টাই-আহোম সংখ্যা পদ্ধতি
| টাই-আহোম সংখ্যা সমূহৰ উচ্চাৰণ | |
|---|---|
টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি।[1] বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।[1]
বৈশিষ্ট
[সম্পাদনা কৰক]টাই আহোম সংখ্যা সমূহ কাৰ্ডিনেল নম্বৰ আৰু অৰ্দিনেল নম্বৰ হিচাপে হিচাপ কৰা হয়।
মূল সংখ্যা
[সম্পাদনা কৰক]মূল সংখ্যা (কাৰ্ডিনেল সংখ্যাসমূহ) কেইবাপ্ৰকাৰও লিখা হয়।
এককৰ স্থান
[সম্পাদনা কৰক]ৱা চমৰপৰা চিপলৈ সংখ্যা সমূহ এটা নিৰ্দিষ্ট শব্দ অনুসৰি সূচোৱা হয়। ইয়াৰ উপৰি চাও, পাক, ৰিং, মু'ন, চেন এই সংখ্যাসমূহত এটা নিৰ্দিষ্ট শব্দ ব্যৱহাৰ হয়।
| টাই-আহোম লিপিত সংখ্যা | টাই-আহোম সংখ্যাৰ নাম | অসমীয়া সংখ্যা |
|---|---|---|
| 𑜰 | ৱা-চম | ০ |
| 𑜱 | লুং | ১ |
| 𑜲 | চং | ২ |
| 𑜳 | চাম | ৩ |
| 𑜴 | চি | ৪ |
| 𑜵 | হা | ৫ |
| 𑜶 | ৰুক | ৬ |
| 𑜷 | চিত | ৭ |
| 𑜸 | পেত | ৮ |
| 𑜹 | কাও | ৯ |
| 𑜺 | চিপ | ১০ |
| 𑜏𑜰𑜫 | চাও | ২০ |
| 𑜱𑜰𑜰 | পাক | ১০০ |
| 𑜱𑜰𑜰𑜰 | ৰিং | ১০০০ |
| 𑜱𑜰𑜰𑜰𑜰 | মু'ন | ১০০০০ |
| 𑜱𑜰𑜰𑜰𑜰𑜰 | চেন | ১০০০০০ |
দহকৰ স্থান
[সম্পাদনা কৰক]টাই-আহোম ভাষাত চিপ (১০) আৰু চাও (২০)ৰ বাহিৰে বাকী দহক খিনি একক সংখ্যাবাচক শব্দৰ সৈতে গুণন কৰি ত্ৰিশ, চল্লিশ, পঞ্চাশ, ষাঠি, সত্তৰ, আশী আৰু নব্বৈ আদি সংখ্যা গঠন কৰা হয়। উদাহৰণস্বৰূপে -
- চাম (তিনি) × চিপ (দহ) = চাম চিপ (ত্ৰিশ)
- চি (চাৰি) × চিপ (দহ) = চি চিপ (চল্লিশ)
- হা (পাঁচ) × চিপ (দহ) = হা চিপ (পঞ্চাশ)
- ৰুক (ছয়) × চিপ (দহ) = ৰুক চিপ (ষাঠি)
- চিত (সাত) × চিপ (দহ) = চিত চিপ (সত্তৰ)
- পেট (আঠ) × চিপ (দহ) = পেট চিপ (আশী)
- চাও (ন) × চিপ (দহ) = চাও চিপ (নব্বৈ)
এককৰ আৰু দহকৰ স্থান মিলি হোৱা সংখ্যা
[সম্পাদনা কৰক]এঘাৰৰ পৰা ঊনৈশ আৰু একৈশৰ পৰা ঊনত্রিশৰ দৰে এককৰ আৰু দহকৰ স্থান মিলি হোৱা সংখ্যা সংখ্যাবোৰ যোগ যোৱা পদ্ধতিৰে সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে -
- চিপ (১০) + লুং (১) = চিপ লুং (১১)
- চিপ (১০) + চং (২) = চিপ চং (১২)
- চিপ (১০) + চাম (৩) = চিপ চাম (১৩)
ক্ৰমবাচক সংখ্যা
[সম্পাদনা কৰক]টাই-আহোম ভাষাত ক্ৰমবাচক সংখ্যাসমূহ (Ordinal Numerals) যোগ পদ্ধতিৰে গঠন কৰা হয়। সংখ্যাবাচক শব্দৰ আগত ‘তি-’ উপসৰ্গ যোগ কৰি ক্ৰমবাচক সংখ্যা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে -
- টি + লুং = টি-লুং (প্ৰথম)
- টি + চং = টি-চং (দ্বিতীয়)
- টি + চাম = টি-চাম (তৃতীয়)
- টি + চি = টি-চি (চতুৰ্থ)
- টি + হা = টি-হা (পঞ্চম)
- টি + ৰুক = টি-ৰুক (ষষ্ঠ)
- টি + চিত = টি-চিত (সপ্তম)
- টি + পেত = টি-পেত (অষ্টম)
- টি + কাও = টি-কাও (নৱম)
- টি + চিপ = টি-চিপ (দশম)
- টি + চাও = টি-চাও (শতক)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Borah 2020, পৃষ্ঠা. 3624–3630.
