ডগ্গুবতী পুৰন্দেশ্বৰী
ডগ্গুবতী পুৰন্দেশ্বৰী | |
---|---|
![]() | |
১৩ নং সভাপতি ভাৰতীয় জনতা পাৰ্টি, অন্ধ্ৰপ্ৰদেশ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৪ জুলাই ২০২৩ | |
ৰাষ্ট্ৰীয় সভাপতি | জে. পি নাড্ডা |
পূৰ্বসূৰী | সমু বীৰাজু |
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ২৮ অক্টোবৰ ২০১২ – ১১ মাৰ্চ ২০১৪ S. জগথ্ৰাক্ষকণ (২০১২-২০১৩) ই. এম সুদৰ্শন নাটচিয়াপ্পান (২০১৩-২০১৪) | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং। |
মন্ত্ৰী | আনন্দ শৰ্মা |
পূৰ্বসূৰী | জ্যোতিৰাদিত্য সিন্ধিয়া |
উত্তৰসূৰী | নিৰ্মলা সীতাৰমন (মছ, আই/চি) (২০১৪-২০১৭) চি. আৰ চৌধুৰী (২০১৭-২০১৯) |
৩৭তম শিক্ষা মন্ত্ৰী (ভাৰত), কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৬ – ২৮ অক্টোবৰ ২০১২ ই আহমেদ (২০১১-২০১২) | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
মন্ত্ৰী | অৰ্জুন সিং (মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ) কপিল ছিবাল |
পূৰ্বসূৰী | কান্তি সিং |
উত্তৰসূৰী | জিতিন প্ৰসাদ |
সংসদৰ সদস্য, লোকসভা | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৪ জুন ২০২৪ | |
পূৰ্বসূৰী | মাৰ্গানী ভাৰত |
সমষ্টি | ৰাজহমুণ্ডি লোকসভা সমষ্টি |
কাৰ্যকাল ১ জুন ২০০৯ – ২৮ মে' ২০১৪ | |
পূৰ্বসূৰী | নেদুৰুমাল্লী জনাৰ্ধনা ৰেড্ডী |
উত্তৰসূৰী | কম্ভম্পতি হৰি বাবু |
সমষ্টি | বিশাখাপট্টনম (লোকসভা সমষ্টি) |
কাৰ্যকাল ২৯ মে' ২০০৪ – ৩১ মে' ২০০৯ | |
পূৰ্বসূৰী | ডি ৰামনাইডু |
উত্তৰসূৰী | পানাবাক লক্ষ্মী |
সমষ্টি | বাপাটলা (লোকসভা সমষ্টি) |
ব্যক্তিগত তথ্য | |
জন্ম | নন্দমুৰি পুৰন্দেশ্বৰী ২২ এপ্ৰিল, ১৯৫৯ (৬৬ বছৰ) মাদ্ৰাজ, মাদ্ৰাজ ৰাজ্য, (বৰ্তমানৰ চেন্নাই, তামিলনাডু) ভাৰত। |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০১৪-বৰ্তমান) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (২০০৪-২০১৪) |
দাম্পত্যসঙ্গী | দগুবতী ভেংকটেশ্বৰ ৰাও (বি. ১৯৭৯) |
সন্তান | ২ |
শিক্ষা | বি.এ. (সাহিত্য) আৰু ৰত্ন বিজ্ঞানত স্নাতক |
শিক্ষানুষ্ঠান | দক্ষিণ ভাৰতীয় শৈক্ষিক ন্যাস মহিলা মহাবিদ্যালয় (চেন্নাই) ভাৰতৰ ৰত্নবিজ্ঞান প্ৰতিষ্ঠান পেছা ৰাজনৈতিক আৰু সমাজকৰ্মী |
ডগ্গুবাটি পুৰন্দেশ্বৰী (ইংৰাজী: Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।[1]সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫৯ চনৰ ২২ এপ্ৰিলত এন টি ৰামা ৰাও আৰু বাসৱতৰকমৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। চেন্নাইৰ চাৰ্চ পাৰ্কৰ ছেক্ৰেড হাৰ্ট মেট্ৰিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[3] ডগ্গুবতীৰ ৭ জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে। ১৯৭৯ চনত দক্ষিণ ইণ্ডিয়ান এডুকেচনেল ট্ৰাষ্ট আৰু ৱমেন কলেজ (চেন্নাই) (বছিৰ আহমেদ ছাইদ কলেজ ফৰ ৱমেন)ৰ পৰা সাহিত্যত কলা শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে, আৰু তাৰ পিছত ১৯৯৬ চনত ভাৰতীয় ৰত্নবিজ্ঞান প্ৰতিষ্ঠানত ৰত্নবিজ্ঞানত ডিপ্লমা লাভ কৰে।[4][3] পিছলৈ ১৯৯৭ চনত হায়দৰাবাদ ইনষ্টিটিউট অৱ জেম এণ্ড জুৱেলাৰী প্ৰতিষ্ঠা কৰে। তেওঁ ইংৰাজী, তেলেগু, তামিল, হিন্দী আৰু ফৰাচী পাঁচটা ভাষা পঢ়িব, লিখিব আৰু ক’ব পাৰে। ভাৰতীয় নৃত্য ৰূপ কুচিপুড়িত তেওঁ পাৰদৰ্শী।[5] ১৯৭৯ চনৰ ৯ মে'ত তেওঁৰ ভেংকটেশ্বৰ ৰাওৰ সৈতে বিবাহ হয়৷ তেওঁলোকৰ এগৰাকী কন্যা নিবেদিতা আৰু পুত্ৰ হিতেশ চেঞ্চুৰাম আছে।.[6]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]পুৰন্দেশ্বৰী ২০২৩ চনৰ পৰা অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি।[7]২০০৯ চনত তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী আৰু ২০১২ চনত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত এম অ' এছ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8]
১৫ সংখ্যক লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংসদ সদস্য হিচাপে তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।[9] ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা চতুৰ্দশ লোকসভাত বাপাটলা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।[10] ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত ২০১৪ চনৰ ৭ মাৰ্চত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, যিটো তেতিয়াৰ সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁট চৰকাৰৰ অনুকূল অন্ধ্ৰ প্ৰদেশৰ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদৰ চিন স্বৰূপে।[11]
২০১৪ চনত পুৰন্দৰেশ্বৰীয়ে ৰাজমপেটৰ পৰা বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত যুঁজি পৰাস্ত হয়।[12]তেওঁক বিজেপি মহিলা মৰ্চাৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হয়।[13][14] ২০২৩ চনৰ ৪ জুলাইত তেওঁক অন্ধ্ৰপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।.[15]
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিৰ পৰা সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Rajahmundry braces for 3-way contest between Congress' Raju, BJP's Purandeswari and YSRCP's Srinivas". The Economic Times. 2024-05-14. ISSN 0013-0389. https://economictimes.indiatimes.com/news/elections/lok-sabha/andhra-pradesh/rajahmundry-braces-for-3-way-contest-between-congress-raju-bjps-purandeswari-and-ysrcps-srinivas/articleshow/110051542.cms?from=mdr.
