টানিয়া মেল্লেট
টানিয়া মেল্লেট (ইংৰাজী: Tania Mallet; জন্ম: ১৯ মে', ১৯৪১ – ৩০ মাৰ্চ, ২০১৯)[1] এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ ১৯৬৪ চনৰ জেমছ বণ্ডৰ বোলছবি গ'ল্ডফিংগাৰত টিলী মাষ্টাৰচনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
আদি জীৱন আৰু পূৰ্বপুৰুষ
[সম্পাদনা কৰক]মেল্লেটৰ জন্ম ১৯ মে', ১৯৪১ চনত ব্লেকপুলত হৈছিল। তেওঁ ৰাছিয়ান সম্ভ্ৰান্ত মহিলা তথা প্ৰাক্তন কোৰাছ গাৰ্ল অলগা পেট্ৰ’ভনা নিচোবিয়া মিৰনফ (১৯২০–১৯৮৩) আৰু ইংৰাজ কোটিপতি গাড়ী বিক্ৰেতা হেনৰী মেল্লেটৰ (১৯০৯–১৯৮৩) কন্যা আছিল।[2][3][4] তেওঁৰ মাতৃৰফালৰ ককাক পিয়তৰ ভাচিলিয়েভিচ মিৰনভ (১৮৮৪–১৯৫৭) এজন নিৰ্বাসিত ৰাছিয়ান অভিজাত শ্ৰেণীৰ সদস্য আৰু ৰাছিয়ান ইম্পেৰিয়েল আৰ্মীৰ কৰ্ণেল আছিল; তেওঁৰ গাগাৰিনৰ ওচৰত এখন বিশাল পাৰিবাৰিক সম্পত্তি আছিল। ৰাছিয়ান বিপ্লৱ চলি থকাৰ সময়ত তেওঁ দ্বিতীয় নিকোলাছৰ সেৱাত লণ্ডনত এজন কূটনীতিবিদ হিচাপে কৰ্মৰত আছিল আৰু পিছলৈ যুক্তৰাজ্যতে থাকি যোৱাৰ সিদ্ধান্ত লৈছিল।[5][6] তেওঁৰ মাক আছিল কাউণ্টেছ লিডিয়া আন্দ্ৰেভনা কামেন্সকায়া (১৮৪৮–১৯২৮), যিগৰাকী নিজেও এগৰাকী ৰাছিয়ান অভিজাত মহিলা আৰু নেপোলিয়নৰ যুদ্ধৰ এজন বিশিষ্ট ৰাছিয়ান জেনেৰেল কাউণ্ট মিখাইল ফেডোটোভিচ কামেন্সকীৰ বংশধৰ আছিল।[7][8] টানিয়া মেল্লেটে অট’গ্ৰাফ দিয়াৰ সময়ত নিজৰ নামটোত দুটা "-tt" ব্যৱহাৰ কৰিছিল আৰু ১৯৬৮ চনত লুচি ক্লেটন মডেল হিচাপে তেওঁৰ মডেলিং কাৰ্ডত "Tania Mallett" বুলি উল্লেখ আছিল। তেওঁৰ সতীয়া ভাতৃ পল আৰু পিটাৰ দুয়োজনে নিজৰ নামত 'Mallett' বুলি লিখে। তেওঁ অভিনেত্ৰী হেলেন মিৰেনৰ খুড়াক/বৰদেউতাকৰ জীয়ৰী আছিল; তেওঁৰ মাতৃ অলগা পেট্ৰ’ভনা মিৰনভা আৰু মিৰেনৰ পিতৃ ভাচিলী পেট্ৰ’ভিচ মিৰনভ ভাই-ভনী আছিল।[9][10] মেল্লেটে ইংলেণ্ড আৰু ফ্ৰান্স দুয়োখন দেশতে শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ মাক-দেউতাকৰ বিবাহ বিচ্ছেদ ঘটিছিল আৰু মাতৃয়ে পিছলৈ প্ৰৱঞ্চক জৰ্জ ডচনক বিবাহ কৰাইছিল, যিয়ে জালিয়াতিৰ বাবে তিনি বছৰ কাৰাবাস খাটিছিল।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]
মেল্লেটে এগৰাকী অভিনেত্ৰী হোৱাৰ আগতে মডেল হিচাপে কাম কৰিছিল,[10] আৰু ১৯৬১ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত ব্ৰিটিছ সংস্কৰণৰ ভৌগৰ বেটুপাতত চাৰিবাৰকৈ স্থান পাইছিল।[11] ইয়াৰ উপৰি তেওঁ ১৯৬১ চনত মুক্তি পোৱা মাইকেল উইনাৰৰ চুটি ছবি গাৰ্লছ গাৰ্লছ গাৰ্লছত এগৰাকী মডেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[12]
