৰিত্ৰ ৰূপায়িত কৰিছিল। ৱেলিঙে প্ৰকাশ কৰিছিল যে তেওঁ মডেলিং ভাল পোৱা নাছিল আৰু তেওঁ ইয়াত পাকৈত নাছিল কাৰণ এই কামটো সম্পূৰ্ণ বাহ্যিক দৃষ্টিভংগীৰ ওপৰত আধাৰিত আছিল। তেওঁ বিভিন্ন ধৰণৰ আৱেগ প্ৰকাশ কৰিবলৈ বিচৰা বাবেই অভিনয় ক্ষেত্ৰখন বাছি লৈছিল,[4] কিন্তু তথাপি তেওঁ মাজে-সময়ে মডেলিং কৰে আৰু ২০০৮ চনৰ মে' মাহৰ ভোগ আলোচনীৰ তথাকথিত "ছুপাৰহিৰো ইছ্যু"-ত তেওঁ আত্মপ্ৰকাশ কৰিছিল।[6] তেওঁৰ প্ৰথম ডাঙৰ অভিনয় চৰিত্ৰ হিচাপে ৱেলিঙে ২০০১ চনত সম্প্ৰচাৰিত চিবিএছ চেনেলৰ লিগেল ড্ৰামা ধাৰাবাহিক জাজিং এমি-ৰ দ্বিতীয় ছিজনত এগৰাকী কম বয়সীয়া প্ৰেমিক তথা কেৰাটে শিক্ষক ৰব "কেৰাটে ৰব" মেল্টজাৰৰ চৰিত্ৰত অভিনয় কৰিছিল, য'ত মূল চৰিত্ৰত আছিল এমি গ্ৰে (অমি ব্ৰেনমেন)। ৱেলিঙক প্ৰথমতে তিনিটা খণ্ডৰ বাবেহে চুক্তিবদ্ধ কৰা হৈছিল, কিন্তু ইতিবাচক সঁহাৰি পোৱাৰ বাবে প্ৰযোজকসকলে তেওঁক আৰু তিনিটা খণ্ডৰ বাবে ৰাখি থৈছিল।[3] ইয়াৰ উপৰি ইউপিএন চেনেলৰ বিজ্ঞান কল্পকাহিনীমূলক চিটকম স্পেচিয়েল ইউনিট ২-ৰ পাইলট খণ্ডত ৱেলিঙৰ এটা সৰু চৰিত্ৰ আছিল আৰু তেওঁ ফক্স চেনেলৰ হ্ৰস্বম্যাদী চিটকম আনডিক্লেয়াৰ্ড-ৰ পাইলট খণ্ডতো ভূমুকি মাৰিছিল।[3]
স্মলভিল
[সম্পাদনা কৰক]
ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত অভিনয় কৰিবলৈ এজন অভিনেতাৰ সন্ধানত দেশজুৰি চলোৱা এক অভিযানৰ শেষত ৱেলিঙক দ্য ডব্লিউবি চেনেলৰ ছুপাৰহিৰো ড্ৰামা ধাৰাবাহিক স্মলভিল-ৰ বাবে নিৰ্বাচিত কৰা হয়। এটা কিশোৰ আলোচনীত দিয়া সাক্ষাৎকাৰত ৱেলিঙে এই চৰিত্ৰটোৰ অডিচন দিয়াৰ দিনটোৰ কথা সুঁৱৰি কৈছিল: "মই ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ষ্টুডিঅ'ৰপৰা ঘূৰি অহাৰ পথত মেনেজাৰজনক অডিচনটো কেনেকুৱা হ'ল জনাবলৈ এটা গেছ ষ্টেচনত ৰৈ ফোন কৰিছিলোঁ। যেতিয়া তেওঁ ফোনটো ধৰিলে, তেওঁ ক'লে, 'তুমি এক ছেকেণ্ড ধৰি ৰাখিব পাৰিবা নেকি?' তাৰ পিছৰ মুহূৰ্ততে সিটো মূৰত প্ৰায় সাতজনমান মানুহে একেলগে চিঞৰি উঠিল, 'টম, তুমি চৰিত্ৰটো পাই গলা! '"[3] ২০০১ চনৰ অক্টোবৰ মাহত ইয়াৰ পাইলট খণ্ডটো সম্প্ৰচাৰিত হয় আৰু ৮.৪ নিযুত দৰ্শকৰ সৈতে ই দ্য ডব্লিউবি চেনেলৰ বাবে সৰ্বাধিক ৰেটিং লাভ কৰা প্ৰথম আত্মপ্ৰকাশকাৰী ধাৰাবাহিক হিচাপে পৰিগণিত হয়।