ড'ৰিছ (অ'চেনিড)
ড'ৰিছ | |
---|---|
অ'চেনিড-ৰ সদস্য | |
![]() ড'ৰিছ | |
সঙ্গী | নেৰিয়াছ |
পিতৃ-মাতৃ | অচেনাছ আৰু টেথিছ |
সহোদৰ | অ'চেনিড, নদী দেৱতাসকল |
সন্তান | নেৰাইটছ আৰু পঞ্চাশগৰাকী নেৰেইড |
ড'ৰিছ (/ˈdoʊrɪs/; প্ৰাচীন গ্ৰীক: Δωρίς/Δωρίδος ইংৰাজী: Doris; আক্ষৰিক অৰ্থ: 'দান'[1]) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় দেৱী। টাইটান অ'চেনাছ[2] আৰু টেথিছৰ কন্যা ৩,০০০ অ'চেনিডৰ ভিতৰত তেওঁ অন্যতম আছিল।[3]
ব্যুৎপত্তি
[সম্পাদনা কৰক]ড'ৰিছ শব্দটো উপহাৰ শব্দৰ বিশেষ্য ৰূপ δῶρον শব্দৰ পৰা উদ্ভৱ হৈছে, যিটো একে অৰ্থৰ আদি-ইণ্ডো-ইউৰোপীয় *déh₃rom শব্দৰ পৰা আহৰণ কৰা হৈছে।
অনুষ্ঠান
[সম্পাদনা কৰক]যেতিয়া কোনো দেৱতাৰ সৈতে জড়িত নাছিল, তেতিয়া ড'ৰিছ দেৱীয়ে সাগৰৰ উৰ্বৰতাক প্ৰতিনিধিত্ব কৰিছিল, নদীৰ মোহনাত পোৱা মাছ ধৰা ঠাইৰ দেৱী য'ত মিঠা পানী লুনীয়া পানীৰ সৈতে মিহলি হৈছিল।
পৰিয়াল
[সম্পাদনা কৰক]ড'ৰিছ এগৰাকী অ’চেনিড আছিল অৰ্থাৎ নদী দেৱতাৰ ভগ্নী। তেওঁৰ পিতৃ টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ সামুদ্ৰিক কন্যা (অ’চেনিড)[4] আৰু তিনিহাজাৰ নদী দেৱতা আছিল৷ তেওঁৰ স্বামী নেৰিয়াছ আৰু তেওঁলোকৰ কন্যা নেৰাইটছ[2] লগতে তেওঁ থেটিছ, এম্ফিট্ৰাইট আৰু গালাটিয়াকে[5] ধৰি পঞ্চাশগৰাকী নেৰেইডৰ (সামুদ্ৰিক নিম্ফ) মাতৃ।[6]
কীৰ্তিচিহ্ন
[সম্পাদনা কৰক]এণ্টাৰ্কটিকাৰ ড'ৰিছ গুহাৰ নাম ড'ৰিছ দেৱীৰ নামেৰে ৰখা হৈছে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41.
- ↑ 2.0 2.1 Aelian, De Natura Animalium 14.28
- ↑ Hesiod, Theogony 350; Apollodorus, 1.8
- ↑ Hard, pp. 40–41; Tripp, s.v. Oceanids, p. 401; Grimal, s.v. Oceanus, p. 315.
- ↑ Ovid, Metamorphoses 13.742 ff.
- ↑ Hesiod, Theogony 240; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Doris Cove. SCAR Composite Gazetteer of Antarctica