সমললৈ যাওক

টাগিন জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাগিন
মুঠ জনসংখ্যা
৬২,৯৩১ (২০১১ চনৰ লোকপিয়ল মতে)[1]
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত N/A
          

Arunachal Pradesh

N/A
 চীন N/A
          

Tibet Autonomous Region

N/A
ভাষাসমূহ

টানি ভাষা

ধৰ্ম

সংখ্যাগৰিষ্ঠ: ডনি-প'ল
,সংখ্যালঘু: খ্ৰীষ্টান ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

তিব্বতী জনগোষ্ঠী, নিছি জনগোষ্ঠী, আপাতানী জনগোষ্ঠী, টানি জনগোষ্ঠী, লোবা জনগোষ্ঠী

টাগিন জনগোষ্ঠী ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশটানি জাতিৰ অন্যতম প্ৰধান জনজাতি। উত্তৰ-পূব ভাৰতৰ টাগিনসকলক এটা বৃহত্তম জনগোষ্ঠীক বুজায়। টাগিনসকল আবুতানী (আবু - 'পিতৃ', তানী - 'পূৰ্বপুৰুষৰ নাম') বৃহত্তৰ পদবীৰ সদস্য। টাগিনলোকসকলৰ বেছিভাগে ডনি প'ল ধৰ্মৰ অনুগামী। কিছুসংখ্যক টাগিন লোক খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা দেখা যায়।

টাগিনসকল আপাৰ সোৱণশিৰি জিলাৰ প্ৰধান জনগোষ্ঠী।[2]তেওঁলোক বিশেষকৈ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং, পাপুম পৰে আৰু কাষৰীয়া জিলাসমূহত লগতে অৰুণাচল প্ৰদেশৰ কাষৰীয়া তিব্বতৰ কিছু অঞ্চলতো বিয়পি থকা দেখা যায়।

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ৬২,৯৩১জন টাগিন লোক আছে। চীন অধীনস্থ তিব্বতত কেইহাজাৰমান টাগিন লোক থকাৰ সম্ভাৱনা আছে। তাগিনসকলৰ মাজত ডুচোক, মোছিং-মোছু, তামিন (নাকাম, নায়াম, নেভা, নেগিয়া নুটিক, মিণ্ডি (নাচি আৰু নালো) আৰু জাপো), লেয়ু, ৰেৰি, নাটাম-গ্যাদু (বাগাং), নাহ, গ্যামা, তাচে-তাগিয়া, তাছি, দুই, টপো, টানি-টাটৰ, চেৰম-চেৰা, বুনিং, হেচে, কোডাক-কোনিয়া, নালো, পম্বু, বাগাং (নাচো, নাজী, চিংমিং আদি), আইয়েং (পায়েং), পাজি, গামছিং, কোজুম আবু আদি।

টাগিন মানুহসকলে নিজৰ স্থানীয় উপভাষা বাংনি-তাগিন কয়। যদিও ইহঁতৰ মাজত সুৰৰ ভিন্নতা আছে কিন্তু এই ভিন্নতাই ইজনে সিজনক বুজিবলৈ কোনো বাধাৰ সৃষ্টি নকৰে।

টাগিন লোকসকল পৰম্পৰাগত মূলতঃ চি-ডনিক ধৰ্ম হিচাপে অনুসৰণ কৰা হৈছিল। চি-ডনিক উৎপত্তি চি (পৃথিৱী), আৰু ডনি (সূৰ্য্য)ৰ পৰা হৈছে। যিয়ে আধ্যাত্মিক দেৱতাৰ ৰূপত জীৱবাদ আৰু আচাৰ-ব্যৱহাৰমূলক প্ৰকৃতিৰ পূজা অনুসৰণ কৰে য’ত বেদীত বিশেষ ধৰণৰ জীৱ-জন্তু বা কুকুৰা বলি দিয়া হয়। বাঁহ আৰু কাঠৰ পাতৰ পৰা তৈয়াৰী যোগ-যোগিং কৰা হয়। এইবোৰ বিশেষ পাত বা লতা ভৰ্তি আকৃতিৰ থাকে। তেওঁলোকৰ আত্মাবোৰে খং নকৰে আৰু নিজৰ দয়ালু ৰূপত ৰাখে। জন্মগতভাৱে নিজৰ শক্তিৰে জন্ম লোৱা পুৰোহিত বা নিবু (শ্বেমান)সকলেই আন জগতৰ মাজত যোগাযোগ আৰু আলোচনা কৰে। তেওঁলোকৰ মাজৰ এই জগতৰ পৰা আন জগতলৈ দূত থাকে।

টাগিনসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল চি-ডনি উৎসৱ। য'ত পৃথিৱীৰ দেৱতা(চি) আৰু সূৰ্য্যৰ দেৱী(ডনি) ভগৱান হিচাপে মনি পূজা কৰা হয়।[3]প্ৰতি বছৰে ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ছি-ডনি উৎসৱ উদযাপন কৰা হয়। ইয়াক আগন্তুক নতুন বছৰৰ সৈতে মানৱ জাতিৰ মংগলৰ বাবে উদযাপন কৰা হয়। এই অনুষ্ঠানসমূহত নিবু(স্থানীয় পুৰোহিতে) সভাপতিত্ব আৰু উউয়ু বেনাম (আকাশী গীত) জপ কৰি অনুষ্ঠান সম্পাদন কৰে। সমাজৰ সামগ্ৰিক শান্তি আৰু সমৃদ্ধিৰ বাবে দেৱ-দেৱীৰ আগত মিথুন বলিদান দিয়া হয়।

সংস্থাসমূহ

[সম্পাদনা কৰক]

টাগিন কালচাৰেল ছ’চাইটি (টিচিএছ) আৰু টাগিন ৱেলফেয়াৰ ছ’চাইটি (টিডব্লিউএছ) জনজাতিটোৰ মূল অভিভাৱক সংগঠন। ইয়াৰ উপৰিও অল টাগিন ষ্টুডেণ্টছ ইউনিয়ন(ATSU) আৰু অল টাগিন যুথ অৰ্গেনাইছন(ATYO) নামৰ যুৱ/ছাত্ৰ গোট আছে। টি ডব্লিউ এছ বা টি চি এছৰ বহুতো উপগোটও আছে যিবোৰে ৰাজ্যখনৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰি আহিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Table A-11 Primary Census Abstract for Scheduled Tribes: Arunachal Pradesh". Registrar General and Census Commissioner of Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/42951/download/46619/ST-1200-PCA-A-11-ddw.xlsx. 
  2. Upper Subansiri District Census Handbook, Part A, Directorate of Census Operations, Arunachal Pradesh, 2011, p. 27, https://censusindia.gov.in/2011census/dchb/DCHB_A/12/1205_PART_A_DCHB_UPPER%20SUBANSIRI.pdf 
  3. Mahendra Naran Karna (1998). Social Movements in North-East India. Indus Publishing. পৃষ্ঠা. 64. ISBN 81-212-0334-1. https://openlibrary.org/books/OL509621M/Social_movements_in_North-East_India.