[7] ৱেলিঙে টিভি গাইড-ক জনাইছিল যে তেওঁ প্ৰথমতে দুবাৰকৈ এই মূল চৰিত্ৰটো প্ৰত্যাখ্যান কৰিছিল, কিন্তু চিত্ৰনাট্যখন পঢ়াৰ পিছত কামটো কৰিবলৈ সিদ্ধান্ত লয়। ক্ৰিষ্টোফাৰ ৰীভৰ দৰেই ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ ছুপাৰমেন-ৰ কোনো অনুৰাগী নাছিল। আচলতে, তেওঁ কয় যে ইয়াৰ পিছতো তেওঁ ছুপাৰমেনৰ কমিকছ পঢ়া নাছিল: "মই সচেতনভাৱে সেই সামগ্ৰীসমূহৰপৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিলোঁ। আমি সেই সকলোবোৰৰ পূৰ্বৰ সময়ক লৈ কিবা এটা বেলেগ কৰি আছোঁ, মই নিবিচাৰোঁ যে সেইবোৰে মোৰ অভিনয়ত অৱচেতনভাৱেও প্ৰভাৱ পেলাওক।" [8] অৱশ্যে তেওঁ ইয়াৰ পূৰ্বে ছুপাৰমেনৰ চৰিত্ৰ কৰা দুজন অভিনেতাক লগ পোৱাৰ সুযোগ পাইছিল: ক্ৰিষ্টোফাৰ ৰীভ, যিয়ে দ্বিতীয় ছিজনৰ ১৭ নং খণ্ড "ৰোচেটা"-ত অভিনয় কৰিছিল, আৰু ডীন কেইন, যিয়ে সপ্তম ছিজনৰ ৪ নং খণ্ড "কিউৰ"-ত ভূমুকি মাৰিছিল।[9]
ৱেলিঙক পিপল আলোচনীৰ "২০০১ চনৰ ব্ৰেকথ্ৰু ষ্টাৰ্ছ"-ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ক্লাৰ্ক কেণ্টৰ চৰিত্ৰৰ বাবে তেওঁ ২০০২ চনত "চয়েছ ব্ৰেকআউট ষ্টাৰ (মেল)" হিচাপে টিন চয়েছ বঁটা লাভ কৰে।[10] তৃতীয় ছিজনৰ পিছত স্মলভিল মেগাজিন-ক দিয়া এটা সাক্ষাৎকাৰত ৱেলিঙে কৈছিল যে যদি তেওঁ ধাৰাবাহিকখনত ক্লাৰ্ক কেণ্টৰ বাহিৰে আন কোনো চৰিত্ৰত অভিনয় কৰিবলগীয়া হ'লহেঁতেন, তেন্তে তেওঁ লেক্স লুথৰৰ চৰিত্ৰটো বাছি ল'লেহেঁতেন; "লেক্স লুথৰ! মোৰ মূৰৰ চুলি খুৰাবলৈ মোৰ কোনো আপত্তি নাই—এজন অভিনেতা হিচাপে, নিজৰ চৰিত্ৰটোৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰ এটা কৰিবলৈ পোৱাটোৱেই ডাঙৰ কথা।" [11]
২০০৩ চনত ৱেলিঙে জনাইছিল যে ছুপাৰহিৰো চলচ্চিত্ৰ ছুপাৰমেন ৰিটাৰ্নছ (২০০৬)-ত ক্লাৰ্ক কেণ্ট/ছুপাৰমেনৰ চৰিত্ৰত অভিনয় কৰাৰ সম্ভাৱনাক লৈ তেওঁ পৰিচালক ব্ৰেট ৰেটনাৰক লগ ধৰিছিল, কিন্তু স্মলভিল-ৰ ব্যস্ত সময়সূচীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।[12] বিখ্যাত পোছাকযোৰত অভিনেতাজনক কেনেকুৱা দেখাব সেয়া চাবলৈ কমিক বুক আৰ্টিষ্ট এলেক্স ৰছে আনকি "মেন অৱ ষ্টীল" ৰূপত ৱেলিঙৰ দুখন স্কেচো তৈয়াৰ কৰিছিল।[13] ২০০৯ চনৰ আগষ্ট মাহত ৱেলিঙে স্মলভিল-ৰ বাবে "চয়েছ টিভি এক্টৰ (একচন এডভেঞ্চাৰ)" হিচাপে আন এটা টিন চয়েছ বঁটা লাভ কৰে।[14]
২০১৯ চনত চিডব্লিউ চেনেলৰ এৰ'ভাৰ্ছ ক্ৰছঅভাৰ ইভেণ্ট "ক্ৰাইছিছ অন ইনফিনাইট আৰ্থছ"-ৰ বেটৱমেন ধাৰাবাহিকৰ খণ্ডটোত ৱেলিঙে পুনৰ ক্লাৰ্ক কেণ্টৰ চৰিত্ৰটো ৰূপায়িত কৰে, য'ত তেওঁৰ সৈতে স্মলভিল-ৰ সহ-অভিনেত্ৰী এৰিকা ডিউৰেন্সে লোইচ লেনৰ চৰিত্ৰত অভিনয় কৰিছিল।[15][16] ৱেলিঙৰ এই প্ৰত্যাৱৰ্তনে তেওঁৰ চৰিত্ৰটোৰ কাহিনীৰ সামৰণি মাৰে, য'ত দেখুওৱা হৈছিল যে ক্লাৰ্কে নিজৰ শক্তি ত্যাগ কৰি এজন সাধাৰণ খেতিয়ক হিচাপে অৱসৰ লৈছে আৰু লোইচৰ সৈতে তেওঁৰ অন্ততঃ দুগৰাকী কন্যা সন্তান আছে।

