সমললৈ যাওক

টেয়া অ’ব্ৰেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেয়া অ’ব্ৰেট

২০১৪ চনৰ মে’ মাহত পেন আমেৰিকা/ফ্ৰী এক্সপ্ৰেচন লিটাৰেচাৰত অ’ব্ৰেট।
জন্ম টেয়া বাজৰাক্টায়েভিচ
৩০ ছেপ্টেম্বৰ, ১৯৮৫ (৪০ বছৰ)
বেলগ্ৰেড, এছ আৰ ছাৰ্বিয়া, এছ এফ আৰ যুগোশ্লাভিয়া
পেচা কাল্পনিক সাহিত্যৰ লেখিকা
শিক্ষা দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়
কৰ্নেল বিশ্ববিদ্যালয় (MFA)
ধৰণ উপন্যাস, চুটিগল্প
উল্লেখনীয় কৰ্মৰাজি দ্য টাইগাৰ্ছ ৱাইফ
উল্লেখযোগ্য বঁটা অৰেঞ্জ প্ৰাইজ (২০১১)
ৱেবছাইট teaobreht.com

টেয়া অ’ব্ৰেট (ইংৰাজী: Téa Obreht; জন্মগত নাম: টেয়া বাজৰাক্টায়েভিচ; ৩০ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান ঔপন্যাসিকা।[1][2][3] তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্য টাইগাৰ্ছ ৱাইফৰ বাবে ২০১১ চনত অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।[4][5]

টেয়া অ’ব্ৰেটৰ জন্ম ১৯৮৫ চনৰ শৰৎকালত বেলগ্ৰেডত হৈছিল। তেওঁ মাক মায়াৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ দেউতাক এজন বচনীয়ান (Bosniak) লোক আছিল যদিও তেওঁ কেতিয়াও পৰিয়ালটোৰ সৈতে জড়িত নাছিল। পিতৃ অবিহনে ডাঙৰ-দীঘল হোৱাৰ বাবে তেওঁ ককা-আইতাকৰ খুব নলে-গলে লগা আছিল। বিশেষকৈ জাৰ্মান মূলৰ শ্লোভেনিয়ান ককাক ষ্টিফান আৰু বচনীয়ান আইতাক জাহিদাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আছিল।

দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত,[6] অ’ব্ৰেটে ২০০৯ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰ সৃজনশীল লিখনী পাঠ্যক্ৰমৰপৰা কাল্পনিক সাহিত্যত MFA ডিগ্ৰী লাভ কৰে।[7]

অ’ব্ৰেটৰ লিখনি দ্য নিউয়ৰ্কাৰ, জোৱেট্ৰ’প: অল-ষ্ট’ৰী, হাৰ্পাৰ্ছ মেগাজিন, দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য গাৰ্ডিয়ানৰ লগতে বিভিন্ন গল্প সংকলনত প্ৰকাশ পাইছে।[8][9]

সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত অ’ব্ৰেটে তেওঁৰ লিখনীত কলম্বিয়ান ঔপন্যাসিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ, যুগোশ্লাভিয়াৰ নোবেল বিজয়ী ইভো আন্দ্ৰিচ, ৰেমণ্ড চেণ্ডলাৰ, আৰ্নেষ্ট হেমিংৱে, ইছাক ডিনেচেন, ৰাছিয়ান লেখক মিখাইল বুলগাকভ আৰু শিশু সাহিত্যিক ৰোল্ড ডালৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।[10]

অ’ব্ৰেট আইৰিছ লেখক ডেন শ্বিহানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11][12]

দ্য টাইগাৰ্ছ ৱাইফ

[সম্পাদনা কৰক]

