টেকন' ম'বাইল
| বাণিজ্যিক নাম | TECNO |
|---|---|
| ধৰণ | সহযোগী কোম্পানী |
| উদ্যোগ | গ্ৰাহক ইলেক্ট্ৰনিকছ |
| প্ৰতিষ্ঠাতা | জৰ্জ ঝু, ন্নামদি এজেইগবো |
| মুখ্য কাৰ্যালয় | শ্বেনজেন, চীন[1] |
| দেশ/অঞ্চল | বিশ্বব্যাপী |
| নেতৃস্থানীয় ব্যক্তিত্ব | জৰ্জ ঝু (প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া) |
| পণ্য | ম'বাইল ফোন, টেবলেট, ৰাউটাৰ, আনুষংগিক সামগ্ৰীসমূহ |
| ৰাজহ | |
| মূল প্ৰতিষ্ঠান | ট্ৰেন্সচন হ'ল্ডিংছ |
| ৱেবছাইট | tecno-mobile |
টেকন' ম'বাইল (TECNO Mobile) হৈছে চীনৰ শ্বেনজেনত অৱস্থিত ম'বাইল ফোন নিৰ্মাতা কোম্পানী।[1] ২০০৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। ই ট্ৰেন্সচন হোল্ডিংছৰ এটা সহযোগী কোম্পানী। টেকন'ই আফ্ৰিকা, মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ভাৰত, লেটিন আমেৰিকা, আৰু পূব ইউৰোপৰ বজাৰত নিজৰ ব্যৱসায় কেন্দ্ৰীভূত কৰিছে।
ইতিহাস
[সম্পাদনা কৰক]২০০৬ চনত টেকন’ ম’বাইল টেকন’ টেলিকম লিমিটেড নামেৰে প্ৰতিষ্ঠা কৰা হয় যদিও পিছলৈ টেকন’ ম’বাইলে ইয়াৰ অন্যতম সহযোগী কোম্পানী হিচাপে কাম কৰি ট্ৰেন্সচন হোল্ডিংছলৈ নাম সলনি কৰে। ২০০৭ চনত টেকন’ই দ্বিতীয়টো ব্ৰেণ্ড আইটেল তৈয়াৰ কৰে যিটো আফ্ৰিকাত বিক্ৰী হয়। ২০০৮ চনৰ আৰম্ভণিতে বজাৰ গৱেষণাৰ পিছত টেকন’ই সম্পূৰ্ণৰূপে আফ্ৰিকালৈ মনোনিৱেশ কৰিছিল আৰু ২০১০ চনলৈকে ই আফ্ৰিকাৰ শীৰ্ষ তিনিটা ম'বাইল ফোন ব্ৰেণ্ডৰ ভিতৰত আছিল।[3]
২০১৬ চনত টেকন’ই মধ্যপ্ৰাচ্যৰ ম'বাইল ফোন বজাৰত প্ৰৱেশ কৰে।[4] ২০১৭ চনত ই ভাৰতীয় বজাৰত প্ৰৱেশ কৰে, ইয়াৰ 'মেড ফ'ৰ ইণ্ডিয়া' স্মাৰ্টফোনসমূহ মুকলি কৰে: 'i' ছিৰিজ - i5, i5 Pro, i3, i3 Pro আৰু i7। প্ৰথমতে ৰাজস্থান, গুজৰাট, আৰু পঞ্জাবত আৰম্ভ হোৱা কোম্পানীটোৱে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশতে বিয়পি পৰিছিল।
এই প্ৰতিষ্ঠানটোৱে আফ্ৰিকা আৰু ভাৰতৰ উপৰিও আন উদীয়মান বজাৰ চিনাক্ত কৰিছে, য’ত জনসংখ্যা বৃহৎ যদিও ক্ৰয় ক্ষমতা কম। ২০১৭ চনত বাংলাদেশ আৰু নেপালৰ বজাৰত প্ৰৱেশ কৰি পাকিস্তানত পৰীক্ষামূলক বিক্ৰী আৰম্ভ কৰে ৷[5] ই এতিয়াও পাকিস্তানৰ বজাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে আৰু নিজৰ ৱেবছাইটকে ধৰি বিভিন্ন ই-কমাৰ্চ চেনেলৰ জৰিয়তে অনলাইনত বিক্ৰী আৰম্ভ কৰিছে।
প্ৰডাক্ট নিৰ্মাণ
[সম্পাদনা কৰক]ভাৰতত বিক্ৰী হোৱা টেকন’ ম'বাইল ফোনসমূহ উত্তৰ প্ৰদেশৰ নয়ডাত থকা তেওঁলোকৰ উৎপাদন কেন্দ্ৰত একত্ৰিত কৰা হয়৷[6]
উৎপাদনৰ তালিকা
[সম্পাদনা কৰক]- টেকন' কেমন ১২
- টেকন' কেমন ১৫
- টেকন' কেমন ১৭
- টেকন' কেমন ১৮
- টেকন' কেমন ১৯
- টেকন' কেমন ২০
- টেকন' কেমন ২০ প্ৰ’
- টেকন' কেমন ২০ প্ৰিমিয়াৰ
- টেকন' কেমন ৩০
- টেকন' কেমন ৩০s
- টেকন' কেমন ৩০s প্ৰ’
