সমললৈ যাওক

টান্দুৰ নান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টন্দুৰ নান
প্ৰকাৰ টান্দূৰ ৰুটি
উৎপত্তিৰ স্থান

টান্দুৰ নান(ইংৰাজী: :Tandyr nan ) হৈছে মধ্য এছিয়াৰ এবিধ জনপ্ৰিয় ৰুটি।[1][2] এই বোৰ এটি উলম্ব মাটিৰ চৌকাত তৈয়াৰ কৰা হয়। এই মাটিৰ চৌকা বিধক টান্দূৰ বা তন্দূৰ বুলিও জনা যায় । এই নান বোৰ গোলকাৰ আকৃতিৰ আৰু ইয়াক ইষ্টৰ সহযোগত সাধাৰণ উত্তাপতে ফুলাই তৈয়াৰ কৰা হয়। তাপ পালে ইয়াৰ পৃষ্ঠভাগ সোণালী আৰু খচখচীয়া হৈ উঠে। ৰুটিবোৰ বিশেষ আকৃতিৰ সাজত দি আকাৰ দিয়া হয় আৰু ইয়াক আকৰ্ষণীয় আৰু সোৱাদ কৰিবলৈ তাৰ ওপৰত তিল, কালজিৰা বা পাতলকৈ কটা পিঁয়াজ আদি যোগ কৰা হয়।[3]

প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]

সাধাৰণতে নান তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ডাঙৰ টান্দূৰ ঘৰৰ বাহিৰত স্থাপন কৰা থাকে। ইয়াত নানৰ উপৰিও মাংস আদি ৰান্ধিবলৈও ব্যৱহাৰ কৰা। ভাৰতীয় টান্দূৰ বিপৰীতে, মধ্য এছিয়াত টান্দুৰক উলম্ব বা অনুভূমিক অৱস্থানত সাজি লোৱা হয় যদিও উলম্ব টান্দূৰত হে সদায় নান বা ৰুটি বেক কৰা হয়। ইয়াত ৰুটিখন টান্দুৰৰ ভিতৰৰ বেৰত এৰি নপৰাকৈ লগাই আবদ্ধ কৰি ৰখা হয়।[1] পৰম্পৰাগতভাৱে টেঙা পিঠাগুৰিৰ ষ্টাৰ্টাৰৰপৰা বা ব্ৰুয়াৰ ঈষ্টৰ পৰা খমিৰ উৎপন্ন কৰিব পাৰি।[1]এই নান বা ৰুটিৰ কেইবাটাও ভিন্নতা আছে, যেনে উইঘুৰ গোছ নান আৰু তুৰ্কমেন আটলি নানআদি। নান বনুৱা লোকসকলক ননভয় (nonvoy) বুলি কোৱা হয়।[4]

নান তৈয়াৰ কৰোঁতে সাধাৰণতে এটা গোলাকাৰ সাজত বিন্দুৰ নক্সা দি সজাই তোলা হয়। এই ডিজাইনটো উজবেকিস্তানত চেকিচ বা তুৰ্কমেনিস্তান বা জিনজিয়াঙৰ উইঘুৰসকলে দুৰ্টলিক বুলি জনাজাত ডাকটিকটৰ সহায়ত তৈয়াৰ কৰে।[1][4] প্ৰতিটো বেকাৰীৰ নানক এটা সুকীয়া ডিজাইন দিয়াৰ উপৰি চেকিচে সৃষ্টি কৰা ফুটাবোৰ মাথোঁ নানৰ শোভা বৰ্দ্ধনৰ বাবে নহয়— ই নানটোৰ ভিতৰৰ সমতলত থকা মাখনৰপৰা বাষ্প সঠিকভাৱে ওলোৱাতো সহায় কৰে। চেকিচৰ উপৰি বসমা নামেৰে জ্ঞাত আন এটা সঁজুলিও নান বনাবলৈ ব্যাপকভাবে ব্যৱহাৰ হয়, যাৰ সহায়ত নানৰ ওপৰত ৰশ্মিৰ দৰে (radial) কাঁটনি বা বিন্দুৰ নক্সা সজাই দিয়া হয়। বসমা সাধাৰণতে বাইচকেলৰ শলাকা পুনৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা দেখা যায়।[1][3] কিছুমান নান বনোৱা লোকে নানৰ পৃষ্ঠত কেইবাবাৰো চেকিচ ব্যৱহাৰ কৰে।[3] উৎসৱমুখৰ অনুষ্ঠানৰ বাবে নানত অধিক অলংকৰণ বা ৰঙা, হালধীয়া আদি ৰং যোগ কৰি তৈয়াৰ কৰা হয়। বাগদান বা বিবাহ অনুষ্ঠানত খোৱা নানবোৰ আকৌ সাধাৰণতে গোলাপী আৰু হালধীয়া ৰঙেৰে সজোৱা হয়, যাৰ প্ৰতীকি অৰ্থ শুভ আৰু সুখ।[3][4]

সাংস্কৃতিক তাৎপৰ্য্য

[সম্পাদনা কৰক]

