টেৰেছা বাণ্ডেটিনি
| টেৰেছা বাণ্ডেটিনি | |
|---|---|
এঞ্জেলিকা কফমেনএ অঁকা টেৰেছা বাণ্ডেটিনি ৰ ছবি | |
| জন্ম | ১১ আগষ্ট, ১৭৬৩ লুকা, টাস্কানীৰ গ্ৰেণ্ড ডাচি |
| মৃত্যু | ৬ এপ্ৰিল, ১৮৩৭ (৭৩ বছৰ) লুকা, টাস্কানীৰ গ্ৰেণ্ড ডাচি |
টেৰেছা লেণ্ডুচি বাণ্ডুচি বাণ্ডেটিনি (তেওঁৰ আৰ্কাডিয়ান নাম আমাৰিলি ইট্ৰুস্কা; ১১ আগষ্ট ১৭৬৩ – ৬ এপ্ৰিল ১৮৩৭) ইটালীয় নৃত্যশিল্পী, এক্সটেম্পৰেনিয়াছ পদ্যৰ সুৰকাৰ আৰু কবি আছিল, যাক ফিগুৰেণ্ট প'টেস্কা ("সাহিত্যিক বেলেৰিনা") হিচাপে স্মৰণ কৰা হয়।[1]
জীৱন
[সম্পাদনা কৰক]১৭৬৩ চনত লুকা চহৰৰ টাস্কানীৰ বেনেডেট্টো বেণ্ডেটিনি আৰু মাৰিয়া আলবা মিচেলিৰ ঘৰত জন্মগ্ৰহণ কৰা বেণ্ডেটিনীৰ জন্ম হৈছিল এক নম্ৰ পৰিয়ালত। সাত বছৰ বয়সত তেওঁ অনাথ হৈ পৰিছিল আৰু প্ৰথমবাৰৰ বাবে "আমাৰিলি ইট্ৰুস্কা" নাম ব্যৱহাৰ কৰি নৃত্যশিল্পী হিচাপে জনা গৈছিল।[2]
১৭৮৯ চনত ইমোলাত লগ পোৱা লুচেছ পিয়েট্ৰ’ লেণ্ডুচিক বিয়া কৰোৱাৰ পাছত তেওঁৰ কেৰিয়াৰ নৃত্যৰপৰা ইম্প্ৰভাইজেচনলৈ স্থানান্তৰিত হয়। তেওঁৰ বিশেষত্ব আছিল তেওঁৰ আৱেগিক প্ৰদান আৰু সৃষ্টিশীল প্ৰক্ৰিয়াৰ সাক্ষী হ'বলৈ ধন দিবলৈ ইচ্ছুক দৰ্শকে যোগান ধৰা এৰাব নোৱাৰা পৰামৰ্শৰপৰা ঠাইতে পদ্য সৃষ্টি আৰু প্ৰদান কৰা।[2] বাণ্ডেটিনিৰ প্ৰতিভাৰ বাবেই তেওঁ কাউণ্ট লুডোভিকো ছাভিঅ’লিত এজন পৃষ্ঠপোষক বিচাৰি পায়। তেওঁ "এডনিছৰ মৃত্যু" সম্পৰ্কীয় এটা প্ৰাৰম্ভিক কবিতা কেৱল ছপা কৰাই নহয়, ফ্ৰান্সেস্কো ৰোজাস্পিনাই চিত্ৰিত কৰিবলৈও ধন দিছিল।[3] বাণ্ডেটিনি আছিল এজন এক্সটেম্পৰেনিয়াছ পদ্যৰ সুৰকাৰ, আৰু এজন কবি। নৃত্যৰ পটভূমিৰ বাবে তেওঁক সাহিত্যিক বেলেৰিনা (ফিগুৰেণ্ট প'টেস্কা) হিচাপে পৰিচিত হোৱাটো আচৰিত কথা নহয়।[3] যদিও ১৮০১ আৰু ১৮০৭ চনত তেওঁৰ ইম্প্ৰভাইজড পদ্যৰ দুটা প্ৰকাশন প্ৰকাশ পাইছিল, বাণ্ডেটিনিয়ে তেওঁ ৰচনা কৰাত অধিক সময় খৰচ কৰা কবিতা প্ৰকাশ কৰাটো পছন্দ কৰিছিল।[2]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]বেণ্ডটিনিৰ জীৱনকালৰ ভিতৰতে তেওঁক এগৰাকী গুৰুত্বপূৰ্ণ লেখিকা হিচাপে স্বীকৃতি দিয়া হৈছিল। ইটালীৰ বিখ্যাত কবি মাৰিয়া মাডালেনা ম’ৰেলি, যাক ক’ৰিলা অলিম্পিকা বুলিও কোৱা হয়, তেওঁৰ শেষৰ কবিতাৰ কিছু অংশ বেণ্ডেটিনিৰ নামত উৎসৰ্গা কৰিছিল।[4] এঞ্জেলিকা কাউফমেনৰ এখন তেলকে ধৰি বেণ্ডেটিনীৰ কেইবাখনো ছবি আছে। কাউফমেন আছিল আৰ্কাডিয়ান একাডেমী নামেৰে জনাজাত ইটালীৰ সাহিত্য সমিতিৰ সদস্য। কাউফমেনে বেণ্ডেট্টিনিৰ দক্ষতাক সন্মান কৰিছিল আৰু ১৭৯৪ চনত তেওঁ দিয়া প্ৰতিকৃতিখন নিৰ্মাণ কৰিছিল।[4] ২০০২ চনত আৱিষ্কাৰ কৰা হয় যে যুৱ সুৰকাৰ নিকোলো পাগানিনিয়ে তেওঁৰ বাবে বহুদিনৰপৰা হেৰাই যোৱা ছটা ছ’নাটা উৎসৰ্গা কৰিছিল।[2] ১৮৩৭ চনত লুকাত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Wilson, Katharina M. (1991). An Encyclopedia of Continental Women Writers. Taylor & Francis. পৃষ্ঠা. 76. ISBN 978-0-8240-8547-6. https://books.google.com/books?id=2Wf1SVbGFg8C&pg=PA76.
- 1 2 3 4 Bandettini, Teresa (1763-1837), Margaret E. Kern, 2002, University of Chicago, retrieved 24 February 2014
- 1 2 Dickens, Charles; Ainsworth, William Harrison; Smith, Albert (1854). Bentley's miscellany. পৃষ্ঠা. 484–5. https://books.google.com/books?id=uT4FAAAAQAAJ.
- 1 2 Moore, Evelyn K.; Simpson, Patricia Anne, eds (2007). The Enlightened Eye: Goethe and Visual Culture. প্ৰকাশক Amsterdam: Rodopi. পৃষ্ঠা. 39. ISBN 978-9042021242. https://books.google.com/books?isbn=9042021241.