ট্ৰিকোটিলোমেনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ট্ৰিকোটিলোমেনিয়া

ট্ৰিকোটিলোমেনিয়া থকা ব্যক্তি এজনৰ মূৰৰ চুলি সৰা
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
উচ্চাৰণ /ˌtrɪkəˌtɪləˈmniə/ TRIK-ə-TIL-ə-MAY-NEE
বিশেষ বৃত্তি (চিকিৎসাসেৱা) Dermatology, psychiatry

ট্ৰিকোটিলোমেনিয়া (ইংৰাজী: Trichotillomania) হৈছে এক মানসিক বিকাৰ। এই ৰোগত আক্ৰান্ত লোকসকলে নিৰন্তৰ নিজৰ চুলি উঘালী থাকে।[1][2] এই বিকাৰৰ ফলত মূৰৰ চুলি বহু পৰিমাণে কমি যায়।[1] ৰোগীয়ে এনেধৰণে নিজৰ চুলি উঘালী মনত এক সন্তুষ্টি লাভ কৰে।[3] চুলি উঘালীবলৈ বন্ধ কৰাৰ প্ৰচেষ্টা সাধাৰণতে বিফল হয়। চুলি উঘালা প্ৰক্ৰিয়াটো শৰীৰৰ যিকোনো অংশত হ'ব পাৰে; অৱশ্যে, মুৰ আৰু চকুৰ চাৰিওফালে আটাইতকৈ বেছি হোৱা দেখা যায়। চুলি উঘালা এই অভ্যাসটো ইমানেই চৰম হৈ পৰে যে ইয়াৰ ফলত বহুতো সংকটে দেখা দিয়ে।[4]

ৰোগৰ কাৰণ আৰু ৰোগ নিৰ্ণয়[সম্পাদনা কৰক]

বিকাৰটো পৰিয়ালত আনুবংশিকভাৱে হ'ব পাৰে। এই ৰোগ সচৰাচৰ অবচেছিভ কম্পালচিভ ডিচঅৰ্ডাৰ থকা লোকসকলৰ ক্ষেত্ৰত হয়। এই কাৰ্য মানসিক উদ্বেগৰ ফলত আৰম্ভ হ'ব পাৰে। ৰোগীসকলে সাধাৰণতে স্বীকাৰ কৰে যে তেওঁলোকে চুলি উঘালে। চিঙা চুলিবোৰ পৰীক্ষা কৰিলে এই কাৰ্য ধৰা পৰে। কিছুমান লোকে নিজকে ভাল নেদেখাৰ সমস্যা সমাধান কৰিবলৈও এনে কাৰ্যত লিপ্ত হয়।[4]

চিহ্ন আৰু লক্ষণসমূহ[সম্পাদনা কৰক]

ট্ৰিকোটিলোমেনিয়া সাধাৰণতে দেহৰ এটা বা দুটা স্থানত সীমাবদ্ধ থাকে[5], কিন্তু ই একাধিক স্থানত হʼব পাৰে। সচৰাচৰ মূৰৰ চুলি চিঙা দেখা যায় যদিও আন অংশ যেনে ভ্ৰূ, চকুৰ পতা, মুখ, বাহু আৰু ভৰিতো দেখা যায়।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Franklin, Martin E; Zagrabbe, Kathryn; Benavides, Kristin L (9 January 2014). "Trichotillomania and its treatment: a review and recommendations". Expert Review of Neurotherapeutics খণ্ড 11 (8): 1165–1174. doi:10.1586/ern.11.93. PMID 21797657. 
  2. Pittenger, Christopher (2017) (en ভাষাত). Obsessive-compulsive Disorder: Phenomenology, Pathophysiology, and Treatment. Oxford University Press. পৃষ্ঠা. 541. ISBN 9780190228163. https://books.google.com/books?id=UTg1DwAAQBAJ&pg=PA541. 
  3. Woods, Douglas; Miltenberger, Raymond (2007) (en ভাষাত). Tic Disorders, Trichotillomania, and Other Repetitive Behavior Disorders: Behavioral Approaches to Analysis and Treatment. Springer Science & Business Media. পৃষ্ঠা. 134. ISBN 9780387459448. https://books.google.com/books?id=x7pPEMdZh4AC&pg=PA134. 
  4. 4.0 4.1 American Psychiatric Association (2013), Diagnostic and Statistical Manual of Mental Disorders (5th ed.), প্ৰকাশক Arlington: American Psychiatric Publishing, pp. 217–221, 938, ISBN 978-0890425558, https://archive.org/details/diagnosticstatis0005unse/page/217 
  5. Chamberlain SR, Menzies L, Sahakian BJ, Fineberg NA (April 2007). "Lifting the veil on trichotillomania". Am J Psychiatry. 164 (4): 568–74. doi:10.1176/appi.ajp.164.4.568. PMID 17403968.
  6. What is Trichotillomania "What is Trichotillomania (Hair Pulling Disorder)?". http://bfrb.org/learn-about-bfrbs/trichotillomania। আহৰণ কৰা হৈছে: 2016-07-12. . 2016