টাক্ৰী লিপি
Takri 𑚔𑚭𑚊𑚤𑚯 | |
---|---|
![]() চাম্বা টাকৰীত লিখা 'টাকৰী' শব্দ | |
প্ৰকাৰ | Abugida |
ভাষা | Dogri, Kangri, Chambeali, Mandeali, Bilaspuri, Kullui, Bhateali, Churahi, Kishtwari, Gaddi, Mahasui, Sirmauri, Pangwali, Bhadarwahi, Sanskrit |
সময় | প্ৰায় 16th century CE to present |
মাতৃ লিপি | |
সন্তান লিপি | Dogri |
ভগ্নী লিপি | Landa |
ISO 15924 | Takr, 321 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Takri |
ইউনিক'ড ৰে'ঞ্জ | U+11680–U+116CF |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
ব্ৰাহ্মী লিপি |
---|
ব্ৰাহ্মী লিপি আৰু ইয়াৰ উদ্ভৱসমূহ |
উত্তৰ ব্ৰাহ্মী
|
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
টাক্ৰী লিপিইংৰাজী: : Takri script(টাক্ৰী (চাম্বা): 𑚔𑚭𑚊𑚤𑚯; টাকৰী (জম্মু/ডোগ্ৰা): 𑠔𑠬𑠊𑠤𑠮; কেতিয়াবা টংকৰী 𑚔𑚭𑚫𑚊𑚤𑚯 বুলিও কোৱা হয়) হৈছে ব্ৰাহ্মিক লিপি পৰিয়ালৰ এক আবুগিদা লিখন পদ্ধতি। ই পূৰ্বে কাশ্মীৰীৰ বাবে ব্যৱহৃত শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। এই লিপি লণ্ডা লিপিৰ ভগ্নী লিপি। ইয়াৰ আন এটা ভিন্ন লিপি ডোগ্ৰা টাকৰী জম্মু অঞ্চলত ব্যৱহৃত হৈছিল (যাক ডোগ্ৰা আখৰ বুলিও জনা যায়)।[1] সমগ্ৰ হিমাচল প্ৰদেশতে বিভিন্ন প্ৰকাৰৰ টাকৰী লিপি পোৱা যায়।[2] ১৯৪০ চনৰ শেষৰ ফালে এই লিপিৰ অভিযোজিত সংস্কৰণ (যাক ডগৰি, ডোগ্ৰা বা ডোগ্ৰা আখৰ বুলি কোৱা হয়) জম্মু-কাশ্মীৰৰ দেশীয় ৰাজ্যখনত ডগৰি লিখাৰ আনুষ্ঠানিক লিপি আছিল। ইতিহাসৰ বুকুত বৰ্তমান হিমাচল প্ৰদেশৰ বিভিন্ন ৰাজ্যই নিজৰ অভিলেখ ৰক্ষাৰ বাবে নিজস্ব বৈচিত্ৰ্য ব্যৱহাৰ কৰিছিল। হিমাচল প্ৰদেশৰ ছিৰমৌৰ আৰু উত্তৰাখণ্ডৰ কাষৰীয়া অঞ্চল জৌনছাৰ-বাৱাৰত ব্যৱহৃত টাকৰী লিপিৰ কিছু বৈশিষ্ট্যগত পাৰ্থক্য আছে।
ইতিহাস
[সম্পাদনা কৰক]১৪ শতিকাৰ পৰা ১৮ শতিকাৰ ভিতৰত শাৰদ লিপিৰ দেৱাশেষ পৰ্যায়ৰ মাজেৰে টাক্ৰী বৰ্ণমালাৰ বিকাশ ঘটিছিল[3] আৰু ইয়াক প্ৰধানকৈ চাম্বা[4] আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া ৰাজ্যসমূহত ব্যৱহিত হৈছিল। স্থানীয় টাকৰী লিপিৰ বিভিন্ন ৰূপ পঞ্জাৱৰ পাহাৰীয়া ৰাজ্যৰ কিছুমান ঠাইত চৰকাৰী লিপিৰ মৰ্যাদা লাভ কৰে আৰু ১৯ শতিকালৈকে প্ৰশাসনিক আৰু সাহিত্যিক দুয়োটা উদ্দেশ্যতে ব্যৱহাৰ কৰা হৈছিল।[3] ১৯৪৮ চনৰ পিছত যেতিয়া হিমাচল প্ৰদেশ স্বতন্ত্ৰ প্ৰশাসনিক ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হয়, তেতিয়াৰ পৰা বিভিন্ন স্থানীয় তাকৰী লিপিৰ ঠাইত দেৱনাগৰী ব্যৱহাৰ কৰা হয়।
