সমললৈ যাওক

এম.এছ. সুনীল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ড° এম.এছ. সুনীলৰ পৰা পুনঃনিৰ্দেশিত)

ড° এম.এছ. সুনীল (ইংৰাজী: : Dr. M.S. Sunil,জন্ম c.1960); এগৰাকী ভাৰতীয় শিক্ষাবিদ, মানৱতাবাদী আৰু দানবীৰ নাৰী, যি গৃহহীন লোকক বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে বিখ্যাত। তেওঁ ২০১৬ চনৰ ডিচেম্বৰ মাহত পাঠানমথিটাত, পাঁচজন ট্ৰাষ্টৰ সদস্য আৰু ছয়জন স্বেচ্ছাসেৱকৰে সৈতে ‘ড° এম.এছ. সুনীল ফাউণ্ডেচন’ গঢ়ি তুলে। তেওঁৰ সংগঠনে দৰিদ্ৰ পৰিয়াল/সম্প্ৰদায়ৰ জীৱন-যাপনৰ অৱস্থা উন্নীত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁৰ এই দানশীল আৰু অলাভজনক কাৰ্যসূচী সমূহৰ লক্ষ্য হৈছে জনজাতীয় লোকৰ মাজত নিপৰাদ বাসগৃহ আৰু পুষ্টিকৰ খাদ্য যোগান ধৰি সহানুভূতিসম্পন্ন সমাজ গঠন কৰা,নৱীকৰণযোগ্য শক্তি আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ প্ৰচাৰ কৰা, জনজাতি আৰু পিছপৰা সমাজৰ লোকসকলক অন্তৰ্ভুক্ত কৰি সমাজত সাম্যতা স্থাপন কৰা। সুনীলক ২০১৭ চনত ভাৰত চৰকাৰৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে গণ্য কৰা নাৰী শক্তিপুৰস্কাৰে সন্মানিত কৰা হয় ।

তেওঁৰ পৰোপকাৰী মনৰ পৰিচয় স্কুলত পঢ়ি থকাৰ পৰাই দেখা গৈছিল যেতিয়া তেওঁ দৰিদ্ৰ আৰু ভিক্ষাৰী শিশুক খাবলৈ দিছিল।[1]

সুনীলে, কেৰালাৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ কেথলিকেট কলেজ পাঠনামথিত্তাৰ প্ৰাণীবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আছিল আৰু তেওঁ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2]

২০০৫ চনত যেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁৰ এজন ছাত্ৰই স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ বাবে পঢ়িবলৈ এটা উপযুক্ত ঘৰ নাই।[3] তেওঁ কোনো সংগঠনৰ পৰা সহায় নলৈ নিজৰ বন্ধু-বান্ধৱীৰ পৰা ধন আৰু সামগ্ৰী সংগ্ৰহ কৰি ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰে।[4]

মানুহৰ পৃষ্ঠভূমি আৰু দাৰিদ্ৰ্যস্তৰৰ পৰ্যালোচনা কৰাৰ পিছত, সমাজৰ মানদন্দ উন্নত কৰাৰ লক্ষ্যৰে তেওঁ বিভিন্ন প্ৰকল্পৰ কাম কৰিছে আৰু ২০০৫ চনৰ পৰা বহুতো পৰিয়ালক সহায় আগবঢ়ায় আহিছে। ২০১৬ চনত "Dr. M.S. Sunil Foundation" ৰেজিস্টাৰ কৰে।[5]

"Home for Homeless" হৈছে ডাঃ এম. এছ. সুনীল ফাউণ্ডেশ্বনৰ এটি সপোনৰ প্ৰকল্প, যাৰ লক্ষ্য আবশ্যকীয় ব্যক্তিসকলৰ বাবে ঘৰ নিৰ্মাণ আৰু যোগান ধৰা,বিশেষকৈ আনাথ শিশু, বিধৱা তথা ৰোগী সকলক সহায় প্ৰদান কৰা।"Poorest of the Poor" (সৰ্বাধিক দৰিদ্ৰ) পৰিয়ালৰ বাবে নিৰ্মিত ঘৰসমূহ ২০২১ চনৰ মাৰ্চ মাহলৈকে ২০০টালৈ উপনীত হয়। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় ৮১০জন ব্যক্তি উপকৃত হৈছে।[6]

ডাঃ এম. এছ. সুনীল "নাৰী শক্তি পুৰস্কাৰ" লাভ কৰা কেৰালাৰ তিনিজন বিজেতাৰ অন্যতম আছিল। আন কেইজন আছিল বিজ্ঞানী লিজিমল ফিলিপ'জ আৰু মন্দিৰৰ শিল্পী শ্যামালা কুমাৰী[7]২০১৮ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত ভাৰতৰ ৰাষ্ট্রপতিয়ে তেওঁলোকক এই পুৰস্কাৰ প্ৰদান কৰে।[8]

