ট্ৰাফিক ( ২০১১ চনৰ চলচ্চিত্ৰ )
| ট্ৰাফিক | |
|---|---|
| পৰিচালক | ৰাজেশ পিল্লাই |
| ৰচনা | ববী-সঞ্জয় |
| প্ৰযোজক | লিষ্টিন ষ্টিফেন |
| অভিনয়ত | শ্ৰীনিবাসন কুঞ্চাকো বোবান ৰহমান অনুপ মেনন বিনীত শ্ৰীনিবাসন আচিফ আলী সন্ধ্যা ৰম্যা নাম্বীচান |
| চিত্ৰগ্ৰহণকাৰী | শ্বাইজু খালিদ |
| সম্পাদনা | মহেশ নাৰায়ণন |
| সংগীত পৰিচালক | গীতসমূহ: মেজো জোচেফ চেমেচন কট্টুৰ আৱহ সংগীত: মেজো জোচেফ |
প্ৰযোজনা কোম্পানী |
মেজিক ফ্ৰেমছ |
| পৰিবেশক | মেজিক ফ্ৰেমছ |
মুক্তি |
৭ জানুৱাৰী ২০১১ |
দৈৰ্ঘ্য |
১২২ মিনিট |
| দেশ | ভাৰত |
| ভাষা | মালায়ালম |
| বাজেট | ২.৭৫ কোটি টকা[1] |
| সৰ্বমুঠ আয় | ১৫ কোটি টকা[2] |
ট্ৰাফিক হৈছে ২০১১ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ থ্ৰীলাৰধৰ্মী ৰোড চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে ৰাজেশ পিল্লাই আৰু কাহিনী লিখিছে ববী-সঞ্জয়ে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰীনিবাসন, কুঞ্চাকো বোবান, ৰহমান, অনুপ মেনন, বিনীত শ্ৰীনিবাসন, আচিফ আলী, সন্ধ্যা, ৰোমা আছৰানী, ৰম্যা নাম্বীচান, লেনা আৰু সাইকুমাৰে।[3] চিনেমাখনৰ কাহিনীভাগ এটা হাইপাৰলিংক আখ্যান শৈলীৰে বৰ্ণনা কৰা হৈছে।
ট্ৰাফিক ছবিখন ২০১১ চনৰ ৭ জানুৱাৰীত মুক্তি লাভ কৰে আৰু সমালোচকসকলৰপৰা ইতিবাচক সঁহাৰি পোৱাৰ লগতে ব্যাৱসায়িকভাৱেও বৃহৎ সফলতা অৰ্জন কৰে। মুক্তিৰ পিছৰেপৰা এই ছবিখনে এক সুকীয়া অনুগামী গঢ়ি তুলিছে আৰু ইয়াক মালায়ালম চলচ্চিত্ৰ জগতৰ 'নিউ ৱেভ আন্দোলন' বা নতুন প্ৰজন্মৰ চিনেমাৰ অন্যতম প্ৰথমখন বাটকটীয়া ছবি হিচাপে বহুলভাৱে স্বীকৃতি দিয়া হয়। এটা বিশেষ ঘটনাৰ আধাৰত কেইবাটাও কাহিনীক একেলগে সংযোগ কৰা এই থ্ৰীলাৰখন চেন্নাইত ঘটা এক প্ৰকৃত ঘটনাৰপৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছিল।[4][5] পৰৱৰ্তী সময়ত ছবিখন তামিল ভাষাত চেন্নাইয়িল অৰু নাল, কন্নড় ভাষাত ক্ৰেীজি ষ্টাৰ আৰু একে নামেৰে (ট্ৰাফিক) হিন্দী ভাষাতো পুনৰ নিৰ্মাণ কৰা হয়। ২০১২ চনত মৃত্যু হোৱাৰ পূৰ্বে এই ছবিখনেই আছিল প্ৰবীণ অভিনেতা জোছ প্ৰকাশ অভিনীত শেষ চলচ্চিত্ৰ।[6]
কাহিনী
[সম্পাদনা কৰক]১৬ ছেপ্টেম্বৰত ক’চ্ছিত, সিদ্ধাৰ্থ শংকৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ নতুন চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে প্ৰস্তুতি চলাই আছিল; আনহাতে ট্ৰাফিক কনিষ্টবল সুদেৱনে নিজৰ ভাগিনৰ স্কুলৰ নামভৰ্তিৰ মাচুল দিবলৈ উৎকোচ বা ঘোচ লোৱাৰ অপৰাধত হোৱা নিলম্বনৰ অন্ত পৰাত পুনৰ কামত যোগদান কৰে। একেদিনাই হৃদৰোগ বিশেষজ্ঞ ডা° এবেলে তেওঁৰ প্ৰথম বিবাহ বাৰ্ষিকী উদ্যাপন কৰাৰ বিপৰীতে এজন উদীয়মান টেলিভিছন সাংবাদিক ৰাইহানে সিদ্ধাৰ্থ শংকৰৰ এক সাক্ষাৎকাৰেৰে নিজৰ নতুন চাকৰি জীৱন আৰম্ভ কৰে।