২০২২ চনৰ ১৩ জুলাইত ৱেলিং আৰু স্মলভিল-ৰ সহ-অভিনেতা মাইকেল ৰোজেনবামে 'টাকভিল' (Talkville) নামৰ এটা পডকাষ্ট আৰম্ভ কৰে, য'ত এই দুজন সহ-তাৰকাই স্মলভিল-ৰ প্ৰতিটো খণ্ডৰ ওপৰত মন্তব্য আগবঢ়ায়।[17][18]
লুচিফাৰ
[সম্পাদনা কৰক]২০১৭ চনত ৱেলিঙে ফক্স চেনেলৰ ফেণ্টাছী কমেডী-ড্ৰামা ধাৰাবাহিক লুচিফাৰ-ৰ তৃতীয় ছিজনত সহ-অভিনয়ৰ সুযোগ লাভ কৰি দীৰ্ঘদিনৰ মূৰত দূৰদৰ্শন জগতলৈ বহুল প্ৰত্যাশিত প্ৰত্যাৱৰ্তন কৰে। তেওঁ থানখনৰ আৰক্ষী লেফটেনেণ্ট মাৰ্কাছ পিয়েৰ্চৰ চৰিত্ৰত অভিনয় কৰিছিল, যি আছিল অমৰ কেইন আৰু সেই ছিজনৰ মূল খলনায়ক।[19]
হঠাৎ দূৰদৰ্শনলৈ ঘূৰি অহাৰ সিদ্ধান্তৰ কাৰণ সোধাত তেওঁ এণ্টাৰটেইনমেণ্ট উইকলিক জনাইছিল: 'তাৰ কিছুসময় পিছতেই মই মোৰ এজন অতি প্ৰিয় বন্ধু গ্ৰেগ বীকেনৰপৰা এটা ফোন কল পাইছিলোঁ, যি বহু বছৰ ধৰি স্মলভিল-ৰ শ্বো-ৰানাৰ আছিল আৰু লুচিফাৰৰো কেইবাটাও খণ্ড পৰিচালনা কৰিছিল। তেওঁ ক'লে, "মই শুনিছোঁ লুচিফাৰ ধাৰাবাহিকখনৰ বাবে তোমাৰ নামো চৰ্চাত আছে। মই তোমাক জানো, মই এই শ্বোখনত কাম কৰিছোঁ, তুমি ইয়াৰ পৰিৱেশ ভাল পাবা, বেছি চিন্তা নকৰিবা।" ইয়াৰ পিছত মই ধাৰাবাহিকখনৰ প্ৰায় ছয়টা খণ্ড একেলগে চাই পেলালোঁ কাৰণ মই ধাৰাবাহিকখনৰ বিষয়ে জানিছিলোঁ যদিও তেওঁলোকে মোক কৈছিল, "আমি পৰামৰ্শ দিয়া এই ছয়টা খণ্ড এবাৰ চাই লোৱা, এইবোৰ আমাৰ প্ৰিয়।" মই সেই আটাইকেইটা খণ্ড চালোঁ আৰু বুধবাৰে ৰাতিপুৱা আমাৰ কথা-বতৰা এনেকুৱা আছিল যে "মই ১০টা খণ্ড কৰিব নিবিচাৰোঁ।" তেওঁলোকে ক'লে, "তুমি ১০টা কৰিবই লাগিব, ১০টা নহ'লে একোৱেই নহয়।" মই ক'লোঁ, "মই আৰু বেছি কৰিব বিচাৰোঁ, মই ১৫টা খণ্ড কৰিব বিচাৰোঁ।" সেইবাবে আমি ১৫টা খণ্ডৰ বাবে চুক্তিবদ্ধ হ'লোঁ কাৰণ মই ধাৰাবাহিকখন ইমানেই ভাল পাইছিলোঁ। ইয়াৰ অভিনয় শিল্পী আৰু কলা-কুশলীসকলক লগ পোৱাৰ পিছত গম পালোঁ যে তেওঁলোকৰ সৈতে কাম কৰি বৰ আমোদ পোৱা যায়। তেওঁলোকে আনন্দ কৰে, সময়মতে কাম শেষ কৰে, পেছাদাৰী যদিও নিজৰ কামটো উপভোগ কৰে। মই এই ধাৰাবাহিকখন ভাল পাওঁ, ই ধেমেলীয়া। ইয়াত কথাবোৰ অতিমাত্ৰা গুৰুত্বসহকাৰে লোৱা নহয়, কিন্তু তেওঁলোকে সৰু-সুৰা অপৰাধ আৰু নিজৰ সমস্যাবোৰ সমাধান কৰে। '[20]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]২০০৩ চনৰ ডিচেম্বৰ মাহত