টি.এছ. কনক
| Thanjavur Santhanakrishna Kanaka | |
|---|---|
| জন্ম | ৩১ মাৰ্চ, ১৯৩২ Chennai |
| মৃত্যু | ১৪ নৱেম্বৰ, ২০১৮ (৮৬ বছৰ) চেন্নাই |
| অন্য নাম | তঞ্জোৰ সন্থানা কৃষ্ণ কনক কনক সন্থানাকৃষ্ণ |
| শিক্ষানুষ্ঠান | মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয় |
| পেচা | নিউৰ’চাৰ্জন |
| জনা যায় | এছিয়াৰ প্ৰথমগৰাকী মহিলা স্নায়ুচাৰ্জন |
টি.এছ. কনক (ইংৰাজী: T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন,[1][2][3][4] আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।[5] ভাৰতৰ প্ৰথমগৰাকী স্নায়ুচাৰ্জন যিয়ে মগজুত ক্ৰনিক ইলেক্ট্ৰ'ড ইমপ্লাণ্ট কৰিছিল,[6] ১৯৭৫ চনৰ পৰাই তেওঁ প্ৰথমগৰাকীয়ে deep brain stimulation কৰিছিল।[7] ১৯৬০ আৰু ১৯৭০ চনত অধ্যাপক বালাসুব্ৰমণিয়াম, অধ্যাপক এছ কল্যাণৰমনৰ সৈতে কাৰ্য্যকৰী স্নায়ুচাৰ্জাৰীৰ পথ প্ৰদৰ্শক আছিল;[7] আৰু তেওঁৰ গৱেষণা আৰু ষ্টেৰিঅ'টেকটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অৱদানৰ বাবে স্বীকৃতি লাভ কৰে।[6] মাদ্ৰাজ নিউৰ' ট্ৰাষ্টৰ লাইফটাইম এচিভমেণ্ট বঁটাও লাভ কৰিছে।[8]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মাদ্ৰাজত সন্থাকৃষ্ণ আৰু পদ্মৱতীৰ আঠটা সন্তানৰ ভিতৰত থাঞ্জাভুৰ সন্থাকৃষ্ণ কনক অন্যতম।[9] তেওঁৰ পিতৃ ৰাজহুৱা নিৰ্দেশনাৰ উপ-সঞ্চালক আৰু মাদ্ৰাজ শিক্ষক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।[10]আৰম্ভণিতে কনকৰ আধ্যাত্মিক অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও আগ্ৰহ থকাৰ পিছতো তেওঁ চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিবলৈ লয়, ১৯৫৪ চনৰ ডিচেম্বৰ মাহত চিকিৎসা বিজ্ঞানত স্নাতক (এম বি বি এছ) সম্পূৰ্ণ কৰে আৰু ১৯৬৩ চনৰ মাৰ্চ মাহত সাধাৰণ অস্ত্ৰোপচাৰত স্নাতকোত্তৰ (এম এছ) লাভ কৰে।[11][12]
কৰ্মজীৱন
[সম্পাদনা কৰক]কনক আছিল বিশ্বৰ প্ৰথম মহিলা স্নায়ুচাৰ্জনসকলৰ ভিতৰত অন্যতম;[5] ১৯৬৮ চনৰ মাৰ্চ মাহত তেওঁ স্নায়ুচাৰ্জাৰীত ডিগ্ৰী (MCh) লাভ কৰি যোগ্যতা অৰ্জন কৰিছিল; ডায়েনা বেক (১৯০২-১৯৫৬)[13] আৰু ১৯৫৯ চনৰ নৱেম্বৰ মাহত আয়চিমা আলটিনকৰ যোগ্যতা অৰ্জন কৰে।[14] তাৰপিছত ১৯৬০ চনত যেতিয়া মাদ্ৰাজত ষ্টেৰিঅ'টেক্সি আৰম্ভ হৈছিল, তেতিয়া কনকা ভাৰতত প্ৰথম ষ্টেৰিঅ'টেক্সিক পদ্ধতি সম্পন্ন কৰা বি.ৰামামূৰ্তিৰ অস্ত্ৰোপচাৰ দলৰ সদস্য আছিল। [6][15][16]
১৯৬২-১৯৬৩ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত কনকে ভাৰতীয় সেনাবাহিনীত কমিচনড অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[17] তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময়েই প্ৰধানকৈ চৰকাৰী সাধাৰণ চিকিৎসালয়ৰ সৈতে জড়িত আছিল। কনকাই মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল,[18] মহামাৰী বিজ্ঞান গৱেষণা কেন্দ্ৰ, আদয়াৰ কেন্সাৰ ইনষ্টিটিউট, হিন্দু মিছন হাস্পতাল আদি চিকিৎসালয়। তেওঁ ৩০ বছৰতকৈও অধিক সময় ধৰি তিৰুমালা তিৰুপতি দেৱস্থানমছ টিটিডি (তিৰুমালা)কে ধৰি অৰ্থনৈতিকভাৱে বঞ্চিত লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰাত সহায় কৰিবলৈ কেইবাটাও সংস্থাৰ সৈতে কাম কৰিছিল।