সমললৈ যাওক

টেকন'নিমি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টেকন'নিমি (ইংৰাজী: Teknonymy; গ্ৰীক ভাষাত τέκνον ("সন্তান") আৰু ὄνομα ("নাম"),[1] বা টেকন'নিম হৈছে এক বিশেষ্যপদ, যিটোক প্ৰায়ে পেড'নিমিক বুলি জনা যায়।[2] পিতৃ-মাতৃক তেওঁলোকৰ সন্তানৰ নাম উল্লেখ কৰি মতাৰ এক প্ৰথাকে টেকন'নিমি বুলি কোৱা হয়। এই প্ৰথা সমগ্ৰ বিশ্বৰ বহুতো সংস্কৃতিত পোৱা যায়। ১৮৮৯ চনৰ এখন গৱেষণা পত্ৰত নৃতত্ত্ববিদ এডৱাৰ্ড বাৰ্নেট টাইলাৰে এই শব্দটোৰ উদ্ভাৱন কৰিছিল।[3]

টেকন'নিমি প্ৰচলিত বিভিন্ন ভাষা-গোষ্ঠী:

  • বিভিন্ন অষ্ট্ৰ'নেছিয়ান জনগোষ্ঠী:
    • কোকোছ (কিলিং) দ্বীপপুঞ্জৰ কোকোছ মালয়, য'ত পিতৃ-মাতৃক তেওঁলোকৰ প্ৰথম সন্তানৰ নামেৰে জনা যায়।[4] উদাহৰণস্বৰূপে, হাছিম নামৰ এজন লোক আৰু তেওঁৰ পত্নী অনিচাৰ শীলা নামৰ এগৰাকী কন্যা সন্তান আছে। হাছিমক বৰ্তমান "পাক শীলা" (আক্ষৰিক অৰ্থত "শীলাৰ পিতৃ") আৰু অনিচাক এতিয়া "মক শীলা" (আক্ষৰিক অৰ্থত "শীলাৰ মাতৃ") নামেৰে জনাজাত।
    • বালিৰ লোকসকল।[5]
    • পেনানসকলৰ দৰে বোৰ্নিঅ'ৰ দয়াক আৰু আনুষংগিক খিলঞ্জীয়া জনগোষ্ঠীসমূহ[6]
    • মাদাগাস্কাৰৰ বেটচিলিঅ' জনগোষ্ঠী, বিশেষকৈ জাফিমানিৰ উপগোট[7]
    • ইণ্ডোনেছিয়াৰ মাদুৰেছ জনসাধাৰণৰ ভাষা
    • ইণ্ডোনেছিয়াৰ মেণ্টৱাই জনগোষ্ঠীসকল[8]
    • টাইৱানৰ তাও জনগোষ্ঠী[9]
  • কোৰিয়ান ভাষা; উদাহৰণস্বৰূপে, যদি কোনো কোৰিয়ান মহিলাৰ ছু-মিন নামৰ সন্তান থাকে, তেন্তে তেওঁক ছু-মিন ইওমা (অৰ্থাৎ "ছু-মিনৰ মাতৃ") বুলি কোৱা হ'ব পাৰে[3]
  • চীনা ভাষাৰ একেধৰণৰ কিন্তু অতি নমনীয় পৰিঘটনাও আছে। ধৰি লওক ঘৰত ল'ৰা এটাৰ ডাকনামটো “二儿” (Er'er), তেন্তে শিশুটিৰ পিতৃয়ে শিশুটিৰ মাকক ক্ৰমে "他妈"/"孩儿他妈"/"二儿他妈" বুলি মাতিব পাৰে, যাৰ অৰ্থ "তেওঁৰ মাক"/"শিশুৰ মাক"/"Er'er's mom,।" [10] আকৌ ল'ৰাটোৰ মাকে নিজৰ স্বামীক মাতিবৰ হ'লে 'ল'ৰাটোৰ বাপেক' বুলি সম্বোধন কৰে। ইয়াত সম্বোধনটোত "妈" (মাক)ৰ পৰা "爸/爹" (দেউতাক)লৈ সলনি হয়। এই ব্যৱহাৰ বেছিভাগেই শিশুটিৰ পিতৃ-মাতৃৰ মাজত ব্যৱহাৰ কৰা হয়, কিন্তু কিছুমান সীমিত পৰিস্থিতিতো ব্যৱহাৰ কৰিব পাৰি, যেনে- শিশুটিৰ শিক্ষকে শিশুটিৰ পিতৃ-মাতৃক সম্বোধন কৰিবৰ ক্ষেত্ৰত।
  • ভাৰতত প্ৰচলিত বিভিন্ন ভাষাত। উদাহৰণ স্বৰূপে ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত ভাষা অসমীয়াত যদি এজন ব্যক্তিৰ বাবলু নামৰ সন্তান আছে তেন্তে তেওঁ নিজ পত্নীক বাবলুৰ মাক আৰু পত্নী গৰাকীয়ে স্বামীক বাবলুৰ দেউতাক বুলি সম্বোধন কৰে।
  • আৰবত; উদাহৰণস্বৰূপে, যদি হাছান নামৰ এজন চৌদি ব্যক্তিৰ জেইন নামৰ সন্তান থাকে, তেন্তে হাছানক এতিয়া আবু জেইন (আক্ষৰিক অৰ্থত "জেইনৰ পিতৃ") নামেৰে জনাজাত হ'ব। একেদৰে উম মালিক হৈছে "মালিকৰ মাতৃ।" ইয়াক আৰবী ভাষাত কুনিয়া বুলি জনা যায় আৰু ইয়াক আনৰ প্ৰতি সন্মানৰ চিন হিচাপে ব্যৱহাৰ কৰা হয়।
  • আমাজনিয়া[11]
  • জুনি ভাষা
  • শ্বাহিলী, তাঞ্জানিয়া আৰু কেনিয়াত কোৱাৰ দৰে; [12] উদাহৰণস্বৰূপে, যদি কোনো মহিলাৰ মুছা নামৰ পুত্ৰ থাকে, তেন্তে মহিলাগৰাকীক মামা মুছা নামেৰে জনাজাত হ'ব। মুছাৰ পিতৃ বাবা মুছা নামেৰে জনাজাত হ’ব।
  • কিছু পৰিমাণে আফ্ৰিকাৰ শিংৰ হাবেছা জনগোষ্ঠী
  • পশ্চিম আফ্ৰিকাৰ ইয়োৰুবা ভাষা; উদাহৰণস্বৰূপে, যদি এগৰাকী মহিলাৰ ফেমি নামৰ পুত্ৰ থাকে, তেন্তে তেওঁক এতিয়া ইয়া ফেমি (অৰ্থাৎ ফেমিৰ মাতৃ) আৰু তেওঁৰ স্বামী বাবা ফেমি (অৰ্থাৎ ফেমিৰ পিতৃ) নামেৰে জনাজাত হ'ব।
  • আফ্ৰিকাৰ হাউছা ভাষা; উদাহৰণস্বৰূপে, যদি কোনো পুৰুষৰ আদম নামৰ পুত্ৰ থাকে, তেন্তে সেই মানুহজন বাবন আদম নামেৰে জনাজাত হ’ব, আনহাতে তেওঁৰ পত্নীৰ নাম হ’ব মামন আদম।
