সমললৈ যাওক

টাইটান আৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Amorphophallus titanum
নিউয়ৰ্ক উদ্ভিদ উদ্যানত প্ৰস্ফুটিত অৱস্থাত
২৭ জুন, ২০১৮
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Monocots
বৰ্গ: Alismatales
পৰিয়াল: Araceae
গণ: Amorphophallus
প্ৰজাতি: A. titanum
দ্বৈৰাশিক নামকৰণ
Amorphophallus titanum
(Becc.) Becc. ex Arcang
সমাৰ্থক
  • Amorphophallus selebicus Nakai
  • Conophallus titanum Becc.

টাইটান আৰাম (বৈজ্ঞানিক নাম: Amorphophallus titanum) হৈছে এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ এটা ডাঙৰ ডালবিহীন পুষ্পশোভিত মুঠি থাকে; গছজোপাৰ ওখ এখিলা পাত থাকে, যিখিলা গছৰ দৰে শাখা-প্ৰশাখা যুক্ত হয়; আৰু এটা গধুৰ কন্দ থাকে যিয়ে উদ্ভিদ জোপাক পুষ্প উৎপাদন কৰিবলৈ সক্ষম কৰে। ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপৰ বৰ্ষাৰণ্যত এ.টাইটানাম এবিধ স্থানীয় ফুল।

যিহেতু ইয়াৰ ফুল কমেইহে আৰু অলপ সময়ৰ বাবেহে ফুলে, সেয়েহে ই পচি যোৱা মাংসৰ এক শক্তিশালী গোন্ধ উলিয়াই পৰাগসংযোগকাৰী প্ৰাণী আকৰ্ষিত কৰে। ফলস্বৰূপে ইয়াক কেৰিয়ান ফুল হিচাপে বৈশিষ্ট্যযুক্ত কৰা হয়, যাৰ ফলত ইয়াক মৃতদেহ ফুল বা মৃতদেহ উদ্ভিদ নামেৰে নামকৰণ কৰা হয়।

১৮৮৯ চনত কিউৰ ৰয়েল বটানিকেল গাৰ্ডেনত প্ৰথমবাৰৰ বাবে টাইটান আৰাম ফুলিবলৈ অনা হৈছিল। তেতিয়াৰ পৰাই বহুতো উদ্ভিদ উদ্যানত ইয়াৰ ফুল ফুলিছে। অপেশাদাৰসকলৰ বাবে ইয়াৰ খেতি কৰাটো কঠিন হৈয়েই আছে, কিন্তু ২০১১ চনত কেলিফৰ্ণিয়াৰ এখন উচ্চ বিদ্যালয়ত এই ফুল ফুলাবলৈ সক্ষম ইৈছিল। এই গছৰ পৰা ফুল ফুলি উঠা ঘটনাই হাজাৰ হাজাৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰে, আৰু ২১শ শতিকাত ই ইণ্টাৰনেট লাইভ ষ্ট্ৰীমিঙৰ জৰিয়তে হাজাৰ হাজাৰ দৰ্শকে ইয়াক প্ৰতক্ষ কৰে।

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

A. titanum নামটো প্ৰাচীন গ্ৰিক ভাষাৰ পৰা আহৰণ কৰা হৈছে — ἄμορφος (amorphos) অৰ্থাৎ "আকৃতি বিহীন, বিকৃত", φαλλός (phallos) অৰ্থাৎ "লিঙ্গ", আৰু Τιτάν (Titan) অৰ্থাৎ "''টাইটান'', দানবাকৃতি।" [2]

সাধাৰণ নাম "মৃতদেহ ফুল"টো ইণ্ডোনেছিয়ান নাম bunga bangkaiৰ অনুবাদ, যাৰ অৰ্থো একেই — "মৃতদেহ ফুল।" [3]

জীৱন-চক্ৰ

[সম্পাদনা কৰক]
টাইটান আৰামৰ জীৱন-চক্ৰ

বীজৰ পৰা এজোপা সৰু গছৰ আকাৰ আৰু আকৃতিৰ এটা মাত্ৰ পাত গজি উঠে। পাতটো এটা আৰ্হিযুক্ত সেউজীয়া আৰু বগা ডাল বা ডালত গজে যিটো ওপৰত তিনিটা ভাগত শাখা-প্ৰশাখা হয়, প্ৰত্যেকটোতে বহুতো পাত থাকে। ইয়াৰ পাত ৪.৭ মিটাৰ (১৫ ফুট) পৰ্যন্ত ওখ হ'ব পাৰে।[4] পাত বহন কৰা ডালৰ দৰে ডাঁটিটো "মানুহৰ উৰুৰ দৰে ডাঠ" হ'ব পাৰে।[5] এই পাতে ফটোচিন্থেছিছৰ জৰিয়তে চিনি (sugar)জাতীয় আহাৰ তৈয়াৰ কৰে আৰু সেই খাদ্য মাটিৰ তলত থকা কন্দ বা গাঁঠিত (tuber বা corm)-ত মজুত হৈ থাকে (ষ্টাৰ্ছ হিচাপে)। প্ৰায় এটা বছৰৰ পিছত পুৰণি পাতটো শুকাই মৰে, আৰু গাঁঠটোৰ পৰা নতুন পাত ওলাই উঠে।[5]

