ভটা-গুটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টাংগুটিৰ পৰা পুনঃনিৰ্দেশিত)


ভটা গুটি
টাং গুটি

বাৰানসীৰ গংগা নদীৰ ঘাটত কেইজন কিশোৰে গিলি দাণ্ডা বা ভটা গুটি খেলাৰ দৃশ্য

ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন। গুটিটো চাৰি আঙুলমান (প্ৰায় দুই ইঞ্চি) হয়। মাৰিডালেৰে গুটিটো কোবাই বিভিন্ন নিয়মেৰে ভটা খেল খেলা হয়। সাধাৰণতে ল'ৰাৰ মাজতহে এই খেল সীমাবদ্ধ যদিও ঠাই বিশেষে ছোৱালীও ভটা খেল খেলা দেখা যায়। মহাপুৰুষ শঙ্কৰদেৱৰো আগৰ এই খেলৰ লগত আধুনিক ক্ৰিকেট খেলৰ ভালেখিনি সাদৃশ্য চকুত পৰে। এই খেল চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়।

খেলৰ সামগ্ৰী[সম্পাদনা কৰক]

এই খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা ঠাইত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়।

খেলুৱৈৰ সংখ্যা[সম্পাদনা কৰক]

দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ'ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অন্তৰ্ভুক্ত হ'ব লাগে।

খেলৰ নিয়ম[সম্পাদনা কৰক]

প্ৰথমতে ২টা দল গঠন কৰি লোৱা হয়, তাৰ পাছত দুয়োটা দলৰপৰা এজনক অধিনায়ক পাতি লোৱা হয়। অধিনায়কদ্বয়ক লৈ সকলোৱে আগুৰি ধৰি এটা কেঁচা টকাৰে টছ কৰি কোন দলে আগতে খেল আৰম্ভ কৰিব তাক থিৰাং কৰা হয়। টছত জিকা দলটোৱে প্ৰথমে খেল আৰম্ভ কৰে। অধিনায়কৰে নিৰ্ধাৰণ কৰা মতে খেল আৰম্ভ কৰা দলটোৰ এজন সদস্য আহি চুটি মাৰিডাল (ইয়াকে ভটাগুটি বা টাংগুটি বোলা হয়) মাটিত খান্দি থোৱা গাঁতটোত (গফ/গপ) দীঘলকৈ এনেকুৱাকৈ পাতি লয় যাতে গুটিটোৰ এটা মূৰ মাটিৰ ওপৰত ওলাই থাকে। তাৰ পাছত হাতত থকা দীঘল লাঠি ডালেৰে গুটিটোৰ মাটিৰ ওপৰত ওলাই থকা অংশত এটা কোব মাৰি দিয়ে, লগে লগেই গুটিটো এক মিটাৰ মান ওপৰলৈ ঘূৰি ঘূৰি উঠি যায়। গুটিটো ওপৰতে থকা সময়তে খেলুৱৈজনে নিজৰ হাতত থকা লাঠি ডালেৰে গুটিটোত কোবাই দূৰলৈ পঠিয়াব লাগে। আনটো দলৰ খেলুৱৈসকল এটা নিৰ্দিষ্ট দূৰত্বত ৰৈ থাকে। দূৰলৈ গৈ থকা অৱস্থাত ভটা-গুটিটো নিজৰ হাতত থকা লাঠীডালেৰে চুই দিলে এটা কোব নষ্ট হোৱা বুলি ধৰা হয়। এজন খেলুৱৈয়ে মুঠ তিনিবাৰ গুটিটো মাৰি পঠিওৱাৰ যুযোগ পায়। কিন্তু দ্বিতীয় আৰু তৃত্বীয় বাৰত খেলুৱৈ জনে ভটা-গুটিটো গাঁতত পাতি ল'ব নোৱাৰে। হাতত থকা লাঠীডালৰ এটা মূৰে গুটিটো পথালিকৈ লৈ এবাৰ ওপৰলৈ উৰুৱাই দূৰলৈ মাৰি পঠিয়াব লাগে।

