টাটিয়ানা আলী
| টাটিয়ানা আলী | |
|---|---|
২০১২ চনত আলী | |
| জন্ম | টাটিয়ানা মাৰিচোল আলী জানুৱাৰী ২৪ , ১৯৭৯ (৪৭ বছৰ) নৰ্থ বেলমোৰ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (বিএ) |
| পেচা | অভিনেত্ৰী, গায়িকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৭–বৰ্তমান |
| দাম্পত্যসঙ্গী | ভন ৰাসবেৰী (বি. ২০১৬) |
| সন্তান | ২ |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | আৰ এণ্ড বি |
| লেবেল | এমজেজে, ৱৰ্ক গ্ৰুপ |
টাটিয়ানা মাৰিচোল আলী (ইংৰাজী: Tatyana Marisol Ali; জন্ম: ২৪ জানুৱাৰী, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ ১৯৯০ চনৰপৰা ১৯৯৬ চনলৈ এনবিচিৰ চিটকম দ্য ফ্ৰেছ প্ৰিন্স অৱ বেল-এয়াৰত এশলী বেংকছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ টিভি ৱানৰ মূল ধাৰাবাহিক লাভ দ্যাট গাৰ্ল! ত টাইনা জোনছ হিচাপে অভিনয় কৰিছিল আৰু ২০০৭ চনৰপৰা ২০১৩ চনলৈ চিবিএছৰ ছোপ অপেৰা দ্য ইয়ং এণ্ড দ্য ৰেষ্টলেছত ৰোক্সেনৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৩ চনত তেওঁ লাইফটাইমৰ গিভিং হোপ: দ্য নি'কোলা মিচেল ষ্টোৰীত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]টাটিয়ানা আলীৰ জন্ম ১৯৭৯ চনৰ ২৪ জানুৱাৰীত নিউয়ৰ্কৰ নৰ্থ বেলমোৰত হৈছিল।[1][2] তেওঁ মিশ্ৰিত আফ্ৰিকান আৰু দক্ষিণ এছীয় মূলৰ (ডুগলা), এজন ইণ্ডো-ট্ৰিনিডাদিয়ান পিতৃ আৰু এগৰাকী আফ্ৰো-পানামানিয়ান মাতৃৰ সন্তান।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৫ চনত ছয়বছৰীয়া আলিয়ে পিবিএছৰ শিশুৰ শৈক্ষিক কাৰ্যসূচী চিচেমি ষ্ট্ৰীটত এগৰাকী নিয়মীয়া শিল্পী হিচাপে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ এই কাৰ্যকালত জাজ সংগীতৰ মহাতাৰকা হাৰ্বি হেনককৰ সৈতে একেলগে ভূমুকি মাৰিছিল, যিয়ে আলীৰ কণ্ঠৰ নমুনা ব্যৱহাৰ কৰি তেওঁৰ ফেয়াৰলাইট চিএমআই চিহ্নাচাইজাৰ প্ৰদৰ্শন কৰিছিল। তেওঁ ষ্টাৰ চাৰ্চৰ দুটা খণ্ডতো উপস্থিত হৈছিল, যাৰ এটা খণ্ডত তেওঁ মাৰভিন গে আৰু টামি টেৰেলৰ জনপ্ৰিয় গীত "এইণ্ট নো মাউণ্টেন হাই এনাফ" পৰিৱেশন কৰিছিল।
১৯৯০ চনত তেওঁ এনবিচি টেলিভিছনৰ চিটকম দ্য ফ্ৰেছ প্ৰিন্স অৱ বেল-এয়াৰত এশলী বেংকছৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায় আৰু ইয়াৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। ১৯৯০ চনৰপৰা ১৯৯৬ চনলৈ ধাৰাবাহিকখনৰ সমগ্ৰ চলিত সময়ছোৱাত তেওঁ এই চৰিত্ৰটোত অভিনয় কৰিছিল।