চহৰৰ এক অতি ব্যস্ত ট্ৰাফিক জ্যামৰ ট্ৰাফিক সংকেতত, বাইকেৰে গৈ থকা ৰাইহান আৰু তেওঁৰ বন্ধু ৰাজীৱক পিছফালৰপৰা এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মাৰে। ঠিক সেই একেটা জংচনতে আন এখন গাড়ীত আছিল ডা° এবেল আৰু তেওঁৰ বন্ধু জিক্কু।
আনফালে, সিদ্ধাৰ্থৰ কন্যা ৰীয়া এক জটিল হৃদৰোগত আক্ৰান্ত হৈ আছিল আৰু হঠাতে তাইৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাইক এটা হৃদযন্ত্ৰ সংৰোপণৰ জৰুৰী প্ৰয়োজন হৈ পৰে। দুৰ্ঘটনাত পতিত হোৱা ৰাইহান ক’মালৈ গুচি যায় আৰু চিকিৎসকে তেওঁক 'ব্ৰেইন ডেড' বুলি ঘোষণা কৰে, যদিও তেওঁক ভেণ্টিলেটৰৰ সহায়ত জীয়াই ৰখা হৈছিল। ৰাইহানৰ পিতৃ-মাতৃ প্ৰথমতে নিজ পুত্ৰক ভেণ্টিলেটৰৰপৰা আঁতৰাই হৃদযন্ত্ৰ দান কৰিবলৈ মান্তি হোৱা নাছিল, কিন্তু ৰাজীৱ আৰু ৰাইহানৰ প্ৰেমিকা অদিতিৰ বহুত বুজোৱাৰ পিছত তেওঁলোকে অনিচ্ছা সত্ত্বেও সন্মতি প্ৰদান কৰে। কিন্তু প্ৰতিকূল বতৰ আৰু সময়ৰ অভাৱৰ বাবে ক’চ্ছিৰপৰা পালাক্কাদলৈ হৃদযন্ত্ৰটো লৈ যাবলৈ কোনো হেলিকপ্টাৰ বা বিমান উপলব্ধ নাছিল; ইয়াৰ বাবে একমাত্ৰ বিকল্প পথ আছিল পথ পৰিবহণ।
চহৰৰ আৰক্ষী আয়ুক্ত আজমল নাজাৰক এই অতি কঠিন অভিযানৰ দায়িত্ব ল’বলৈ কোৱা হয়, কিন্তু ইয়াৰ জটিলতা আৰু বিপদাশংকাৰ বাবে তেওঁ প্ৰথমতে এই কাম কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে ডা° চাইমন ডি’চুজাৰ বিশেষ অনুৰোধত তেওঁ শেষত মান্তি হয়। হৃদযন্ত্ৰ কঢ়িয়াই নিবলগীয়া গাড়ীখন চলাবলৈ কোনো আৰক্ষী বিষয়া আগবাঢ়ি অহা নাছিল, কিন্তু সুদেৱনে নিজৰ হেৰুৱা সন্মান ঘূৰাই পোৱাৰ আশাত এই কামটো কৰিবলৈ নিজেই আগবাঢ়ি আহে। এই গুৰুত্বপূৰ্ণ অভিযানত তেওঁৰ সংগী হয় ডা° এবেল আৰু ৰাজীৱ। প্ৰথমতে এই অভিযানটো অতি সুকলমে আগবাঢ়িছিল, কিন্তু হঠাৎ ডা° এবেলে ৰাজীৱৰ ডিঙিত ছুৰী এখন লগাই সুদেৱনক ভাবুকি দিয়ে যে যদি তেওঁ এবেলৰ কথা নুশুনে, তেন্তে তেওঁ ৰাজীৱক হত্যা কৰিব। এবেলে সুদেৱনক ঘাইপথ এৰি এখন হাবিৰফালে গাড়ীখন লৈ যাবলৈ বাধ্য কৰে। ইয়াৰ পিছত ৰাজীৱে প্ৰতিৰোধ কৰে আৰু মাৰপিটৰ সৃষ্টি হয়। ইফালে এবেলে তেওঁৰ ভগ্নী মিৰিয়ামলৈ ফোন কৰি স্বীকাৰ কৰে যে তেওঁৰ পত্নী শ্বেতাৰ সৈতে তেওঁৰ বন্ধু জিক্কুৰ এক অবৈধ সম্পৰ্ক থকাৰ কথা জানিব পাৰি তেওঁ শ্বেতাৰ ওপৰেৰে গাড়ী চলাই দিছিল, যাৰ ফলত সম্ভৱতঃ তাইৰ মৃত্যু হৈছিল। সেইবাবেই তেওঁ আৰক্ষীৰ হাতৰপৰা নিজকে বচাব বিচাৰিছে। এই কথা গম পাই সিদ্ধাৰ্থই এবেললৈ ফোন কৰে আৰু তেওঁক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যদিও এবেল পতিয়ন নাযায়। ইয়াৰ পিছত সিদ্ধাৰ্থৰ হতাশ পত্নী শ্ৰুতিয়ে নিজৰ কন্যাৰ হৃদৰোগৰ বাবে তেওঁলোক কেনে মানসিক আঘাতৰ মাজেৰে গতি কৰিছে সেই কথা এবেলক বুজাই কয় আৰু লগতে কয় যে পৃথিৱীৰ কোনো সমস্যায় এজনী নিষ্পাপ সন্তানৰ জীৱন ৰক্ষা কৰাতকৈ ডাঙৰ হ’ব নোৱাৰে। অৱশেষত এবেলৰ ভুল ভাঙিল আৰু তেওঁ সুদেৱন তথা ৰাজীৱক তেওঁক এৰি গুচি যাবলৈ পৰামৰ্শ দিয়ে। কিন্তু আৰক্ষী আয়ুক্ত আজমলে এবেলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া সত্ত্বেও সুদেৱনে তেওঁক জোৰকৈ নিজৰ লগতে গাড়ীত তুলি লয়।
