ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল, ওডেছা
| ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল | |
|---|---|
| 46°28′59.44″N 30°43′51.75″E / 46.4831778°N 30.7310417°Eস্থানাংক: 46°28′59.44″N 30°43′51.75″E / 46.4831778°N 30.7310417°E | |
| অৱস্থান | সোবৰ্না স্কোৱাৰ 3, অডেছা |
| দেশ | ইউক্ৰেইন |
| খ্ৰীষ্টীয় ধৰ্মপন্থা | পূব অৰ্থডক্স |
| ৱেবছাইট | Sobor.odessa.ua[সংযোগবিহীন উৎস] |
| ইতিহাস | |
| উৎসৰ্গ | যীচুৰ ৰূপান্তৰ |
| স্থাপত্য | |
| স্থপতি | ভি.ভনৰেজেণ্ট |
| শৈলী | নব্য ক্লাছিকবাদ |
| নিৰ্মাণ আৰম্ভ | ১৭৯৫ |
| সম্পূৰ্ণ | ১৮০৮ (মূল), ২০০৫ (পুনৰ নিৰ্মাণ) |
| ধ্বংস কৰা হয় | ১৯৩৬ |
| বিৱৰণ | |
| ধাৰণক্ষমতা | ৯,০০০ (মূল)[1] ৩,০০০ (ভূগৰ্ভস্থ)[1] |
| দৈৰ্ঘ্য | 90.6 m[2] |
| প্ৰস্থ | 46.6 m[2] |
| উচ্চতা | 77 m (top cross bell tower)[3] |
| প্ৰশাসন | |
| বিভাগ | Moscow Patriarchate |
| ধৰ্মযাজক | |
Invalid designation | |
| আধিকাৰিক নাম | ছেভিয়াৰ-ট্ৰেন্সফিগাৰেচন কেথেড্ৰেলৰ ভৱন, য’ত অডেছা আৰু ইউক্ৰেইনৰ দক্ষিণ অঞ্চলৰ বিশিষ্ট ব্যক্তি ৰাজকুমাৰ এম এছ ভ’ৰনটছভ আৰু ৰাজকুমাৰী ৱাই কে ভ’ৰনটছ’ভাক সমাধিস্থ কৰা হৈছে(Будівля Спасо-Преображенського собору, де поховано видатних людей м. Одеси й Південного регіону України – князя Воронцова М.С. та княгиню Воронцову Є.К.) |
| ধৰণ | ইতিহাস |
| প্ৰসংগ সংখ্যা | 35-Од |
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল ((ইংৰাজী: Transfiguration Cathedral); ইউক্ৰেইনীয়: Спасо-Преображенський собор) ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা অৰ্থডক্স কেথেড্ৰেল। ই যীচুৰ ৰূপান্তৰৰ বাবে উৎসৰ্গিত আৰু ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ অন্তৰ্গত।
ইতিহাস
[সম্পাদনা কৰক]১৭৯৪ চনত গাভ্ৰিল বানুলেস্কু-বোডোনিয়ে ওডেছা চহৰৰ প্ৰথম আৰু মূল গীৰ্জা কেথেড্ৰেল নিৰ্মাণ কৰিছিল।[4] ১৭৯৫ চনৰ ১৪ নৱেম্বৰত ভিকেন্টি ভানৰেজেণ্টৰ প্ৰকল্পৰ ভিত্তিত এই নিৰ্মাণ আৰম্ভ হয় আৰু গীৰ্জাঘৰটো প্ৰথমে চেণ্ট নিকোলাছৰ নামত উৎসৰ্গা কৰা হৈছিল।[5] নিৰ্মাণৰ কাম কেইবাবছৰ পিছ পৰি থাকে আৰু নিউ ৰাছিয়াৰ নতুনকৈ নিযুক্তি পোৱা গৱৰ্ণৰ আৰ্মাণ্ড-ইমানুৱেল ডি ভিগনেৰ'ট ডু প্লেছিছ, ডাক ডি ৰিচেলিউৱে ১৭৯৮ চনত ইটালীৰ স্থপতিবিদ ফ্ৰান্সেস্কো ফ্ৰাপলিক এই ভৱনটো সম্পূৰ্ণ কৰিবলৈ নিয়োগ কৰিছিল।[4][5]