আলীৰ কণ্ঠৰ প্ৰতিভা ফ্ৰেছ প্ৰিন্সৰ পৰৱৰ্তী ছিজনৰ কেইবাটাও খণ্ডত প্ৰদৰ্শিত হৈছিল, যাৰ বাবে শ্ব’টোৰ তাৰকা উইল স্মিথে তেওঁক সংগীতৰ কেৰিয়াৰ গঢ়াৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব নেকি বুলি সুধিছিল। অৱশ্যে তেওঁ সেই সময়ত অভিনয় জীৱনতে মনোনিৱেশ কৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ধাৰাবাহিকখনৰ অন্তিম ছিজনত আলিয়ে কেইবাটাও গীত পৰিৱেশন কৰিছিল আৰু তেওঁৰ সংগীতৰ আত্মপ্ৰকাশৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল। ইয়াৰ পৰিণতিস্বৰূপে ১৯৯৮ চনত তেওঁৰ প্ৰথম এলবাম কিছ দ্য স্কাই মুক্তি পায়। ১৯৯৯ চনৰ আৰম্ভণিতে মুক্তিৰ মাত্ৰ কেইমাহমানৰ পিছতে ই গোল্ড চাৰ্টিফিকেট লাভ কৰে আৰু ইয়াৰপৰা ৰডনী "ডাৰ্কচাইল্ড" জাৰ্কিন্সৰ প্ৰযোজনাত নিৰ্মিত জনপ্ৰিয় একক গীত "ডেড্ৰিমিং" ২১ জুলাই, ১৯৯৮ চনত মুক্তি পায়। এই গীতটোৱে বিলবৰ্ড হট ১০০ত ৬ নম্বৰ স্থান লাভ কৰিছিল আৰু ইউকে চিংগল চাৰ্টতো স্থান পাইছিল। এই এলবামটোৰপৰা যুক্তৰাজ্যত আৰু দুটা জনপ্ৰিয় গীত ওলাইছিল— উইল স্মিথৰ সৈতে "বয় ইউ নক মি আউট" (যিটো ৩ নম্বৰ স্থান পাইছিল আৰু এতিয়ালৈকে তেওঁৰ আটাইতকৈ ডাঙৰ হিট) আৰু "এভৰিটাইম", যিটো যুক্তৰাজ্যত তেওঁৰ তৃতীয়টো শীৰ্ষ-২০ হিট আছিল। তেওঁ স্মিথৰ এলবাম উইলেনিয়ামৰ "হু এম আই" নামৰ ট্ৰেকটোত এমচি লাইটৰ সৈতে একেলগে অংশ লৈছিল। ২০০৫ চনত ইণ্ডি ফিল্ম ৰকিং মীৰাৰ বাবে তেওঁ টেৰেন্স কোৱেটছৰ সৈতে শীৰ্ষক গীত "চানী ভেলেণ্টাইন" পৰিৱেশন কৰিছিল। ২০০৮ চনৰ আৰম্ভণিতে তেওঁ বাৰাক ওবামাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰক সমৰ্থন কৰা উইল.আই.এম-ৰ প্ৰকল্প "য়েছ উই কেন" গীতটোত অংশ লৈছিল। তেওঁ ইয়াৰ সংগীত ভিডিঅ’টোতো অভিনয় কৰিছিল। ২০১৪ চনৰ জানুৱাৰীত আলিয়ে হেল্ল’ শীৰ্ষক এটা ইপি (EP) মুক্তি দিয়ে, যাৰ প্ৰথম একক গীত আছিল "ৱেইট ফৰ ইট।" ২০১৪ চনৰ ৪ ফেব্ৰুৱাৰীত তেওঁ দ্য আৰ্চেনিঅ’ হল শ্ব’ত এই গীতটো পৰিৱেশন কৰিছিল।
সংগীতৰ উপৰি আলিয়ে দ্য ব্ৰাদাৰ্ছ, গ্ল’ৰী ৰোড আৰু নোৰাছ হেয়াৰ চেলুনৰ দৰে চলচ্চিত্ৰত অভিনয় অব্যাহত ৰাখিছিল। ২০০৯ চনৰপৰা ২০১০ চনলৈ তেওঁ বিইটি ৱেব ছিৰিজ বাপিজ প্ৰযোজনা কৰাৰ লগতে অভিনয়ো কৰিছিল। ২০০৭ চনৰপৰা ২০১৩ চনলৈ চিবিএছৰ ছোপ অপেৰা দ্য ইয়ং এণ্ড দ্য ৰেষ্টলেছত তেওঁ ৰোক্সেনৰ চৰিত্ৰত অভিনয় কৰিছিল। আলিয়ে টিভি ৱানৰ মূল ধাৰাবাহিক লাভ দ্যাট গাৰ্ল! ত টাইনা হিচাপে অভিনয় কৰিছিল। ২০১৩ চনত তেওঁ ক্ৰেগ ৱায়ানছ আৰু ডেমিয়ান ডাণ্টে ৱায়ানছৰ সৈতে বিইটি কমেডী চেকেণ্ড জেনেৰেচন ৱায়ানছত মায়া হিচাপে অভিনয় কৰে।
২০১১ চনত আলিয়ে লছ এঞ্জেলছৰ কেৰিবিয়ান হেৰিটেজ অৰ্গেনাইজেচনৰপৰা লিভিং লেগেচি বঁটা লাভ কৰে।[4][5]
২০১৬ চনৰ জুলাই মাহত আলিয়ে ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু দাবী কৰিছিল যে কোম্পানীটোৱে তেওঁৰ দ্য ৰিয়েল নামৰ শ্ব’টোৰ ধাৰণাটো চুৰি কৰিছে।[6] ২০১৭ চনৰ ফেব্ৰুৱাৰীত এই গোচৰটো খাৰিজ কৰা হয়।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ ১৯৯৫ চনৰপৰা ২০০১ চনলৈ অভিনেতা জনাথন ব্ৰেণ্ডিছৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।[8][9]
