সমললৈ যাওক

টি মীনা কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টি মীনা কুমাৰী
মেঘালয় উচ্চ ন্যায়ালয়ৰ বিচাৰক
কাৰ্যকাল
২৩ মাৰ্চ ২০১৩ – ৩ আগষ্ট ২০১৩
মনোনয়নকৰ্তা উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী
পূৰ্বসূৰী কাৰ্যালয় স্থাপন
উত্তৰসূৰী প্ৰফুল্ল চন্দ্ৰ পণ্ট
ব্যক্তিগত তথ্য
জন্ম ৩ আগষ্ট, ১৯৫১ (৭৩ বছৰ)
বিশাখাপট্টনম জিলা, অন্ধ্ৰপ্ৰদেশ

টি মীনা কুমাৰী (ইংৰাজী: T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।[1] তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

২০১৩ চনত মেঘালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব ৰাজ্যখনত ফাষ্ট-ট্ৰেক আদালত স্থাপন কৰা, লগতে অঞ্চলটোৰ সমস্যাসমূহ বুজি পোৱা আৰু বিচাৰধীন গোচৰসমূহৰ সৈতে মোকাবিলা কৰা।[3]২০১৩ চনৰ আগষ্ট মাহত মেঘালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ পিছত ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁক তামিলনাডু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।২০১১ চনৰ পৰা এই পদ খালী হৈ আছিল।[4]

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সাতজন ন্যায়াধীশৰ বিচাৰপীঠৰ সদস্য হিচাপে টি মুৰালিধৰ ৰাও বনাম অন্ধ্ৰপ্ৰদেশ ৰাজ্য ২০১০ গোচৰৰ সৈতে জড়িত আছিল। গোচৰটোত বিশেষকৈ পিছপৰা শ্ৰেণীৰ মুছলমানসকলৰ বাবে সংৰক্ষণৰ সৈতে জড়িত ধৰ্মভিত্তিক সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হৈছিল। কোটাটোক বাদ দিয়া সংখ্যাগৰিষ্ঠতাৰ মতামতৰ সৈতে একমত হোৱাৰ বিপৰীতে ন্যায়াধীশ টি মীনা কুমাৰীয়ে এটা সুকীয়া ৰায়দান আগবঢ়ায়।[5][6]

তেওঁ অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ প্ৰয়াত ভায়লিনবাদক পদ্মশ্ৰী ভেংকটেস্বামী নাইডুৰ নাতিনী।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chief Justice retires". Telegraphindia.com. 2013-08-04. http://www.telegraphindia.com/1130804/jsp/northeast/story_17193101.jsp#.Ut5v6_u6bDd. 
  2. "Hon'ble Justice Smt. T. Meena Kumari :: Patna High Court". Patnahighcourt.bih.nic.in. Archived from the original on 2014-01-05. https://web.archive.org/web/20140105110631/http://patnahighcourt.bih.nic.in/Profile/JusticeTMeenaKumari.htm। আহৰণ কৰা হৈছে: 2014-01-21. 
  3. Times, Meghalaya (23 March 2013). "Meena Kumari sworn in as first Chief Justice of Meghalaya". meghalayatimes.info. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201033528/http://meghalayatimes.info/index.php/front-page/18758-meena-kumari-sworn-in-as-first-chief-justice-of-meghalaya. 
  4. Hindu, The (17 November 2014). "After 3 years, rights panel gets chairperson". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/after-3-years-rights-panel-gets-chairperson/article6606234.ece. 
  5. Reddy, K. Vivek (15 February 2010). "Reserving judgment". Indian Express. http://archive.indianexpress.com/news/reserving-judgment/579713/0. 
  6. Kannabiran, Kalpana (2013). Tools of Justice: Non-discrimination and the Indian Constitution. Routledge. পৃষ্ঠা. 286. ISBN 9780415523103. 
  7. "AP's Meena Kumari is Meghalaya's CJ". Deccan Chronicle. 21 March 2013. https://www.pressreader.com/india/deccan-chronicle/20130321/281659662486090.