টেঙাখাত মহাবিদ্যালয়
| টেঙাখাত মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৬৭ |
| ধৰণ | Public |
| স্থান | টেঙাখাত, অসম, ভাৰত |
| ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| ৱেবছাইট | https://tengakhatcollege.edu.in/ |
১৯৬৭ চনত স্থাপিত টেঙাখাত মহাবিদ্যালয়খন অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত ত অৱস্থিত এখন মেজৰ আৰু সাধাৰণ ডিগ্ৰী মহাবিদ্যালয় ৷ এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ৷ [1] এই টেঙাখাত মহাবিদ্যালয়ে স্থাপিত কালৰে পৰা টেঙাখাত অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰ্ণি ভুমিকা পালন কৰি আহিছে ।
টেঙাখাত মহাবিদ্যালয়ৰ বিষয়ে
[সম্পাদনা কৰক]টেঙাখাত মহাবিদ্যালয়খন ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পূবে আৰু দুলীয়াজান তেল চহৰৰ পৰা ১৭ কিলোমিটাৰ পশ্চিমে টেঙাখাতত অৱস্থিত। টেঙাখাতৰ কেইজনমান আগশাৰীৰ শিক্ষাবিদ আৰু সমাজকৰ্মীৰ উদ্যোগত এই মহাবিদ্যালয়খন ১৯৬৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয়খনক ১৯৮৬ চনত ডেফিচিট গ্ৰান্ট-ইন-এইড ব্যৱস্থাৰ অধীনলৈ অনা হয় আৰু ২০০৭ চনত UGC ৰ ২(f) আৰু ১২(B) ধাৰাৰ অধীনত স্বীকৃতি লাভ কৰে। স্থানীয় আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁও তথা চাহ বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনে ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম চক্ৰত NAAC ৰ পৰা "গ্ৰেড বি" স্বীকৃতি লাভ কৰিছিল। ২০১৬ চনৰ নৱেম্বৰ মাহত দ্বিতীয় চক্ৰত NAAC ৰ পৰা গ্ৰেড বি++ (CGPA ২.৮৭) স্বীকৃতি লাভ কৰে।[2]
আগবঢ়োৱা পাঠ্যক্ৰমসমূহ
[সম্পাদনা কৰক]টেঙাখাত মহাবিদ্যালয়ত কলা আৰু বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Dibrugarh University". Archived from the original on 11 May 2020. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 11 June 2020.
- ↑ https://www.tengakhatcollege.edu.in/