এটা পাত শুকাই গলে প্ৰায় চাৰি মাহলৈকে কন্দটো নিদ্ৰাবস্থাত থাকে। তাৰ পিছত গছজোপাই আন এটা পাত উৎপন্ন কৰে, আৰু কন্দক খাদ্য যোগান ধৰাৰ চক্ৰটো পুনৰাবৃত্তি কৰে। এইদৰে প্ৰায় সাত বছৰলৈকে চলি থাকিব পাৰে।[4][6] কন্দটো যিকোনো জ্ঞাত পুষ্পধাৰী উদ্ভিদৰ ভিতৰত আটাইতকৈ ডাঙৰ; [7] ইয়াৰ ওজন ৯০ কিলোগ্ৰাম(২০০ পাউণ্ড)তকৈ অধিক হ'ব পাৰে।[5][6]


ফুলৰ গুৰি

[সম্পাদনা কৰক]

কিছু বছৰৰ পাছত যেতিয়া কন্দটো যথেষ্ট ডাঙৰ হয়, তেতিয়া গছজোপাৰ পাতৰ সলনি পুষ্প গঢ় লৈ উঠে। ইয়াৰ বাবে বীজৰ পৰা এই অৱস্থালৈ আহিবলৈ দহ বছৰ লাগিব পাৰে; তাৰ পিছৰ ফুলবোৰ অধিক সঘনাই হ'ব পাৰে, সাধাৰণতে তিনিৰ পৰা সাত বছৰৰ ব্যৱধানত।[4] পুষ্পপুঞ্জৰ উচ্চতা ৩ মিটাৰ (১০ ফুট)তকৈও অধিক হ'ব পাৰে।[8][9] ফুলৰ গুটিটো ফুলৰ ওখ সুগন্ধি স্পেডিক্সৰে গঠিত, যিটো স্পেথে মেৰিয়াই থোৱা থাকে, যিটো ওলোটা ঘণ্টাৰ দৰে আকৃতিৰ, পাহিৰ দৰে। স্পাথে গভীৰ সেউজীয়া আৰু বাহিৰত ক্ৰীম ৰঙৰ দাগ থাকে, আৰু ভিতৰত গাঢ় বুৰ্গাণ্ডী ৰঙা বা মেৰুণ ৰঙৰ। ইয়াৰ কাষবোৰ ৰিবযুক্ত, যাৰ ফলত এটা ফ্ৰিলযুক্ত প্ৰান্তৰ সৃষ্টি হয়।[10][4] স্পাথেৰ আৱৰণৰ ভিতৰত দৃষ্টিৰ পৰা লুকাই থকা স্পেডিক্সৰ তলৰ ফালে স্পেডিক্সত সৰু সৰু ফুলৰ দুটা আঙুঠি থাকে। ওপৰৰ আঙুঠিটোত ৪৫০ৰ পৰা ৫,০০০টা সৰু ক্ৰীম ৰঙৰ মতা ফুল থাকে; [10][4] তলৰ আঙুঠিটোত মাইকী ফুলৰ গোলাপী কাৰ্পেল থাকে।[4] ফুল ফুলাৰ কিছু সময়ৰ আগতে স্পাথেৰ গুৰিৰ পাতৰ দৰে ব্ৰেক্ট দুটা শুকাই মৰি যায়।[11] মাইকী ফুলবোৰ মতা ফুলৰ আগত খোল খায় যাতে আত্মপৰাগ যোগ নহয়। ফুলবোৰ ২৪ৰ পৰা ৩৬ ঘণ্টালৈকে থাকে।[4]

কেৰিয়ান পোক-পৰুৱাৰ দ্বাৰা পৰাগযোগ

[সম্পাদনা কৰক]