ৱেলিঙে পাৰিবাৰিক কমেডী চলচ্চিত্ৰ চিপাৰ বাই দ্য ডজন-ৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰে। ষ্টীভ মাৰ্টিন আৰু বনি হাণ্ট অভিনীত এই ছবিখনত তেওঁ ১২টা সন্তান থকা বেকাৰ পৰিয়ালৰ ডাঙৰ পুত্ৰ তথা দ্বিতীয় সন্তান চাৰ্লি বেকাৰৰ চৰিত্ৰ ৰূপায়িত কৰিছিল। এই ছবিখন ক্লিফটন ৱেব আৰু মাইৰ্না লয় অভিনীত ১৯৫০ চনৰ একে নামৰ চলচ্চিত্ৰখনৰ ৰিমেক আছিল, যাৰ কাহিনীভাগ ফ্ৰেংক আৰু লিলিয়ান মোলাৰ গিলব্ৰেথৰ পৰিয়ালৰ ওপৰত আধাৰিত ১৯৪৮ চনৰ এখন গ্ৰন্থৰপৰা লোৱা হৈছিল। পাল ফিচাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৱেলিঙে এই প্ৰকল্পটোৰ প্ৰতি আগ্ৰহী হোৱাৰ কাৰণ উল্লেখ কৰি কৈছিল: "মই এই চলচ্চিত্ৰখন কৰাৰ সিদ্ধান্ত লোৱাৰ প্ৰধান তিনিটা কাৰণ আছিল—প্ৰথমতে ষ্টীভ মাৰ্টিন, দ্বিতীয়তে ষ্টীভ মাৰ্টিন আৰু তৃতীয়তেও ষ্টীভ মাৰ্টিন। মোৰ বাবে এয়াই আছিল আটাইতকেই ডাঙৰ আকৰ্ষণ। তাৰ পিছত চিত্ৰনাট্যখন পঢ়ি মোৰ চাৰ্লি চৰিত্ৰটো বৰ ভাল লাগিল। তেওঁ যিবোৰ পৰিস্থিতিৰ মাজেৰে গতি কৰিছিল, সেয়া মই অনুভৱ কৰিব পাৰিছিলোঁ আৰু মই কেৱল ইয়াৰ এটা অংশ হ'বলৈ বিচাৰিছিলোঁ।" [4] ৱেলিং সদায় মাৰ্টিনৰ এজন ডাঙৰ অনুৰাগী আছিল আৰু তেওঁৰ সৈতে কাম কৰি তেওঁ "অতিকৈ আনন্দিত" হৈছিল বুলি প্ৰকাশ কৰে।[4]
২০০৫ চনত ৱেলিঙে জন কাৰ্পেণ্টাৰৰ ১৯৮০ চনৰ একে নামৰ চলচ্চিত্ৰখনৰ ৰিমেক হৰৰ ছবি দ্য ফগ-ত নিক কেচেলৰ (প্ৰথম অৱস্থাত টম এটকিন্সৰদ্বাৰা ৰূপায়িত চৰিত্ৰ) চৰিত্ৰত সহ-অভিনয় কৰে।[21] যেতিয়া দ্য ফগ-ৰ শ্বুটিঙৰ কাম চলি আছিল, তেতিয়াও ৱেলিঙে স্মলভিল-ৰ চতুৰ্থ ছিজনৰ শেষৰ কেইটামান খণ্ডৰ কাম কৰি আছিল। একেটা বছৰতে তেওঁ চিপাৰ বাই দ্য ডজন ২-ত পুনৰ চাৰ্লি বেকাৰৰ চৰিত্ৰটো ৰূপায়ণ কৰে।

২০১৩ চনত ৱেলিঙে লেখক ভিনচেণ্ট বুগলিঅ'চিৰ ৰিক্লেমিং হিষ্ট্ৰী: দ্য এচাচিনেশ্যন অৱ প্ৰেচিডেণ্ট জন এফ কেনেডী গ্ৰন্থৰ ওপৰত আধাৰিত ঐতিহাসিক ড্ৰামা ছবি পাৰ্কলেণ্ড-ৰ এক তাৰকাভৰা দলৰ সৈতে অভিনয় কৰে। এই কাহিনীভাগ ১৯৬৩ চনৰ ২২ নৱেম্বৰত ৰাষ্ট্ৰপতি জন এফ কেনেডীক হত্যা কৰাৰদিনা ডলাছ, টেক্সাছৰ পাৰ্কলেণ্ড হস্পিতালত সংঘটিত হোৱা বিশৃংখল ঘটনাসমূহৰ ওপৰত কেন্দ্ৰিত আছিল।[22] ২০১৪ চনত ৱেলিঙে ইভান ৰাইটমেনৰ স্পৰ্টচ ড্ৰামা ছবি ড্ৰাফট ডে-ত সহ-অভিনয় কৰে। ইয়াত তেওঁ এজন অভিজ্ঞ কোৱাৰ্টাৰবেকৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ কৰ্মজীৱন এক দোমোজাত আছিল।
প্ৰযোজনা