দ্য টাইগাৰ্ছ ৱাইফ ২০১০ চনত উইডেনফেল্ড এণ্ড নিকোলছনৰদ্বাৰা প্ৰকাশিত হৈছিল।[13] ই বলকানৰ এখন নামবিহীন দেশৰ পটভূমিত বৰ্তমান আৰু আধা শতিকা আগৰ কাহিনীৰে সমৃদ্ধ এখন উপন্যাস। ইয়াত এগৰাকী যুৱ চিকিৎসকৰ নিজৰ ককাকৰ সৈতে থকা সম্পৰ্ক আৰু ককাকে তেওঁক কোৱা কাহিনীসমূহ প্ৰদৰ্শন কৰা হৈছে। এই কাহিনীসমূহ এজন "অমৰ মানুহ" (deathless man)ৰ বিষয়ে যিয়ে তেওঁক বিভিন্ন সময়ত বিভিন্ন ঠাইত লগ পাইছিল আৰু যি কেতিয়াও বৃদ্ধ নহয়; লগতে ককাকৰ শৈশৱৰ গাঁৱৰ এগৰাকী বধিৰ-মূক ছোৱালীৰ কাহিনী যিয়ে চিৰিয়াখানাৰপৰা পলাই অহা এটা বাঘৰ সৈতে বন্ধুত্ব কৰিছিল। এই উপন্যাসখনৰ বেছিভাগ অংশ তেওঁ কৰ্নেল বিশ্ববিদ্যালয়ত থকাৰ সময়তে লিখা হৈছিল, আৰু ২০০৯ চনৰ জুন মাহত দ্য নিউয়ৰ্কাৰত ইয়াৰ একাংশ উদ্ধৃত কৰা হৈছিল।[14] এগৰাকী বিশ্ববিদ্যালয়ৰ সাংবাদিকে উপন্যাসখনৰ সাৰাংশ দিবলৈ কোৱাত অ’ব্ৰেটে উত্তৰ দিছিল, "এয়া বলকানৰ এক কাল্পনিক প্ৰদেশত ঘটা এটা পাৰিবাৰিক কাহিনী। এয়া এগৰাকী মহিলা কথক আৰু চিকিৎসক ককাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে। বলকানৰ এই সকলোবোৰ যুদ্ধৰ সময়ত চিকিৎসকসকল আৰু মৃত্যুৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ এক কাহিনী।" [5]

দ্য টাইগাৰ্ছ ৱাইফ-এ ২০১১ চনত (২০১০ চনৰ প্ৰকাশনৰ বাবে) ব্ৰিটিছ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। ১৯৯৬ চনত স্থাপিত হোৱা আৰু সমগ্ৰ বিশ্বৰ মহিলাৰ লিখনীত "উৎকৃষ্টতা, মৌলিকতা আৰু সুলভতা"ক স্বীকৃতি দিয়া এই বাৰ্ষিক বঁটাটো লাভ কৰা অ’ব্ৰেট আছিল সৰ্বকনিষ্ঠ বিজয়ী।[15] ২০১১ চনৰ শেষৰফালে তেওঁ সেই বছৰৰ আমেৰিকাৰ নেশ্যনেল বুক এৱাৰ্ড ফৰ ফিকচনৰ বাবেও চূড়ান্ত প্ৰতিযোগী আছিল।[16]

ইনলেণ্ড

[সম্পাদনা কৰক]

ইনলেণ্ড ২০১৯ চনত পেংগুইন ৰেনডম হাউচৰদ্বাৰা প্ৰকাশিত হৈছিল।[17] ই ১৯ শতিকাৰ শেষৰফালৰ আমেৰিকান পশ্চিমৰ পটভূমিত ৰচিত।[18]

দ্য মৰ্নিংছাইড

[সম্পাদনা কৰক]

