টানাগ্ৰা (শ্ৰুতিকথা)
টানাগ্ৰা (/ˈtanəgrə/; প্ৰাচীন গ্ৰীক: Τανάγρα বা Τάναγραν,[1] ইংৰাজী: Tanagra) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2]
পৰিয়াল
[সম্পাদনা কৰক]টানাগ্ৰা পেলাছগাছ (পেলাগন[3]), কৰ্চাইৰা, ইছমেনাছ, কালচিছ, চালামিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[4] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5]
শ্ৰুতিকথা
[সম্পাদনা কৰক]টানাগ্ৰাই বয়'টিয়াৰ টানাগ্ৰা চহৰৰ প্ৰতিষ্ঠাপক প'মেণ্ডাৰক বিয়া কৰাছিল আৰু তেওঁৰ স্বামীয়ে তেওঁ পত্নীৰ নামেৰে চহৰ খনৰ নাম ৰাখিছিল। দম্পতীহালৰ দুজন পুত্ৰ আছিল: লিউচিপাছ আৰু ইফিপাছ। কিছুমান বিৱৰণীত হাৰ্মিছে টানাগ্ৰাক লাভ কৰিবৰ বাবে মুষ্টিযুদ্ধ প্ৰতিযোগিতাত আৰেছৰ সৈতে যুঁজিছিল। হাৰ্মিছ জয়ী হৈ তেওঁক টানাগ্ৰা চহৰলৈ লৈ যায় আৰু পিছলৈ তেওঁৰ নামেৰেই চহৰখনৰ নামকৰণ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
- ↑ 2.0 2.1 Diodorus Siculus, 4.72.1.
- ↑ Apollodorus, 3.12.6.
- ↑ Diodorus Siculus, 4.73.1.
- ↑ Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447