সমললৈ যাওক

টুনচ মেগ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টুনচ মেগ্
প্ৰকাৰ কাৰ্টুন সাময়িকী
প্ৰকাশক আৰিফুৰ ৰহমান
প্ৰতিষ্ঠাপক আৰিফুৰ ৰহমান
প্ৰতিষ্ঠা ২০০৯
প্ৰথম সংখ্যা  নৱেম্বৰ ২০০৯; ১৬ বছৰ আগত (2009-11-01)
দেশ নৰৱে‍
ভিত্তি দ্ৰব্যাক, নৰৱে‍
ভাষা ইংৰাজী, বাংলা, হিন্দী, স্পেনীছ, আৰবী
ৱেবচাইট bd.toonsmag.com
ISSN সংখ্যা 2535-7492
কাৰ্টুনৰ স্বাধীনতা সম্পৰ্কে এইখন প্ৰেছ চিত্ৰ। এই ছবিখনে প্ৰতিফলিত কৰে যে কাৰ্টুনিষ্টসকল টুনচ মেগত অংকন আৰু প্ৰকাশ কৰিবলৈ স্বাধীন। এইটো এটা ডিজিটেলভাৱে নিৰ্মিত গ্ৰাফিক আৰ্টৱৰ্ক। বিনামূলীয়া ছবি।

টুনচ মেগ্ (ইংৰাজী: Toons Mag) হ'ল ইণ্টাৰনেট ভিত্তিক এখন কাৰ্টুন আলোচনী। সম্পাদকীয় কাৰ্টুন, কমিকছ, কেৰিকেঁচাৰ, ইলাষ্ট্ৰেশন আৰু আনুষংগিক বিষয়ত বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰে‍। ইয়াৰ লগতে‍ আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। [1] [2] [3]

চমু ইতিহাস

[সম্পাদনা কৰক]

২০০৯ চনৰ অক্টোবৰৰ শেষৰ ফালে আৰিফুৰ ৰহমানে অনলাইন কাৰ্টুন আলোচনী টুনচ মেগ্ প্ৰকাশ আৰম্ভ কৰে আৰু বাংলাদেশ আৰু দক্ষিণ এছিয়াৰ বিভিন্ন কাৰ্টুন শিল্পীক কাৰ্টুন প্ৰকাশৰ বাবে আমন্ত্ৰণ জনায়।[2] বিভিন্ন দেশৰ শ শ কাৰ্টুনিষ্ট‍ে নি‍য়মিতভাৱে কাৰ্টুন প্ৰকাশ কৰি আহিছে‍। [3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

জাৰ্মানীৰ ডয়চে ৱেলে ২০১৫ চনত আয়োজন কৰা বেষ্ট অৱ অনলাইন এক্টিভিষ্ট বঁটাৰ বাবে মনোনীত হৈছিল আৰু বিপুল গণভোটৰ যোগেদি‍ বিজয়ী হৈছিল। [4]

কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী

[সম্পাদনা কৰক]

২০১৫ চনৰ পৰা প্ৰতি বছৰে টুনছ মেগে মানৱ অধিকাৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰি আহিছে। এইবোৰৰ ভিতৰত আছে‍ শিশুৰ অধিকাৰ, মহিলাৰ অধিকাৰ, বাক স্বাধীনতা, আৰু সম অধিকাৰ বিষয়ক কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী।

২০১৫: যুদ্ধৰ শিশু

[সম্পাদনা কৰক]

২০১৫ চনৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰদৰ্শনীৰ বিষয়বস্তু আছিল "যুদ্ধৰ শিশু।" ই আছিল মূলতঃ শিশুৰ অধিকাৰ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰদৰ্শনী। ৫১খন দেশৰ ১২৮ গৰাকী কাৰ্টুনিষ্টে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। নৰৱে আৰু ছুইডেনৰ একাধিক স্থানত এই প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। [5] [6]

টুনচ মেগৰ সৈতে সহযোগী আযোজক হিচাপে আছিল নৰৱেৰ কাৰ্টুনিষ্ট গেলেৰী আৰু এই অনুষ্ঠানটিলৈ‍ আৰ্থিক সহায় আগ বঢ়াইছিল ফ্ৰিট উৰ নামৰ নৰৱেৰ দাতব্য সংস্থাটোৱে। [7][8]

২০১৬: মহিলাৰ অধিকাৰ

[সম্পাদনা কৰক]