অ’ব্ৰেটৰ তৃতীয় উপন্যাস দ্য মৰ্নিংছাইড ২০২৪ চনত প্ৰকাশিত হয়।[19]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
বৰ্ষগ্ৰন্থবঁটাবিভাগফলাফলতথ্যসূত্ৰ
২০১১ দ্য টাইগাৰ্ছ ৱাইফ ডিলান থমাছ বঁটাShortlisted[20]
গ্যালাক্সি নেশ্যনেল বুক এৱাৰ্ডছআন্তঃৰাষ্ট্ৰীয় লেখকShortlisted
নেশ্যনেল বুক এৱাৰ্ডকাল্পনিক সাহিত্য (Fiction)চুড়ান্ত প্ৰতিযোগী
অৰেঞ্জ প্ৰাইজবিজয়ী[21]
ৱাটাৰষ্টোনছ ১১নিৰ্বাচিত [22]
২০১২ এণ্ড্ৰু কাৰ্নেগী মেডেল ফৰ এক্সিলেন্সকাল্পনিক সাহিত্যদীঘলীয়া তালিকাভুক্ত[23]
চিবিচি বুকী এৱাৰ্ডছআন্তঃৰাষ্ট্ৰীয় কাল্পনিক সাহিত্যমনোনীত
ক্ৰফৰ্ড বঁটাচুড়ান্ত প্ৰতিযোগী[24]
ইণ্ডিজ চয়েছ বুক এৱাৰ্ডছপ্ৰাপ্তবয়স্কৰ প্ৰথম গ্ৰন্থ (Adult Debut)বিজয়ী
২০২০ ইনলেণ্ড এণ্ড্ৰু কাৰ্নেগী মেডেল ফৰ এক্সিলেন্সকাল্পনিক সাহিত্যদীঘলীয়া তালিকাভুক্ত[25]
ডিলান থমাছ বঁটাShortlisted[26][27]
২০২১ আন্তঃৰাষ্ট্ৰীয় ডাবলিন সাহিত্য বঁটাদীঘলীয়া তালিকাভুক্ত[28]
জইচ কেৰল অ’টছ সাহিত্য বঁটাদীঘলীয়া তালিকাভুক্ত[29]
২০২৪ দ্য মৰ্নিংছাইড জইচ কেৰল অ’টছ সাহিত্য বঁটাদীঘলীয়া তালিকাভুক্ত[30]
২০২৫ ক্লাইমেট ফিকচন প্ৰাইজঅমীমাংসিত[31]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • (2011). দ্য টাইগাৰ্ছ ৱাইফ (হাৰ্ডকভাৰ ১ম সম্পাদনা). প্ৰকাশক লণ্ডন: উইডেনফেল্ড এণ্ড নিকোলছন. ISBN 9780297859017. [32]
  • (2019) (en ভাষাত). ইনলেণ্ড (হাৰ্ডকভাৰ ১ম সম্পাদনা). প্ৰকাশক নিউয়ৰ্ক: ৰেনডম হাউচ. ISBN 9780812992861. [33]
  • (2024). দ্য মৰ্নিংছাইড (হাৰ্ডকভাৰ ১ম সম্পাদনা). প্ৰকাশক নিউয়ৰ্ক: ৰেনডম হাউচ. ISBN 9781984855503. [34][35][36]

চুটিগল্প

[সম্পাদনা কৰক]