তেওঁলোকে নিৰ্ধাৰিত পথটোৰ ৮ কিলোমিটাৰ আগৰ এটা বিকল্প পথেৰে গৈ হেৰুওৱা সময়খিনি উদ্ধাৰ কৰে। আনফালে ৰীয়াৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অধিক সংকটজনক হ’বলৈ ধৰে। যাৰ বাবে সুদেৱনে বিলাল কলনী নামৰ এক সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ অঞ্চলৰ মাজেৰে গাড়ী চলাই লৈ যাবলগীয়া হয়, য’ত থকা শক্তিশালী সংখ্যালঘু গোটটোৰ বাবে আৰক্ষীৰ প্ৰৱেশ নিষিদ্ধ আছিল। ৰাজীৱ সেই অঞ্চলটোৰ সৈতে পৰিচিত হোৱা বাবে অঞ্চলটোৰ লোকসকলক পথ এৰি দিবলৈ বুজাই কয়। লগতে সিদ্ধাৰ্থ শংকৰে নিজে ফোন কৰা তেওঁৰ অনুৰাগী সংস্থাৰ সভাপতি থানজিৰেও পথটো মুকলি কৰাত সহায় কৰে। পথটো অৱৰোধ কৰি থকা দুখন গাড়ী ঠেলি আঁতৰাবলৈ এবেলো গাড়ীৰপৰা নামি আহে। সুদেৱনে অতি তীব্ৰ বেগেৰে গাড়ী চলাই অৱশেষত নিৰ্ধাৰিত সময়ত চিকিৎসালয়ত উপস্থিত হয় আৰু সমগ্ৰ ১৫০ কিলোমিটাৰ পথ মাত্ৰ ১ ঘণ্টা ৫৮ মিনিটত অতিক্ৰম কৰে। শ্বেতাৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সুস্থিৰ আৰু তাই এবেলৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা নাই বুলি জানিব পাৰি এবেলে স্বস্তিৰ নিশ্বাস পেলায়। ৰাজীৱক ক’চ্ছিলৈ ঘূৰি যাবৰ বাবে এখন গাড়ীত উঠাই দিয়া হয়। আনহাতে ৰাইহানৰ শেষ কৃত্য সম্পন্ন কৰাৰ পূৰ্বে তেওঁৰ পিতৃ-মাতৃয়ে অদিতিক আদৰি লয় আৰু নিজৰ ঘৰলৈ আমন্ত্ৰণ জনায়। ৰীয়াই চকু মেলে, যাৰ ফলত পৰিয়ালটোৱে অশেষ সকাহ পায় আৰু এক সন্তুষ্ট আৰক্ষী আয়ুক্ত আজমলে ডা° চাইমন ডি’চুজাক ধন্যবাদ জ্ঞাপন কৰে। সুদেৱনে ঘৰলৈ ঘূৰি যোৱাৰ পথত এটা সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি মাজ ৰাস্তাত এদল মানুহে কাজিয়া কৰি থকা দেখা পায় আৰু তেওঁলোকক কাজিয়া বন্ধ কৰিবলৈ ইংগিত দিয়ে। ইয়াৰ লগতে চলচ্চিত্ৰখনৰ এক সুখদ পৰিসমাপ্তি ঘটে।
চৰিত্ৰ ৰূপায়ণ
[সম্পাদনা কৰক]- শ্ৰীনিবাসন — হেড কনিষ্টবল সুদেৱন নায়ৰ (ক’চ্ছি ট্ৰাফিক পুলিচ)
- কুঞ্চাকো বোবান — ডা° এবেল থাৰিয়ান (হৃদৰোগ বিশেষজ্ঞ)
- ৰহমান — সিদ্ধাৰ্থ শংকৰ
- অনুপ মেনন — আজমল নাজিৰ আই.পি.এছ. (চহৰৰ আৰক্ষী আয়ুক্ত)
- বিনীত শ্ৰীনিবাসন — ৰাইহান চাইফুদ্দীন (প্ৰশিক্ষণৰত সাংবাদিক)
- আচিফ আলী — ৰাজীৱ (ৰাইহানৰ বন্ধু)
- সন্ধ্যা — অদিতি (ৰাইহানৰ প্ৰেমিকা)
- ৰোমা আছৰানী — মিৰিয়াম (এবেলৰ ভগ্নী)
- ৰম্যা নাম্বীচান — শ্বেতা (এবেলৰ পত্নী)
- লেনা — শ্ৰুতি (সিদ্ধাৰ্থৰ পত্নী)
- নমিতা প্ৰমোদ — ৰীয়া (সিদ্ধাৰ্থৰ কন্যা)
- সাইকুমাৰ — ডা° চাইফুদ্দীন (ৰাইহানৰ পিতৃ)
- ফাতিমা বাবু — ৰাইহানৰ মাতৃ
- জোছ প্ৰকাশ — ডা° চাইমন ডি’চুজা
- প্ৰেম প্ৰকাশ — মুখ্য শল্য চিকিৎসক
- কৃষ্ণ — জিক্কু (এবেলৰ বন্ধু)
- ৰনি ডেভিদ ৰাজ — সাংবাদিক
- বিজয়কুমাৰ — মেথিউ (সিদ্ধাৰ্থৰ সচিব)