[সম্পাদনা কৰক]স্মলভিল-ৰ নৱম ছিজনৰ বাবে ৱেলিঙে সহ-কাৰ্যবাহী প্ৰযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10] ২০১০ চনৰ শৰৎকালত ধাৰাবাহিকখনৰ দশম তথা অন্তিম ছিজনত তেওঁ ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত পুনৰ অভিনয় কৰাৰ লগতে এজন পূৰ্ণকালীন কাৰ্যবাহী প্ৰযোজক হিচাপে দায়িত্ব লাভ কৰে, যি কথা ২০১০ চনৰ ২০ মে'ত চিডব্লিউ-ৰ এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰা হৈছিল।[23]
সাংবাদিক কেট টৰগভনিকৰ গ্ৰন্থ 'চিয়াৰ: ইনচাইড দ্য ছিক্ৰেট ৱৰ্ল্ড অৱ কলেজ চিয়াৰলিডাৰ্চ'-ৰ ওপৰত আধাৰিত চিডব্লিউ চেনেলৰ কমেডী-ড্ৰামা ধাৰাবাহিক হেলকেটছ-ৰ বাবেও ৱেলিঙে এগৰাকী কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছিল।[24][25] ২০১০ চনৰ শৰৎকালৰপৰা ধাৰাবাহিকখন প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হৈছিল,[23] কিন্তু ২০১১ চনৰ ১৭ মে'ত ইয়াক বাতিল কৰা হয়। ৱেলিঙৰ মতে, চিডব্লিউ চেনেলৰ মনোৰঞ্জন বিভাগৰ সভাপতি ডন অষ্ট্ৰফৰ সলনি মাৰ্ক পেডোৱিটজ হোৱাৰ বাবেই ধাৰাবাহিকখন বন্ধ কৰি দিয়া হৈছিল।[26]
পৰিচালনা
[সম্পাদনা কৰক]২০০৬ চনত স্মলভিল-ৰ খণ্ড "ফ্ৰেজাইল" (৫.১৮)-ৰ জৰিয়তে ৱেলিঙে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ ধাৰাবাহিকখনৰ "হাইড্ৰো" (৬.১০); ১৫০ তম খণ্ড "এপকেলিপ্স" (৭.১৮); "ইনজাষ্টিচ" (৮.২১); দুই ঘণ্টাৰ বিশেষ খণ্ড "এবসোলিউট জাষ্টিচ" (৯.১১)-ৰ দ্বিতীয় অংশ ("লেজেণ্ডছ"); আৰু স্মলভিল-ৰ অন্তিম ছিজনৰ দুটা খণ্ড—"পেট্ৰিয়ট" (১০.০৯) আৰু "বুষ্টাৰ" (১০.১৮) পৰিচালনা কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০২ চনৰ ৫ জুলাইত ৱেলিঙে মাৰ্থাছ ভিনয়াৰ্ডত মডেল জেমি হোৱাইটৰ[2] সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহত ৱেলিঙৰ বন্ধু তথা সেই সময়ৰ স্মলভিল-ৰ সহ-অভিনেত্ৰী ক্ৰীষ্টিন ক্ৰুক আৰু সহ-অভিনেতা মাইকেল ৰোজেনবাম উপস্থিত আছিল।[27] ৱেলিং আৰু হোৱাইট ব্ৰিটিছ কলম্বিয়াৰ ভেনকুভাৰত বসবাস কৰিছিল,[4] কিন্তু ২০১১ চনৰ মাৰ্চ মাহত লছ এঞ্জেলছলৈ ঘূৰি আহে। ২০১৩ চনৰ ১৭ অক্টোবৰত হোৱাইটে ৱেলিঙৰপৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। ২০১৫ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।[28]