টাকৰী লিপি ঐতিহাসিকভাৱে পশ্চিম হিমালয়ৰ কেইবাটাও পশ্চিমীয়া পাহাৰী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হৈছে, যেনে গাদ্দী বা গাদ্কী (গাড্ডী জনগোষ্ঠীৰ ভাষা), কিষ্টৱাৰী (কাশ্মীৰীৰ এটা ভাষা বা সম্ভৱতঃ অতি স্বকীয় উপভাষা, যিটো ভাষাত জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ অঞ্চলত কোৱা হয়) আৰু চাম্বেলি (হিমাচল প্ৰদেশৰ চাম্বা অঞ্চলৰ ভাষা)। কাংগৰা আৰু বিলাসপুৰ অঞ্চলকে ধৰি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ব্যৱসায়িক ৰেকৰ্ড আৰু যোগাযোগৰ বাবে টাকৰী আটাইতকৈ প্ৰচলিত লিপি আছিল।[5] ভাৰতৰ স্বাধীনতাৰ প্ৰাৰম্ভিক কাল (১৯৫০−৮০)ৰ সময় ছোৱাৰ পৰাই টাকৰী লিপিৰ পৰা দেৱনাগৰীলৈ স্থানান্তৰ হোৱা পৰিলক্ষিত হয়।
পুনৰুজ্জীৱন আন্দোলন
[সম্পাদনা কৰক]টাক্ৰী লিপি অব্যৱহৃত হৈ যোৱাৰ পিছৰে পৰা[6] হিমাচল প্ৰদেশত এই লিপি পুনৰুজ্জীৱিত কৰিবৰ বাবে নানান ধৰনৰ প্ৰচেষ্টা চলি আহিছে। শেহতীয়াকৈ হিমাচলীসকলক এই লিপি শিকোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।[7]
চলচ্চিত্ৰতো টাক্ৰী (টাংকৰী) লিপি ব্যৱহাৰ কৰা হৈছিল। ২০১৭ চনৰ এপ্ৰিল মাহত মুক্তি পোৱা অজয় কে শাক্লনীৰ পৰিচালনাত পশ্চিম পাহাৰীৰ হিমাচালী উপভাষাত সাঁঝ নামৰ প্ৰথমখন ছবিৰ শিৰোনাম আৰু আৰম্ভণিৰ ক্ৰেডিটত টাক্ৰী লিপি ব্যৱহাৰ কৰা হৈছিল। হিমাচল প্ৰদেশত, চাম্বা[8] আৰু কুল্লু, কংৰা আৰু চিমলাৰ দৰে জিলাত কম পৰিসৰত কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।[9] ধৰ্মশালাত অৱস্থিত সম্ভ (দেৱনাগৰী:सांभ) নামৰ এটা সংস্থাই এই লিপিৰ পুনৰুজ্জীৱিত কৰাৰ বাবে সিদ্ধান্ত লৈছে।[10]
আমান কি আশাৰ উদ্যোগত চিমলাৰ পৰা মুৰীলৈ এটা পশ্চিম পাহাড়ী কৰিড'ৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ উদ্দেশ্য হিমাচল প্ৰদেশ, জম্মু, আজাদ কাশ্মীৰ আৰু পটোহাৰ মালভূমিৰ পশ্চিম পাহাড়ী ভাষাভিত্তিক অঞ্চলসমূহক সংযোগ কৰি টাক্ৰী লিপিক পুনৰুজ্জীৱিত কৰা।[11][12]
ৰাষ্ট্ৰীয় পাণ্ডুলিপি অভিযান যোজনাৰ অধীনত হিমাচল প্ৰদেশ চৰকাৰে পাণ্ডুলিপি সম্পদ কেন্দ্ৰ স্থাপন কৰিছে আৰু এতিয়ালৈকে টাক্ৰীত থকা পাণ্ডুলিপিকে ধৰি ১.২৬ লাখ (১,২৬,০০০) পাণ্ডুলিপিৰ তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক ডিজিটেলাইজ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।[13]
আঞ্চলিক জাত
