সমললৈ যাওক

টিংখং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টিংখং
Tingkhong
বিধানসভা সমষ্টি
টিংখং চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যোৱা নাহৰকটীয়া-মৰাণ পথ
টিংখং চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যোৱা নাহৰকটীয়া-মৰাণ পথ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
কালি
 • মুঠ
১৬.৫ বৰ্গকিমি (৬.৪ বৰ্গমাইল)
উচ্চতা
১১৬ মিটাৰ (৩৮১ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ
২,৩৬,৫৭১
 • ঘনত্ব ১৪,০০০/km (৩৭,০০০/sq mi)

টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি।[1] টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ নিলগত আৰু আটাইতকৈ ওচৰৰ ৰে'ল ষ্টেচন হল নাহৰকটীয়া ষ্টেচন।

টিংখংৰ স্থানাংক হল 27°08′N 95°06′E / 27.13°N 95.10°E / 27.13; 95.10 আৰু সাগৰ পৃষ্ঠৰ পৰা ১১৬ মিটাৰ ওপৰত অৱস্থিত।

যাতায়ত

[সম্পাদনা কৰক]

নাহৰকটীয়া ৰে'ল ষ্টেচন টিংখংৰ পৰা প্ৰায় ২৬ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় , নাহৰকটীয়া, মৰাণ, ৰাজগড়ৰ পৰা নিয়মীয়া বাছ চলাচল কৰে।

অৰ্থনীতি

[সম্পাদনা কৰক]

টিংখংৰ বেছি ভাগ মানুহে ধান আৰু চাহৰ খেতি কৰে। অঞ্চল খনত বহুতো চাহ বাগিচা আছে। এই অঞ্চলত বাস কৰা প্ৰায় সকলো মানুহৰ ঘৰত ক্ষুদ্ৰ চাহ বাগিচা আছে।

বিধান সভাৰ সদস্য

[সম্পাদনা কৰক]
বৰ্ষ নাম দল
১৯৬৭ বি. গগৈ সংযুক্ত সমাজবাদী দল
১৯৭২ ৰাজেন্দ্ৰ নাথ ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ ভদ্ৰেশ্বৰ গগৈ জনতা দল
১৯৮৫ অতুল চন্দ্ৰ কোচ নিৰ্দলীয়
১৯৯১ পৃথিৱী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ এটোৱা মুণ্ডা
২০০১
২০০৬ অনুপ ফুকন অগপ
২০১১ এটোৱা মুণ্ডা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ বিমল বৰা[2] বিজেপি
২০২১

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]