- বাইজু এজুপুন্না — থানজিৰ (সিদ্ধাৰ্থ শংকৰ অনুৰাগী সংস্থাৰ সভাপতি)
- নিশা সাৰং — সুদেৱনৰ ভগ্নী
- গৌৰী কৃষ্ণন — সুদেৱনৰ কন্যা
- ৰীণা বশীৰ — সুদেৱনৰ পত্নী
- নিভিন পলী — এজন ড্ৰাইভাৰ (কেমিঅ’ বা অতিথি ভূমিকা)
নিৰ্মাণ
[সম্পাদনা কৰক]এনটে ভিডু আপ্পুভিণ্টেইয়ুম আৰু নোটবুক চলচ্চিত্ৰৰ চিত্ৰনাট্য যুগুত কৰা ববী আৰু সঞ্জয়ে উল্লেখ কৰিছে: "পৰিচালকে এই ছবিখন সম্পূৰ্ণ এক পৃথক আৰ্হিৰ হোৱাটো বিচাৰিছিল। ইয়াত কাহিনীভাগ আগবাঢ়ি যোৱাৰ লগে লগে প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব সমান। এয়া আমাৰ বাবে অতি প্ৰত্যাহ্বানমূলক আছিল যদিও এক উপভোগ্য অভিজ্ঞতাও আছিল।" [7] তেওঁলোকে লগতে কয় যে এই ছবিখন এক প্ৰকৃত ঘটনাৰপৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে। অনুৰূপ ধৰণৰ এটা জটিল অভিযান তামিলনাডু আৰক্ষীয়ে অধিক জনবহুল চেন্নাই চহৰত সফলতাৰে সম্পন্ন কৰিছিল।[7] আনকি ছবিখনৰ এটা দৃশ্যত অনুপ মেননে ৰূপায়ণ কৰা চৰিত্ৰটোৱেও এই প্ৰকৃত ঘটনাটোৰ কথা উল্লেখ কৰে।
ট্ৰাফিক হৈছে এই দশকটোত মালায়ালম চলচ্চিত্ৰ জগতত নিৰ্মিত অন্যতম প্ৰথমখন মাল্টি-ন্যৰেটিভ বা কেইবাটাও কাহিনী সমান্তৰালভাৱে গতি কৰা ছবি। ছবিখনত শ্ৰীনিবাসন, ৰহমান, কুঞ্চাকো বোবান আৰু আচিফ আলীয়ে চাৰিটা মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে, যাৰ ভিন্ন কাহিনীভাগ বিভিন্ন ক্ৰমৰ জৰিয়তে বৰ্ণনা কৰা হৈছে।[8][7] ছবিখনৰ মূল বিষয়-বস্তু সম্পৰ্কে পৰিচালক ৰাজেশে কয়, "মই অনুভৱ কৰিছিলোঁ যে এয়া এনে এটা বিষয়-বস্তু যিয়ে বয়স নিৰ্বিশেষে সকলো শ্ৰেণীৰ দৰ্শকে আপোন কৰি ল’ব পাৰিব। এয়া এক সমসাময়িক বিষয় যিয়ে আমাক আশ্বস্তু কৰে যে যদি আমি কোনো কাম সততাৰে কৰিবলৈ আগবাঢ়ো, তেন্তে প্ৰকৃতিয়েও আমাক সহায় কৰিব।" [9] মাকান্তে আছান ছবিখনৰ পিছত এইখন ছবি আছিল বিনীত আৰু শ্ৰীনিবাসন যুটীয়ে একেলগে অভিনয় কৰা দ্বিতীয়খন চলচ্চিত্ৰ।[10]
আদৰণি
[সম্পাদনা কৰক]সমালোচকৰ দৃষ্টিভংগী
[সম্পাদনা কৰক]২০১১ চনৰ ৭ জানুৱাৰীত মুক্তি পোৱাৰ লগে লগে চলচ্চিত্ৰখনে ইতিবাচক সমালোচনা লাভ কৰে। নাওৰানিং ডট কমৰ ভীয়েন এ ছবিখনক ৫ তাৰকাৰ ভিতৰত ৩ তাৰকা প্ৰদান কৰি লিখিছিল, "ৰাজেশ পিল্লাইৰ ট্ৰাফিক হৈছে এখন অতি সুন্দৰ আৰু শক্তিশালী চিনেমা, য’ত তেওঁ সংযোগ-সংকটক এক বিশেষ ৰূপ প্ৰদান কৰিছে আৰু আমাৰ সন্মুখত সুযোগৰ গতিশীলতাৰ ওপৰত এক গভীৰ চিন্তা দাঙি ধৰিছে। বাস্তৱিক আৰু মৌলিক শৈলীৰে নিৰ্মিত এই আকৰ্ষণীয় ছবিখনে আপোনাৰ মন চুই যাব আৰু ইয়াৰ প্ৰভাৱ দীৰ্ঘদিন ধৰি থাকিব।" [11] ইণ্ডিয়াগ্লিটজ এ ছবিখনৰ "আকৰ্ষণীয় কাহিনীভাগ, সুন্দৰ অভিনয়, মনপৰা সংগীত... আৰু দক্ষ পৰিচালনা"ৰ ভূয়সী প্ৰশংসা কৰে।[12] চিনেফাণ্ডাছৰ এটা পৰ্যালোচনাতো অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে উল্লেখ কৰা হয় যে "এই ছবিখনৰ প্ৰকৃত নায়ক হৈছে ইয়াৰ চিত্ৰনাট্য।" [13] ছীফাই ডট কম এ ইয়াক "এক অভিভূতকাৰী অনুভৱ" বুলি অভিহিত কৰি "অতি ভাল" শ্ৰেণীভুক্ত কৰে।