টাউ (সংখ্যা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংখ্যাৰ প্ৰকাৰসমূহঅপৰিমেয় সংখ্যা

γζ(3)√2√3√5φαeπδ

টাউ ব্যাসাৰ্ধই বৃত্তৰ পৰিসৰ হয়
বৃত্তৰ পৰিসৰ টাউ ব্যাসাৰ্ধৰ সমান
   
সংখ্যা পদ্ধতি ৰ মান নিৰ্ণয়
দ্বৈত
দশমিক ৬.২৮৩১৮৫....
ষোৰশক
সাংখ্যিক আসন্নমান
অবিৰত ভগ্নাংশ
ত্ৰিকোণমিতি

টাউ (τ) এটি অপৰিমেয় সংখ্যা। টাউৰ মূল্য কোনো কোনোৱে π/ বুলি গণ্য কৰে আৰু কোনো কোনোৱে π বুলি।

ব্যৱহাৰৰ ইতিহাস[সম্পাদনা কৰক]

চন ১৯৫৮ত এল্বাৰ্ট ইগলে প্ৰথমবাৰৰ বাবে পাইৰ সলনি টাউ ব্যৱহাৰ কৰাৰ কথা প্ৰস্তাৱিত কৰিছিল। তেওঁ এই প্ৰস্তাৱ দিছিল গাণিতিক সূত্ৰসমূহ সৰলীকৃত কৰিবলৈ। তেওঁ টাউৰ মূল্য পাইৰ আধা হ'ব লাগে বুলি কৈছিল।[1] পিচে প্ৰায় অন্য গণিতজ্ঞ আৰু লেখকে টাউৰ মূল্য বেলেগ বুলি কয়। অনেকে টাউৰ মূল্য ৬.২৮৩১৮৫....=π বুলি গণ্য কৰে। এই মূল্য এটি পাকত ৰেডিয়ানৰ সংখ্যা, ই বৃত্তৰ পৰিধিক ব্যাসাৰ্ধৰে ভাগ কৰি পোৱা মূল্য।[2][3][4] টাউৰ এই মূল্য অধিক 'প্ৰাকৃতিক' আৰু ই বহুতো গাণিতিক সূত্ৰক সৰলীকৃত কৰে।

ব্যৱহাৰ[সম্পাদনা কৰক]

  • ডিভিজৰ ফাংচন, যাৰ বাবে d বা σ0ও ব্যৱহাৰ কৰা হয়
  • স্বৰ্ণ অনুপাতত (৬.২8৮৩....), যদিও ফাই (φ) অধিক ব্যৱহৃত[5]
  • ষ্টেটিষ্টিক্সত কেণ্ডাল টাউ ৰেংক কৰিলেচন ক'এফিচিয়েণ্ট
  • ষ্টকাষ্টিক প্ৰক্ৰিয়াত সময় ৰখোৱা
  • বৃত্তৰ পৰিসৰ আৰু ব্যাসাৰ্ধৰ অনুপাত
  • নাম্বাৰ থিয়'ৰিত টাউ ফাংচন আদি

সামাজিক গুৰুত্ব[সম্পাদনা কৰক]

প্ৰতি বছৰে জুন মাহৰ ২৮ তাৰিখে টাউ দিবস উৎযাপন কৰা হয়। সেই দিনটোত অনেকে "পাইৰ দুগুন" ভক্ষণ কৰে।[6] পিচে মূল সুঁতিৰ গণিতত এতিয়াও টাউৰ ব্যৱহাৰ কম।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Eagle, Albert (1958). The Elliptic Functions as They Should be: An Account, with Applications, of the Functions in a New Canonical Form. Galloway and Porter, Ltd.. পৃষ্ঠা. ix. 
  2. Abbott, Stephen (April 2012). "My Conversion to Tauism". Math Horizons খণ্ড 19 (4): 34. doi:10.4169/mathhorizons.19.4.34. http://www.maa.org/sites/default/files/pdf/Mathhorizons/apr12_aftermath.pdf. 
  3. Palais, Robert (2001). "π Is Wrong!". The Mathematical Intelligencer খণ্ড 23 (3): 7–8. doi:10.1007/BF03026846. http://www.math.utah.edu/~palais/pi.pdf. 
  4. এবট, ষ্টিফেনৰ 'মাই কনভাৰ্জন টু টাউইজম', মেথ হৰাইজন্স
  5. সাঁচ:Mathworld
  6. "Tau Day: Why you should eat twice the pie – Light Years – CNN.com Blogs". Archived from the original on 2013-01-12. https://web.archive.org/web/20130112211136/http://lightyears.blogs.cnn.com/2012/06/28/tau-day-why-you-should-eat-twice-the-pie/। আহৰণ কৰা হৈছে: 2015-07-21. 
  7. "Life of pi in no danger – Experts cold-shoulder campaign to replace with tau". Telegraph India. 2011-06-30. http://www.telegraphindia.com/1110630/jsp/nation/story_14178997.jsp.