জানিব পৰা মতে, মেল্লেটে ফ্ৰম ৰাছিয়া উইথ লাভ (১৯৬৩) বোলছবিখনত টাটিয়ানা ৰোমানোভাৰ চৰিত্ৰৰ বাবে অডিচন দিছিল; আধা-ৰাছিয়ান হোৱা সত্ত্বেও তেওঁৰ ইংৰাজী উচ্চাৰণৰ বাবে তেওঁ সেইবাৰ সফল হ'ব পৰা নাছিল।[10]
বোলছবিখনৰ ব্যাৱসায়িক আৰু সমালোচনাত্মক সফলতা সত্ত্বেও, গ'ল্ডফিংগাৰ আছিল মেল্লেটৰ একমাত্ৰ ডাঙৰ বোলছবি চৰিত্ৰ।[10] ইয়াত তেওঁ হত্যাৰ বলি হোৱা জিল মাষ্টাৰচনৰ (শ্বাৰ্লি ইটন) প্ৰতিশোধ ল'বলৈ অহা ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ নিজৰ চৰিত্ৰটো গ'ল্ডফিংগাৰৰ সহযোগী অডজবে তীখাৰ কাণ থকা টুপীৰে হত্যা কৰিছিল।[12] তেওঁৰ আন এটা অভিনয়ৰ কাম আছিল ১৯৭৬ চনত নিউ এভেঞ্জাৰ্ছৰ খণ্ড "দ্য মিডাছ টাচ"ত ছাৰা হিচাপে কৰা এটা অস্বীকৃত উপস্থিতি।[3]
মেল্লেটে পুনৰ মডেলিংলৈ উভতি যোৱাৰ আৰু পৰৱৰ্তী বোলছবিৰ প্ৰস্তাৱসমূহ নাকচ কৰাৰ দুটা কাৰণ দৰ্শাইছিল। গ'ল্ডফিংগাৰৰ দৃশ্যগ্ৰহণৰ সময়ত চুক্তিবদ্ধ হৈ থকাৰ বাবে তেওঁৰ ব্যক্তিগত স্বাধীনতাত আৰোপ কৰা বাধা-নিষেধসমূহ তেওঁ ভাল পোৱা নাছিল, যাৰ ভিতৰত আছিল বিদেশ ভ্ৰমণ কৰিব নোৱাৰা বা ঘোঁৰাত উঠিব নোৱাৰাটো। লগতে তেওঁ কৈছিল যে ছবিখনৰ বিনিময়ত পোৱা ধন আছিল "ভয়ংকৰ।" তেওঁক আৰম্ভণিতে সপ্তাহত ৫০ পাউণ্ডৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু কঠিন আলোচনাৰ অন্তত তেওঁ নিজৰ মাচুল সপ্তাহত ১৫০ পাউণ্ডলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, কিন্তু তথাপি তেওঁ হতাশ হৈছিল কাৰণ মডেল হিচাপে তেওঁ প্ৰতিদিনাই তেনে পৰিমাণৰ ধন উপাৰ্জন কৰিছিল।[3][12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মেল্লেটে ১৯৭৬ চনত চাইমন ৰেডক্লিফৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ সন্তানকেইটিৰ মাহী মাক হয়। ২০১৬ চনত ৰেডক্লিফৰ মৃত্যুৰ লৈকে তেওঁলোক বিবাহিত হৈ আছিল।[13] এয়া মেল্লেটৰ দ্বিতীয় বিবাহ আছিল।[3]
মেল্লেটৰ ভগ্নী (খুড়াক/বৰদেউতাকৰ জীয়ৰী) হেলেন মিৰেনে তেওঁৰ আত্মজীৱনীত মেল্লেটক "অসম্ভৱ ধুনীয়া আৰু দয়ালু" বুলি বৰ্ণনা কৰিছে। লগতে তেওঁক এগৰাকী "বিশ্বস্তু আৰু উদাৰ ব্যক্তি" বুলি অভিহিত কৰিছে যিয়ে মডেলিংৰপৰা পোৱা উপাৰ্জনেৰে ভায়েকৰ শিক্ষাৰ খৰচ বহন কৰিছিল আৰু মাকক আৰ্থিকভাৱে সহায় কৰিছিল।[12][14]:49
মৃত্যু
[সম্পাদনা কৰক]মেল্লেটৰ ২০১৯ চনৰ ৩০ মাৰ্চত ৭৭ বছৰ বয়সত মৃত্যু হয়।[10][15][16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ England & Wales, Civil Registration Birth Index, 1916–2007
- ↑ "Family tree of Tania Mallet". https://gw.geneanet.org/tdowling?lang=en&pz=timothy+michael&nz=dowling&p=tania&n=mallet.