২০১৪ চনত ৱেলিঙে অশ্বাৰোহী আৰু চেডল ক্লাবৰ প্ৰতিষ্ঠাপক জেছিকা ৰোজ লিৰ সৈতে ডেটিং আৰম্ভ কৰে। ২০১৮ চনৰ এপ্ৰিল মাহত তেওঁলোকে নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰে।[29] দম্পতীহালৰ দুটা পুত্ৰ সন্তান আছে, যি ক্ৰমে ২০১৯ চনৰ জানুৱাৰী আৰু ২০২১ চনৰ জুন মাহত জন্মগ্ৰহণ কৰিছিল।[30][31][32] ২০১৯ চনৰ ৩০ নৱেম্বৰত কেলিফৰ্ণিয়াৰ ছাণ্টা ইনেজৰ ছানষ্টোন ভিনয়াৰ্ডছ এণ্ড ৱাইনেৰীত ৱেলিং আৰু লিয়ে বিবাহপাশত আবদ্ধ হয়।[33]
ৱেলিঙে তেওঁৰ আজৰি সময়ত গলফ খেলে।[34][35]
তেওঁ ৱাইএম আলোচনীত প্ৰকাশ কৰিছিল যে তেওঁ সাক্ষাৎকাৰ ভাল নাপায়; "মই কেৱল চেলিব্ৰিটী হোৱাৰ বাবেই চেলিব্ৰিটী হ'ব নিবিচাৰোঁ। মই কাম কৰিব বিচাৰোঁ আৰু তাৰ পিছত ঘৰলৈ গৈ ব্যক্তিগতভাৱে জীৱন কটাব বিচাৰোঁ।" [36] ৱেলিঙে এইটোও কৈছিল যে তেওঁ মডেলিং ভাল পোৱা নাছিল কাৰণ ই সন্তোষজনক নাছিল আৰু ই কোনো অভিব্যক্তি প্ৰকাশ কৰিব পৰা কাম নাছিল।[37]
২০২৫ চনৰ ২৬ জানুৱাৰীত সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ৱেলিঙক কেলিফৰ্ণিয়াৰ ৱাইৰেকাত গ্ৰেপ্তাৰ কৰা হৈছিল।[38] ২০২৫ চনৰ ১৯ মে'ত তেওঁ দোষ স্বীকাৰ নকৰাৰ বাবে ডিইউআই অভিযোগ খাৰিজ কৰা হয়, যাৰ বিনিময়ত তেওঁ এক বছৰৰ বাবে পৰ্যবেক্ষণত থাকিবলগীয়া হয়, জৰিমনা হিচাপে ৬১৯ ডলাৰ আৰু ক্ষতিপূৰণ হিচাপে ১৫০ ডলাৰ পৰিশোধ কৰিবলগীয়া হয়[39] আৰু এটা ডিইউআই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হয়।[39]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Audrey Fine (September 26, 2006). "Getting to Know: Tom Welling". Seventeen. https://seventeen.com। আহৰণ কৰা হৈছে: March 8, 2018.
- 1 2 3 4 "Tom Welling Biography". TV Guide. https://www.tvguide.com/celebrities/tom-welling/bio/177238। আহৰণ কৰা হৈছে: February 22, 2010.
- 1 2 3 4 5 6 7 "Interview with Smallville's Tom Welling". Teen Magazine. Archived from the original on January 11, 2010. https://web.archive.org/web/20100111212801/http://www.teenmag.com/celeb-stuff/getting-to-know/tom-welling। আহৰণ কৰা হৈছে: March 4, 2010.
- 1 2 3 4 5 "Paul Fischer Interviews Tom Welling". Filmmonthly.com. http://www.filmmonthly.com/Profiles/Articles/TWelling/TWellingCheaper.html। আহৰণ কৰা হৈছে: March 4, 2010.
- ↑ "Breaking News - Bravo Reveals the 14 Finalists on 'Make Me a Supermodel,' Premiering on Thursday, January 10 at 10 PM ET/PT". TheFutonCritic.com. http://www.thefutoncritic.com/news.aspx?id=20080103bravo01। আহৰণ কৰা হৈছে: 2020-07-09.
