টেঙাখাত
টেঙাখাত
Tengakhat | |
|---|---|
নগৰ | |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | ডিব্ৰুগড় জিলা |
| উচ্চতা | ১০৬ মিটাৰ (৩৪৮ ফুট) |
| জনসংখ্যা | |
• মুঠ |
২,২০,৪৭৮ |
টেঙাখাত(ইংৰাজী: Tengakhat) অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এখন অন্যতম ঠাই বা মহকুমা।যি ডিব্ৰুগড় জিলাৰ পূব দিশে অৱস্থিত।
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]টেঙাখাত ভৌগোলিক ভাবে 27°13′N 95°54′E / 27.22°N 95.9°E[1] ত অবস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১০৬ মিটাৰ (৩৪৮ ফুট)।টেঙাখাত ঠাইখন ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ পূৰ্বে আৰু দুলীয়াজান চহৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
আন্তঃগাথঁনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি টেঙাখাতৰ মুঠ জনসংখ্যা প্ৰায় ২২০,৪৭৮ জন , ইয়াৰ ভিতৰত ১১২,০৪৬ জন পুৰুষ অৰ্থাৎ মুঠ জনসংখ্যাৰ ৫১.৮১% আৰু ১০৮,৪৩২ গৰাকী মহিলা অৰ্থাৎ মুঠ জনসংখ্যাৰ ৪৯.১৯%। আৰু ইয়াৰ ভিতৰত মুঠ জনসংখ্যাৰ ১২.৩৫% ৬ বছৰৰ অনুৰ্ধৰ শিশু।[2] টেঙাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৬৭.২৪ শতাংশ। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা গড় সাক্ষৰতাৰ হাৰ ক্ৰমে ৭২.৯৪% আৰু ৬১.৩৫%।
প্ৰশাসন
[সম্পাদনা কৰক]টেঙাখাতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অধীনত ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড হিচাপে কাম কৰে। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৭টা ৰাজহ চক্ৰ আৰু ৭টা উন্নয়ন খণ্ডৰ ভিতৰত টেঙাখাত ৰাজহ চক্ৰ আৰু টেঙাখাত উন্নয়ন খণ্ড অন্যতম।[3]
শিক্ষা
[সম্পাদনা কৰক]বিদ্যালয়
[সম্পাদনা কৰক]- টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- দেওঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত
- টেঙাখাত জাতীয় বিদ্যালয় (ব্যক্তিগত)
- আদৰ্শ বিদ্যালয় ,টেঙাখাত (ব্যক্তিগত)
মহাবিদ্যালয়
[সম্পাদনা কৰক]- টেঙাখাত মহাবিদ্যালয়
- টেঙাখাত কনিষ্ঠ মহাবিদ্যালয় (ব্যক্তিগত)
ৰাজনীতি
[সম্পাদনা কৰক]টেঙাখাত ৯০ নং দুলীয়াজান বিধানসভা সমষ্টি আৰু ১৪ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Falling Rain Genomics, Inc - tengakhat". Archived from the original on 2006-11-03. https://web.archive.org/web/20061103104848/http://www.fallingrain.com/world/IN/3/tengakhat.html। আহৰণ কৰা হৈছে: 2014-03-18.
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "District Profile – Dibrugarh". Archived from the original on 6 May 2025. https://web.archive.org/web/20250506214746/https://dibrugarh.assam.gov.in/about-us/district-profile। আহৰণ কৰা হৈছে: 15 October 2025.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.