সমললৈ যাওক

টোকাৰী গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টোকাৰি গীতৰ পৰা পুনঃনিৰ্দেশিত)
অৰুণ ভূঞাই পৰিৱেশন কৰা এটা টোকাৰী গীত

টোকাৰী গীত হ'ল এবিধ অসমীয়া লোকগীতটোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়।[1] এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয়[1] আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা। এই গীতসমূহত তন্ত্ৰ আৰু দেহ-তত্ত্বৰ চৰ্চা হৈছে। কোনো ৰচকে যদি গীতৰ মাজেৰে শিৱ-পাৰ্বতীৰ গুণ গাইছে, কোনোৱে দেহটোকে টোকাৰীৰ লগত ৰিজাইছে।[1] টোকাৰী গীত বহু পুৰণি কালৰে পৰা অসমীয়া সমাজ জীৱনত প্ৰচলিত আৰু এতিয়াও ই শেষ হৈ যোৱা নাই।

টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ[2] অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য। আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়।[3] নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতাৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়।[4] টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান (Ruan)-ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে।[4] অনুমান কৰা হয় যে টোকাৰী নামৰ উত্‍পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্‍ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 ড॰ লীলা গগৈ (জানুৱাৰী, ২০০৭). অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৬৮-৭২. ISBN ৮১-৭৩৩৯-৩২৭-৩. 
  2. সাদিন, লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯
  3. ধৰ্মেশ্বৰ বৰুৱা (২০০৫). অসমৰ বাদ্যযন্ত্ৰ. প্ৰকাশক গুৱাহাটী: বীণা মন্দিৰ. পৃষ্ঠা. ৪৪. 
  4. 4.0 4.1 4.2 Dilip Ranjan Barthakur (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃষ্ঠা. 131–. ISBN 978-81-7099-881-5. http://books.google.co.in/books?id=oP4vH-4oSEcC&lpg=PA131&ots=PMUr_T5yqd&dq=tokari%20instrument&pg=PA131#v=onepage&q=tokari%20instrument&f=false.