প্ৰবন্ধ আৰু প্ৰতিবেদন

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ward, Victoria (8 June 2011). "Orange Prize won by relative unknown Téa Obreht". The Daily Telegraph. http://www.telegraph.co.uk/culture/books/bookprizes/8563735/Orange-Prize-won-by-relative-unknown-Tea-Obreht.html আহৰণ কৰা হৈছে: 19 October 2016.
  2. "Orange Prize for Fiction awarded to Tea Obreht". BBC Online. 8 June 2011. http://www.bbc.com/news/entertainment-arts-13702281 আহৰণ কৰা হৈছে: 19 October 2016.
  3. "Serbian-American author wins Orange". The Irish Times. 9 June 2011. http://www.irishtimes.com/news/serbian-american-author-wins-orange-1.591504 আহৰণ কৰা হৈছে: 19 October 2016.
  4. Schillinger, Liesl (11 March 2011). "A Mythic Novel of the Balkan Wars". The New York Times. https://www.nytimes.com/2011/03/13/books/review/book-review-the-tigers-wife-by-tea-obreht.html?_r=1&nl=books&emc=booksupdateema2&pagewanted=all আহৰণ কৰা হৈছে: 11 March 2011.
  5. 1 2 Hamilton, Ted (25 March 2009). "Student Artist Spotlight: Tea Bajraktarevic" (interview). Cornell Daily Sun. Archived 7 March 2012. Retrieved 12 April 2014.
  6. McGrath, Charles (14 March 2011). "'The Tiger's Wife' Brings Téa Obreht Acclaim". The New York Times. https://www.nytimes.com/2011/03/15/books/the-tigers-wife-brings-tea-obreht-acclaim.html?_r=1&pagewanted=all আহৰণ কৰা হৈছে: 15 March 2011.
  7. Minzesheimer, Bob (10 March 2011). "New Voices: Tea Obreht, The Tiger's Wife". USA Today. https://www.usatoday.com/life/books/news/2011-03-10-buzzplus10_ST_N.htm আহৰণ কৰা হৈছে: 11 March 2011.
  8. "20 Under 40 Q.&A.: Téa Obreht" (interview). The New Yorker. June 14, 2010. Retrieved 28 March 2011.
  9. "Biography" Archived 2018-08-18 at the Wayback Machine. Téa Obreht (teaobreht.com). Retrieved 28 March 2011.
  10. Codinha, Cotton (20 July 2009). "I Dreamed of Africa" (interview). The Atlantic. Retrieved 28 March 2011.
  11. Gilmartin, Sarah (10 February 2018). "Restless Souls by Dan Sheehan review – friendship, memory and human capacity for endurance" (en ভাষাত). The Irish Times. https://www.irishtimes.com/culture/books/restless-souls-by-dan-sheehan-review-friendship-memory-and-human-capacity-for-endurance-1.3376911.
  12. Luscombe, Belinda (13 August 2019). "'I Put 1,400 Pages in the Trash.' The Tiger's Wife Author Téa Obreht on Killing Two Books to Create Her New Novel" (en ভাষাত). TIME Magazine. https://time.com/5650943/tea-obreht-inland-interview/.[সংযোগবিহীন উৎস]
  13. "Tiger's wife". WorldCat. Retrieved 12 April 2014.
    "View all editions and formats" shows that others were published 2011 and later.
  14. Lee, Stephan (4 March 2011). "Téa Obreht, author of 'The Tiger's Wife', on craft, age, and early success"[সংযোগবিহীন উৎস] (interview). Entertainment Weekly. Retrieved 28 March 2011.
  15. "Téa Obreht wins 2011 Orange Prize for Fiction" (2011 archive, contemporary). Orange Prize for Fiction (orangeprize.co.uk). Archived 10 February 2013. Retrieved 12 April 2014.
  16. "National Book Awards – 2011". National Book Foundation. Retrieved 12 April 2014. Contemporary archive including video record of Obreht reading from The Tiger's Wife.
  17. "Inland: A Novel". Penguin Random House. https://www.penguinrandomhouse.com/books/214332/inland-by-tea-obreht/ আহৰণ কৰা হৈছে: 26 May 2025.
  18. Chapman, Ryan (May 25, 2025). "'Nobody in This Book Is Going to Catch a Break': Téa Obreht on "Inland"". Longreads. https://longreads.com/2019/08/28/tea-obreht-on-inland/.
