টান ঙাং
টান ঙাং (ꯇꯟ ꯉꯥꯡ) (টান আঙাংবা (ꯇꯟ ꯑꯉꯥꯡꯕ) বুলিও কোৱা হয়)[1] হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰৰ মেইটেই খাদ্যৰ অন্তৰ্গত এবিধ পম্পৰাগত ৰুটি ভাজি। ইয়াক সাধাৰণতে ময়দা আৰু দৈৰে তৈয়াৰ কৰা হয়। টান ঙাং ভাৰতীয় পুৰিৰ সৈতে মিল আছে আৰু ইয়াক প্ৰায়ে ছানা থংপা বা কেলি চানাৰ দৰে তৰকাৰীৰ সৈতে বিশেষকৈ ব্ৰেকফাষ্টত পৰিবেশন কৰা হয়।[2][3]
সামগ্ৰীসমূহ
[সম্পাদনা কৰক]টান ঙাঙৰ মূল উপাদানসমূহ হ’ল এক কাপ ময়দা, দুচামুচ ডাঠ দৈ, সোৱাদ অনুসৰি নিমখ, আৰু কোমল কৰাৰ বাবে প্ৰয়োজন অনুসৰি পানী। ৰুটিখন ডিপ ফ্ৰাই কৰিবলৈ তেলৰ প্ৰয়োজন হয়।[2][3]
প্ৰস্তুতি
[সম্পাদনা কৰক]টান ঙাং প্ৰস্তুত কৰিবলৈ প্ৰথমে এটা বাটিত ময়দা আৰু নিমখ মিহলাই লোৱা হয়। তাৰ পিছত দৈ যোগ কৰা হয়, আৰু মিশ্ৰণটো লাহে লাহে পানীৰে গুড়ি কৰি কোমল, লেপলেপীয়া নোহোৱাকৈ লডা গঠন কৰা হয়। লডাটো সৰু সৰু অংশত ভাগ কৰি হাতৰ তলুৱাত লৈ ঘিলা আকৃতিত প্ৰায় তিনি ইঞ্চি ব্যাসৰ বৃত্তৰ দৰে চেপেটা কৰি লোৱা হয়।[2][3]
ডিপ ফ্ৰাইৰ বাবে কেৰাহীত তেল গৰম কৰা হয়। প্ৰতিটো চেপেটা লডা গৰম তেলৰ ভিতৰত লাহে লাহে দিয়া হয়। ফুটাযুক্ত চামুচ ব্যৱহাৰ কৰি পুৰিটো লাহে লাহে টিপি বৃত্তাকাৰ গতিৰে লৰচৰ কৰি ওপৰত গৰম তেল ঢালি দিয়া হয়। ইয়াৰ ফলত ৰুটি ফুলি উঠে। এবাৰ ফুলিলে সিটো ফালে ওলোটাই সোণালী বৰণৰ হোৱালৈকে ভাজি লোৱা হয়। পুৰি ভংগুৰ নহ’বলৈ দুমিনিটতকৈ বেছি সময় ভাজি নাথাকিব লাগে।[2][3]
ভজাৰ পিছত তেলৰ পৰা টান ঙাং উলিয়াই বহল পাত্ৰত থোৱা হয়। বাকী থকা লডাৰ বাবে সকলো পুৰি হোৱালৈকে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰা হয়।[2][3]
পৰিবেশন
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে টান ঙাং গৰমে গৰমে পৰিবেশন কৰা হয়। ইয়াৰ লগত সাধাৰণতে মণিপুৰী ব্যঞ্জন যেনে সনা থংবা বা আন তৰকাৰী যেনে কলা দেশী চানাও দিয়া হয়। বিশেষকৈ ব্ৰেকফাষ্টৰ খাদ্য হিচাপে ই জনপ্ৰিয়।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Datta, Swarnavo (2026-01-23) (en ভাষাত). The Great Indian Tiffin Box: Food, Stories and Flavours from Across the Country. Penguin Random House India Private Limited. পৃষ্ঠা. 91. ISBN 978-93-7303-421-8. https://books.google.co.in/books?id=hRSzEQAAQBAJ&pg=PA91&dq=tan+angangba&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&ovdme=1&sa=X&sqi=2&ved=2ahUKEwia46vBieCSAxX1_aACHRskJbkQ6AF6BAgLEAM#v=onepage&q=tan%20angangba&f=false.
- 1 2 3 4 5 6 PJ, Padmajha (2018-09-23). "Tan Ngang Recipe | Manipuri Style Puri Recipe" (en-US ভাষাত). Seduce Your Tastebuds.... https://seduceyourtastebuds.com/2018/09/tan-ngang-recipe-manipuri-style-puri-recipe-2.html। আহৰণ কৰা হৈছে: 2026-02-17.
- 1 2 3 4 5 6 Doshi, Archana (2017-03-23). "Manipuri Style Tan Ngang Recipe - Refined Flour/Maida Indian Puri Recipe Recipe - Complete Guide" (en ভাষাত). Archana's Kitchen. https://www.archanaskitchen.com/recipe/manipuri-style-tan-ngang-recipe-refined-flour-maida-indian-puri-recipe। আহৰণ কৰা হৈছে: 2026-02-17.