সমললৈ যাওক

টেলেটে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেলেটে
উৎসৱ আৰু ৰীতি-নীতিৰ দেৱী

টেলেটেৰ মূৰ্তি
নিবাস পৃথিৱী
প্ৰতীকসমুহ থাইৰছাছ
পিতৃ-মাতৃ ডাইঅ'নিছাছ আৰু নিচিয়া

টেলেটে (/ˈtɛlɪtiː/; প্ৰাচীন গ্ৰীক: Τελετή, ইংৰাজী: Teletḗ, আক্ষৰিক অৰ্থ: 'অভিযোগ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি মদিৰাৰ দেৱতা ডাইঅ'নিছাছৰ আৰু নিচিয়াৰ কন্যা, নদী-দেৱতা ছাংগাৰিয়াছ (Sangarius) আৰু মাতৃ দেৱী চাইবেলাৰ (Cybele) এগৰাকী অপেশ্বৰী (Naiad) কন্যা।

কিংবদন্তি

[সম্পাদনা কৰক]

টেলেটেৰ জন্মৰ সন্দৰ্ভত কোৱা হৈছে যে ডাইঅ’নিছাছে নিচিয়াই গৰ্ভৱতী কৰি তোলাৰ বাবে তেওঁ লজ্জিত হৈছিল, আনকি নিজকে ফাঁচী দি হত্যা কৰাৰ চেষ্টাও কৰিছিল; তথাপিও যথা সময়ত তাইৰ এগৰাকী কন্যা সন্তান জন্ম হ’ল। টেলেটেৰ জন্মৰ সময়ত হোৰাই পৰিয়ালৰ ধাত্ৰী হিচাপে কাম কৰিছিল বুলি কোৱা হয়।[1] টেলেটেৰ ভাগ্যত তেওঁ ডাইঅ'নিছাছ আৰু তেওঁৰ পুত্ৰ ইয়াকাচৰ অনুগামী হোৱাৰ বিধান আছিল।[2]

পৌছানিয়াছে ব’টিয়াৰ হেলিকনিয়ান মিউজৰ উদ্যানত টেলেটেৰ এটা মূৰ্তিৰ কথা উল্লেখ কৰিছে। তেওঁৰ মূৰ্তিটো অৰ্ফিউছৰ কাষতে আছিল।[3]

টেলেটেক ডাইঅ'নিছাছৰ সন্মানত নিশাৰ উৎসৱ আৰু আচাৰ-ব্যৱহাৰৰ নৃত্যৰ সৈতে জড়িত কৰা হৈছিল,[4] আৰু এই উৎসৱৰ পাৰম্পৰিক নীতি-নিয়মত দীক্ষা দিয়াৰ দেৱী হিচাপে ব্যাখ্যা কৰা হৈছে।[5]

  1. Nonnus, 16.392-400
  2. Nonnus, 48.884-885
  3. Pausanias, 9.30.4
  4. Nonnus, 16.400-402
  5. "TELETE - Greek Goddess of Initiation Rites of the Bacchic Orgies". www.theoi.com. https://www.theoi.com/Georgikos/Telete.html। আহৰণ কৰা হৈছে: 2021-04-15. 

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • Nonnus of Panopolis, Dionysiaca translated by William Henry Denham Rouse (1863–1950), from the Loeb Classical Library, Cambridge, MA, Harvard University Press, 1940. Online version at the Topos Text Project.
  • Nonnus of Panopolis, Dionysiaca. 3 Vols. W.H.D. Rouse. Cambridge, MA., Harvard University Press; London, William Heinemann, Ltd. 1940–1942. Greek text available at the Perseus Digital Library.
  • Pausanias, Description of Greece with an English Translation by W.H.S. Jones, Litt.D., and H.A. Ormerod, M.A., in 4 Volumes. Cambridge, MA, Harvard University Press; London, William Heinemann Ltd. 1918. আই.এচ.বি.এন. 0-674-99328-4. Online version at the Perseus Digital Library
  • Pausanias, Graeciae Descriptio. 3 vols. Leipzig, Teubner. 1903. Greek text available at the Perseus Digital Library.
  • Vollmer, Wilhelm. (1874). Wörterbuch der Mythologie. Stuttgart, p. 426.