বিপৰীত পক্ষৰ খেলুৱৈয়ে যদি গুটিটো চুই দিব নোৱাৰে, তেন্তে মাৰি পঠিওৱা দলটোৰ খেলুৱৈ নম্বৰ গণিবলৈ সুযোগ পায়। নম্বৰ গণাৰ বাবে গফটোৰপৰা আৰম্ভ কৰি গুটিটো গৈ য'ত পৰিছে তালৈ খেলুৱৈয়ে নিজৰ হাতত থকা লাঠীডালেৰে জুখিব লাগে। হিচাপত লাঠীয়ে প্ৰতি ১০ পইণ্টকৈ লাভ কৰে। নম্বৰখিনি দলীয় হিচাপত যোগ হয়। যেতিয়ালৈ মাৰি পঠিওৱা গুটি এটা অইন দলৰ খেলুৱৈয়ে লাঠীৰে চুই সেই কোবটো নষ্ট কৰিব নোৱাৰে তেতিয়ালৈ খেলুৱৈজনে ভটা-গুটিটো মাৰি পঠিওৱাৰ সুযোগ পাই থাকে। অৱশ্যে মাৰি পঠিওৱা খেলুৱৈজনে যদি দূৰলৈ মাৰি পঠিয়াব খোজোঁতে এৰি যায়, তেন্তে তেখেতৰ এটা কোব নিজে নিজেই নষ্ট হয়।

এজন খেলুৱৈৰ তিনিওটা কোব নষ্ট হোৱাৰ পাছত অধিনায়কৰ নিৰ্দেশ অনুসৰি আন এজন খেলুৱৈ আহে। এনেকৈ এটা দলৰ আটাইকেইজন খেলুৱৈয়ে নিজৰ নিজৰ কোব মাৰি নম্বৰ আহৰণ কৰিব লাগে। প্ৰথম দলৰ আটাইকেইজন খেলুৱৈ বাহিৰ হোৱাৰ পাছত দ্বিতীয় দলে ভটা-গুটীটো দূৰলৈ মাৰি পঠিওৱাৰ সুযোগ পায়। প্ৰথম দলৰ দৰেই একে নিয়মেৰে দ্বিতীয় দলে খেলিবলৈ সুযোগ পায়।

দ্বিতীয় দলে প্ৰথম দলতকৈ বেছি নম্বৰ লাভ কৰিলে বিজয়ী হয়। দ্বিতীয় দলে আটাইকেইটা কোব হেৰুৱায়ো যদি প্ৰথম দলৰ সমান নম্বৰ আৰ্জন কৰিব নোৱাৰে, তেন্তে প্ৰথম দলটো জয়ী হয়।

স্থানবিশেষে নিয়মৰ ভিন্নতা[সম্পাদনা কৰক]

অসমৰ স্থান-বিশেষে এই খেলৰ নীতি-নিয়ম সামান্য বেলেগ-বেলেগ হয়। এই খেল ঠাই বিশেষে দলৰ সলনি এজনীয়াকৈও খেলা হয়। প্ৰতিজন খেলুৱৈয়ে নিজৰ বাবে খেলে। আৰু সৰ্বাধিক নম্বৰ পোৱা খেলুৱৈজন বিজয়ী হয়।

কিছুমান স্থানত ভটাগুটিটো ওপৰলৈ মাৰি পঠিওৱাৰ সময়ত যদি খেলুৱৈয়ে এবাৰতকৈ বেছি বাৰ সেইটো ওপৰলৈ ওফোৰাব পাৰে, তেন্তে নম্বৰ জোখোতে অতিৰিক্ত সুবিধা লাভ কৰে। দুবাৰকৈ টিলিকাব পাৰিলে ভটা-গুটিটোৰে জুখিব পাৰে, আৰু তিনিবাৰ বা তাতকৈ অধিক বাৰ টিলিকাব পাৰিলে দীঘল মাৰিডালেৰে জুখি যিমান নম্বৰ পায়, তাক দহেৰে পূৰণ কৰিব পাৰে।

কিছুমান অঞ্চলত দূৰত্ব জোখাৰ বাবে কিছুমান পদ্য ব্যৱহাৰ কৰা হয়, প্ৰতিমাৰি জোখৰ লগে লগে পদ্যৰ একোটাকৈ পদ আওৰাই যোৱা হয়। এইদৰে কিমানলৈ পদ আওৰাব পৰা গৈছে তাৰ ওপৰত হৰা জিকা ঠিক হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
  2. অসমৰ পুৰণি খেল ধেমালি - লেখিকা: সুবোধমালা বৰুৱা
  3. অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০