ক্ৰমান্বয়ে স্পেথে খোলাৰ লগে লগে স্পেডিক্স ৩৭ ডিগ্ৰী চেলছিয়াছ (৯৯ ডিগ্ৰী ফাৰেনহাইট) পৰ্যন্ত গৰম হয় আৰু ছন্দময়ভাৱে এটা শক্তিশালী গোন্ধ মুক্ত কৰি পচি যোৱা মাংসহাৰী বা কণী পৰা কেৰিয়ান পোকক আকৰ্ষণ কৰে।[9] সন্ধিয়াৰ পৰা মাজনিশালৈকে দুৰ্গন্ধৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পায়, আৰু তেতিয়াই কেৰিয়ান ভেকুলী আৰু মাংসহাৰী মাখি পৰাগযোগ ঘটাবলৈ সক্ৰিয় হয়, তাৰ পিছত ৰাতিপুৱাৰ ফালে ক্ৰমাত দুৰ্গন্ধ ক্ষীণ হৈ পৰে।[4] স্পেডিক্সে মুক্ত কৰা ৰাসায়নিক পদাৰ্থৰ বিশ্লেষণত দেখা গৈছে যে দুৰ্গন্ধৰ ভিতৰত ডাইমিথাইল ট্ৰাইছালফাইড (লিমবাৰ্গাৰ চীজ সদৃশ গন্ধ), ডাইমিথাইল ডাইছালফাইড (ৰসুনৰ দৰে), ট্ৰাইমিথাইলামাইন (গেলা মাছৰ গন্ধ ), আইছ’ভেলেৰিক এচিড (ঘামেৰে ভিজা মোজা সদৃশ ), বেনজাইল এলক’হল (মিঠা ফুলৰ গোন্ধ), ফেনল (ক্ল’ৰেচেপ্টিকৰ দৰে), আৰু ইণ্ড’ল (যেনে, পেচাব/বিষ্ঠাৰ গন্ধৰ দৰে )।[12][13] ডেৰ মাইল (০.৮ কিলোমিটাৰ) দূৰলৈকে এই দুৰ্গন্ধ বিয়পি পৰা দেখা যায়।[14] পুষ্পপুঞ্জৰ গভীৰ ৰঙা ৰং আৰু টেক্সচাৰে স্পাথে মাংসৰ টুকুৰা বুলি ভ্ৰম সৃষ্টি কৰাত অৰিহণা যোগায়। ফুল ফুলাৰ সময়ত স্পেডিক্সটোৰ ডগাটো মোটামুটিভাৱে মানুহৰ শৰীৰৰ উষ্ণতা হয়, যিয়ে সুগন্ধিটো অস্বাভাৱিক হোৱাত সহায় কৰে। গৰম কৰা স্পেডিক্সে শীতল পৰিৱেশৰ বতাহত মাইক্ৰ’-কনভেকচন সৃষ্টি কৰে, যাৰ ফলত গোন্ধৰ পৰিবহণ বৃদ্ধি পায়। তাপে কেৰিয়ান খোৱা পোক-পৰুৱাক মৃতদেহ থকা বুলি পতিয়ন নিয়াবলৈ সহায় কৰে, যাৰ ফলত ইহঁতক পুষ্পপুঞ্জৰ প্ৰতি আকৰ্ষণ কৰে।[9]

ফল-মূল আৰু গুটি

[সম্পাদনা কৰক]

পৰগযোগ ঘটা স্ত্ৰীফুলৰ কাৰ্পেলবোৰ পকি ফললৈ পৰিণত হয়। স্পেথে আৰু স্পেডিক্সৰ ওপৰৰ অংশটো মৰহি যায় আৰু এটা চুটি ডাল বা স্পাইক (spike) ৰৈ যায় য’ত উজ্জ্বল ৰঙা ফলৰ স্তম্ভ এটা থাকে। এইবোৰে ৰাইন’চেৰ’ছ হৰ্ণবিল (rhinoceros hornbills) চৰাইবোৰক আকৰ্ষণ কৰে যিয়ে ফল খায় আৰু বীজবোৰ বৰ্ষাৰণ্যৰ চাৰিওফালে বিয়পাই দিয়ে। প্ৰায় ন মাহৰ পিছত ডালটো পুনৰ মৰি যায় আৰু কন্দটো প্ৰায় এবছৰলৈকে নিষ্কিয় অৱস্থাত থাকে। তাৰ পিছত ই এটা নতুন পাত উৎপন্ন কৰিব পাৰে আৰু চক্ৰটো পুনৰ আৰম্ভ কৰিব পাৰে।[4]