- 1 2 3 4 5 Manby, Christine (6 May 2019). "Tania Mallet: The Blackpool Bond girl who shunned Hollywood". The Independent. https://www.independent.co.uk/news/obituaries/tania-mallet-bond-girl-james-bond-goldfinger-model-hollywood-a8894951.html.
- ↑ "Olga MIRONOFF b. Est 1909: Mallett Family History". https://www.mallettfamilyhistory.org/tng/getperson.php?personID=I3879&tree=M05.
- ↑ Pendreigh, Brian (5 April 2019). "Obituary: Tania Mallet, actress and model who was a Bond girl in Goldfinger". The Herald (Glasgow). https://www.heraldscotland.com/opinion/17553521.obituary-tania-mallet-actress-and-model-who-was-a-bond-girl-in-goldfinger/.
- ↑ https://dzen.ru/a/X70SWAtK-AFJwEpF
- ↑ Lahr, John (2 October 2006). "Command Performance: The reign of Helen Mirren". The New Yorker. https://www.newyorker.com/archive/2006/10/02/061002fa_fact1। আহৰণ কৰা হৈছে: 24 October 2010.
- ↑ James, Susan E. (28 September 2006). "Behind the Scene:God Save The Queen". The Los Angeles Times. https://www.latimes.com/socal/la-canada-valley-sun/news/tn-vsl-xpm-2006-09-28-lap-queen0921-story.html.
- ↑ Mirren 2007, পৃষ্ঠা. 48, 256.
- 1 2 3 4 5 "Goldfinger actress dies aged 77". BBC News. 1 April 2019. https://www.bbc.co.uk/news/entertainment-arts-47772012.
- ↑ "A Life in Vogue: Remembering Sixties Cover Girl Tania Mallet". 3 April 2019. https://www.vogue.co.uk/gallery/tania-mallet-remembered.
- 1 2 3 4 Pulver, Andrew (1 April 2019). "Tania Mallet, Tilly Masterson in James Bond film Goldfinger, dies aged 77". The Guardian. https://www.theguardian.com/film/2019/apr/01/tania-mallet-dies-tilly-masterson-goldfinger-james-bond.
- ↑ "Tania Mallet, model and actress best known as Tilly Masterson in 'Goldfinger' – obituary". The Telegraph. 3 April 2019. https://www.telegraph.co.uk/obituaries/2019/04/03/tania-mallet-model-actress-best-known-tilly-masterson-goldfinger/.
- ↑ Mirren, Helen (2007). In the Frame: My Life in Words and Pictures. প্ৰকাশক New York: Atria Books.
- ↑ Ramos, Dino-Ray (31 March 2019). "Tania Mallet Dies: Model And 'Goldfinger' Actress Was 77". Deadline Hollywood. https://deadline.com/2019/03/tania-mallet-dead-model-james-bond-goldfinger-actress-obituary-1202585981/.
- ↑ Bond, James (31 March 2019). "We are very sorry to hear that Tania Mallet who played Tilly Masterson in GOLDFINGER has passed away. Our thoughts are with her family and friends at this sad time.pic.twitter.com/gMkqqheGJ7". https://twitter.com/007/status/1112469415650648066.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- টানিয়া মেল্লেট সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