- টেকন' কেমন ৩০ প্ৰ' ৫জি
- টেকন' কেমন ৩০ প্ৰিমিয়াৰ ৫জি
- টেকন' কেমন ৪০
- টেকন' কেমন ৪০ প্ৰ’
- টেকন' কেমন ৪০ প্ৰ' ৫জি
- টেকন' কেমন ৪০ প্ৰিমিয়াৰ ৫জি
- টেকন' ফেণ্টম V ফ্লিপ
- টেকন' ফেণ্টম V ফ্লিপ ২
- টেকন' ফেণ্টম X
- টেকন' ফেণ্টম X2
- টেকন' ফেণ্টম X2 প্ৰ’
- টেকন' ফেণ্টম V ফ'ল্ড
- টেকন' ফেণ্টম V ফ'ল্ড ২
- টেকন' স্পাৰ্ক ৪
- টেকন' স্পাৰ্ক ৭
- টেকন' স্পাৰ্ক ৮
- টেকন' স্পাৰ্ক ৯
- টেকন' স্পাৰ্ক ১০
- টেকন' স্পাৰ্ক ২০
- টেকন' স্পাৰ্ক ২০C
- টেকন' স্পাৰ্ক ২০ প্ৰ’
- টেকন' স্পাৰ্ক ২০ প্ৰ’+
- টেকন' স্পাৰ্ক ৩০C
- টেকন' স্পাৰ্ক ৩০C ৫জি
- টেকন' স্পাৰ্ক ৩০
- টেকন' স্পাৰ্ক ৩০ প্ৰ’
- টেকন' স্পাৰ্ক ৪০
- টেকন' স্পাৰ্ক ৪০ প্ৰ’
- টেকন' স্পাৰ্ক ৪০ প্ৰ’+
- টেকন' পোভা ২
- টেকন' পোভা ৪
- টেকন' পোভা ৪ প্ৰ’
- টেকন' পোভা নিঅ' ৩
- টেকন' পোভা ৫
- টেকন' পোভা ৫ প্ৰ' ৫জি
- টেকন' পোভা ৬
- টেকন' পোভা ৬ নিঅ’
- টেকন' পোভা ৬ নিঅ' ৫জি
- টেকন' পোভা ৬ প্ৰ' ৫জি
- টেকন' পোভা ৭
- টেকন' পোভা ৭ আল্ট্ৰা ৫জি
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Deck, Andrew (2020-06-23). "Your guide to Transsion, Africa's biggest mobile phone supplier" (en-US ভাষাত). Rest of World. https://restofworld.org/2020/transsion-from-china-to-africa/। আহৰণ কৰা হৈছে: 2020-08-08. "Transsion operates three brands from its headquarters in Shenzhen in China: Infinix, Itel, and Tecno."
- ↑ "Tecno Mobile Unlimited – Supplier Profile". service.ariba.com. https://service.ariba.com/Discovery.aw/ad/profile?key=AN01015827434। আহৰণ কৰা হৈছে: 2020-05-17.
- ↑ "Samsung, Apple, Tecno top list of mobile brands with highest SOV in Q2 of 2016" (en-US ভাষাত). https://guardian.ng/technology/samsung-apple-tecno-top-list-of-mobile-brands-with-highest-sov-in-q2-of-2016/.
- ↑ "Chinese phone maker Tecno Mobile forays into Middle East". https://www.khaleejtimes.com/technology/chinese-phone-maker-tecno-mobile-forays-into-middle-east। আহৰণ কৰা হৈছে: 1 October 2017.
- ↑ "How Transsion became No 3 in India by solving oily fingers problem" (en ভাষাত). South China Morning Post. http://www.scmp.com/tech/social-gadgets/article/2127671/how-unknown-chinese-phone-maker-became-no-3-india-solving-oily.
- ↑ "Transsion Holdings to shift manufacturing base to India". 24 September 2019. https://www.thehindubusinessline.com/info-tech/chinese-mobile-phone-maker-transsion-mulls-second-manufacturing-unit-in-india/article29501718.ece। আহৰণ কৰা হৈছে: 18 June 2021.