- ↑ "Tom Welling In Vogue Magazine Photoshoot". The Insider. April 30, 2008. http://www.theinsider.com/news/848277_Tom_Welling_In_Vogue_Magazine_Photoshoot। আহৰণ কৰা হৈছে: March 4, 2010.[সংযোগবিহীন উৎস]
- ↑ "The WB Orders More 'Smallville'". Zap2it. October 24, 2001. http://tv.zap2it.com/tveditorial/tve_main/1,1002,271। আহৰণ কৰা হৈছে: October 19, 2006.[সংযোগবিহীন উৎস]
- ↑ "Tom Welling Interview – Cheaper by the Dozen Movie and Smallville". Movies.about.com. October 30, 2009. Archived from the original on March 30, 2009. https://web.archive.org/web/20090330144718/http://movies.about.com/cs/cheaperbythedozen/a/cbtdtw121003_2.htm। আহৰণ কৰা হৈছে: March 4, 2010.
- ↑ "Tom Welling Interview from SV Yearbook". KryptonSite. http://www.kryptonsite.com/twyearbook1.htm। আহৰণ কৰা হৈছে: March 4, 2010.
- 1 2 "Shows – Smallville – Cast – Tom Welling". The CW. http://cwtv.com/shows/smallville/cast/tom-welling। আহৰণ কৰা হৈছে: January 25, 2007.
- ↑ "Tom Welling Interview". Supermantv.net. Archived from the original on October 21, 2004. https://web.archive.org/web/20041021232832/http://www.supermantv.net/smallville/Tom_Wellingmagazine.htm। আহৰণ কৰা হৈছে: April 16, 2010.
- ↑ "Tom Welling on Smallville & Superman Movie". December 25, 2003. https://www.superherohype.com/features/84121-tom-welling-on-smallville-superman-movie। আহৰণ কৰা হৈছে: March 24, 2019.
- ↑ "Alex Ross Draws Tom Welling as Superman!". Alex Ross Art. April 16, 2004. http://superheterohype.com। আহৰণ কৰা হৈছে: May 10, 2010.[সংযোগবিহীন উৎস]
- ↑ "Teen Choice Awards winners". USA Today. August 10, 2009. https://www.usatoday.com/life/people/2009-08-10-teen-choice-winners_N.htm?csp=34.
- ↑ "Smallville's Tom Welling to Reprise Superman Role for Arrowverse 'Crisis on Infinite Earths' Crossover". TVLine. September 19, 2019. https://tvline.com/2019/09/19/tom-welling-arrow-crossover-superman-smallville/। আহৰণ কৰা হৈছে: September 20, 2019.
- ↑ Agard, Chancellor (November 19, 2019). "New 'Crisis on Infinite Earths' photos reveal Kevin Conroy as Bruce Wayne". Entertainment Weekly. https://ew.com/tv/2019/11/19/batwoman-crisis-on-infinite-earths-photos/। আহৰণ কৰা হৈছে: November 20, 2019.
- ↑ Spangler, Todd (July 6, 2022). "'Smallville' Rewatch Podcast With Show Stars Tom Welling, Michael Rosenbaum Gets Premiere Date (Podcast News Roundup)". Variety. https://variety.com/2022/digital/news/smallville-rewatch-podcast-tom-welling-michael-rosenbaum-1235310172/। আহৰণ কৰা হৈছে: July 6, 2022.
- ↑ "Talkville". Apple Podcasts. https://podcasts.apple.com/us/podcast/talkville/id1628160941। আহৰণ কৰা হৈছে: 2022-06-30.
- ↑ Birnbaum, Debra (July 22, 2017). "Tom Welling Joins Cast of Lucifer for Season 3". Variety. https://variety.com/2017/tv/news/tom-welling-lucifer-fox-season-3-1202503702/। আহৰণ কৰা হৈছে: August 15, 2017.
- ↑ Abrams, Natalie. "Tom Welling reveals why he chose Lucifer to make his TV return". Entertainment Weekly. https://ew.com/tv/2017/10/02/lucifer-tom-welling-interview-season-3/। আহৰণ কৰা হৈছে: 22 July 2024.
- ↑ Robert Falconer (April 17, 2005). "Exclusive Interview: Tom Welling". Cinemaspy.com. Archived from the original on November 12, 2013. https://web.archive.org/web/20131112094503/http://www.cinemaspy.com/spotlight/exclusive-interview-tom-welling-4761/। আহৰণ কৰা হৈছে: September 10, 2012.