[14] মালায়ালম ৱেবছাইট মুভিৰাগাই ইয়াক এখন "উৎকৃষ্ট চলচ্চিত্ৰ" বুলি অভিহিত কৰাৰ লগতে উল্লেখ কৰে যে মালায়ালম চিনেমাৰ নতুন প্ৰজন্মক এতিয়া আৰু কোনো কাৰণতে দ্বিতীয় শ্ৰেণীৰ বুলি গণ্য কৰিব নোৱাৰি।[15] এই চিনেমাখন সেইসমূহ ছবিৰ অংশ আছিল যিয়ে মালায়ালম চিনেমা জগতত 'নিউ জেনেৰেচন আন্দোলন' বা নতুন প্ৰজন্মৰ চিনেমাৰ ধাৰাটো আৰম্ভ কৰিছিল।[16]
২০১১ চনত কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত ১৬সংখ্যক কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 'মালায়ালাম চিনেমা টুডে' শাখাত ট্ৰাফিক ছবিখন প্ৰদৰ্শন কৰা হৈছিল।[17]
বক্স অফিচ
[সম্পাদনা কৰক]চলচ্চিত্ৰখনে দৰ্শক আৰু সমালোচকৰপৰা অত্যন্ত ইতিবাচক সঁহাৰি লাভ কৰে আৰু বক্স অফিচত এক ডাঙৰ "ব্লকবাষ্টাৰ" হিচাপে পৰিগণিত হয়।[18][19]
সংগীত
[সম্পাদনা কৰক]| ট্ৰাফিক | |
|---|---|
| মেজো জোচেফৰ সংগীত এলবাম
| |
| মুক্তি | ২৫ ডিচেম্বৰ ২০১০ |
| বাণীবন্ধন | ২০১০ |
| শৈলী/ধৰণ | চলচ্চিত্ৰৰ সংগীত |
| দৈৰ্ঘ্য | 25:32 |
| ভাষা | মালায়ালম |
| লেবেল | সত্যম অডিঅ’জ |
| প্ৰযোজক | মেজো জোচেফ |
All lyrics written by এছ. ৰমেশন নায়ৰ (অন্য ঠাইত উল্লেখ থকাৰ বাহিৰে), সকলো সংগীত চেমেচন কট্টুৰ (অন্য ঠাইত উল্লেখ থকাৰ বাহিৰে)ৰ দ্বাৰা নিৰ্মিত।
| নং | শিৰোনাম | কণ্ঠশিল্পী | দৈৰ্ঘ্য | |
|---|---|---|---|---|
| 1. | "কান্নেৰিঞ্জাল" | বিপিন ৱাৰিয়াৰ, হিশাম আব্দুল ৱাহাব | ||
| 2. | "পাকালিন" | সিতাৰা | ||
| 3. | "উনাৰূ মিঝিয়াঝাকে" | চিন্ময়ী শ্ৰীপদা | ||
| 4. | "উনাৰূ মিঝিয়াঝাকে" | চেমেচন কট্টুৰ | ||
| 5. | "উনাৰূ মিঝিয়াঝাকে" (বাদন) | কল্যাণ | ||
| 6. | "থিম মিউজিক" (বাদন (Instrumental)) |
পুনৰ নিৰ্মাণ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | ভাষা |
|---|---|---|
| ২০১৩ | চেন্নাইয়িল অৰু নাল | তামিল |
| ২০১৪ | ক্ৰেীজি ষ্টাৰ | কন্নড় |
| ২০১৬ | ট্ৰাফিক | হিন্দী |
ব্যাৱসায়িক আৰু সমলোচকৰ ইতিবাচক সঁহাৰিৰ বাবে ট্ৰাফিক ছবিখন ২০১৩ চনত তামিল ভাষাত চেন্নাইয়িল অৰু নাল নামেৰে পুনৰ নিৰ্মাণ কৰা হয়, যিয়ে মূল ছবিখনৰ দৰেই বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰে। আনহাতে, ২০১৪ চনত মুক্তি পোৱা ইয়াৰ কন্নড় ৰিমেক সংস্কৰণ ক্ৰেীজি ষ্টাৰ ছবিখনে সমালোচক আৰু বক্স অফিচ দুয়োপক্ষৰপৰাই নেতিবাচক সঁহাৰি লাভ কৰে। পৰৱৰ্তী সময়ত ২০১৬ চনৰ মে' মাহত একে নামতেই (ট্ৰাফিক) ছবিখনৰ হিন্দী ৰিমেক সংস্কৰণটো মুক্তি দিয়া হয়।[20][21]
লাভ কৰা বঁটা আৰু সন্মানসমূহ
[সম্পাদনা কৰক]| বঁটা | বিভাগ | ফলাফল | মনোনীত ব্যক্তি | তথ্যসূত্ৰ |
|---|---|---|---|---|
| কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১১ | শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | [22] |