  • নাইজেৰিয়াৰ নুপে জনগোষ্ঠী; উদাহৰণস্বৰূপে, যদি কোনো পুৰুষৰ ইছ্যাকু নামৰ পুত্ৰ থাকে তেন্তে তেওঁক বাবা ইছ্যাকু নামেৰে জনাজাত হ’ব, আনহাতে তেওঁৰ পত্নীক ন্না ইছ্যাকু বুলি কোৱা হ’ব।
  • বাংলাদেশী সকলৰ মাজত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Reflections on Japanese Language and Culture. Studies in the humanities and social relations. Institute of Cultural and Linguistic Studies, Keio University. 1987. পৃষ্ঠা. 65. https://books.google.com/books?id=bvALAQAAIAAJ। আহৰণ কৰা হৈছে: 16 June 2019. "On the Notion of Teknonymy In the field of anthropology, the custom of calling the parent after the child is known as teknonymy, a term coined from the Greek word teknon "child" and the anglicized form of onoma as onymy "name"." 
  2. Oxford English Dictionary (2005), "paedonymic, n."
  3. 3.0 3.1 Lee, Kwang-Kyu; Kim Harvey, Youngsook (1973). "Teknonymy and Geononymy in Korean Kinship Terminology". Ethnology খণ্ড 12 (1): 31–46. 
  4. Winarnita, Monika; Herriman, Nicholas (2012). "Marriage Migration to the Malay Muslim community of Home Island (Cocos Keeling Islands)". Indonesia and the Malay World খণ্ড 40 (118): 372–387. doi:10.1080/13639811.2012.709020. 
  5. Geertz, Hildred; Geertz, Clifford (1964). "Teknonymy in Bali: Parenthood, Age-Grading and Genealogical Amnesia". The Journal of the Royal Anthropological Institute of Great Britain and Ireland খণ্ড 94 (2): 94–108. 
  6. Needham, Rodney (1954). "The System of Teknonyms and Death-Names of the Penan". Southwestern Journal of Anthropology খণ্ড 10 (4): 416–431. 
  7. Bloch, Maurice (2006). "Teknonymy and the evocation of the 'social' among the Zafimaniry of Madagascar". In vom Bruck, Gabriele; Bodenhorn, Barbara. An Anthropology of Names and Naming. Cambridge University Press. পৃষ্ঠা. 97–114. ISBN 978-0-521-84863-3. http://eprints.lse.ac.uk/8761/. 
  8. Hammons, Christian (2010). Sakaliou: Reciprocity, mimesis, and the cultural economy of tradition in Siberut, Mentawai Islands, Indonesia. University of Southern California. Archived from the original on 2019-11-18. https://web.archive.org/web/20191118212157/http://digitallibrary.usc.edu/cdm/ref/collection/p15799coll127/id/424001। আহৰণ কৰা হৈছে: 2022-06-06. 
  9. Kao, Hsin-chieh (2012). Labour, life, and language: Personhood and relations among the Yami of Lanyu. Doctoral dissertation. University of St. Andrews, Department of Social Anthropology. পৃষ্ঠা. 56. http://research-repository.st-andrews.ac.uk/handle/10023/3206. 
  10. Gao, Yingpei. "相声·钓鱼". Tianjin TV StationYouTube. https://www.youtube.com/watch?v=r56-m7VVwTA। আহৰণ কৰা হৈছে: 24 February 2022. 
  11. Vilaça, Aparecida (2002). "Making Kin out of Others in Amazonia". The Journal of the Royal Anthropological Institute খণ্ড 8 (2): 347–365. doi:10.1111/1467-9655.00007. 
  12. Russell, Joan (2012). Complete Swahili, Teach Yourself. Hachette. https://books.google.com/books?id=mWNcAgAAQBAJ.