১৮০০ চনত গীৰ্জাঘৰটোক কেথেড্ৰেল হিচাপে নিৰ্ধাৰণ কৰা হয়।১৮০৮ চনত ইয়াৰ তিনিটা বেদী পবিত্ৰ কৰা হয়, যেতিয়া গীৰ্জাঘৰটোৰ নাম সলনি কৰি ট্ৰেন্সফিগুৰেচন কেথেড্ৰেল ৰখা হৈছিল। সমগ্ৰ ১৯ শতিকাটো ইয়াৰ নিৰন্তৰ সম্প্ৰসাৰণ কৰা হৈছিল। ১৮২৭ চনৰ পৰা ১৮৩৭ চনৰ ভিতৰত এই বেলটাৱাৰটো নিৰ্মাণ কৰা হৈছিল (স্থপতিবিদ ফ্ৰান্সেস্কো ফ্ৰাপলি আৰু জৰ্জিঅ' টৰিচেলি [uk]), আৰু ইয়াক মূল গীৰ্জাঘৰৰ সৈতে সংযোগ কৰা ৰেফেক্টৰীটো ১৮৪২ চনত নিৰ্মাণ কৰা হৈছিল।[5] ভিতৰৰ অংশ প্ৰকৃত আৰু কৃত্ৰিম মাৰ্বলৰ দ্বাৰা আবৃত আছিল আৰু আইকনষ্টেছিছও মাৰ্বলৰ দ্বাৰা নিৰ্মিত আছিল।[1]১৯০৩ চনলৈকে এই ভৱনটোত সৰু সৰু পৰিৱৰ্তন চলি থাকিল আৰু তাৰ পিছত ই চূড়ান্ত ৰূপত উপনীত হৈছিল।[6]
২০২৩ চনৰ জানুৱাৰী মাহত এই কেথেড্ৰেলটোক ওডেছাৰ ঐতিহাসিক কেন্দ্ৰৰ অংশ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় আৰু ৰুছ-ইউক্ৰেইন যুদ্ধৰ বাবে ইয়াক লগে লগে "বিপদজনক" তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[7] ২০২৩ চনৰ ২৩ জুলাইত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কেথেড্ৰেলৰ ব্যাপক ক্ষতিসাধন হয়।[8][9] ইউনেস্কোৱে ওডেছাৰ ঐতিহাসিক কেন্দ্ৰত ৰাছিয়াই বাৰে বাৰে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছিল।[10] ইটালী চৰকাৰ আৰু ইউনেস্কোৰ সহায়ত কেথেড্ৰেলখনৰ মেৰামতি কৰা হয়; ২০২৪ চনৰ অক্টোবৰৰ ভিতৰত মেৰামতিৰ বেছিভাগ কাম সম্পূৰ্ণ হয় আৰু ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত গৰম ব্যৱস্থা পুনৰুদ্ধাৰ কৰা হয়।[11]
বিৱৰণ
[সম্পাদনা কৰক]ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল ওডেছা চহৰৰ এটা বিশিষ্ট অট্টালিকা। মূলতঃ ই ক্ৰছ আকৃতিৰ আৰু একক গম্বুজযুক্ত আছিল, চাৰি মহলীয়া ঘণ্টা টাৱাৰ আছিল। যদিও অট্টালিকাৰ বেছিভাগেই নব্য ধ্ৰুপদী শৈলী অনুসৰণ কৰে, গম্বুজৰ কিছুমান বৈশিষ্ট্য বৰ্ণাঢ্যবাদী। বৰ্তমান এই কেথেড্ৰেলটো দুমহলীয়া অট্টালিকা, তলত শীতকালীন গীৰ্জা আৰু ওপৰত গ্ৰীষ্মকালীন গীৰ্জাঘৰ। ঘণ্টা টাৱাৰৰ গুৰিতে এটা চেপেল অৱস্থিত। [5] কেথেড্ৰেলৰ ঘণ্টাবোৰ ৯৯টা সুৰ বজাব পৰা ইলেক্ট্ৰনিক যন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
চিত্ৰ
[সম্পাদনা কৰক]- বেলটাৱাৰ আৰু মূল প্ৰৱেশদ্বাৰ
- সামগ্ৰিক দৃশ্য
- ২০ শতিকাৰ আৰম্ভণিতে কেথেড্ৰেল চৌহদ
- এটা কাষৰ চেপেলত প্ৰতিমূৰ্তি
- মিছাইল আক্ৰমণৰ পিছত কেথেড্ৰেলৰ ভিতৰৰ অংশ
- আংশিকভাৱে ধ্বংসপ্ৰাপ্ত কেথেড্ৰেলত দেৱাল চিত্ৰ অংকন
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 Voloshyna, Anna (3 September 2015). "uk:Одеса: собор, що преображає [Odesa: the cathedral that transfigures]" (uk ভাষাত). Religious Informational Service of Ukraine. https://risu.org.ua/ua/relig_tourism/religious_region/60979/.