| ১ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) | শ্ৰেষ্ঠ পৰিচালক | বিজয়ী | ৰাজেশ পিল্লাই | |
| শ্ৰেষ্ঠ সহঅভিনেত্ৰী | বিজয়ী | লেনা | ||
| ফিল্মফেয়াৰ বঁটা দক্ষিণ ২০১২ | শ্ৰেष्ठ চলচ্চিত্ৰ | বিজয়ী | লিষ্টিন ষ্টিফেন | [23] |
| শ্ৰেষ্ঠ সহঅভিনেত্ৰী | বিজয়ী | লেনা বাশিল | ||
| কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা | শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | [24] |
| দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা — পুৰুষ | বিজয়ী | অনুপ মেনন | ||
| দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা — মহিলা | বিজয়ী | লেনা বাশিল | ||
| লোহিতদাস বঁটা | শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | [25] |
| এছিয়ানেট চলচ্চিত্ৰ বঁটা ২০১২ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | মনোনীত | লিষ্টিন ষ্টিফেন | [26] |
| শ্ৰেষ্ঠ পৰিচালক | মনোনীত | ৰাজেশ পিল্লাই | ||
| শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | ||
| শ্ৰেষ্ঠ সহঅভিনেতা | মনোনীত | অনুপ মেনন | ||
| শ্ৰেষ্ঠ সহঅভিনেত্ৰী | মনোনীত | ৰম্যা নাম্বীচান | ||
| শ্ৰেষ্ঠ চৰিত্ৰ অভিনেতা | মনোনীত | শ্ৰীনিবাসন | ||
| এছিয়াভিছন বঁটা | আটাইতকৈ জনপ্ৰিয় চলচ্চিত্ৰ | বিজয়ী | লিষ্টিন ষ্টিফেন | [27] |
| দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা | বিজয়ী | অনুপ মেনন | ||
| শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | ||
| বিশেষ অভিনয় বঁটা | বিজয়ী | ৰহমান | ||
| ট্ৰেণ্ডছেটাৰ বঁটা | বিজয়ী | লিষ্টিন ষ্টিফেন | ||
| নানা চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ চলচ্চিত্ৰ | বিজয়ী | লিষ্টিন ষ্টিফেন | [28] |
| শ্ৰেষ্ঠ পৰিচালক | বিজয়ী | ৰাজেশ পিল্লাই | ||
| শ্ৰেষ্ঠ সম্পাদক | বিজয়ী | মহেশ নাৰায়ণন | ||
| মাতৃভূমি কল্যাণ চিল্কছ চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | [29] |
| বছৰৰ আটাইতকৈ ব্যতিক্ৰমী চলচ্চিত্ৰ (Path Breaking Film) | মনোনীত | লিষ্টিন ষ্টিফেন | ||
| সূৰ্য চলচ্চিত্ৰ বঁটা | আটাইতকৈ জনপ্ৰিয় পৰিচালক | মনোনীত | ৰাজেশ পিল্লাই | |
| শ্ৰেষ্ঠ সম্পাদক | বিজয়ী | মহেশ naৰায়ণন | ||
| কোচি টাইমছ বঁটা | শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | [30] |
| অমৃতা চলচ্চিত্ৰ বঁটা ২০১২ | শ্ৰেষ্ঠ সহঅভিনেত্ৰী | বিজয়ী | লেনা বাশিল | [31] |
| শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | ||
| ট্ৰেণ্ডছেটিং চলচ্চিত্ৰ পৰিচালক | বিজয়ী | ৰাজেশ পিল্লাই | ||
| জয়হিন্দ চলচ্চিত্ৰ বঁটা ২০১২ | শ্ৰেষ্ঠ পৰিচালক | বিজয়ী | ৰাজেশ পিল্লাই | |
| ফিল্ম গাইডেন্স চলচ্চিত্ৰ বঁটা ২০১১ | শ্ৰেষ্ঠ সহঅভিনেত্ৰী | বিজয়ী | ৰম্যা নাম্বীচান | [32] |