উজবেকিস্তান সংস্কৃতিত নানৰ সাংস্কৃতিক গুৰুত্ব অতি বেছি আৰু জীৱনৰ পৰ্যায়সমূহ চিহ্নিত কৰা বহু অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হয়। নৱজাত শিশুৰ দীৰ্ঘ জীৱনৰ প্ৰাৰ্থনা কৰি শিশুটিৰ মূৰৰ তলত নান ৰাখি থোৱা হয়, আৰু খোজ কাঢ়িবলৈ শিকা শিশুসকলৰ জীৱন-যাত্ৰাত ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ দুয়োটা ভৰিৰ মাজত নান ৰাখি থোৱা হয়। নান বিবাহ অনুষ্ঠানত এক অপৰিহাৰ্য খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। বিয়াৰদিনা দৰা-কইনাই পৃথকে পৃথকে একোটাকৈ নানত কামোৰ দিয়ে, আৰু পাছদিনা ৰাতিপুৱা স্বামী-স্ত্ৰী হিচাপে সেই নান শেষ কৰে পুৱাৰ আহাৰৰ সময়ত। পুত্ৰই সামৰিক সেৱালৈ বা বিদেশত কাম কৰিবলৈ বা পঢ়িবলৈ যোৱাৰ সময়তো একেধৰণৰ পৰম্পৰা ৰক্ষা কৰা হয়: পুত্ৰই দুটা নান কামুৰি থব আৰু তেওঁ ঘূৰি নহালৈকে সেই নান শুকুৱাই ঘৰৰ চিলিঙত ওলোমাই থোৱা হয়।[3][4]

নানক এটা অত্যন্ত পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ খাদ্য বস্তু হিচাপে গণ্য কৰা হয়। ইয়াক মাটিত ৰাখিব নালাগে বা দা’ৰে কটা নিষিদ্ধ- প্ৰায় হাতেৰে ভাঙি খোৱা হয়। যদি নান ভুলতে মাটিত পৰি যায়, তেন্তে তাক চুবুৰিত থকা কোনো দেৱাল বা গছত আৰি দিয়া হয় যাতে ইয়াক চৰাই-চিৰিকটিয়ে খাব পাৰে আৰু উচ্চস্বৰত ‘আয়ছ আল্লাহ’ (ঈশ্বৰৰ ৰুটি) বুলি বাক্যাংশটো মাতিবলৈ দিয়া হয়।[3]

  • কাজাখ, কিৰ্গিজ: নান (ৰুটি), টাণ্ডিৰ নান (тандыр нан)
  • তাজিক: নন (нон)
  • তুৰ্কমেন: টামডিৰ চোৰেক
  • উইঘুৰ: নান (бэн), টোনুৰ নান (тонүр нан)
  • উজবেক: নন, টাণ্ডিৰ নন
  • চীনা: náng (馕; 饢)
  • ৰাছিয়ান: lepyoshka (лепёшка), tandyrnaya lepyoshka (тандырная лепёшка)

ওবি নন বা লেপিঅ'স্কা (лепёшка, "ফ্লেটব্ৰেড"), আফগান, তাজিক আৰু উজবেক খাদ্যৰ এক প্ৰকাৰৰ চেপেটা বা ফ্লেটব্ৰেড। ইয়াৰ আকৃতি কাহীঁৰ দৰে আৰু নানতকৈ ডাঠ। টেণ্ডিৰ নামৰ মাটিৰ অভেনত ওবি নন বেক কৰা হয়।[5][6]

টোহাক্স

[সম্পাদনা কৰক]

টোহাক্স (тоқаш/toqkash, токоч, توغاচ, Тоғач, Samarqand noni/Самарқанд нони), যাক toqach বা toghach বুলিও কোৱা হয়, চীনৰ জিনজিয়াং উইঘুৰ স্বায়ত্তশাসিত অঞ্চল [7]ৰ ভিতৰত, লগতে মধ্যাঞ্চলৰ বহু অঞ্চলত(কাজাখাস্তান, কিৰ্গিস্তান, উজবেকিস্তান) খোৱা এক প্ৰকাৰৰ টেণ্ডিৰ ৰুটি ।[8]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Pasqualone, Antonella (2018-03-01). "Traditional flat breads spread from the Fertile Crescent: Production process and history of baking systems". Journal of Ethnic Foods খণ্ড 5 (1): 10–19. doi:10.1016/j.jef.2018.02.002. ISSN 2352-6181.
  2. "Recipe: Tandyr nan – British-Kazakh Society". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305082818/http://bksoc-shop.org.uk/blogs/news/18863979-recipe-tandyr-nan আহৰণ কৰা হৈছে: 2019-01-13.
  3. 1 2 3 4 5 6 Hansen, Eric (15 July 2015). "The Fabled Flatbreads of Uzbekistan". Aramco World. https://www.aramcoworld.com/articles/2015/the-fabled-flatbreads-of-uzbekistan আহৰণ কৰা হৈছে: 8 December 2023.
  4. 1 2 3 4 "You Can Have Your Bread and Stamp It Too" (en ভাষাত). Atlas Obscura. https://www.atlasobscura.com/foods/chekich-bread-stamp আহৰণ কৰা হৈছে: 2023-12-08.
  5. "Obi-Non (Lepyoshka)". orexca.com/. Archived from the original on 27 July 2018. https://web.archive.org/web/20180727115321/https://orexca.com/cuisine_non.shtml আহৰণ কৰা হৈছে: 20 February 2010.
  6. Mehnat. "Uzbek National Cuisine". http://www.uzbekcuisine.com/breads.html আহৰণ কৰা হৈছে: 20 February 2010.
  7. "Xinjiang Restaurant". Archived from the original on 2018-09-03. https://web.archive.org/web/20180903010857/http://xinjiangrestaurant.com/xinjiang-uyghur-food/ আহৰণ কৰা হৈছে: 2019-01-09.
  8. В. В. Похлебкин, Национальные кухни наших народов, Москва, Центрполиграф, 2004, আই.এচ.বি.এন. 5-9524-2783-9, আই.এচ.বি.এন. 978-5-9524-2783-9 (William Pokhlyobkin, National Cuisines of our Peoples, Moscow, Centrpoligraf, 2004).