উৎস
[সম্পাদনা কৰক]- Borah, Udayan (1 Oct 2020). "(PDF) Numerals of the Tai-Ahom language". ResearchGate. পৃষ্ঠা: 3624–3630. https://www.researchgate.net/publication/352062461_Numerals_of_the_Tai-Ahom_language। আহৰণ কৰা হৈছে: 1 May 2026.
- Sharma, Nilakshi (2020). "Documentation of Tai Ahom Manuscripts: Digital Archiving of a Dead Language". DESIDOC Journal of Library & Information Technology. https://publications.drdo.gov.in/ojs/index.php/djlit/article/view/16042। আহৰণ কৰা হৈছে: 2026-05-01.[সংযোগবিহীন উৎস]
- "Documentation of Tai Ahom Manuscripts (Full Paper)". ResearchGate. https://www.researchgate.net/publication/346266192_Documentation_of_Tai_Ahom_Manuscripts_Digital_Archiving_of_Dead_Language। আহৰণ কৰা হৈছে: 2026-05-01.
- "Numerals of the Tai-Ahom Language". JETIR. 2020. https://www.jetir.org/papers/JETIR2010472.pdf। আহৰণ কৰা হৈছে: 2026-05-01.
- Jayadat, Kanokwan; Wongsathit, U-Tain (2022). "Special Orthographic Words in Tai Ahom Manuscripts". Journal of Asian Multicultural Research. https://so02.tci-thaijo.org/index.php/jam/article/view/257198। আহৰণ কৰা হৈছে: 2026-05-01.
- Grierson, G. A.. "An Ahom Cosmogony, with a Translation and a Vocabulary of the Ahom Language". Journal of the Royal Asiatic Society. https://www.cambridge.org/core/journals/journal-of-the-royal-asiatic-society/article/ix-an-ahom-cosmogony-with-a-translation-and-a-vocabulary-of-the-ahom-language/5AE9427E41517CE915B6591F7BAEC13D। আহৰণ কৰা হৈছে: 2026-05-01.
- "Endangered Archives Programme: Tai Ahom Manuscripts (EAP373)". British Library. https://eap.bl.uk/project/eap373। আহৰণ কৰা হৈছে: 2026-05-01.
- "Fixing the Chronology in Tai-Ahom Chronicles by Using Astronomical References". ResearchGate. https://www.researchgate.net/publication/354689630_FIXING_THE_CHRONOLOGY_IN_TAI-AHOM_CHRONICLES_BY_USING_ASTRONOMICAL_REFERENCES। আহৰণ কৰা হৈছে: 2026-05-01.
- "Kamarupa to Assam: Re-evaluating Ahom Origins". ResearchGate. https://www.researchgate.net/publication/376708163_KAMARUPA_TO_ASSAM_RE-EVALUATING_AHOM_ORIGINS_ROLE_IN_PRE-COLONIAL_ASSAM। আহৰণ কৰা হৈছে: 2026-05-01.