সমললৈ যাওক

ট্ৰয়কা( নৃত্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ট্ৰয়কা হৈছে ৰাছিয়ান নৃত্যশৈলীৰ আধাৰত পৰিৱেশিত এক নৃত্য। ৰাছিয়ান শব্দ ট্ৰয়কাৰ অৰ্থ হৈছে তিনিটা ঘোঁৰাৰ দল বা গাড়ীৰ সংযোগ যন্ত্ৰ। নৃত্যশিল্পীসকলে ঘোঁৰাই শ্লেজ বা গাড়ী টনাৰ দৰে ভংগিমা অনুকৰণ কৰে।[[1]


এই নৃত্য প্ৰথমবাৰৰ বাবে কোৰিঅ'গ্ৰাফাৰ নাদেজদা নাদেজদিনাই তেওঁৰ লোক নৃত্য দল বেৰয়জ্কাৰ বাবে ১৯৪৮ চনত সৃষ্টি কৰিছিল।[2] সেই সময়ৰ পৰাই এই নৃত্য প্ৰায় সকলো ৰাছিয়ান নৃত্য গোষ্ঠীৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈ আহিছে। আৰম্ভণিতে এই নৃত্য এজন পুৰুষ আৰু দুগৰাকী মহিলাৰ দ্বাৰা পৰিৱেশন কৰা হৈছিল,[3] [3] কিন্তু পাছলৈ বিভিন্ন বিন্যাস সংযোজন কৰি কোৰিঅ'গ্ৰাফি কৰা হয়|(যেনে এগৰাকী মহিলা আৰু দুজন পুৰুষ বা তিনিগৰাকী মহিলা)[4]

অন্যান্য সংস্কৃতি

[সম্পাদনা কৰক]

অন্যান্য শ্লাভিক জাতিসমূহৰ মাজতো এনেধৰণৰ লোকনৃত্য বিদ্যমান ; যেনে, পোলেণ্ডৰ ট্ৰজাক।

ট্ৰয়কা নামে পৰিচিত এটা কেজোন নৃত্যৰ ৰাছিয়ান নৃত্যটোৰ লগত মিল আছে।[5] কিছুমানে দাবী কৰিছে যে ৰাছিয়াৰ জাৰৰ সেনাবাহিনীৰ কছাক সৈন্যসকলে পেৰিছত অৱস্থান কৰাৰ সময়ৰ পৰা ট্ৰয়কাৰ কেজোন সংস্কৰণৰ আৰম্ভণি হয়।

একেদৰে জাৰ্মানিত কনট্ৰা ডান্স ট্ৰিঅ'লেট নামৰ এবিধ দলগত নৃত্য প্ৰচলিত আছিল বুলি তথ্য পোৱা গৈছে। ইয়াত এজন পুৰুষ আৰু দুগৰাকী মহিলাই দলগতভাবে নৃত্য পৰিৱেশন কৰিছিল ।[6]

অধিক চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Triolet" (Russian ভাষাত). Archived from the original on 15 May 2018. https://web.archive.org/web/20180515112151/http://hda.org.ru/dancelib/57 আহৰণ কৰা হৈছে: 28 August 2011.
  2. Кузнецов, Е. А., Влияние творческого наследия мастеров народного танца на формирование эстетического вкуса у студентов хореографических специализаций
  3. тройка, Ozhegov's Explanatory Dictionary
  4. Русский народный танец "Тройка" ] [4dancing.ru/blogs/200914/1883/][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]
  5. Cajun Dancing, 1993, আই.এচ.বি.এন. 1455601764, p. 139
  6. Контрдансы ХІХв./Контрдансы ХІХв. : Triolet, modern reconstruction based on the book, Eduard Helmke, Neue Tanz- und Bildungsschule, 1829

বাহ্যিক সং‍যোগ

[সম্পাদনা কৰক]