| ৰিপ’ৰ্টাৰ টিভি চলচ্চিত্ৰ বঁটা ২০১২ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | বিজয়ী | লিষ্টিন ষ্টিফেন | [33] |
| শ্ৰেষ্ঠ পৰিচালক | বিজয়ী | ৰাজেশ পিল্লাই | ||
| শ্ৰেষ্ঠ চিত্ৰনাট্য | বিজয়ী | ববী-সঞ্জয় | ||
| শ্ৰেষ্ঠ সম্পাদক | বিজয়ী | মহেশ নাৰায়ণন | ||
| শ্ৰেষ্ঠ সহঅভিনেত্ৰী | বিজয়ী | লেনা বাশিল | ||
| থিক্কুৰিছি বঁটা ২০১১ | দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | সন্ধ্যা | |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "2011 was troublesome for Malayalam films". News18. 4 January 2012. https://news18.com.[সংযোগবিহীন উৎস]
- ↑ Manoj Nair (21 May 2011). "Malayalam movies: Non-linear narratives are making the box-office ring louder". India Times. The Economic Times. http://indiatimes.com.
- ↑ Coming up: A complex Traffic – Rediff.com Movies
- ↑ "Hithendran Incident". http://aphithendranmemorialtrust.org.
- ↑ "Traffic Movie Review". http://indiaglitz.com.
- ↑ "Veteran Malayalam actor Jose Prakash passes away". The Times of India. 24 March 2012. https://indiatimes.com.
- 1 2 3 Vijay George (30 September 2010). "It happened one day...". The Hindu (Chennai, India). Archived from the original on 21 October 2012. https://web.archive.org/web/20121021082734/http://www.thehindu.com/arts/cinema/article804622.ece। আহৰণ কৰা হৈছে: 30 September 2010.
- ↑ "'Traffic' to start this July". Indiaglitz. Archived from the original on 21 June 2010. https://web.archive.org/web/20100621080807/http://www.indiaglitz.com/channels/malayalam/article/57917.html। আহৰণ কৰা হৈছে: 18 June 2010.
- ↑ Vijay George (13 January 2011). "Traffic gets green signal". The Hindu (Chennai, India). Archived from the original on 22 October 2012. https://web.archive.org/web/20121022190046/http://www.thehindu.com/arts/cinema/article1089894.ece.
- ↑ "Vineeth and Sreenivasan in 'Traffic'". Indiaglitz. Archived from the original on 12 February 2010. https://web.archive.org/web/20100212103653/http://www.indiaglitz.com/channels/malayalam/article/54337.html। আহৰণ কৰা হৈছে: 10 February 2010.
- ↑ "Rajesh Pillai's Traffic is a brutally brilliant film!". Nowrunning. Archived from the original on 10 January 2011. https://web.archive.org/web/20110110133052/http://www.nowrunning.com/movie/7383/malayalam/traffic/2895/review.htm। আহৰণ কৰা হৈছে: 8 January 2011.
- ↑ "Traffic – This is a 'Traffic' of change". IndiaGlitz. 8 January 2011.