[19]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কনকে সফলতাৰে এম এছ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁৰ সৰু ভাতৃ অসুস্থ হৈ পৰে আৰু ন বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[9] এই ট্ৰেজেডীয়ে তেওঁ অবিবাহিত হৈ থকাৰ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ গঢ়ি তুলি ৰোগীক সহায় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।[9]
মৃত্যু আৰু উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০১৮ চনৰ ১৪ নৱেম্বৰত চেন্নাইত কনকৰ মৃত্যু হয়।[20]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ TNN (1 January 2002). "Exhibition on Indian women opens". The Times of India. https://timesofindia.indiatimes.com/city/patna/Exhibition-on-Indian-women-opens/articleshow/1290124641.cms। আহৰণ কৰা হৈছে: 2012-12-17.
- ↑ "Wiping out heritage?". The Hindu. 2003-04-23. Archived from the original on 2003-07-04. https://web.archive.org/web/20030704222527/http://www.hindu.com/thehindu/mp/2003/04/23/stories/2003042300150400.htm। আহৰণ কৰা হৈছে: 2012-12-17.
- ↑ "Tamil Nadu / Tiruchi News : "Check newborns' brain health"". The Hindu. 2 April 2008. Archived from the original on 8 April 2008. https://web.archive.org/web/20080408012813/http://www.hindu.com/2008/04/02/stories/2008040250450200.htm। আহৰণ কৰা হৈছে: 2012-12-17.
- ↑ Benedict, Brenda (2 March 2004). "Devoted Healer". The Star Online. http://thestar.com.my/lifestyle/story.asp?file=/2004/3/2/features/7143136&sec=features. "SHE LOOKS more like an amiable aunt with whom you could string jasmines. But Dr Prof T.S. Kanaka’s smiling face and diminutive frame belie a steely character. Unknown to many, she holds the distinction of being Asia’s first female neurosurgeon."
- ↑ 5.0 5.1 Spetzler R. F. (2011). "Progress of women in neurosurgery". Asian Journal of Neurosurgery খণ্ড 6 (1): 6–12. doi:10.4103/1793-5482.85627. PMID 22059098.
- ↑ 6.0 6.1 6.2 Nashold B.S. (1994). The History of Stereotactic Neurosurgery. Stereotactic Functional Neurosurgery, vol 62, Number 1-4, p.29–40. DOI:10.1159/000098595 [1]
- ↑ 7.0 7.1 Kanaka T S. Back to the future: Glimpses into the past. Neurol India [serial online] 2016 [cited 2016 May 4]; 64:206-7. Available from: http://www.neurologyindia.com/text.asp?2016/64/2/206/177594
- ↑ "Madras Neuro Trust". Archived from the original on 20 February 2017. https://web.archive.org/web/20170220013643/http://www.madrasneurotrust.org/lifetime-achivement.html। আহৰণ কৰা হৈছে: 16 August 2020.
