সমললৈ যাওক

টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
স্থাপিত ১৯৪৫
ধৰণ চৰকাৰী বিদ্যালয়
ধৰ্মীয় ভুক্তি অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
স্থান টেঙাখাত, অসম, ভাৰত

টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Tengakhat Higher Secondary School) হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ চুঙি-লেংৰাই গাঁৱত অৱস্থিত এটা চৰকাৰী সহশিক্ষামূলক বিদ্যালয় লগতে অঞ্চলটোৰ সৰ্ববৃহৎ তথা অন্যতম বিদ্যালয়। বিদ্যালয়খনৰ পাঠ্যকৰ্ম প্ৰাথমিক স্তৰৰপৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক স্তৰ (প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী) পৰ্যন্ত চলি আহিছে। এই বিদ্যালয়খন টেঙাখাট আৰু ওচৰৰ বহু গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত। [1]

ৰাজ্য শিক্ষাবিভাগৰ তথ্য অনুসৰি টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় জিলাখনৰ অন্যতম পুৰণি বিদ্যালয়। চৰকাৰী নথি-পত্ৰত বিদ্যালয়খনৰ প্ৰতিষ্ঠা-বছৰ ১৯৪৫ বুলি উল্লেখ কৰা হৈছে। সেই সময়ত স্থানীয় লোকসকলৰ আগ্ৰহ আৰু সহায়ত বিদ্যালয়খন স্থাপন কৰা হৈছিল। [2]

অৱস্থান আৰু পৰিসৰ

[সম্পাদনা কৰক]

বিদ্যালয়খন ডিব্ৰুগড় জিলাৰ টেঙাখাত ব্লকৰ অন্তৰ্গত চুঙি-লেংৰাই গাঁৱত অৱস্থিত। পিন ক’ড — ৭৮৬১০৩। বিদ্যালয়খন ৰাজ্য চৰকাৰৰদ্বাৰা পৰিচালিত এখন গ্ৰাম্য বিদ্যালয়। বিদ্যালয়খনৰ পৰিসৰত স্থায়ী চৰকাৰী ভবন, পানী আৰু হেণ্ডৱাশ সুবিধা, লগতে পুথিভঁৰালৰ ব্যৱস্থা আছে। [1]

ব্যৱস্থাপনা আৰু শিক্ষাব্যৱস্থা

[সম্পাদনা কৰক]

টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় অসমৰ শিক্ষা বিভাগৰ নিয়ন্ত্ৰণত চলি আহিছে। বিদ্যালয়খন সহশিক্ষামূলক, অৰ্থাৎ ইয়াত ছাত্ৰ-ছাত্ৰী দুয়োৰে একেলগে অধ্যয়ন কৰাৰ সুবিধা আছে। বিদ্যালয়খনৰ তথ্য ৰাজ্যৰ বিদ্যালয় পৰিচালনা ব্যৱস্থাত (UDISE Code) অন্তৰ্ভুক্ত। [2]

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

বিদ্যালয়খনত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) {বৰ্তমান অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB)} ৰ পাঠ্যক্ৰম অনুসৰণ কৰা হয়। ক্লাছ ১০ আৰু ১২ৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যিক পৰীক্ষাত অংশগ্ৰহণ কৰে। আৰু অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। [1] [3]

ছাত্ৰ-ছাত্ৰী জীৱন আৰু অনুষ্ঠান

[সম্পাদনা কৰক]

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যকৰ্মৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, বিহু, পৰিৱেশ সচেতনতা অভিযান, ক্ৰীড়া প্ৰতিযোগিতা আদি কাৰ্যকলাপত অংশগ্ৰহণ কৰে। স্থানীয় মাধ্যম আৰু সামাজিক মাধ্যমত বিদ্যালয়খনৰ অনুষ্ঠান আৰু সমাৰোহৰ ছবি-ভিডিঅ’ সময় সময়তে প্ৰকাশ পায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]