পাত ওলোৱা, এতিয়াও টানকৈ ফুলি থকা, প্ৰায় ২ মিটাৰ ওখ
পাত ওলোৱা, এতিয়াও টানকৈ ফুলি থকা, প্ৰায় ২ মিটাৰ ওখ  
এই উদ্ভিদে এটা সময়ত এটাকৈ পাত উৎপন্ন কৰে।
এই উদ্ভিদে এটা সময়ত এটাকৈ পাত উৎপন্ন কৰে।  
১১৭ কিলোগ্ৰাম ওজনৰ এটা কন্দ, যিয়ে ২০০৬ চনৰ মে’ মাহত বনৰ উদ্ভিদ উদ্যানত একেলগে তিনিটা পুষ্প উৎপাদন কৰিছিল
১১৭ কিলোগ্ৰাম ওজনৰ এটা কন্দ, যিয়ে ২০০৬ চনৰ মে’ মাহত বনৰ উদ্ভিদ উদ্যানত একেলগে তিনিটা পুষ্প উৎপাদন কৰিছিল  
২০২৪ চনৰ ১৩ আগষ্টত বেলজিয়ামৰ মেইজ বটানিক গাৰ্ডেনত আটাইতকৈ ওখ পুষ্পপুলিটো পোৱা গৈছিল। ইয়াৰ জোখ কন্দৰ পৰা ৩২২.৫ চে.মি.
২০২৪ চনৰ ১৩ আগষ্টত বেলজিয়ামৰ মেইজ বটানিক গাৰ্ডেনত আটাইতকৈ ওখ পুষ্পপুলিটো পোৱা গৈছিল। ইয়াৰ জোখ কন্দৰ পৰা ৩২২.৫ চে.মি.  
স্পেডিক্সৰ গুৰিতে মতা (ওপৰত, হালধীয়া) আৰু মাইকী (তলত, বাদামী-বেঙুনীয়া) ফুল থাকে
স্পেডিক্সৰ গুৰিতে মতা (ওপৰত, হালধীয়া) আৰু মাইকী (তলত, বাদামী-বেঙুনীয়া) ফুল থাকে  
ফলৰ সৈতে টাইটান আৰাম স্পাইক
ফলৰ সৈতে টাইটান আৰাম স্পাইক  

শ্ৰেণীবিভাজন আৰু বিতৰণ

[সম্পাদনা কৰক]

১৮৭৮ চনত ইটালীৰ উদ্ভিদবিদ অড'ৰ্ডো বেকাৰিয়ে প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভাৱে আমৰ্ফ'ফেলাছ টাইটানামৰ বৰ্ণনা কৰিছিল।[15] ১৮৭৮ চনৰ ৬ আগষ্টত পশ্চিম সুমাত্ৰাৰ প্ৰিয়ামানৰ ওপৰৰ পাহাৰৰ বৰ্ষাৰণ্যত বেকাৰিয়ে এই উদ্ভিদ আৱিষ্কাৰ কৰে আৰু এটা শুকান পুষ্প, কন্দ আৰু বীজ ইউৰোপলৈ লৈ আনে। প্ৰথম পাতৰ নমুনা পদাং পাঞ্জাঙৰ পশ্চিমে থকা এয়াৰ মানকুৰত সংগ্ৰহ কৰা হৈছিল।[16]


১৮৭৮ চনত বেকাৰিয়ে প্ৰথমে এই প্ৰজাতিটোৰ নাম কন'ফেলাছ টাইটানাম ৰাখিছিল,যিখন নামবিহীনভাৱে "ইল কন'ফেলাছ টাইটানাম—বেকাৰী" শীৰ্ষকত প্ৰকাশ পায়।[17][18] ১৮৭৯ চনত জিওভানি আৰ্কাঞ্জেলিয়ে এই প্ৰজাতিটোৰ সম্পূৰ্ণ বিৱৰণ প্ৰকাশ কৰি ইয়াক আমৰ্ফ'ফেলাছ প্ৰজাতিলৈ স্থানান্তৰিত কৰে।[19][18] এই প্ৰজাতিৰ উদ্ভিদবোৰৰ ডিম্বাশয়ৰ ভিতৰত এটাকৈ লোকিউল থাকে আৰু ইয়াক আফ্ৰিকাৰ সমগ্ৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চল, ভাৰত, দক্ষিণ-পূব এছিয়া, জাপান, ইণ্ডোনেছিয়া, পাপুয়া নিউ গিনি আৰু অষ্ট্ৰেলিয়াত পোৱা যায়।[20]

এই প্ৰজাতিটো পশ্চিম সুমাত্ৰাত স্থানীয়, য'ত ই চূণশিলৰ পাহাৰৰ বৰ্ষাৰণ্যৰ মুকলি ঠাইত গজে।[21] জলবায়ু পৰিৱৰ্তন আৰু বাসস্থান বিনাশৰ লগে লগে ইয়াৰ পৰিসৰ কমি আহিছে। বৰ্তমান তাৰ দক্ষিণ আচেহ (Aceh) আৰু চুমাত্ৰা উত্তৰ (Sumatera Utara) প্ৰদেশত কিছু প্ৰজাতিৰ ঘন অঞ্চল (population hotspots) পোৱা যায়। [22]