- ↑ 9.0 9.1 9.2 "Interview: Dr T S Kanaka, Asia's First Female Neurosurgeon – indiamedicaltimes.com" (en-US ভাষাত). https://www.indiamedicaltimes.com/2016/09/04/exclusive-interview-dr-t-s-kanaka-asias-first-female-neurosurgeon/। আহৰণ কৰা হৈছে: 2019-04-30.
- ↑ Srinivas Chari (2011). "Carry on, doctor!". Harmony Magazine. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303204723/http://www.harmonyindia.org/hportal/VirtualPageView.jsp?page_id=15516। আহৰণ কৰা হৈছে: 2016-05-04.
- ↑ "Obituary: Prof. Thanjavur Santhanakrishna Kanaka | Asian Medical Students & Residents Society for Neurosurgery". asianyns.org. http://asianyns.org/news/obituary-prof-thanjavur-santhanakrishna-kanaka। আহৰণ কৰা হৈছে: 2019-04-23.
- ↑ Ganapathy, Krishnan (2018-11-01). "IN MEMORIAM: Thanjavur Santhanakrishna Kanaka (31st March 1932 – 14th Nov 2018)" (en ভাষাত). Neurology India খণ্ড 66 (6): 1872–1876. doi:10.4103/0028-3886.246235. ISSN 0028-3886. PMID 30504615. http://www.neurologyindia.com/article.asp?issn=0028-3886;year=2018;volume=66;issue=6;spage=1872;epage=1876;aulast=Ganapathy;type=0.
- ↑ Gikles C.E. (Mar 2008). "An account of the life and achievements of Miss Diana Beck, neurosurgeon (1902-1956)". Neurosurgery খণ্ড 62 (3): 738–42. doi:10.1227/01.neu.0000317324.71483.e5. PMID 18425021.
- ↑ "A pioneering female neurosurgeon: Dr. Aysima Altinok". Acta Neurochir (Wien) খণ্ড 149 (9): 943–8. 2007. doi:10.1007/s00701-007-1252-8. PMID 17700990.
- ↑ Sridhar K. "Bioline International Official Site". Bioline.org.br. http://www.bioline.org.br/request?ni04009। আহৰণ কৰা হৈছে: 2012-12-17.
- ↑ Neurosurgery in India, by A.P.Karapurkar and S.K.Pandya
- ↑ Asia's first female neurosurgeon Dr.TS Kanaka in Phoenix Pengal 1/3| News7 Tamil. Available from: [2], [3], [4]
- ↑ "The Hindu : Tamil Nadu News : 6 doctors presented with Sanjivi award". Hinduonnet.com. 12 July 2004. Archived from the original on 9 September 2004. https://web.archive.org/web/20040909103000/http://www.hinduonnet.com/2004/07/12/stories/2004071206640500.htm। আহৰণ কৰা হৈছে: 2012-12-17.
- ↑ "SVIMS hosts meeting on epilepsy". The Hindu. 16 February 2009. http://www.thehindu.com/todays-paper/tp-features/tp-educationplus/article662902.ece। আহৰণ কৰা হৈছে: 2016-05-05.
- ↑ Satyarthee, Guru Dutta; Jagdevan, Aman (2019). "T. S. Kanaka: First Asian Woman Neurosurgeon, Who Pioneered Stereotactic, Functional and Cerebral Electrode Implant Surgery and Developed Separate Neurosurgical Speciality in India Early 1970". Asian Journal of Neurosurgery খণ্ড 14 (3): 1050. doi:10.4103/ajns.AJNS_287_18. ISSN 1793-5482. PMID 31497164.