  19. "The Morningside by Téa Obreht : 9781984855503 | PenguinRandomHouse.com: Books" (en-US ভাষাত). PenguinRandomhouse.com. https://www.penguinrandomhouse.com/books/608343/the-morningside-by-tea-obreht/ আহৰণ কৰা হৈছে: 2025-05-25.
  20. "Dylan Thomas Prize 2011 shortlist is announced". BBC News. October 20, 2011. https://www.bbc.co.uk/news/uk-wales-15381124 আহৰণ কৰা হৈছে: November 11, 2012.
  21. "Orange Prize for Fiction awarded to Tea Obreht". BBC News. 8 June 2011. https://www.bbc.co.uk/news/entertainment-arts-13702281 আহৰণ কৰা হৈছে: 2 December 2011.
  22. "Waterstone's unveils debut authors book list". BBC News. 20 January 2011. https://www.bbc.co.uk/news/entertainment-arts-12240422 আহৰণ কৰা হৈছে: 24 January 2012.
  23. "Booklist Online: Leading Book Discovery". www.booklistonline.com. https://www.booklistonline.com:443/media/carnegieresources/carnegie_12longlist.pdf আহৰণ কৰা হৈছে: 2025-04-08.
  24. admin (2012-01-24). "2012 Crawford Award Announced" (en-US ভাষাত). Locus Online. https://locusmag.com/2012/01/2012-crawford-award-announced/ আহৰণ কৰা হৈছে: 2025-04-08.
  25. "Longlist | Andrew Carnegie Medals for Excellence" (en ভাষাত). www.ala.org. https://www.ala.org/carnegie-medals/longlist আহৰণ কৰা হৈছে: 2025-04-08.
  26. "Dylan Thomas Prize 2020 shortlist announced" (en-AU ভাষাত). Books+Publishing. 8 April 2020. https://www.booksandpublishing.com.au/articles/2020/04/08/148999/dylan-thomas-prize-2020-shortlist-announced/ আহৰণ কৰা হৈছে: 2020-04-08.
  27. "2020 shortlist". ছুৱানছি বিশ্ববিদ্যালয়. https://www.swansea.ac.uk/dylan-thomas-prize/archive/shortlist-2020/ আহৰণ কৰা হৈছে: December 21, 2023.
  28. IGO (2020-12-07). "Inland" (en-US ভাষাত). Dublin Literary Award. https://dublinliteraryaward.ie/the-library/books/inland/ আহৰণ কৰা হৈছে: 2025-04-08.
  29. "2021 Joyce Carol Oates Prize Longlist Announced" (en-US ভাষাত). New Literary Project. https://www.newliteraryproject.org/whats-new/2021-joyce-carol-oates-prize-longlist-announced আহৰণ কৰা হৈছে: 2025-04-08.
  30. "Longlist Announced for 2024 Joyce Carol Oates Prize" (en-US ভাষাত). New Literary Project. https://www.newliteraryproject.org/whats-new/longlist-announced-for-2024-joyce-carol-oates-prize আহৰণ কৰা হৈছে: 2025-04-08.
  31. "2025 Prize" (en-GB ভাষাত). The Climate Fiction Prize. https://climatefictionprize.co.uk/2025-prize/ আহৰণ কৰা হৈছে: 2025-04-08.
  32. Schillinger, Liesl (2011-03-11). "The Tiger's Wife". The New York Times. https://www.nytimes.com/2011/03/13/books/review/book-review-the-tigers-wife-by-tea-obreht.html আহৰণ কৰা হৈছে: 2024-09-17.
  33. Meyer, Lily (2019-08-15). "'Inland' Creates A New Myth Of The Old West". NPR. https://www.npr.org/2019/08/15/751149249/inland-creates-a-new-myth-of-the-old-west আহৰণ কৰা হৈছে: 2024-09-17.
  34. Chan, Jessamine (2024-03-18). "Book Review: 'The Morningside,' by Téa Obreht". The New York Times. https://www.nytimes.com/2024/03/18/books/review/tea-obreht-morningside.html আহৰণ কৰা হৈছে: 2024-09-17.
  35. Charles, Ron (2024-03-19). "With 'The Morningside,' Téa Obreht builds a city of strange tales". Washington Post. https://www.washingtonpost.com/books/2024/03/19/tea-obreht-morningside-novel-review/.
  36. "The Reenchantment of the Ordinary World". Los Angeles Review of Books. 2024-08-11. https://lareviewofbooks.org/article/the-reenchantment-of-the-ordinary-world/ আহৰণ কৰা হৈছে: 2024-09-19.
  37. অনলাইন সংস্কৰণৰ শীৰ্ষক হৈছে "David Attenborough’s exploration of nature’s marvels and brutality"।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]