- ↑ "Andhra Pradesh Lok Sabha Election Results 2024 Highlights: Check the results of all 25 seats of Andhra Pradesh here" (en ভাষাত). India Today. 2024-06-04. https://www.indiatoday.in/elections/lok-sabha/story/andhra-pradesh-lok-sabha-election-results-2024-live-updates-slse-2547530-2024-06-04। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ 3.0 3.1 "Daggubati Purandeswari Educational Qualifications" (en ভাষাত). India.com. 2024-04-22. https://www.india.com/webstories/education/daggubati-purandeswari-educational-qualifications-6877641/। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ ‘Hinduism to me is a way of life’ Indian Express- 11 January 2009
- ↑ "Dr. Daggubati Purandeswari". Archived from the original on 17 June 2010. https://web.archive.org/web/20100617101239/http://www.daggubati.in/। আহৰণ কৰা হৈছে: 22 February 2023.
- ↑ "NTR's grandson Hitesh Chenchuram joins YSR Congress". Business Standard India. 27 February 2019. https://www.business-standard.com/article/news-ani/ntr-s-grandson-hitesh-chenchuram-joins-ysr-congress-119022701230_1.html.
- ↑ "BJP appoints Daggubati Purandeswari as A.P. unit president" (en-IN ভাষাত). The Hindu. 2023-07-04. ISSN 0971-751X. https://www.thehindu.com/news/national/andhra-pradesh/bjp-appoints-daggubati-purandeswari-as-ap-unit-president/article67042175.ece.
- ↑ "Purandeswari likely to join BJP" (en ভাষাত). www.indiatvnews.com. 2014-03-06. https://www.indiatvnews.com/politics/national/purandeswari-likely-to-join-bjp-15299.html। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ "BJP shifts Daggubati Purandeswari from Visakhapatnam to Rajampeta" (en ভাষাত). www.deccanchronicle.com. 2014-04-16. https://www.deccanchronicle.com/140416/nation-current-affairs/article/tdp-bjp-alliance-costs-daggubati-purandeswari-bjp-denies-her। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ Service, Express News (2023-07-05). "BJP finetunes AP strategy by appointing Daggubati Purandeswari as state president" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/andhra-pradesh/2023/Jul/04/bjp-finetunes-ap-strategy-by-appointing-daggubati-purandeswari-as-state-president-2591418.html। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ "NTR's daughter D Purandareswari joins BJP". NDTV. 7 March 2014. http://www.ndtv.com/elections/article/election-2014/ntr-s-daughter-d-purandeswari-joins-bjp-492958.
- ↑ "Rajampet Lok Sabha Election 2024: Get Latest News Updates of Rajampet Lok Sabha Constituency for General Election 2024" (en ভাষাত). The Indian Express. https://indianexpress.com/elections/rajampet-lok-sabha-election-results/। আহৰণ কৰা হৈছে: 2024-06-07.
- ↑ "BJP creates OBC morcha ahead of Bihar election". http://www.dnaindia.com/india/report-bjp-creates-obc-morcha-ahead-of-bihar-election-2101564.
- ↑ "With an eye on Bihar, UP polls, BJP forms OBC Morcha to boost electoral fortunes". 4 July 2015. http://indianexpress.com/article/india/india-others/eye-on-bihar-up-polls-bjp-forms-obc-morcha-to-boost-poll-fortunes/.
- ↑ "Daggubati Purandeswari appointed as new BJP Andhra Pradesh unit president" (en-IN ভাষাত). The Hindu. 2023-07-04. ISSN 0971-751X. https://www.thehindu.com/news/national/andhra-pradesh/daggubati-purandeswari-appointed-as-new-bjp-andhra-pradesh-unit-president/article67040679.ece.
- ↑ "Rajahmundry, Andhra Pradesh Lok Sabha Election Results 2024 Highlights: Daggubati Purandheshwari of BJP Secures Comfortable Lead with 726515 Votes" (en ভাষাত). India Today. 2024-06-04. https://www.indiatoday.in/elections/lok-sabha/story/rajahmundry-andhra-pradesh-lok-sabha-election-results-2024-live-updates-clse-2547594-2024-06-04। আহৰণ কৰা হৈছে: 2024-06-07.