[সম্পাদনা কৰক]টাক্ৰী কেইবাটাও আঞ্চলিক জাত বা ৰূপ আছে, “প্ৰতিখন পাহাৰীয়া ৰাজ্য বা অঞ্চলৰ নিজস্ব শৈলী বিদ্যমান”। আঞ্চলিক লিপি আৰু ইহঁতে প্ৰতিনিধিত্ব কৰা ভাষাৰ বানানৰো যথেষ্ট তাৰতম্য বিদ্যমান। ভাষা সমুহৰ নামো সলনি হৈছে, যাৰ ফলত গ্ৰীয়াৰ্ছন আৰু অন্যান্য উৎসত ব্যৱহৃত নামসমূহ বৰ্তমানৰ প্ৰচলিত ৰূপৰ পৰা পৃথক। ভাষা আৰু ইয়াৰ লগত জড়িত টাক্ৰীৰ ৰূপ চিনাক্তকৰণত সহায় কৰিবলৈ তলৰ ভাষাৰ নামসমূহ ISO639-3 ক'ড ব্যৱহাৰ কৰি চিহ্নিত কৰা হৈছে। আঞ্চলিক ৰূপবিলাকৰ প্ৰতিনিধিত্ব কৰা টাক্ৰীৰ নমুনাও উল্লেখ কৰা হৈছে।
ভটিয়ালি [bht]: ভটিয়ালি, ভটিয়ালি
চাম্বেলি [cdh]: চাম্বিয়ালি, চামেআলি, চামিয়ালি
ডোগ্ৰা [dgo], [doi]: ডোগ্ৰী
গাদ্দী [gbk]: ভৰমৌৰী, গাদী
গহৰি [bfu]: বুনান
জৌনছাৰী [jns]
কাংৰি [xnr]: কাংৰি
কিন্নৌৰী [kjo]: কনৌৰী
কিষ্টৱাৰী [কাছ]: কাষ্টৱাৰী
কুল্ভি [kfx]: কুল্লু, কুলুই, কুল্বী
মহাসু [bfz]: কোচি, কিউন্থালী
মাণ্ডেআলি [mjl]: হিমাচালি, মাণ্ডী
ছিৰমৌৰী [srx]
ইউনিকোডৰ বাবে প্ৰামাণিক হিচাপে চাম্বেলি সংস্কৰণ নিৰ্বাচিত কৰা হৈছিল।
ছিৰমৌৰী আৰু জৌনছাৰীৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ টাক্ৰী ইউনিক'ডত সংকেতকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।[14]
সংখ্যা
[সম্পাদনা কৰক]আৰবী সংখ্যা | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
টাক্ৰী সংখ্যা | 𑛀 | 𑛁 | 𑛂 | 𑛃 | 𑛄 | 𑛅 | 𑛆 | 𑛇 | 𑛈 | 𑛉 |
ইউনিক'ডত
[সম্পাদনা কৰক]২০১২ চনত ইউনিক'ড ষ্টেণ্ডাৰ্ডত টাক্ৰী লিপি যোগ কৰা হৈছিল (সংস্কৰণ ৬.১)।
টাক্ৰী[1][2] ইউনিক’ড চাৰ্ট (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1168x | 𑚀 | 𑚁 | 𑚂 | 𑚃 | 𑚄 | 𑚅 | 𑚆 | 𑚇 | 𑚈 | 𑚉 | 𑚊 | 𑚋 | 𑚌 | 𑚍 | 𑚎 | 𑚏 |
U+1169x | 𑚐 | 𑚑 | 𑚒 | 𑚓 | 𑚔 | 𑚕 | 𑚖 | 𑚗 | 𑚘 | 𑚙 | 𑚚 | 𑚛 | 𑚜 | 𑚝 | 𑚞 | 𑚟 |
U+116Ax | 𑚠 | 𑚡 | 𑚢 | 𑚣 | 𑚤 | 𑚥 | 𑚦 | 𑚧 | 𑚨 | 𑚩 | 𑚪 | 𑚫 | 𑚬 | 𑚭 | 𑚮 | 𑚯 |
U+116Bx | 𑚰 | 𑚱 | 𑚲 | 𑚳 | 𑚴 | 𑚵 | 𑚶 | 𑚷 | 𑚸 | 𑚹 | ||||||
U+116Cx | 𑛀 | 𑛁 | 𑛂 | 𑛃 | 𑛄 | 𑛅 | 𑛆 | 𑛇 | 𑛈 | 𑛉 | ||||||
টোকা |
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Grierson, George A. (1904). "On the Modern Indo-Aryan Alphabets of North-Western India" (en ভাষাত). Journal of the Royal Asiatic Society of Great Britain & Ireland. Royal Asiatic Society of Great Britain and Ireland. পৃষ্ঠা. 67. https://books.google.com/books?id=TPgAAAAAYAAJ&q=Jammu+Takri&pg=PA67.
