টুবা চৈয়দ
| টুবা চৈয়দ | |
|---|---|
| স্থানীয় নাম | طوبیٰ سید |
| জন্ম | টুবা চৈয়দ ২৯ মে', ১৯৯১ (৩৪ বছৰ) ইছলামাবাদ, পাকিস্তান |
| পেচা | নাৰীবাদী, গৱেষক |
টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা[1][2]
সমাজ সক্ৰিয়তা
[সম্পাদনা কৰক]২০১২ চনৰ পৰা চৈয়দে বাওঁপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ আছে৷ তেওঁ ইছলামবাদৰ বিশ্ববিদ্যালয়ত অধ্যয়ন চক্ৰৰ ব্যৱস্থা কৰাত অংশগ্ৰহণ কৰিছিল।[3] ইছলামবাদৰ কাচ্চি আবাদিছ (অনানুষ্ঠানিক বসতি)ত অল পাকিস্তান এলায়েন্সৰ সৈতে উচ্ছেদ বিৰোধী গৃহ নিৰ্মাণ অধিকাৰ আন্দোলনত তেওঁ কাম কৰিছিল৷ যেতিয়া ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই ৰাজধানীত এনে বাৰটা বসতি ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়৷ তেতিয়া তেওঁ প্ৰতিবাদ কৰিছিল।[4]
চৈয়দে ভূমিহীন কৃষক আন্দোলন আৰু ওকাৰাৰ মহিলা প্ৰতিৰোধ আন্দোলনো সংগঠিত কৰিছে।[5] চৈয়দে পাকিস্তানত প্ৰগতিশীল ৰাজনৈতিক প্ৰতিৰোধ সংগঠিত কৰাৰ পদ্ধতিৰ লগতে বৈষম্য আৰু অত্যাচাৰৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক গাঁথনিৰ বুজাবুজি গভীৰ কৰিবলৈ ৰাজনৈতিক বিদ্যালয়ৰ ব্যৱস্থা কৰিছিল।[6] চৈয়দে আৱামী ৱৰ্কাৰছ পাৰ্টিৰ সৈতেও কাম কৰিছিল।
নাৰীবাদ
[সম্পাদনা কৰক]নাৰীবাদী হিচাপে চৈয়দ নাৰীবাদী তত্ত্ব, ইয়াৰ অনুশীলন, নাৰীৰ বিষয়, লিংগ আৰু দক্ষিণ এছিয়াৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী।[7][8] চৈয়দে খাইছুৰৰ কাণ্ডৰ বৰ্ণনা কৰাৰ সময়ত পাকিস্তানত মি টু আন্দোলনক সমৰ্থন কৰিছিল।[9][10]লাল শ্বাহবাজ কালাণ্ডাৰৰ মন্দিৰত হোৱা আক্ৰমণৰ পিছত (ফেব্ৰুৱাৰী, ২০১৭) তেওঁ চেহৱানত শ্বীমা কেৰমানীক সমৰ্থন কৰিছিল।[11] চৈয়দে ২০১৭ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এক অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু দক্ষিণ এছিয়াৰ নাৰীবাদী কমলা ভাচিনক আমন্ত্ৰণ জনাইছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "WDF demands to repeal ban on media coverage of KP’s girls’ schools | Pakistan Today". www.pakistantoday.com.pk. October 30, 2018. https://www.pakistantoday.com.pk/2018/10/30/wdf-demands-to-repeal-ban-on-media-coverage-of-kps-girls-schools/.
- ↑ اصغر, ترہب (31 January 2020). "پشتین کی خاطر جیل جانے والے ’انقلابی‘ کون" (ur ভাষাত). BBC News اردو. https://www.bbc.com/urdu/pakistan-51310029.
- ↑ ""Aurat Jagi": The Left Way". The Friday Times. 13 March 2015. Archived from the original on 23 March 2021. https://web.archive.org/web/20210323192831/https://www.thefridaytimes.com/aurat-jagi-the-left-way/.
- ↑ ""Aurat Jagi": The Left Way". The Friday Times. 13 March 2015. Archived from the original on 23 March 2021. https://web.archive.org/web/20210323192831/https://www.thefridaytimes.com/aurat-jagi-the-left-way/.
- ↑ "The courageous resistance of Okara’s women". sister-hood magazine. A Fuuse production by Deeyah Khan.. 14 June 2016. http://sister-hood.com/tooba-syed/courageous-resistance-okaras-women/.
- ↑ "AWP`s weekend political school ends". epaper.dawn.com. https://epaper.dawn.com/DetailImage.php?StoryImage=03_09_2018_152_004.
- ↑ Team, Cutacut Editorial (7 March 2018). "#WomanCrushWednesday: All the women you need in your life". cutacut. https://cutacut.com/2018/03/07/heres-why-you-should-be-following-these-pakistani-women/। আহৰণ কৰা হৈছে: 19 October 2019.
- ↑ "Call to reform political system" (en ভাষাত). www.thenews.com.pk. January 14, 2019. https://www.thenews.com.pk/print/418645-call-to-reform-political-system.
- ↑ "Khaisor incident: The untold story". The Express Tribune. February 3, 2019. https://tribune.com.pk/story/1902970/1-khaisor-incident-untold-/.
- ↑ Amjad, Farah (20 March 2019). "Making #MeToo Work in Pakistan". The New Republic. https://newrepublic.com/article/153355/making-metoo-work-pakistan.
- ↑ "The Good Fight" (en ভাষাত). Newsline. https://newslinemagazine.com/magazine/the-good-fight/.
- ↑ Yasin, Aamir (12 March 2017). "‘Feminism is not a western concept’" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1319842.