টাইটান আৰামৰ খেতি

[সম্পাদনা কৰক]

টাইটান আৰাম প্ৰথমবাৰৰ বাবে ১৮৮৯ চনত লণ্ডনৰ কিউৰ ৰয়েল বটানিকেল গাৰ্ডেনত ফুল ফুলিছিল,[23]এই গছ জোপা বেককাৰিৰ পৰা পোৱা কেৱল মাত্ৰ এটা বীজনিৰ পৰা উৎপন্ন কৰা হৈছিল।[4] আমেৰিকাত প্ৰথম নথিভুক্ত ফুল ফোলাৰ ঘটনাসমূহ সংঘটিত হৈছিল ১৯৩৭ আৰু ১৯৩৯ চনত নিউয়ৰ্ক উদ্ভিদ উদ্যানত।[24] এই ধৰণৰ ফুল ফোটা ঘটনাই হাজাৰ হাজাৰ দৰ্শকক আকৰ্ষণ কৰে, আৰু ২১শ শতিকাত ইণ্টাৰনেট লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে সহস্ৰাধিক অনলাইন দৰ্শকও লাভ কৰিছে।[25] আৰু ১৯৩৯ চনত টাইটান আৰামক ব্ৰংক্সৰ চৰকাৰী ফুল হিচাপে চিহ্নিত কৰাৰ প্ৰেৰণা যোগাইছিল (২০০০ চনত ইয়াৰ ঠাইত ডে লিলিয়ে ঠাই লয়)।[26] বনৰ উদ্ভিদ উদ্যানত ১৯৩২ চনৰ পৰা টাইটান আৰামৰ খেতি কৰা হয়।[27]আধুনিক কালত এই উদ্ভিদৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তাৰিত জ্ঞান আহৰণ কৰি, বটেনিকেল গাৰ্ডেনবোৰত ইয়াক সফলভাৱে কৰা হৈছে। ফলত, ২১শ শতিকাত বিশ্বজুৰি পাঁচ বা ততোধিক স্থলত এই ফুল ফোলাতো সাধাৰণ কথা হৈ পৰিছে।[28]খেতি কৰা পদ্ধতি জটিল আৰু সংবেদনশীল হোৱাত, এই গছ সাধাৰণ উদ্যানপ্ৰেমীৰ বাবে কৰাতো খুব কঠিন। তথ্য অনুসৰি, ২০১১ চনত কেলিফোৰ্নিয়াৰ ৰোজভিল হাই স্কুলে বিশ্বৰ প্ৰথম বিদ্যালয় হিচাপে পৰিগণিত হয় যিয়ে টাইটান আৰাম ফুলোৱাত সফলতা লাভ কৰে।[29]

এতিয়ালৈকে লিপিবদ্ধ কৰা আটাইতকৈ ডাঙৰ কন্দটো ২০১০ চনত ৰয়েল বটানিকেল গাৰ্ডেন এডিনবাৰ্গত খেতি কৰা হৈছিল; কমলাৰ আকাৰৰ প্ৰাৰম্ভিক কন্দৰ পৰা সাত বছৰ বৃদ্ধি হোৱাৰ পিছত ইয়াৰ ওজন ১৫৩.৯ কিলোগ্ৰাম (৩৩৯ পাউণ্ড) হৈছিল।[30] আটাইতকৈ ওখ নথিভুক্ত পুষ্পপুঞ্জটো আছিল মেইজ উদ্ভিদ উদ্যানত; ২০২৪ চনৰ ১৩ আগষ্টত ইয়াৰ উচ্চতা ৩.২২৫ মিটাৰ (১০.৫৮ ফুট) হয়।[31]

