টানি জাতি
টানি জাতি (ইংৰাজী: Tani people) হ'ল চীন আৰু উত্তৰপূৰ্ব ভাৰতৰ আদি, আপাটানি, গালো, মিছিং, নিছি, আৰু টাগিন জনগোষ্ঠীসমূহ মিলি হোৱা এটা জাতি। চীনা-তিব্বতীয় জনগোষ্ঠীৰ সদস্য হিচাপে তেওঁলোকে বিভিন্ন টানি ভাষাসমূহ কয় আৰু মূলতঃ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লগতে উত্তৰপূৰ্ব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যত বাস কৰে।[1] প্ৰায় ২১.৭ লাখ জনসংখ্যাৰে টানি জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম।[2] চীন চৰকাৰে টানি জনগোষ্ঠীক লোবা জনগোষ্ঠীৰ অধীনত শ্ৰেণীভুক্ত কৰে।
![]() | ||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | ||||||
---|---|---|---|---|---|---|
| ||||||
ভাষাসমূহ | ||||||
ধৰ্ম | ||||||
দনি পল, খ্ৰীষ্টান ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম |
বুৰঞ্জী
[সম্পাদনা কৰক]অৰুণাচল প্ৰদেশ আৰু উচ্চ অসমৰ অধিকাংশ বাসিন্দা ছয়টা টানি জনগোষ্ঠীৰ ( নিছি , আদি , গালো , অপতানি , টাগিন , আৰু মিছিং ) অন্তৰ্গত। যিসকল আবোটানীৰ বংশধৰ বুলি কোৱা হয় ৷ মাংস আৰু ঊলৰ বিনিময়ত টানি জনগোষ্ঠীৰ লোকসকলে তিব্বতীসকলৰ লগত তৰোৱাল আৰু অন্যান্য ধাতুৰ ব্যৱসায় কৰাৰ বাবে তিব্বতৰ প্ৰাচীন পুথিভঁৰালসমূহত টানি জনগোষ্ঠীৰ কিছু ইতিহাস লিপিবদ্ধ হৈ আছে ।
উৎস
[সম্পাদনা কৰক]- ↑ Riba, T. (2013). Shifting Cultivation and Tribal Culture of Tribes of Arunachal Pradesh, India. Practice-oriented Area Studies Series. Rubi Enterprise. পৃষ্ঠা. 13. ISBN 978-984-33-7304-5. https://books.google.com/books?id=YVADAQAAQBAJ&pg=PP13। আহৰণ কৰা হৈছে: January 31, 2025.
- ↑ "North East India Tribal Odyssey ~ A journey across the region to visit the life, culture, traditions and heritage of the indigenous people of Assam, Meghalaya, Arunachal Pradesh and Nagaland". Kaziranga National Park and Tiger Reserve ~ Tour Packages & Safari Bookings Official. February 14, 2019. https://kaziranganationalparkassam.in/north-east-india-tribal-odyssey-a-journey-across-teh-region-to-visit-the-life-culture-traditions-and-heritage-of-the-indigenous-people-of-assam-meghalaya-arunachal-pradesh-and-nagaland/। আহৰণ কৰা হৈছে: January 31, 2025.