টুপা(আখ্যান)
টুপা (Tupã) হৈছে গুৱাৰাণী পুৰাণৰ সৃষ্টিৰ দেৱতা। গুৱাৰাণী আখ্যানমতে, টুপা (Tupã) হৈছে সৃষ্টিৰ সৰ্বোচ্চ দেৱতা, যাক বিশ্ব, মানুহ আৰু ভাল-বেয়া সকলো আত্মাৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়।[1] বিশেষকৈ, টুপাক সূৰ্যৰ সৈতে সম্পৰ্কিত বোলা হয়, আৰু তেওঁৰ বজ্ৰৰ শব্দৰ জৰিয়তে মানুহৰ লগত সংযোগ স্থাপন কৰে বুলি বিশ্বাস কৰা হয়। গুৱাৰাণী জনগোষ্ঠীয়ে টুপাক সৃষ্টিৰ প্ৰধান শক্তি হিচাপে পূজা কৰে।
সৃষ্টিৰ কাহিনী
[সম্পাদনা কৰক]পৃথিৱীৰ সৃষ্টি কৰাৰ পূৰ্বে, টুপাই চন্দ্ৰ দেৱী আৰাছিক (Arasy) বিবাহ কৰিছিল। আৰাছি গোৱাৰাণী সংস্কৃতিত এক গুৰুত্বপূৰ্ণ দেৱী, যাক আকাশ আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বিবাহৰ পিছত, টুপা আৰু আৰাছিয়ে পৃথিৱীত অৱতৰণ কৰি নদী, সাগৰ, বন, তৰা আৰু জীৱজন্তুৰ সৃষ্টি কৰে। এই সৃষ্টি কাৰ্যটো তেওঁলোকে পেৰাগুৱেৰ আৰেগুৱাৰ (Areguá) এখন পৰ্বতৰ ওপৰত কৰিছিল বুলি কোৱা হয়[2]
মানুহৰ সৃষ্টি কৰাৰ সময়ত, টুপাই মাটিৰে মানুহৰ মূৰ্তি গঢ়ি, ইয়াত জীৱন প্ৰৱাহিত কৰে। এই দম্পতীক ৰুপাভে (Rupave) আৰু চিপাভে (Sypave) বুলি নামকৰণ কৰা হৈছিল, যাৰ অৰ্থ ক্ৰমে "মানুহৰ পিতা" আৰু "মানুহৰ মাতৃ।" টুপাই তেওঁলোকক নিৰ্দেশ দিয়ে যাতে তেওঁলোকে ন্যায়, সততা আৰু শান্তিৰে জীৱন যাপন কৰে।[3]
ভাল আৰু বেয়া শক্তিৰ সৃষ্টি
[সম্পাদনা কৰক]টুপাই পৃথিৱীত ভাল আৰু বেয়া শক্তিৰ সৃষ্টিও কৰিছিল। তেওঁ অংগাটুপিৰি (Angatupyry) নামৰ এক শুভ আত্মাৰ সৃষ্টি কৰে, যি মানুহক সৎপথত চলিবলৈ সহায় কৰে। আনহাতে, টাউ (Tau) নামৰ এক কু-আত্মাও সৃষ্টি কৰে, যি লোভ, ধ্বংস আৰু দুষ্কৃতিবাদৰ প্ৰতিনিধিত্ব কৰে।[4] ৭এই দুয়োটি আত্মাৰ মাজত হোৱা সংঘাতে পৃথিৱীৰ নৈতিক শৃঙ্খলাক প্ৰতিফলিত কৰে।
উপনিবেশৰ সময়ত টুপাৰ চিত্ৰ
[সম্পাদনা কৰক]যেতিয়া ইউৰোপীয় ধৰ্মপ্ৰচাৰকসকলে গুৱাৰাণী জনগোষ্ঠীৰ মাজত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিছিল, তেওঁলোকে টুপাক এক বিশেষ দেৱতা হিচাপে ভুল বুজি গ্ৰহণ কৰিছিল। কিছুমান গবেষণাৰ মতে, "টুপা" শব্দটো মূলত বজ্ৰ আৰু বিদ্যুতৰ লগত সম্পৰ্কিত আছিল, আৰু তেওঁলোকৰ সৰ্বোচ্চ দেৱতা আছিল নান্দেৰুভুচু (Nhanderuvuçu)।[5]
আধুনিক সংস্কৃতিত টুপা
[সম্পাদনা কৰক]টুপাৰ নাম আধুনিক কালতো প্ৰচলিত হৈ আছে। ২০১৯ চনত, পেৰাগুৱেৰ চেণ্ট্ৰ পেৰাগুৱেঅ' ইনফৰ্মেচিয়নচ এষ্ট্ৰনমিকাচ-এ (Centro Paraguayo de Informaciones Astronómicas) এক প্ৰতিযোগিতাৰ জৰিয়তে এইচ .ডি ১০৮১৪৭ নামৰ এক দূৰবৰ্তী তৰাৰ নাম টুপা (Tupã)ৰাখে।[6] এই নামকৰণ গুৱাৰাণী সংস্কৃতিৰ প্ৰতি এক সন্মানসূচক স্বীকৃতি হিচাপে গণ্য কৰা হয়।
গুৱাৰাণী পুৰাণত টুপাই আজিও এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। তেওঁৰ কাহিনীবোৰ পৰম্পৰাগতভাৱে মুখে-মুখে প্ৰচাৰিত হৈ আহিছে, যাৰ ফলত বিভিন্ন সংস্কৃতি আৰু অঞ্চল অনুসৰি ইয়াৰ বিভিন্ন ৰূপ দেখা যায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Specters of the West and the Politics of Translation by Naoki Sakai, Yukiko Hanawa
- ↑ Leeming, David Adams (2010). Creation myths of the world : an encyclopedia. ABC-CLIO. ISBN 978-1-59884-174-9. OCLC 699635147. http://worldcat.org/oclc/699635147.
- ↑ JECUPE., KAKA WERA (2020). TUPA TENONDE; A CRIACAO DO UNIVERSO, DA TERRA E DO HOMEM SEGUNDO A TRADICAO ORAL GUARANI. EDITORA PEIROPOLIS. ISBN 978-65-86028-21-8. OCLC 1195708920. http://worldcat.org/oclc/1195708920.
- ↑ COLMAN, Narciso R. (Rosicrán): Ñande Ypy Kuéra ("Nuestros antepasados"), 1929. Online version Archived 2007-09-30 at the Wayback Machine
- ↑ MYTHOLOGY AND CLIMATOLOGY: A STUDY OF THE DEITIES RELATED TO THE OCCURRENCE OF SEVERE WEATHER Revistas - UFPR - acessado em 21 de junho de 2017
- ↑ NameExoWorlds Paraguay. http://www.nameexoworlds.iau.org/paraguay.