সাধাৰণতে প্ৰথমবাৰৰ বাবে টাইটান আৰামক ফুল ফুলাৰ আগতে পাঁচৰ পৰা দহ বছৰলৈকে গছজোপাৰ বৃদ্ধিৰ প্ৰয়োজন হয়। উদ্ভিদৰ প্ৰাৰম্ভিক ফুলপাহ ফুলাৰ পিছত ইয়াৰ পৰৱৰ্তি ফুল ফুলাৰ সময় যথেষ্ট তাৰতম্য হ’ব পাৰে। [28] কিছুমান উদ্ভিদৰ ক্ষেত্ৰত আৰু সাত-দহ বছৰৰ বাবে পুনৰ ফুল নুফুলিব পাৰে, আনহাতে কিছুমান গছ দুই-তিনি বছৰৰ মূৰে মূৰে ফুল ফুলিব পাৰে। বনৰ উদ্ভিদ উদ্যানত, অনুকূল পৰিবেশত, উদ্ভিদবোৰে প্ৰতি দুবছৰৰ মূৰে মূৰে ফুল ফুলে।[8][27] কোপেনহেগেন উদ্ভিদ উদ্যানত প্ৰতি দ্বিতীয় বছৰৰ মূৰে মূৰে (২০১২ চনৰ পৰা ২০২২ চনলৈ) এজোপা উদ্ভিদৰ ফুল ফুলিছে।[32]কিছু অসাধাৰণ বা অস্বাভাবিক ফুল ফোটা ঘটনাও নথিভুক্ত হৈছে, যেনে— এবছৰৰ ভিতৰত পৰৱৰ্তী ফুল ফুলা,[33] [34] আৰু এটা কন্দৰ পৰা একেলগে এটা পাত (বা দুটা) আৰু এটা পুষ্পপুঞ্জ ওপৰলৈ উলায় অহা।[9][35] জাৰ্মানীৰ বনৰ পৰা (১১৭ কিলোগ্ৰাম (২৫৮ পাউণ্ড) কন্দৰ পৰা)[36] আৰু ২০২০ চনৰ মে' মাহত চিকাগো উদ্ভিদ উদ্যানত ত্ৰিগুণ পুষ্পবিন্যাসৰ তথ্য পোৱা গৈছে।[37] ইণ্ডোনেছিয়াৰ তিনিখন উদ্ভিদ উদ্যানত টাইটান আৰাম ফুলিছে: বগ'ৰ,[38] চিবোডাছ,আৰু পুৰৱোডাডি।[39]

পূৰ্বতে স্ব-পৰাগযোগ অসম্ভৱ বুলি ধৰা হৈছিল। কিন্তু ১৯৯২ চনত জাৰ্মানীৰ বন (Bonn) বটেনিকেল গাৰ্ডেনত উদ্ভিদবিজ্ঞানীসকলে সফলভাৱে হস্তচালিত স্ব-পৰাগযোগ সম্পন্ন কৰে।