এই প্ৰদৰ্শনীত নাৰী অধিকাৰ আৰু বিভিন্ন দেশ আৰু সমাজত নাৰীৰ বাস্তৱ পৰিস্থিতি প্ৰতিভাত হৈছিল। মুঠতে ১৬২৫টা কাৰ্টুন জমা দিয়া হৈছিল আৰু ৭৯খন দেশৰ ৫৬৭জন কাৰ্টুনিষ্টে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ২০১৬ চনৰ ৮ মাৰ্চত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীখন একেদিনাই দুখন দেশৰ তিনিটা গেলেৰীত প্ৰদৰ্শন কৰা হয়। ক্ৰমে: নৰৱেৰ কাৰ্টুন গেলেৰী ড্ৰবাক, নৰৱে, ইণ্ডিয়ান কাৰ্টুনিষ্ট ইনষ্টিটিউট গেলেৰী বেংগালুৰু আৰু আগ্ৰা, উত্তৰ প্ৰদেশ, ভাৰত। [9] [10] [11] [12] [13] ২০১৬ চনৰ ১০ ডিচেম্বৰত শ্লোভাকিয়াৰ প্ৰেচভ চহৰত এই প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়। [14] [15] [16] এই প্ৰদৰ্শনীত বিচাৰকৰ বিচাৰত ৫৬৭ গৰাকী কাৰ্টুনিষ্টৰ ভিতৰৰ ১২ গৰাকী পুৰস্কাৰ বিজয়ী হৈছিল।

২০১৭: বাক স্বাধীনতা

[সম্পাদনা কৰক]

বিশ্বজুৰি মত প্ৰকাশৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু কাৰ্টুনত মুক্ত মত প্ৰকাশৰ প্ৰচাৰৰ লক্ষ্যৰে এই প্ৰদৰ্শনী আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাত প্ৰতিযোগীসকলে‍ সৰ্বমুঠ ১৫৫৬টা কাৰ্টুন জমা দিছিল, ইয়াৰ ভিতৰত ৮৩খন দেশৰ ৫১৮ গৰাকী কাৰ্টুন শিল্পী আছিল। ৮৪খন নিৰ্বাচিত দেশৰ ১২০জন কাৰ্টুনিষ্টৰ ১২০টা কাৰ্টুনেৰে‍ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু এখন কেটেলগ প্ৰকাশ কৰা হয়। [17]

বছৰৰ কাৰ্টুনিষ্টৰ বঁটা

[সম্পাদনা কৰক]