- 1 2 "ru:Прошлое и будущее Одесского Кафедрального Спасо-Преображенского собора [The past and the future of Odesa Transfiguration Cathedral]" (ru ভাষাত). Odesa Transfiguration Cathedral. http://www.sobor.odessa.ua/page.php?id=14। আহৰণ কৰা হৈছে: January 26, 2019.
- ↑ "ru:Спасо-преображенский кафедральный интернет [Transfiguration Cathedral Internet]" (ru ভাষাত). Odesa Transfiguration Cathedral. http://www.sobor.odessa.ua/public.php?id=33। আহৰণ কৰা হৈছে: January 26, 2019.
- 1 2 Commerce in Russian urban culture : 1861–1914. প্ৰকাশক Washington, DC: Woodrow Wilson Center Press [u.a.]. 2001. ISBN 0801867509. https://archive.org/details/commerceinrussia0000unse.
- 1 2 3 4 Vechersky, Victor (25 February 2022). Спасо-Преображенський собор в Одесі [Saviour-Transfiguration Cathedral in Odesa]. Great Ukrainian Encyclopedia (in ইউক্ৰেইনীয়). Archived from the original on 25 July 2023. Retrieved 26 April 2026. Unknown parameter
|url-status=ignored (help) - ↑ "uk:Свято-Преображенський собор в Одесі росіяни зруйнували вдруге за століття: історія храму [The Saviour-Transfiguration Cathedral in Odesa was ruined by the Russians for the second time in the century: history of the church]". Rayon.in.ua. 23 July 2023. https://history.rayon.in.ua/news/618991-svyato-preobrazhenskiy-sobor-v-odesi-rosiyani-zruynuvali-vdruge-za-stolittya-istoriya-khramu। আহৰণ কৰা হৈছে: 26 April 2026.
- ↑ "Statement regarding the threat of destruction of the UNESCO World Heritage Site "Historical Centre of the Port City of Odesa"". ICOMOS Ukraine. 22 July 2023. https://www.icomos-ukraine.org/recent-news-en/statement-regarding-the-threat-of-destruction-of-the-unesco-world-heritage-site-historical-center-of-the-port-city-of-odesa। আহৰণ কৰা হৈছে: 26 April 2026.
- ↑ Yurchenko, Natalia (2023-07-23). (ru ভাষাত)RBC-Ukraine. https://www.rbc.ua/ukr/news/ruynuvannya-kolosalni-polovinu-dahu-zneslo-1690101083.html.
- ↑ "Damage to the Odesa Transfiguration Cathedral (video)". New York Times. 23 July 2023. https://www.nytimes.com/video/world/europe/100000009008708/odesa-ukraine-cathedral.html। আহৰণ কৰা হৈছে: 26 April 2026.
- ↑ Sirkovych, Zhanna (23 July 2023). "Odesa: UNESCO strongly condemns repeated attacks against cultural heritage, including World Heritage". United Nations. https://ukraine.un.org/en/240086-odesa-unesco-strongly-condemns-repeated-attacks-against-cultural-heritage-including-world। আহৰণ কৰা হৈছে: 26 April 2026.
- ↑ "uk:Одеса: ЮНЕСКО та Італія завершили аварійні відновлювальні роботи у Спасо-Преображенському кафедральному соборі [Odesa: UNESCO and Italy have finished emergency restoration work in the Transfiguration Cathedral]" (uk ভাষাত). UNESCO. December 1, 2025. https://www.unesco.org/uk/articles/odesa-yunesko-ta-italiya-zavershyly-avariyni-vidnovlyuvalni-roboty-u-spaso-preobrazhenskomu। আহৰণ কৰা হৈছে: 26 April 2026.