তেওঁলোকে গছজোপাৰ নিজৰ পুং ফুল সমূহ গুচাই পাউডাৰৰ দৰে গুঁড়া কৰি তাৰেই সহায়ত পৰাগযোগ কৰে। ফলস্বৰূপে,শ শ বীজ পোৱা গৈছিল যাৰ পৰা অসংখ্য পুলি উৎপাদন আৰু বিশ্বজুৰি বিতৰণ কৰা হৈছিল।[8][27][28]মিনেছ'টাৰ গুস্তাভাছ এডলফাছ কলেজৰ এজোপা টাইটান আৰমে ২০১১ চনত স্ব-পৰাগযোগৰ জৰিয়তে জীৱনমুখী বীজ উৎপাদন কৰিছিল।[40]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Yuzammi.; Hadiah, J.T. (2018). Amorphophallus titanum. 2018. p. e.T118042834A118043213. doi:10.2305/IUCN.UK.2018-2.RLTS.T118042834A118043213.en. 
  2. ἄμορφος, φαλλός, Τιτάν. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
  3. "About that name: behind Alice the Amorphophallus". Chicago Botanic Garden. 2015. https://www.chicagobotanic.org/blog/news/about_name_behind_alice_amorphophallus। আহৰণ কৰা হৈছে: 21 January 2025. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 "Titan Arum—FAQ". Chicago Botanic Garden. http://www.chicagobotanic.org/titan/faq। আহৰণ কৰা হৈছে: 2015-10-01. 
  5. 5.0 5.1 5.2 Fayyaz, Mo (1 January 2009). "Amorphophallus titanum (Becc.) Becc. ex Arcang.". University of Wisconsin-Madison. https://botit.botany.wisc.edu/Titan_Arum_Archive/। আহৰণ কৰা হৈছে: 28 January 2025. 
  6. 6.0 6.1 "Titan Arum in the Botanical Gardens Bonn". Archived from the original on 2021-10-05. https://web.archive.org/web/20211005024222/http://www.botgart.uni-bonn.de/o_samm/titan/amor.php। আহৰণ কৰা হৈছে: 2025-04-10. 
  7. Grigg, Tim (1 June 2011). "The biggest flower in the world set to bloom in the Eden Project's rainforest". The Daily Telegraph. https://www.telegraph.co.uk/sponsored/gardening/eden-project/8552145/The-biggest-flower-in-the-world-set-to-bloom-in-the-Eden-Projects-rainforest.html. "Tim Grigg at the Eden Project nursery has become highly skilled at cultivating them - this is his fifth one to come into flower." 
  8. 8.0 8.1 8.2 Barthlott, W. & W. Lobin (Eds.) (1998): Amorphophallus titanum. – A Monograph, 226 pp, F. Steiner Verlag, Stuttgart (= Trop. subtrop. Pflanzenwelt Vol, 99, Acad. Science. Mainz). Download: (19,2 MB)
  9. 9.0 9.1 9.2 9.3 Barthlott, W., Szarzynski, J., Vlek, P., Lobin, W., & N. Korotkova (2009): A torch in the rainforest: thermogenesis of the Titan arum (Amorphophallus titanum). Plant Biol. 11 (4): 499–505 doi:10.1111/j.1438-8677.2008.00147.x
  10. 10.0 10.1 "Amorphophallus titanum (Becc.) Becc.: General Information: Descriptions: According to Kew Species Profiles". https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:84456-1/general-information। আহৰণ কৰা হৈছে: 25 January 2025. 
  11. "Frequently Asked Questions About the Titan Arum or Corpse Plant". Harvard University Arboretum. https://arboretum.harvard.edu/frequently-asked-questions-about-the-titan-arum-or-corpse-flower/। আহৰণ কৰা হৈছে: 25 January 2025. 
  12. American Chemical Society. The Chemistry of the Corpse Flower's Stench 2013
  13. Cornell University. What made 'Wee Stinky' stink. 2012. Retrieved 2013-08-11
  14. Glenday, Craig, ed (2019). Guinness World Records. প্ৰকাশক London: The Jim Pattison Group. পৃষ্ঠা. 31. 
  15. "Titan arum FAQ". Chicago Botanic Garden. https://www.chicagobotanic.org/titan/faq। আহৰণ কৰা হৈছে: 21 January 2025. 
  16. Beccari, Nello (1930). "Odoardo Beccari in Sumatra e la scoperta dell' " Amorphophallus Titanum" (Frammenti di diario inediti, trascritti ed ordinati)" (it ভাষাত). Bollettino della Società Geografica Italiana: 569-595. https://www.bsgi.it/index.php/bsgi/article/download/5224/4542. 
  17. Anonymous, on behalf of Odoardo Beccari (1878). "Il Conophallus titanum—Beccari". The Gardeners' Chronicle (10): 788, with figure on p. 781. 
  18. 18.0 18.1 Giordano, Cristiana; Nardi, Enio; Mosti, Stefano (2013). "Lectotypification of Conophallus titanum (≡Amorphophallus titanum) (Araceae)". Taxon খণ্ড 62 (5): 1032–1036. doi:10.12705/625.9. https://onlinelibrary.wiley.com/doi/pdfdirect/10.12705/625.9. 
  19. Arcangeli, Giovanni (1879). "Sull' Amorphophallus Titanum Beccari" (it ভাষাত). Bullettino della Reale Società Toscana d'Orticultura (4): 46–51. 
  20. "Amorphophallus Blume ex Decne". Royal Botanic Gardens, KewPlants of the World Online. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:331135-2। আহৰণ কৰা হৈছে: 30 January 2025. 
  21. University of Connecticut (14 Feb 2011). "Amorphophallus titanum". Archived from the original on 15 February 2011. https://web.archive.org/web/20110215060604/http://titanarum.uconn.edu/199500115.html। আহৰণ কৰা হৈছে: 17 February 2011. 