তেওঁ নিজে ঘৰ নিৰ্মাণৰ বাবে সকলো সামগ্ৰী কিনে আৰু প্ৰতিটো নতুন ঘৰৰ নিৰ্মাণ পৰ্যবেক্ষণ কৰে। অতি সহজ উপায়েৰে আৰু কম খৰচৰ ভিতৰত ঘৰ নিৰ্মাণ কৰা হয়। নির্মাণৰ সময়ত পদূষণ ৰোধ কৰি পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। ঘৰৰ বাবে মাটিৰ ৬৫০ বৰ্গফুট এলেকাত এটা ৰন্ধনঘৰ আৰু প্ৰস্ৰাৱাগাৰ থাকে। বাতাহ চলাচলৰ বাবে ৭টা বায়ু প্ৰৱাহৰ নলী থাকে। ৩৫ দিনৰ ভিতৰত ঘৰ নিৰ্মাণ কৰা হয় আৰু ছাদটো গেলভেনাইজড ষ্টীল ৰে আবৃত কৰা হয়। তেওঁৰ পুৰস্কাৰ লাভৰ সময়ত ৮০টাতকৈ অধিক ঘৰ নিৰ্মাণ কৰি দিছিল।[1] তেওঁৰ এই প্ৰচেষ্টাই দৰিদ্ৰসকলৰ বাবে নিৰাপদ বাসগৃহ নিশ্চিত কৰাত সহায় কৰিছে।

২০২০ চনত, ডাঃ এম. এছ. সুনীল ৯৮ বছৰীয়া কাৰ্তিয়ায়নী আম্মাক (Karthyayani Amma) সাক্ষাৎ কৰিবলৈ গৈছিল, যি নাৰী শক্তি পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। কাৰ্তিয়ায়নী আম্মাৰ বাবে এইটো প্ৰথম বিমান যাত্ৰা আছিল। যাত্ৰাৰ আগতে, ডাঃ এম. এছ. সুনীলে তেওঁক আশ্বাস প্ৰদান কৰি সাহস যোগাইছিল। তেওঁ দিল্লীলৈ যাত্ৰা কৰিছিল, য'ত নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল। এই ঘটনাই ডাঃ এম. এছ. সুনীলৰ সহানুভূতি আৰু সমাজৰ প্ৰতি তেওঁৰ আত্মনিৱেদন প্ৰদৰ্শন কৰে।[9]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Nari Shatki Puraskar citation". Ministry of WCD on Twitter. 8 March 2018. https://twitter.com/PIB_India/status/971343718648233984/photo/2 আহৰণ কৰা হৈছে: 19 January 2021.
  2. Kuttoor, Radhakrishnan (2018-03-07). "Charity 'home maker' gets her due on women's day" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/kerala/charity-home-maker-gets-her-due-on-womens-day/article22971013.ece.
  3. "This Professor Did Not Stop with Teaching, but Went on To Build Houses for Poor People" (en ভাষাত). www.theweekendleader.com. https://www.theweekendleader.com/Heroism/2678/the-home-maker.html আহৰণ কৰা হৈছে: 2021-01-19.[সংযোগবিহীন উৎস]
  4. "This professor wears many hats to help others" (en ভাষাত). Deccan Herald. 2011-11-12. https://www.deccanherald.com/content/204376/this-professor-wears-many-hats.html আহৰণ কৰা হৈছে: 2021-01-19.
  5. "83 Homes and Counting: Retired Teacher Gifts the Homeless What They Need Most" (en-US ভাষাত). The Better India. 2017-12-23. https://www.thebetterindia.com/125546/retired-teacher-homes-homeless/ আহৰণ কৰা হৈছে: 2021-07-11.
  6. "This Retired Kerala Teacher Has Built 200 Homes for the Underprivileged Since 2005" (en ভাষাত). News18. 2021-05-02. https://www.news18.com/news/buzz/this-retired-kerala-teacher-has-built-200-homes-for-the-underprivileged-since-2005-3700418.html আহৰণ কৰা হৈছে: 2021-07-11.
  7. "Scientist, social worker and mural artist: Meet Nari Shakti winners from Kerala" (en ভাষাত). The News Minute. 2018-03-08. https://www.thenewsminute.com/article/scientist-social-worker-and-mural-artist-meet-nari-shakti-winners-kerala-77643.
  8. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery আহৰণ কৰা হৈছে: 2021-01-16.
  9. "At 98, Karthyayani Amma prepares for 1st flight; to receive Nari Shakti Puraskar on Women's Day" (en ভাষাত). Mathrubhumi. https://english.mathrubhumi.com/news/good-news/at-98-karthyayani-amma-prepares-for-1st-flight-to-receive-nari-shakti-puraskar-on-women-s-day-1.4588736 আহৰণ কৰা হৈছে: 2021-01-19.