- ↑ "Traffic – Malayalam Movie Review".[usurped] CineFundas.com. 7 January 2011.
- ↑ Movie Review:Traffic review
- ↑ "Review: Traffic | MOVIERAGA". Archived from the original on 2017-07-01. https://web.archive.org/web/20170701031454/http://movieraga.indulekha.com/2011/01/08/review-traffic/। আহৰণ কৰা হৈছে: 2026-08-02.
- ↑ "When script trumps superstars: How Malayalam cinema has changed in the last decade" (en ভাষাত). The News Minute. 2019-12-31. https://www.thenewsminute.com/article/when-script-trumps-superstars-how-malayalam-cinema-has-changed-last-decade-115089। আহৰণ কৰা হৈছে: 2021-05-04.
- ↑ "A slice of Kerala". The New Indian Express. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304083628/http://www.newindianexpress.com/cities/thiruvananthapuram/article231030.ece.
- ↑ "Kaavalan to Meendum Oru Kadhal Kadhai: 5 Malayalam remakes that shouldn't have been made". India Today. 28 August 2016. https://www.indiatoday.in/movies/regional-cinema/story/kaavalan-bangalore-days-traffic-22-female-kottayam-thattathin-marayathu-337655-2016-08-28.
- ↑ "2011: Malayalam filmdom failed to script success". News18. 21 December 2011. https://www.news18.com/news/india/2011-malayalam-filmdom-failed-to-script-success-430328.html.
- ↑ "Malayalam 'Traffic' to Be Remade in Tamil?". Top 10 Cinema. 1 February 2011. Archived from the original on 4 February 2011. https://web.archive.org/web/20110204170141/http://www.top10cinema.com/news/9000/malayalam-traffic-to-be-remade-in-tamil। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "ട്രാഫിക് ഹിന്ദിയിലും" Archived 2016-05-05 at the Wayback Machine. (in Malayalam) Kerala Kaumudi. 11 April 2011. Retrieved 16 April 2011.
- ↑ "Kerala State Film Awards". Nowrunning.com. Archived from the original on 21 July 2012. https://web.archive.org/web/20120721044353/http://www.nowrunning.com/news/malayalam/dileep-sweta-menon-triumphs-at-state-awards/54304/story.htm। আহৰণ কৰা হৈছে: 19 July 2012.
- ↑ "Filmfare Awards South 2012". Kollyinsider.com. 8 July 2012. http://www.kollyinsider.com/2012/07/59th-filmfare-awards-2012-south.html.
- ↑ "Kerala Film Critics Awards 2012". The Hindu (Chennai, India). 18 May 2012. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/article3431213.ece?textsize=small&test=2. [সংযোগবিহীন উৎস]
- ↑ "ലോഹിതദാസ് പുരസ്കാരം ബോബിക്കും സഞ്ജയിനും". Mathrubhumi. Archived from the original on 28 June 2012. https://web.archive.org/web/20120628210409/http://www.mathrubhumi.com/movies/malayalam/282848/.
- ↑ "Asianet Film Awards 2011". Trivandrum.co.in. http://www.trivandrum.co.in/2011/12/asianet-film-awards-2012-list-of.html.
- ↑ "Asiavision Movie Awards". Asiavisionawards.com. Archived from the original on 25 January 2012. https://web.archive.org/web/20120125011756/http://www.asiavisionawards.com/ma2011-winners/.
- ↑ "Nana Film Awards 2011". Nana.com. http://fbcdn-sphotos-a.akamaihd.net/hphotos-ak-ash4/384380_165044300264538_100002769065902_193665_2060132686_n.jpg.
- ↑ "Mathrubhumi Film Awards 2011". Sanscinema.com. Archived from the original on 14 March 2012. https://web.archive.org/web/20120314015043/http://www.sanscinema.com/2012/02/mathrubhumi-kalyan-silks-film-awards-2012-announced.html। আহৰণ কৰা হৈছে: 19 March 2012.
- ↑ "Kochi Times Film Awards 2011". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/The-Kochi-Times-Film-Awards-2011/articleshow/14341029.cms.
- ↑ "Amrita Film Awards 2012". Amritatv.com. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014060735/http://www.amritatv.com/afa/winners.html.
- ↑ "Film Guidance Chalachitra Award 2011". Oneindia. https://www.filmibeat.com/malayalam/news/2012/beautiful-film-guidance-chalathchitra-award-150212.html। আহৰণ কৰা হৈছে: 21 July 2012.
- ↑ "Reporter TV Film Awards 2012". Metromatinee.com. http://www.metromatinee.com/News/Traffic%20bags%205%20awards%20in%20Reporter%20TV%20Awards.-4051-1.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Traffic সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Traffic Archived 21 January 2011 at the Wayback Machine at Nowrunning.com
- Traffic at Oneindia.in
- Traffic review at Rediff.com