টি কল্পনা দেৱী
টি কল্পনা দেৱী T. Kalpana Devi | |
---|---|
অষ্টম লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
পূৰ্বসূৰী | কামালুদ্দিন আহমেদ |
উত্তৰসূৰী | সুৰেন্দ্ৰ ৰেদ্দী |
সংখ্যা গৰিষ্ঠতা | ৮,৪৫৬ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ জুলাই, ১৯৪১ ভাতলাপেনুমাৰু, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
মৃত্যু | ২৯ মে', ২০১৬ (৭৪ বছৰ) হায়দৰাবদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
ৰাজনৈতিক দল | তেলেগু দেশম পাৰ্টি |
টি কল্পনা দেৱী (ইংৰাজী: T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৪১ চনৰ ১৩ জুলাইত কৃষ্ণ জিলাৰ ভাটলাপেনুমাৰৰু গাঁৱত চলসনী বীৰা ৰাঘবৈয়াৰ ঘৰত কল্পনা দেৱীৰ জন্ম হৈছিল। ৱাৰাংগলৰ কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী (এমবিবিএছ) কৰিছিল।.[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]কল্পনা দেৱীয়ে তেলেগু দেশম পাৰ্টি (টিডিপি)ত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে৷ ইয়াৰ আগতে তেওঁ হানমকোণ্ডাৰ ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাসেৱা আগবঢ়াইছিল।[1]১৯৮৪ চনৰ অষ্টম লোকসভাৰ বাবে সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ ৱাৰাংগলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী কমলুদ্দিন আহমেদক ৮,৪৫৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[2]পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত অৱশ্যে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰামা সহায়ম সুৰেন্দ্ৰ ৰেড্ডীৰ হাতত পৰাস্ত হয়।[3]
পিছলৈ দেৱীয়ে তেলেগু দেশম পাৰ্টি এৰি কংগ্ৰেছলৈ যায়৷ ১৯৯৮ আৰু ১৯৯৯ চনত একেৰাহে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।[3][4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৬১ চনৰ ১০ জুলাইত দেৱীয়ে ডাঃ টি নৰসিংহ ৰেড্ডীক বিয়া কৰায়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান জন্ম হয়।[1] ২০১৬ চনৰ ২৯ মে’ত, হায়দৰাবাদৰ এখন চিকিৎসালয়ত টি কল্পনা দেৱীৰ মৃত্যু হয়। ৱাৰাংগলত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Members Bioprofile: Kalpana Devi, Dr. (Smt.) T.". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3050.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ "Statistical Report on the General Elections, 1984 to the Eighth Lok Sabha". Election Commission of India. পৃষ্ঠা: 43. http://eci.nic.in/eci_main/StatisticalReports/LS_1984/Vol_II_LS84.pdf। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ 3.0 3.1 "Warangal Partywise Comparison". Election Commission of India. http://eci.nic.in/archive/electionanalysis/GE/PartyCompWinner/S01/partycomp39.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ Charya, KVVV (11 February 1998). "Warangal set to witness a triangular contest". The Indian Express. http://expressindia.indianexpress.com/fe/daily/19980211/04255634.html। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ "Ex-MP Kalpana Devi passes away". United News of India. 29 May 2016. http://www.uniindia.com/ex-mp-kalpana-devi-passes-away/other/news/500104.html। আহৰণ কৰা হৈছে: 27 November 2017.