সমললৈ যাওক

ট্ৰজান যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ট্ৰজান যুদ্ধ (ইংৰাজী: Trojan War) খ্ৰীষ্টপূৰ্ব দ্বাদশ বা ত্ৰয়োদশ শতিকাৰ আশে-পাশে সংঘটিত হোৱা গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক কিংবদন্তিমূলক সংঘাত। ট্ৰয়ৰ পেৰিছে স্পাৰ্টাৰ ৰজা স্বামী মেনেলাছৰ পৰা হেলেনক লৈ যোৱাৰ পিছত আকিয়ান (গ্ৰীক)সকলে ট্ৰয় চহৰৰ বিৰুদ্ধে যুদ্ধ চলাইছিল। এই যুদ্ধখন গ্ৰীক পৌৰাণিক কাহিনীৰ এক অন্যতম গুৰুত্বপূৰ্ণ পৰিঘটনা, আৰু ইয়াক হোমাৰৰ ইলিয়াডকে ধৰি গ্ৰীক সাহিত্যৰ বহু গ্ৰন্থৰ জৰিয়তে বৰ্ণনা কৰা হৈছে। ইলিয়াডৰ মূল অংশত দশকজুৰি ট্ৰয় ৰাজ্যক ঘেৰাও কৰি থকাৰ দশম বছৰৰ অন্তিম চাৰি দিন আৰু দুটা ৰাতিত ঘটা ঘটনা বৰ্ণনা কৰা হৈছে; ওডিছীত যুদ্ধৰ অন্যতম নায়ক ওডিছিয়াছৰ ঘৰলৈ যোৱাৰ কথা বৰ্ণনা কৰা হৈছে। যুদ্ধৰ আন আন অংশবোৰ মহাকাব্যৰ ক্ৰমত বৰ্ণনা কৰা হৈছে, যিবোৰ খণ্ড খণ্ডকৈ উপস্থাপন কৰা হৈছে। যুদ্ধৰ খণ্ডবোৰে গ্ৰীক ট্ৰেজেডী আৰু গ্ৰীক সাহিত্যৰ অন্যান্য ৰচনাৰ বাবে আৰু ভাৰ্জিল আৰু অভিডৰ দৰে ৰোমান কবিসকলক সমল যোগান ধৰিছিল।

প্ৰাচীন গ্ৰীকসকলে বিশ্বাস কৰিছিল যে ট্ৰয় ডাৰ্ডনেলছৰ ওচৰত অৱস্থিত আৰু ট্ৰজান যুদ্ধ খ্ৰীষ্টপূৰ্ব ত্ৰয়োদশ বা দ্বাদশ শতিকাৰ এক ঐতিহাসিক পৰিঘটনা। খ্ৰীষ্টীয় ১৯ শতিকাৰ মাজভাগলৈকে যুদ্ধ আৰু চহৰখন দুয়োটাকে বহুলভাৱে অঐতিহাসিক বুলি গণ্য কৰা হৈছিল যদিও ১৮৬৮ চনত জাৰ্মান প্ৰত্নতত্ত্ববিদ হাইনৰিখ শ্ব্লিমেনে ফ্ৰেংক কেলভাৰ্টক লগ পায় আৰু শ্ব্লিমেনক পতিয়ন নিয়াইছিল যে ট্ৰয় ৰাজ্যখন আধুনিক তুৰস্কৰ বৰ্তমানৰ হিছাৰলিকত আছে।[1] শ্ব্লিমেন আৰু অন্যান্যই কৰা খননৰ ভিত্তিত এই দাবী এতিয়া বেছিভাগ পণ্ডিতে মানি লৈছে।[2]

ট্ৰজান যুদ্ধৰ ঐতিহাসিকতা সম্পৰ্কে এতিয়াও সন্দেহৰ অৱকাশ আছে। বহু পণ্ডিতৰ মতে এই কাহিনীটোৰ এটা ঐতিহাসিক মূল আছে যদিও হোমাৰৰ কাহিনীবোৰ ব্ৰঞ্জ যুগৰ সময়ত মাইচেনিয়ান গ্ৰীকসকলৰ ঘেৰাও আৰু অভিযানৰ বিভিন্ন কাহিনীৰ সংমিশ্ৰণ বুলি কোৱা হয়। যিসকলে ট্ৰজান যুদ্ধৰ কাহিনীসমূহ কোনো নিৰ্দিষ্ট ঐতিহাসিক সংঘাতৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰে তেওঁলোকে সাধাৰণতে খ্ৰীষ্টপূৰ্ব দ্বাদশ বা একাদশ শতিকাত যুদ্ধখন সংঘটিত হৈছিল বুলি কোৱা হয় যদিও শেষৰ ব্ৰঞ্জ যুগৰ বিপৰ্যয় আৰু ট্ৰয় নগৰ জ্বলাই দিয়াৰ দৰে আদি প্ৰত্নতাত্ত্বিক প্ৰমাণৰ ভিত্তিত ইৰাট'ষ্টেনিছে কোৱা খ্ৰীষ্টপূৰ্ব ১১৯৪–১১৮৪ শতিকাৰ সময়ছোৱাক বেছি গুৰুত্ব দিয়া হয়৷[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]