আলীয়ে ১৯৯৭ চনত দ্য বাকলি স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু ২০০২ চনত আফ্ৰিকান-আমেৰিকান ষ্টাডিজ আৰু চৰকাৰ বিষয়ত কলা শাখাৰ স্নাতক (বিএ) ডিগ্ৰী লাভ কৰে।[10] ২০১৫ চনৰ ৩ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত গেম শ্ব’ দ্য চেজৰ এটা চেলিব্ৰিটি সংস্কৰণত আলীয়ে উল্লেখ কৰিছিল যে তেওঁৰ মূল বিষয় আছিল ৰাজনীতি বিজ্ঞান।
তেওঁ বাৰাক ওবামাৰ ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰৰ মুখপাত্ৰ হিচাপে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু কলেজ কেম্পাছবোৰত ভোটাৰ পঞ্জীয়ন অভিযানৰ নেতৃত্ব দিছিল।[11][12]
২০১৬ চনৰ মাৰ্চ মাহত আলীয়ে ঘোষণা কৰে যে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপক ভন ৰাসবেৰীৰ সৈতে তেওঁৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ হৈছে। তেওঁলোকৰ চিনাকি ই-হাৰমনীৰ জৰিয়তে হৈছিল।[13] তেওঁলোকে তেওঁলোকৰ প্ৰথম সন্তান আগমনৰ বাতৰিও একেলগে ঘোষণা কৰিছিল।[14] ২০১৬ চনৰ ১৭ জুলাইত কেলিফৰ্ণিয়াৰ বেভাৰ্লি হিলচত তেওঁ আৰু ৰাসবেৰী বিবাহপাশত আবদ্ধ হয়।[15][16] তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছে।[17][18] ৰাসবেৰী বৰ্তমান ষ্টেনফৰ্ডৰ সহযোগী অধ্যাপক আৰু স্নাতক শিক্ষা বিভাগৰ সহযোগী ভাইচ প্ৰভোষ্ট।[19]
আলী জেটা ফাই বিটাৰ এগৰাকী সন্মানীয় সদস্য; ২০২৪ চনৰ ২৭ জুলাইত ইণ্ডিয়ানাপলিছত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁক এই মৰ্যাদা প্ৰদান কৰা হয়।[20]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rose, Mike (January 24, 2023). "Today's famous birthdays list for January 24, 2023 includes celebrities Neil Diamond, Aaron Neville". Cleveland.com. https://www.cleveland.com/entertainment/2023/01/todays-famous-birthdays-list-for-january-24-2023-includes-celebrities-neil-diamond-aaron-neville.html। আহৰণ কৰা হৈছে: January 24, 2023.
- ↑ Vasquez, Whitney (May 22, 2019). "Will Smith's 'Aladdin' Premiere Transforms Hollywood Into One Big Arabian Night". Yahoo! Entertainment (Yahoo!). https://www.yahoo.com/entertainment/smith-aladdin-premiere-transforms-hollywood-140257439.html.
- ↑ "Happy Birthday, Tatyana Ali". People Magazine. January 24, 2017. Archived from the original on March 31, 2019. https://web.archive.org/web/20190331002335/https://www.peoplemagazine.co.za/celebrity-news/happy-birthday-tatyana-ali/। আহৰণ কৰা হৈছে: January 20, 2019.
- ↑ Ofole-Prince, Samantha (August–September 2011). Wheaton, Robert. ed. "The talented Ms. Ali:an interview with Tatyana". CaribPress Newsmagazine (Los Angeles): 5. Archived from the original on October 9, 2018. https://web.archive.org/web/20181009052649/http://www.caribpress.com/2011/08/17/the-talented-ms-ali-an-interview-with-tatyana-2/। আহৰণ কৰা হৈছে: August 17, 2011.