- ↑ "Tom Welling Heads to Parkland". ComingSoon.net. January 31, 2013. Archived from the original on October 12, 2013. https://web.archive.org/web/20131012003710/http://www.comingsoon.net/news/movienews.php?id=99579। আহৰণ কৰা হৈছে: February 18, 2020.
- 1 2 "The CW Announces 2010–2011 Schedule". CWtv.com. May 20, 2010. http://blog.cwtv.com/2010/05/20/the-cw-announces-2010-2011-schedule/। আহৰণ কৰা হৈছে: June 6, 2010.
- ↑ Michael Ausiello (February 2, 2010). "Pilot intel: CW orders Tom Welling-produced drama". Entertainment Weekly. https://ew.com/article/2010/02/02/pilot-intel-cw-tom-welling-hellcats/। আহৰণ কৰা হৈছে: October 18, 2019.
- ↑ "Hellcats (a.a.a. Cheer) (The CW)". The Futon Critic. February 2, 2010. http://www.thefutoncritic.com/news.aspx?id=8512.
- ↑ "'Hellcats' Is Coming Back, Producer Tom Welling Reveals Cancelation Reason". International Business Times. September 12, 2017. http://www.ibtimes.com/hellcats-coming-back-producer-tom-welling-reveals-cancelation-reason-2588890। আহৰণ কৰা হৈছে: September 13, 2017.
- ↑ Barron, James; Medina, Jennifer (July 12, 2002). "Super Event for Superman". The New York Times. https://www.nytimes.com/2002/07/12/nyregion/boldface-names-960624.html.
- ↑ "Tom Welling Super Rich Divorce Settlement". TMZ. November 22, 2015. https://www.tmz.com/2015/11/22/tom-welling-divorce-final/.
- ↑ "Is Smallville's Tom Welling Engaged to Girlfriend Jessica Rose Lee?". People. April 24, 2018. https://people.com/tv/is-tom-welling-engaged/। আহৰণ কৰা হৈছে: December 13, 2018.
- ↑ Her Instagram page
- ↑ "Smallville Alum Tom Welling's Fiancee Jessica Rose Lee Is More Than Six Months Pregnant". Us Weekly. November 5, 2018. https://www.usmagazine.com/celebrity-moms/news/tom-wellings-fiancee-jessica-rose-lee-is-pregnant/। আহৰণ কৰা হৈছে: December 13, 2018.
- ↑ Murphy, Helen (January 8, 2019). "Tom Welling and Fiancée Jessica Rose Lee Welcome First Child". People. https://people.com/parents/tom-welling-fiancee-jessica-rose-lee-welcome-first-child/। আহৰণ কৰা হৈছে: October 1, 2019.
- ↑ Hautman, Nichola (December 2, 2019). "Smallville's Tom Welling Marries Jessica Rose Lee After 5 Years Together". https://www.usmagazine.com/celebrity-news/news/tom-welling-marries-jessica-rose-lee-after-5-years-together/। আহৰণ কৰা হৈছে: December 3, 2019.
- ↑ "Tom Welling in SAG-AFTRA Foundation 7th Annual L.A. Golf Classic Fundraiser". http://www.zimbio.com/pictures/afxWREX5ve0/SAG+AFTRA+Foundation+7th+Annual+L+Golf+Classic/HPzD8u88NE5/Tom+Welling। আহৰণ কৰা হৈছে: August 6, 2018.
- ↑ "Tom Welling in MJCI Golf Tournament (March 29, 2012)". Archived from the original on August 6, 2018. https://web.archive.org/web/20180806180923/http://www.smallvilleph.com/2001/09/tom-welling/twmjcigolftournament4-1-12_kpjgolf3/। আহৰণ কৰা হৈছে: August 6, 2018.
- ↑ "Young Superman hates interviews". Spartanburg Herald-Journal. December 26, 2003. https://news.google.com/newspapers?id=_hknAAAAIBAJ&pg=4719,3662840&dq=tom-welling&hl=en। আহৰণ কৰা হৈছে: April 22, 2010.
- ↑ "Paul Fischer Interviews Tom Welling". filmmonthly.com. http://www.filmmonthly.com/Profiles/Articles/TWelling/TWellingCheaper.html। আহৰণ কৰা হৈছে: February 21, 2010.
- ↑ Smallville Star Tom Welling Arrested for DUI: Report
- 1 2 Mackie, Johnni (June 3, 2025). "DUI Charges Against Tom Welling Dismissed, Pleads No Contest to Lesser Charge". Us Weekly. https://www.usmagazine.com/celebrity-news/news/smallville-star-tom-welling-arrested-for-dui-report/। আহৰণ কৰা হৈছে: June 28, 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত টম ৱেলিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- টম ৱেলিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Verified Facebook Page