  22. Yudaputra, Angga; Fijridiyanto, Izu Andry; Yuzammi; Witono, Joko Ridho; Astuti, Inggit Puji; Robiansyah, Iyan; Hendrian, R.; Hutabarat, Prima et al. (2022). "Habitat preferences, spatial distribution and current population status of endangered giant flower Amorphophallus titanum". Biodiversity and Conservation খণ্ড 31 (3): 831–854. doi:10.1007/s10531-022-02366-0. ISSN 0960-3115. 
  23. "Amorphophallus titanum Titan arum". Royal Botanic Gardens Kew. https://www.kew.org/plants/titan-arum। আহৰণ কৰা হৈছে: 21 January 2025. 
  24. "Another Krubi from Sumatra Blooms at the Garden". Journal of the New York Botanical Garden খণ্ড 40 (476): 179–181. August 1939. https://www.biodiversitylibrary.org/part/392669. 
  25. Wong, Tessa; Butler, Gavin (23 January 2025). "Stinky bloom of 'corpse flower' enthrals thousands". BBC News. https://www.bbc.co.uk/news/articles/cvgpnqe91j1o. 
  26. "Bronx to Shed a Symbol With an Odor of Decay". The New York Times. 2000-04-22. https://www.nytimes.com/2000/04/22/nyregion/bronx-to-shed-a-symbol-with-an-odor-of-decay.html. 
  27. 27.0 27.1 27.2 "Titanenwurz" (de ভাষাত). Botanische Gärten der Universität Bonn. Archived from the original on 2021-05-19. https://web.archive.org/web/20210519071306/http://www.botgart.uni-bonn.de/o_samm/titan/titaninfos.php। আহৰণ কৰা হৈছে: 2024-11-11. 
  28. 28.0 28.1 28.2 Lobin, W., Neumann, M., Radscheit, M. & W. Barthlott (2007): The cultivation of Titan Arum (Amorphophallus titanum) – A flagship species for Botanic Gardens, Sibbaldia 5: 69-86
  29. "Rare Corpse Flower Blooms At Roseville H.S.". CBS News. 24 July 2011. https://www.cbsnews.com/sacramento/news/rare-corpse-flower-blooms-at-roseville-h-s/. "Roseville High School has become the first public high school in the world to successfully bring the rare, pungent plant known as the "corpse flower" to bloom." 
  30. McDonald, Charlotte. "Royal Botanic Garden Edinburgh – The story of our corm". www.rbge.org.uk. Archived from the original on 2017-07-19. https://web.archive.org/web/20170719105356/http://www.rbge.org.uk/the-gardens/edinburgh/titan-arum/the-story-of-our-corm। আহৰণ কৰা হৈছে: 2017-07-14. 
  31. Walschaers, Evi (2024-08-13). "Plantentuin van Meise heeft de grootste "penisbloem" ooit: deurwaarder meet aronskelk van 3,22 meter (10.5 feet)". VRT (Meise, Belgium). https://www.vrt.be/vrtnws/nl/2024/08/13/de-grootste-ooit-deurwaarder-meet-penisplant-van-plantentuin/. 
  32. Eastern Illinois University's Three Titan Arum Blooms 2012 Retrieved 2013-08-11
  33. 'Big Bucky' 5/2009 and 6/2009, University of Wisconsin–Madison
  34. 'Big Bucky' 5/2012 and 'Little Stinker' 9/2009, University of Wisconsin–Madison
  35. University of Bonn Botanic Garden, Bonn Three blooms from one corm Archived 2016-03-03 at the Wayback Machine Retrieved 2013-08-11
  36. "The Velvet Queen | Chicago Botanic Garden". https://www.chicagobotanic.org/titan/velvet_queen. 
  37. "Di Kebun Raya Bogor, Amorphophallus titanum mekar sempurna". 4 January 2020. https://www.antaranews.com/berita/1234943/di-kebun-raya-bogor-amorphophallus-titanum-mekar-sempurna. 
  38. "Mekarnya 'Amorphophallus titanum', Merayakan 172 Tahun Kebun Raya Cibodas - Semua Halaman - National Geographic". https://nationalgeographic.grid.id/read/134068487/mekarnya-amorphophallus-titanum-merayakan-172-tahun-kebun-raya-cibodas?page=all. 
  39. "Momen langka, Bunga Bangkai mekar pertama kali di Kebun Raya Purwodadi". 14 October 2024. https://www.antaranews.com/berita/4397473/momen-langka-bunga-bangkai-mekar-pertama-kali-di-kebun-raya-purwodadi. 
  40. Gustavus Adolphus College Self-pollination 2011. Retrieved 2013-08-11

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • Barthlott, W. & W. Lobin (Eds.) (1998): Amorphophallus titanum – A Monograph. 226 pp, F. Steiner Verlag, Stuttgart (= Trop. subtrop. Pflanzenwelt 99, Akad. Science. Mainz).Download (19,2 MB)
  • Barthlott, W., Szarzynski, J., Vlek, P., Lobin, W., & N. Korotkova (2009): A torch in the rainforest: thermogenesis of the Titan arum (Amorphophallus titanum). Plant Biol. 11 (4): 499–505 doi:10.1111/j.1438-8677.2008.00147.x
  • Bown, Deni (2000). Aroids: Plants of the Arum Family. Timber Press. আই.এচ.বি.এন. 0-88192-485-7
  • Korotkova, N. & W. Barthlott (2009): On the thermogenesis of the Titan arum (Amorphophallus titanum). Plant Signaling & Behavior 4 (11): 1096–1098 doi:10.4161/psb.4.11.9872
  • Lobin, W., Neumann, M., Radscheit, M. & W. Barthlott (2007): The cultivation of Titan Arum (Amorphophallus titanum) – A flagship species for Botanic Gardens, Sibbaldia 5: 69–86
  • Association of Education and Research Greenhouse Newsletter, volume 15 number 1.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]