টুনি নদী
অৱয়ব
| টুনি নদী | |
|---|---|
| মোহনা | ব্ৰহ্মপুত্ৰ |
| Progression | টুনি নদী - ব্ৰহ্মপুত্ৰ নদী |
ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন সৰু উপনৈ টুনি নদী ৷ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলীৰ মাজভাগেৰে টুনি নদী বৈ গৈছে ৷ অসমৰ কেইবাখনো প্ৰাচীন সত্ৰৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী ভোগপোৰ সত্ৰ টুনি নদীৰ ওচৰত অৱস্থিত। টুনি নদীক বশিষ্ঠ গংগা বুলিও কোৱা হয় ৷ [1]
টুনি নদীখন মাজুলী জিলাৰ ১ নং মহখুটিৰ পৰা উৎপত্তি হোৱা প্ৰাকৃতিক শাখা নদী ৷ টুনি নদীখনক এতিয়া অৱৰোধ কৰি স্থবিৰ কৰি পেলোৱাৰ ফলত ই এক পানীৰ বৃহৎ পুখুৰীত পৰিণত হৈছে। মাজুলীৰ ভোগপোৰ সত্ৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে টুনি নদীৰ লগ হয় ৷ [2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bhogpur Satra Details" (en ভাষাত). Majuli Cultural Landscape Management Authority. http://majulilandscape.gov.in/sattra_bhogpurdetails.php। আহৰণ কৰা হৈছে: 3 November 2020.
- ↑ "Erosion activity on Majuli – the largest river island of the world". India Environment Portal. Archived from the original on 2019-08-19. https://web.archive.org/web/20190819162819/http://www.indiaenvironmentportal.org.in/files/file/Erosion%20activity%20Majuli.pdf। আহৰণ কৰা হৈছে: 2025-07-16.