- ↑ Wheaton, Robert (August–September 2011). Wheaton, Robert. ed. "Caribbean Heritage Salute in Hollywood". CaribPress Newsmagazine (Los Angeles): 21. http://www.caribpress.com/2011/08/16/caribbean-heritage-salute-in-hollywood/। আহৰণ কৰা হৈছে: August 17, 2011.[সংযোগবিহীন উৎস]
- ↑ Pedersen, Erik (July 16, 2016). "'Fresh Prince' Actress Sues Warner Bros Claiming It Used Her Idea For 'The Real'". Deadline Hollywood. https://deadline.com/2016/07/the-real-lawsuit-fresh-prince-bel-air-tatyana-ali-warner-bros-1201787591/। আহৰণ কৰা হৈছে: October 13, 2017.
- ↑ Evans, Greg (February 24, 2017). "Court Tosses Tatyana Ali Lawsuit Claiming 'The Real' Was Her Idea". https://deadline.com/2017/02/tatyana-ali-verdict-the-real-lawsuit-1201973723/.
- ↑ Jewel, Dan (July 8, 1996). "Young Love". People. http://www.people.com/people/archive/article/0,,20141725,00.html। আহৰণ কৰা হৈছে: August 23, 2022.
- ↑ "Tatyana Ali and Late Actor Jonathan Brandis's Relationship Timeline, Explained". July 3, 2024. https://popculture.com/celebrity-couples/news/tatyana-ali-and-late-actor-jonathan-brandiss-relationship-timeline-explained/.
- ↑ "Tatyana Ali Shares Her Black Experience at Harvard University". BET. December 12, 2012. https://www.bet.com/article/oy80xc/tatyana-ali-shares-black-experience-at-harvard-university.
- ↑ "Tatyana Ali wants young people to know their voice counts". 9news.com. August 8, 2008. http://www.9news.com/news/story.aspx?storyid=98624&catid=188.
- ↑ Baker, Mike (April 9, 2008). "NC Voter Registrations Surge". seattletimes.com. http://seattletimes.com/html/politics/2004337247_apvoterregistration.html.
- ↑ Drysdale, Jennifer (April 13, 2019). "'Fresh Prince of Bel-Air' Star Tatyana Ali Pregnant With Baby No. 2". https://www.etonline.com/fresh-prince-of-bel-air-star-tatyana-ali-pregnant-with-baby-no-2-123354.
- ↑ Harrison, Lily (April 1, 2016). "Fresh Prince of Bel-Air's Tatyana Ali Reveals She's Engaged—and Pregnant". E! Entertainment Television. http://www.eonline.com/news/753106/fresh-prince-of-bel-air-s-tatyana-ali-reveals-she-s-engaged-and-pregnant/.
- ↑ Dugan, Christina (July 17, 2016). "Tatyana Ali Marries Dr. Vaughn Rasberry". People.com. http://www.people.com/article/tatyana-ali-wedding-vaughn-rasberry। আহৰণ কৰা হৈছে: July 19, 2016.
- ↑ Hautman, Nicholas (July 17, 2016). "Tatyana Ali Marries Vaughn Rasberry". Us Magazine. http://www.usmagazine.com/celebrity-news/news/fresh-prince-of-bel-airs-tatyana-ali-marries-vaughn-rasberry-w429556। আহৰণ কৰা হৈছে: July 19, 2016.
- ↑ "Tatyana Ali Welcomes Son Edward". People.com. September 23, 2016. https://people.com/parents/tatyana-ali-welcomes-son-edward-aszard/। আহৰণ কৰা হৈছে: October 3, 2019.
- ↑ Cronin, Colleen (October 2, 2019). "Tatyana Ali Welcomes Second Son Alejandro". People.com. https://people.com/parents/tatyana-ali-welcomes-son-alejandro-vaughn/। আহৰণ কৰা হৈছে: October 3, 2019.
- ↑ "Vaughn Rasberry named associate vice provost for graduate education". Stanford University. April 25, 2022. https://news.stanford.edu/stories/2022/04/professor-vaughn-rasberry-named-faculty-associate-vice-provost-graduate-education। আহৰণ কৰা হৈছে: November 25, 2024.
- ↑ "Zeta Phi Beta Sorority Incorporated Announces Newest Class of Honorary Members". Prnewswire.com. https://www.prnewswire.com/news-releases/zeta-phi-beta-sorority-incorporated-announces-newest-class-of-honorary-members-302208069.html। আহৰণ কৰা হৈছে: September 4, 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত টাটিয়ানা আলী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- টাটিয়ানা আলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।