- ↑ Pandey, Anshuman (6 April 2009). "Proposal to Encode the Takri Script in ISO/IEC 10646". Working Group Document, ISO/IEC JTC1/SC2/WG2. https://www.unicode.org/L2/L2009/09111-takri.pdf। আহৰণ কৰা হৈছে: 11 March 2024.
- ↑ 3.0 3.1 Pandey, Anshuman (2009-03-25). "N3545: Proposal to Encode the Sharada Script in ISO/IEC 10646". Working Group Document, ISO/IEC JTC1/SC2/WG2. https://unicode.org/L2/L2009/09074r-n3595-sharada.pdf। আহৰণ কৰা হৈছে: 11 March 2024.
- ↑ Magotra, Shika; Kaushik, Baijnath; Kaul, Ajay (2020). "A Comparative analysis for identification and classification of text segmentation challenges in Takri Script". Sādhanā খণ্ড 45 (146). doi:10.1007/s12046-020-01384-4. https://www.ias.ac.in/article/fulltext/sadh/045/0146.
- ↑ Brara, Sarita (26 July 2019). "Breathing new life into forgotten scripts". The Hindu Business Line. https://www.thehindubusinessline.com/specials/india-interior/himachal-pradeshs-lipis-breathing-new-life-into-forgotten-scripts/article28725663.ece.
- ↑ "Tankri once the language of royals, is now dying in Himachal Pradesh". Hindustan Times. 27 January 2006. Archived from the original on 2017-02-02. https://web.archive.org/web/20170202021135/https://www.highbeam.com/doc/1P3-982214571.html.
- ↑ "Ancient scripts of Indian Mountains fights for survival". Zee News. 16 February 2006. http://zeenews.india.com/home/ancient-script-of-indian-mountains-fights-for-survival_275913.html। আহৰণ কৰা হৈছে: 2017-01-09.
- ↑ "Reviving 'Takri' script of the yore". The Tribune (India). 8 February 2020. Archived from the original on 27 November 2021. https://web.archive.org/web/20211127022503/https://www.tribuneindia.com/news/himachaltribune/reviving-takri-script-of-the-yore-37869.
- ↑ "Workshop at Shimla". https://www.namami.gov.in/.
- ↑ Thakur, Naresh K (9 March 2015). "Ancient delight: Heritage enthusiasts develop fonts for fading 'Takri' script". Hindustan Times. https://www.hindustantimes.com/punjab/ancient-delight-heritage-enthusiasts-develop-fonts-for-fading-takri-script/story-2wyd1I4EMraq3C1NNSeeaP.html.
- ↑ "Dreaming of peace dividends: Revival of Shimla-Murree linkages". Aman Ki Asha. 14 July 2019. http://amankiasha.com/dreaming-of-peace-dividends-revival-of-shimla-murree-linkages/। আহৰণ কৰা হৈছে: 11 March 2024.
- ↑ Sharma, Vishal (7 June 2019). "Dreaming of peace dividends: Revival of Shimla-Murree linkages". The Wire. http://thewire.in/culture/india-pakistan-peace-shimla-murree-corridor/.
- ↑ Bodh, Anand (21 August 2016). "Himachal makes efforts to save its cultural heritage". Times of India. https://timesofindia.indiatimes.com/city/shimla/Himachal-makes-efforts-to-save-its-cultural-heritage/articleshow/53794457.cms.
- ↑ Pandey, Anshuman (28 March 2018). "Preliminary proposal to encode Sirmauri in Unicode". https://www.unicode.org/L2/L2018/18085-sirmauri.pdf। আহৰণ কৰা হৈছে: 11 March 2024.