এই সংস্থাটোৱে ২০১৬ চনত শ্ৰেষ্ঠ কাৰ্টুনসমূহৰ মূল্যায়ন কৰাৰ লগতে‍ কাৰ্টুন শিল্পীসকলক অনুপ্ৰেৰণা প্ৰদানৰ উদ্দেশ্য‍ে বছৰৰ কাৰ্টুনিষ্ট বঁটা প্ৰৱৰ্তন কৰে।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "অনলাইন কাৰ্টুন ম্যাগাজিন" (bn ভাষাত). প্ৰথম আলো. https://www.prothomalo.com/technology/article/24618/%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8-%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%81%E0%A6%A8-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%A8 আহৰণ কৰা হৈছে: 2019-06-17.
  2. 1 2 "অনলাইন কাৰ্টুন ম্যাগাজিন :: দৈনিক ইত্তেফাক" (Bengali ভাষাত). archive.ittefaq.com.bd. https://archive.ittefaq.com.bd/index.php?ref=MjBfMDdfMDdfMTNfMV8zM18xXzU0MTIz আহৰণ কৰা হৈছে: 2019-06-17.
  3. 1 2 "প্ৰথম অনলাইন কাৰ্টুন ম্যাগাজিন". www.jugantor.com. https://www.jugantor.com/old/it-technology/2013/06/28/8546 আহৰণ কৰা হৈছে: 2019-06-17.
  4. "People’s Choice for Bengali - The Bobs - Best of Online Activism" (bn-BD ভাষাত). Archived from the original on ২০১৯-০৬-১৭. https://web.archive.org/web/20190617185038/http://thebobs.com/bengali/category/2015/peoples-choice-for-bengali-2015/ আহৰণ কৰা হৈছে: 2019-06-17.
  5. "Biskopen åpner utstilling i Drøbak om barns lidelser i krig" (no ভাষাত). www.amta.no. 2015-09-08. https://www.amta.no/barn/drobak/kultur/biskopen-apner-utstilling-i-drobak-om-barns-lidelser-i-krig/s/5-3-74422?ns_campaign=article&ns_mchannel=recommend_button&ns_source=facebook&ns_linkname=facebook&ns_fee=0 আহৰণ কৰা হৈছে: 2019-06-17.
  6. "Utstilling: Barn i krig @TicketCo" (nb ভাষাত). solvberget.ticketco.events. https://solvberget.ticketco.events/no/nb/e/635_1449664444-3724-utstilling-barn-i-krig আহৰণ কৰা হৈছে: 2019-06-17.
  7. "Error: no |title= specified when using {{Cite web}}".
  8. "Error: no |title= specified when using {{Cite web}}".সাঁচ:অকাৰ্যকৰ সংযোগ
  9. "নাৰী দিবসে টুনস ম্যাগেৰ আন্তৰ্জাতিক কাৰ্টুন প্ৰতিযোগিতা | কালেৰ কণ্ঠ" (bn ভাষাত). Kalerkantho. https://www.kalerkantho.com/online/culture/2016/01/08/311102 আহৰণ কৰা হৈছে: 2019-06-17.
  10. Welle (www.dw.com), Deutsche. "‘‘কাৰ্টুন বাংলাদেশেৰ সমাজে বিশাল প্ৰভাব বিস্তাৰ কৰে | DW | 04.05.2015" (bn-BD ভাষাত). DW.COM. https://www.dw.com/bn/%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%81%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AD%E0%A6%BE%E0%A6%AC-%E0%A6%AC%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B0-%E0%A6%95%E0%A6%B0%E0%A7%87/a-18426862 আহৰণ কৰা হৈছে: 2019-06-17.
  11. "‘টুনস ম্যাগে’ৰ কাৰ্টুন প্ৰতিযোগিতাৰ কাৰ্টুন আহবান" (en ভাষাত). প্ৰিয়.কম. Archived from the original on ২০২১-০৬-২৮. https://web.archive.org/web/20210628142121/https://www.priyo.com/articles/%E2%80%98%E0%A6%9F%E0%A7%81%E0%A6%A8%E0%A6%B8-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97%E0%A7%87%E2%80%99%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%81%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%81%E0%A6%A8-%E0%A6%86%E0%A6%B9%E0%A6%AC%E0%A6%BE%E0%A6%A8 আহৰণ কৰা হৈছে: 2019-06-17.
  12. Quintano, Kristina (2017-01-11). "PENs Fribyer - En trygg havn å skrive i" (nb-NO ভাষাত). 55pluss. Archived from the original on ২০১৯-০৬-১৭. https://web.archive.org/web/20190617192554/https://55pluss.no/pens-fribyer-en-trygg-havn-a-skrive-1/ আহৰণ কৰা হৈছে: 2019-06-17.
  13. Madhukar, Jayanthi MadhukarJayanthi; Feb 27, Bangalore Mirror Bureau | Updated:. "The feminist half" (en ভাষাত). Bangalore Mirror. https://bangaloremirror.indiatimes.com/opinion/sunday-read/The-feminist-half/articleshow/51170601.cms আহৰণ কৰা হৈছে: 2019-06-17.
  14. "Pozvánka na výstavu - Správy - MZV MZV PORTAL". www.mzv.sk. Archived from the original on ২০১৯-০৬-১৭. https://web.archive.org/web/20190617202046/https://www.mzv.sk/web/oslo/spravy/-/asset_publisher/qUcjGk6Falrh/content/pozvanka-na-vystavu/10182 আহৰণ কৰা হৈছে: 2019-06-17.
  15. "Správy RTVS" (sk ভাষাত). rtvs.sk. http://www.rtvs.sk/televizia/archiv/13982/112697 আহৰণ কৰা হৈছে: 2019-06-17.
  16. "Utstillingen “Women’s Rights” på Avistegnernes Hus". www.frittord.no. Archived from the original on ২০১৯-০৬-১৭. https://web.archive.org/web/20190617125120/http://www.frittord.no/prosjektstotte/utvalgte-prosjekter-ind/womens-rights-avistegnernes-hus/ আহৰণ কৰা হৈছে: 2019-06-17.
  17. "Freedom of Expression - Avistegnernes Hus" (no ভাষাত). mia.no. Archived from the original on 2019-06-17. https://web.archive.org/web/20190617125128/https://mia.no/avistegnerne/freedom-of-expression আহৰণ কৰা হৈছে: 2019-06-17.
  18. "Cartoonist Of The Year Award" (en-US ভাষাত). Toons Mag. 2018-03-31. https://www.toonsmag.com/award/ আহৰণ কৰা হৈছে: 2019-09-28.