সমললৈ যাওক

টাইকো ব্ৰাহে ডেচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই ছপা কৰা চাইপ্ৰিয়ানুছ (কোপেনহেগেন, ১৯১৬) গ্ৰন্থখনত টাইকো ব্ৰাহে দিনৰ তালিকা পোৱা যায়।

টাইকো ব্ৰাহে ডেচ (ইংৰাজী: Tycho Brahe days; ডেনিছ: Tycho Brahes-dage) হ’ল স্কাণ্ডিনেভিয়াৰ লোককথাত বৰ্ণিত কিছুমান বিশেষ দিন যাক অত্যন্ত অমঙ্গলীয় বুলি গণ্য কৰা হয়। বিশেষকৈ যাদুকৰী কাম-কাজ, গুৰুত্বপূৰ্ণ ব্যৱসায়িক লেনদেন আৰু ব্যক্তিগত অনুষ্ঠানৰ বাবে এই দিনবোৰ অশুভ বুলি বিশ্বাস কৰা হয়। টাইকো ব্ৰাহে (১৫৪৬–১৬০১) এজন ডেনিছ জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু এলকেমিষ্ট আছিল। লোককথাত তেওঁ এজন ঋষি আৰু যাদুকৰ হিচাপেও খ্যাতি লাভ কৰিছিল।[1]

উৎপত্তি

[সম্পাদনা কৰক]

বছৰৰ কিছুমান বিশেষ দিন শুভ বা অশুভ হোৱাৰ ধাৰণাটো অতি প্ৰাচীন, যাৰ শিপা মেচোপটেমিয়াৰ সভ্যতাৰ লৈকে বিয়পি আছে।

  • কলিগনি কেলেণ্ডাৰে কিছুমান দিনক শুভ (mat) আৰু আন কিছুমানক অশুভ (anmat) হিচাপে চিহ্নিত কৰিছে।
  • ৰোমান কেলেণ্ডাৰতো বহুতো দিনক dies nefasti বুলি কোৱা হৈছিল, যিবোৰ ধৰ্মীয়ভাৱে ৰাজহুৱা কামৰ বাবে অনুপযুক্ত আছিল।[2]
  • বৰ্তমানৰ উত্তৰ আমেৰিকাত ১৩ তাৰিখৰ শুকুৰবাৰটোক অশুভ বুলি গণ্য কৰাৰ পৰম্পৰা আছে।[3]

টাইকো ব্ৰাহে দিনৰ উৎপত্তিৰ বিষয়ে জনপ্ৰিয় বিশ্বাসটো হ’ল: "সোৰশ আৰু সপ্তদশ শতিকাৰ বিখ্যাত ডেনিছ জ্যোতিৰ্বিজ্ঞানী টাইকো ব্ৰাহে খুবেই অন্ধবিশ্বাসী আছিল। তেওঁ বছৰৰ কিছুমান বিশেষ দিনক দুৰ্ভাগ্যজনক বুলি গণ্য কৰিছিল। সেইবাবেই ডেনমাৰ্কত আজিও শ্ৰমিক শ্ৰেণীৰ লোকসকলে কোনো দুৰ্ঘটনা সংঘটিত হোৱা দিনবোৰক 'টাইকো ব্ৰাহেৰ দিন' বুলি কয়।"[4]

হান্স খ্ৰীষ্টিয়ান এণ্ডাৰচেনে তেওঁৰ ভ্ৰমণ কাহিনী এ পয়েটছ বজাৰ-ত উল্লেখ কৰিছে যে ডেনমাৰ্কৰ মানুহে তেওঁলোকৰ বেয়া সময়বোৰত টাইকো ব্ৰাহেৰ নাম লয় আৰু এনেদৰে কয়— "এইবোৰ টাইকো ব্ৰাহেৰ দিন!"[5]

যদিও টাইকো ব্ৰাহেৰ নিজৰ কোনো লেখাত এই দিনবোৰৰ উল্লেখ পোৱা নাযায়, তথাপিও স্কাণ্ডিনেভিয়াৰ পঞ্জিকা আৰু লোককথাত এইবোৰ আজিও প্ৰচলিত। চাইপ্ৰিয়ানুছ পৰম্পৰা অনুসৰি, এই দিনবোৰত কোনো যাদুকৰী কৰ্ম কৰিব নালাগে।[6]

দিনসমূহ

[সম্পাদনা কৰক]

জুলিয়ান কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি:

  • জানুৱাৰী: ১, ২, ৪, ৬, ১১, ১২, ২৯
  • ফেব্ৰুৱাৰী: ১১, ১৭, ১৮
  • মাৰ্চ: ১, ৪, ১৪, ১৫
  • এপ্ৰিল: ৯, ১৬, ১৭, ১৮, ১৯, ২২, ২৯
  • মে’: ১০, ১৭, ১৮
  • জুন: ৬
  • জুলাই: ১৭, ২১
  • আগষ্ট: ২০, ২১
  • ছেপ্টেম্বৰ: ১৬, ১৮
  • অক্টোবৰ: ৬
  • নৱেম্বৰ: ৬, ১৮
  • ডিচেম্বৰ: ৬, ১১, ১৮[7]

এই দিনবোৰ বিবাহ পাশত আৱদ্ধ হ’বলৈ, যাত্ৰা আৰম্ভ কৰিবলৈ বা বেমাৰত পৰিবলৈ অতি দুৰ্ভাগ্যজনক বুলি ধৰা হয়। আনহাতে কিছুমান সংস্কৰণৰ মতে টাইকো ব্ৰাহে কেইটামান শুভ দিনো চিহ্নিত কৰিছিল, সেইবোৰ হ’ল— ২৬ জানুৱাৰী, ৯ আৰু ১০ ফেব্ৰুৱাৰী আৰু ১৫ জুন।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Tycho Brahe och Astrology". The Tycho Brahe Museum. http://www.tychobrahe.com/uk/astrologi.html আহৰণ কৰা হৈছে: October 14, 2012.
  2. Smith, William (1875). "'Dies'". A Dictionary of Greek and Roman Antiquities. John Murray. Retrieved October 15, 2012.
  3. Koch, Ulla Suzanne (2013). "Concepts and perception of time in Mesopotamian divination". Penn State University Press. pp. 127–142. doi:10.5325/j.ctv1bxgzf2.17.
  4. Sinding, Paul O. (1865). The Ancient Scandinavians: Their maritime expeditions, their discoveries, and their religion. Hunter Rose & Co.. পৃষ্ঠা. 19.
  5. Andersen, Hans C. (1831). The Poet's Bazaar. Houghton Mifflin.
  6. Rustad, Mary (1999). The Black Books of Elverum. Galde Press. পৃষ্ঠা. 49, 116–117.
  7. Marryat, Horace (1860). A residence in Jutland, the Danish Isles, and Copenhagen. John Murray. পৃষ্ঠা. 309.
  8. "Tycho Brahe-days". www.learning4sharing.nu. http://www.learning4sharing.nu/tykobrahedag-344403.html আহৰণ কৰা হৈছে: 2016-02-22.